মনৰ কথাঃ নিৰ্যাতিতা নাৰী আৰু বিজ্ঞাপনত বেটী বচাও :: ড° দীনেশ বৈশ্য - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ নিৰ্যাতিতা নাৰী আৰু বিজ্ঞাপনত বেটী বচাও :: ড° দীনেশ বৈশ্য

মনৰ কথাঃ নিৰ্যাতিতা নাৰী আৰু বিজ্ঞাপনত বেটী বচাও :: ড° দীনেশ বৈশ্য

Share This
মই ভাবো মই এজন নাৰীবাদী পুৰুষ। নাৰীৰ প্ৰতি মোৰ মনত এক সন্মান আছে বুলি মই বিশ্বাস কৰো আৰৰু নাৰী জীৱনৰ সমস্যা সমূহ বুজিবলৈ চেষ্টা কৰো । পৃথিৱীৰ দেশে দেশে নাৰীৰ ওপৰত পুৰুষতান্ত্ৰিক সমাজৰ যি অত্যাচাৰ সেই বিষয়ে মই এখন গৱেষণামূলক গ্ৰন্থ লিখিছো। ‘নাৰী’ শিৰোনামাৰে এই গ্ৰন্থৰ মূল বিষয় হ’ল-নাৰীৰ ওপৰত সমাজে কৰা অত্যাচাৰ, নাৰী বঞ্চনা, নাৰী নির্যাতন, নাৰীবাদী আন্দোলনৰ ইতিহাস, নাৰী শিক্ষা, নাৰীৰ বিৰুদ্ধে পুৰুষতান্ত্রিক সমাজ ব্যবস্থা, নাৰীৰ অধিকাৰৰ বাবে বিশ্বৰ বিভিন্ন দেশত নাৰীৰ আন্দোলন ইত্যাদি। বিশ্বৰ অন্যতম নাৰীবাদী লেখক চিমন দ্য বুড়িয়ে প্রখ্যাত গ্রন্থ ‘দ্য ছেকেণ্ড ছেক্স' অর্থাৎ দ্বিতীয় লিংগ কিতাপখনাে সাৰাংশ হিচাপে ভাবানুবাদ কৰিছাে। চিমন দ্য বুড়িয়ে এক সুদীর্ঘ সাক্ষাৎকাৰাে অনুবাদ কৰিছাে। মই ভাবাে অসমীয়া ভাষাত ৰচিত নাৰী সম্পৰ্কীয়া সকলাে কিতাপৰ ভিতৰত আমি লিখা নাৰী কিতাপখন নাৰী সমস্যাৰ বিষয়ে লিখা এখন প্রায় সম্পূর্ণ কিতাপ। 

মােৰ এগৰাকী কন্যা সন্তান। আমাৰ পৰিয়ালৰ মানুহে বিশেষকৈ মােৰ ‘মাই মােক বহুত কৈছিল দ্বিতীয় এটা সন্তানৰ কথা ভাবিব লাগে। বংশ ৰাখিবলৈ পুত্র সন্তানৰ বৰ প্রয়ােজন। পুত্র সন্তান নাথাকিলে বংশ নাথাকে। মই এইবিলাক কথা বিশ্বাস নকৰো। নাৰী আৰু পুৰুষ সমান সমান বুলি ভাবো। মই ভাবাে, এইখন সমাজত নাৰী আৰু পুৰুষৰ সমান অধিকাৰ থাকিব লাগে। পৃথিৱীত মানৱ জাতিটোক বৰ্তাই ৰখা কার্যত নাৰীৰ ভূমিকা পুৰুষতকৈ বহুত বেছি। বেছি হয়েই। সেই বাবেই মানুহ প্রজাতিটোক পৃথিৱীত জীয়াই ৰখাৰ বাৰে মানুহৰ ৰংশটোক জীয়াই ৰখাৰ বাৰে পৃথিৱীৰ সকলাে মানুহে নাৰীৰ প্রতি শ্রদ্ধাবান হ'ব লাগে। হােৱা উচিত; কিন্তু বাস্তবত সকলো কথা তাৰ বিপৰীত। 

নাৰীক অধিক শ্রদ্ধা দিয়াটো নহয়েই, বৰঞ্চ তেওঁলােকৰ প্রাপ্য অধিকাৰৰ পৰাও তেওঁলােকক বঞ্চিত কৰা হয়। মই এজন নাৰীবাদী পুৰুষ বুলি নিজকে দাবী কৰাে যদিও মই যেতিয়াই নিজকে আত্মসমালোচনা কৰে তেতিয়াই দেখাে যে মই আচলতে প্রকৃত নাৰীবাদী নহয়। মই মােৰ অহংকাৰী পুৰুষজনক পােহপাল দি ৰাখিছাে মোৰ মাজত। মই নাৰীৰ সপক্ষে যিমানেই লেখা-মেলা নকৰাে কিয়, মই কিন্তু এজন অহংকাৰী পুৰুষ হিচাপেই জীয়াই আছাে। মােৰ তেজত পুৰুষতান্ত্রিক সমাজখনৰ সকলাে চৰিত্ৰ, সকলাে পৰম্পৰা, সকলে অন্ধবিশ্বাস, কুসংস্কাৰ প্রবাহিত হৈ আছে। মাজে মাজে মােৰ মাজত থকা পুৰুষজন নাৰী বিদ্বেষী হৈ উঠে। মই ঘোষণা কৰে মই পুৰুষ। মই নাৰীসকলতকৈ অধিক বুদ্ধিমান, অধিক দায়িত্বশীল আৰু অধিক কমপটু। মই খুউব কমেই ভাবো সেই কথা— যিটো সময়ত মই কলম হাতত লওঁ, কিতাপ হাতত লওঁ মগজুটোক চিন্তাৰ মাজত ব্যস্ত ৰাখাে। সেই সময়ত মােৰ পৰিবাৰে মোৰ বাৰে চাহ কৰে, ভাত ৰান্ধে, মােৰ কাপােৰবােৰ, ঘৰৰ বিভিন্ন কাম কৰে, মােৰ যতন লয়। মই তেওঁক পঢ়িবলৈ সময় নিদিওঁ, লিখিবলৈ কলমটো হাতত তুলি নিদিওঁ, মই তেওঁৰ বাবে চাহ নকৰাে, ভাত নাৰান্ধো, মই মোৰ খােৱা বাচন কেতিয়াও নোবােওঁ, মই ঘৰ নাসাৰাে, নমচো, কাপােৰ নােধোওঁ। মােৰ পৰিবাৰে মােৰ দৰেই চাকৰি কৰে, উপার্জন কৰে, ঘৰ চলায়, তথাপি মই ভাবাে মইহে ঘৰৰ মুৰব্বী। মই ঘৰৰ গুণী সেই কথাটো মােৰ মন-মগজুত সােমাই আছে। মোৰ ঘৰখনত মইয়েই মেইন ৰজা, কাৰণ মই পুৰুষ। মই ভাৱো মােৰ কথা সকলােৱে শুনিব লাগিব। মই কাৰাে কথা শুনিব নালাগে। মােৰ কথা নুশুনিলে মই খং কৰো; কিন্তু মােৰ পৰিবাৰৰ কথা নুশুনাটো মােৰ অধিকাৰ বুলিও ভাবো। মােৰ এই চৰিত্ৰ, মােৰ এই চিন্তা-চেতনা আচলতে মই মােৰ সমাজখনৰ পৰা মােৰ সংস্কৃতিৰ পৰা, মোৰ ধর্মীয় চেতনা আৰু পৰম্পৰাৰ পৰা আয়ত্ত হোৱাহে।

মই এগৰাকী নাৰীবাদী লেখক হৈও মই ভাবাে নাৰীৰ পচন্দৰ কাপােৰ পিন্ধাৰ স্বাধীনতা নাই, থকাটা উচিত নহয়। নাৰীয়ে কমকৈ অর্থাৎ দেহাটো আবুৰত ৰাখি কাপােৰ নিপিন্ধিলে মই বেয়া পাওঁ; কিন্তু পুৰুষ এজনে তেনেকুৱা কৰিলে মই বিশেষ মন নকৰাে বা বেয়াও নাপাওঁ। ময়াে ভাবাে নিশা বহুত সময়লৈ নাৰী বা গাভৰু ছােৱালী ঘূৰি ফুৰাটো উচিত নহয়, বা তেনে কাৰণতেই পুৰুষে নাৰীক বেয়া চকুৰে চায়। তেনে কৰণতেই ধর্ষণ আদি হয় বুলি ময়ে মাজে মাজে ভাবো। কিন্তু সচেতন মনটোৱে মােক সঁকিয়াই দিয়ে, মােৰ এই চিন্তা এক ভয়ংকৰভাৱে স্বার্থপৰ আৰু পুৰুষতান্ত্রিক সমাজৰ নাৰী বিদ্বেষী চিন্তা। এই চিন্তাই নাৰীৰ অধিকাৰ হৰণ কৰিছে। এই চিন্তাই নাৰীৰ স্বাধীনতাক অস্বীকাৰ কৰিছে। এই চিন্তা অহংকাৰী পুৰুষৰ দাম্ভিক চিন্তা।

বিয়াৰ পাছত মই মােৰ পৰিবাৰৰ উপাধিটো সলনি কৰিব নালাগে বুলি তেওঁক অনুপ্রাণিত নকৰিলো। তেওঁ তেওঁৰ নিজৰ উপাধিটো আঁতৰাই নামৰ পাছত মােৰ উপাধিটো লগাই ল'লে। মই মনে মনে সন্তুষ্টি লাভ কৰিলাে। তেওঁৰ ওপৰত মই মােৰ অধিকাৰ সাব্যস্ত কৰিলে। মই এই সামান্য স্বাধীনতাটোও মােৰ পৰিবাৰক নিদিলাে। মই ইমানেই বেছি স্বার্থপৰ। সন্তান জন্ম দিয়ে নাৰীয়ে। ১০ মাহ ১০ দিন পুৰুষৰ সাধাৰণ বীৰ্যক দেহাভ্যন্তৰত সযতনে ৰাখি বহুত কষ্ট সহ্য কৰি নাৰীয়ে সন্তান জন্ম দিয়ে; কিন্তু জন্মৰ পাছতেই সন্তানটোৱে পিতৃৰ উপাধিটোহে লিখিব লাগে। পুত্র সন্তান জন্ম হ'ব নে কন্যা সন্তান জন্ম হ'ব, সেই কথা নির্ধাৰণ কৰে পুৰুষৰ ক্ৰমজেমেহে। নাৰীৰ তাত কোনাে ভূমিকা নাই। কিন্তু সমগ্র পৃথিৱীত পুত্র সন্তান জন্ম দিয়া নাৰীৰ ওপৰত ভয়ংকৰ অত্যাচাৰ হয়। কন্যা সন্তান জন্ম দিয়া নাৰীক কুলক্ষণী বুলি ত্যাগ কৰা হয়, অৱহেলা কৰা হয়। সন্তান পুত্র হ'ব নে কন্যা হব তাৰ ওপৰত কিন্তু নাৰীৰ কোনাে কৰিবলগীয়া ৰা কৰিব পৰা একো নাথাকে। তথাপি নাৰীক দোষী কৰা হয়। কন্যা সন্তানৰ ভ্ৰূণ নষ্ট কৰা হয়। সদ্যোজাত কন্যা সন্তানক মাৰি পেলােৱা হয়। আৰু বহুত অত্যাচাৰৰ সন্মুখীন হয় নাৰী। নাৰীক এনে ধৰণৰ অত্যাচাৰ কৰাটো বহু দেশতেই আইনসংগত নহয়। তথাপি অত্যাচাৰ চলি আছে। ইয়াৰ একমাত্ৰ কাৰণটো হ'ল যিমানেই আইন প্রণয়ন নকৰক কিয়, সমাজৰ প্ৰতিজন পুৰুষ আৰু প্ৰতিগৰাকী নাৰীৰ মনত পুৰুষতান্ত্রিক সমাজ ব্যৱস্থা, পুৰুষতান্ত্রিক পৰম্পৰা সংস্কৃতি, পুৰুষতান্ত্রিক অর্থব্যবস্থা, পুৰুষতান্ত্রিক ৰাজনীতিৰ প্রতি পূর্ণ সমর্থন আছে। চাগে মােৰ নিজৰে আছে আৰু সেই বাবেই মই অনুভৱ কৰাে নাৰী মুক্তিৰ বাবে মই একো কৰা নাই, কৰিব পৰা নাই; বৰঞ্চ পৰোক্ষভাবে মই পুৰুষতান্ত্রিক ব্যবস্থাটোক সমর্থন কৰিছাে।

মােৰ একমাত্র কন্যা সন্তানটোৰ জন্মৰ সময়ত মই ভাবি আছিলো মােৰ পত্নীয়ে পােৰা দুখ-বেদনাৰ কথা। সন্তান এটা জন্ম দিবলৈ মােৰ পৰিবাৰে বহুত কষ্ট সহ্য কৰিবলগীয়া হৈছে; কিন্তু মােৰ স'তে বাহিৰত থকা পুৰষ-নাৰীসকলৰ আগ্ৰহ আছিল মােৰ পত্নীয়ে কি সন্তান জন্ম দিব, তাকলৈহে। লেবাৰ ৰূমৰ দুৱাৰখন খুলি যেতিয়া নাৰ্ছগৰাকী ওলাই আহিছিল তেতিয়া তেওঁ লাহেকৈ কৈছিল– দাদা ছােৱালীহ হৈছে। ডাঙৰকৈ খাম বুলি ভাবিছিলো। হ’ব দিয়ক, দুখ নকৰিব, ছােৱালী হ'লেও কিবা এটা খুৱাই দিয়ক মিঠাই-চিঠাই। মই কিন্তু নাৰ্ছগৰাকীক সুধিছিলো–মােৰ পৰিবাৰ ভাল আছে নে? মােৰ কথালৈ নাৰ্ছগৰাকীয়ে মন-কাণেই নিদিলে। ভিতৰলৈ সােমাই গ'লো। মই ভিতৰলৈ গৈ পৰিবাৰৰ বেদনাক্লিষ্ট মুখখন দেখি দুখ পাইছিলাে।

সেইদিনা মই অনুভৱ কৰিছিলাে মােৰ কন্যা সন্তানটোৱে জন্মৰ মুহূৰ্তৰ পৰাই সমাজৰ পৰা অবহেলা পাইছে। সমাজে তাইক ভয়ানকভাৱে অবহেলা কৰিছে। তাই মােৰ সমাজখনৰ দ্বাৰা তাই যিখন সমাজলৈ আহিছে, সেইখন সমাজৰ দ্বাৰা জন্মৰ ক্ষণৰে পৰা অৱহেলা পাইছে। তাই এগৰাকী অৱহেলিত নাৰী। জন্মৰ ক্ষণৰে পৰা তাইক মানবী অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে। তাই বঞ্চিত। জন্মৰ মুহূৰ্তৰ পৰাই তাই নির্যাতিত। পুৰুষতান্ত্রিক সমাজখনে জন্মৰ মুহৰ্তৰ পৰাই তাই তাইৰ ন্যায্য অধিকাৰৰ পৰা বঞ্চিত কৰিছে। জন্মৰ প্রথম দিনৰ পৰাই তাই এক বঞ্চিত নির্যাতিত জীবন যাপন কৰিব। সমাজে তাইৰ বাবে এটা নির্যাতিত জীবন, বঞ্চিত জীবন সাজু কৰি থৈ দিছে। 

অধিকাংশ সমাজত নাৰী পুৰুষৰ সম্পত্তি। কিন্তু বেছিভাগ সমাজতেই নাৰীৰ পিতৃ-মাতৃ স্বামী কোনো ফালৰে পৰা সম্পত্তি লাভৰ অধিকাৰ নাই। নাৰী পৰৰ অধীন। পিতৃৰ অধীন, ভ্রাতৃৰ অধীন, স্বামীৰ অধীন, পুত্ৰৰ অধীন, সমাজৰ অধীন। নাৰী কোনাে কালেই স্বাধীন নহয়। কাৰাে স্বাধীন হােৱাৰ অধিকাৰ নাই। কেৱল যে সামাজিক সাংস্কৃতিক ব্যবস্থাটোৱেই নাৰীক পৰাধীন কৰি ৰখা হৈছে তেনে কথা নহয়। ৰাজনৈতিক ব্যবস্থাটোৱেই নাৰীৰ প্ৰধান শত্ৰু। আজিৰ তাৰিখত পৃথিৱীৰ কোনাে দেশত নাৰীক পুৰুষৰ সমান ৰাজনৈতিক অধিকাৰ প্ৰদান কৰা হােৱা নাই। ক'ৰবাত ক'ৰবাত দেশৰ মুৰব্বী হৈছে।  কিন্তু সেই মুৰব্বী নাৰীয়েও নাৰীৰ স্বাৰ্থ ৰাখিব পৰা নাই। ক'ৰবাত নাৰী ৰাষ্ট্রপতি হৈছে, ক'ৰবাত নাৰী প্রধানমন্ত্ৰী হৈছে, ক'ৰবাত ৰাণীয়েই দেশ চলাইছে, কিন্তু কতাে নাৰীয়ে অধিকাৰ পােৱা নাই। বৰঞ্চ নাৰী নেতা  হৈ দেশ শাসন কৰা দেশতাে নাৰী ভয়ানকভাৱে বঞ্চিত হৈছে। অতি উচ্চ শিক্ষিত নাৰী, অতি উচ্চ পদস্থ নাৰীও পুৰুষতান্ত্রিক ব্যবস্থাটোৰ দ্বাৰা বঞ্চিত, নির্যাতিত হৈছে। 

সম্প্রতি আমাৰ দেশ ভাৰতবৰ্ষত শাসকসকলে এটা বৰ জনপ্রিয় গান প্রচাৰ কৰি আছে। এই গানটো প্ৰচাৰ কৰিবলৈ চৰকাৰে হেজাৰ কোটি টকা খৰচ কৰিছে। গাঁৱে-গাঁৱে, চহৰে-নগৰে ব্যাপকভাবে প্রচাৰ কৰা হৈছে এটা শ্ল'গান- 'বেটী চাও, বেটা পঢ়াও' অর্থাৎ কন্যা সন্তানক জীয়াই ৰখা, কন্যা সন্তানক শিক্ষা প্রদান করা। কিন্তু এই গান কেৱল ৰাজনৈতিক চমক। এই গানৰ কোনাে অর্থ নাই। আমাৰ শাসকসকলে জনসাধাৰণক আভুৱা ভাৰিবলৈহে এই গান প্রস্তুত কৰিছে। কার্যতঃ এই গানৰ কোনাে প্রভাব পৰা নাই নির্যাতিত নাৰীসকলৰ ওপৰত। কোনাে প্রভাব পৰা নাই সাধাৰণ পৰিয়ালৰ নাৰীৰ ওপৰত। এটা ব্যক্তিগত কথা ? এটা ব্যক্তিগত উদাহৰণ দিছাে।

মােৰ একমাত্র কন্যাৰ একমাত্র কন্যা শিশুটোৰ এক বিৰল ৰােগ হৈছে। ভাৰতৰ চিকিৎসকসকলে আমাক প্ৰকাৰে নিৰাশ কৰিছে। আমাৰ গুৱাহাটীৰ একাংশ চিকিৎসকৰ ব্যৱহাৰ দেখিলে এনে লাগে এজনী কম বয়সীয়া শিশু কন্যাৰ প্রতি তেওঁলােকৰ যেন বিশেষ দায়িত্ব নাই। কিন্তু যদি এজন মন্ত্রী তেওঁলােকক কিবা কাৰ্যসূচী হাতত ল'বলৈ কয়, বেটী বচাও বেটী পঢ়াও শ্লোগানৰ আধাৰত কিবা চৰকাৰী কাৰ্যসূচী হাতত লয়, তেনেহ'লে নিশ্চয় তেওঁলোকে চৰকাৰী ধন খৰচ কৰি বিৰাট কাৰ্যসূচীৰ আয়োজন কৰি গণ মাধ্যমত ব্যাপক প্রচাৰ কৰিব। যেন তেওঁলােক দেশৰ ৰােগাগ্রস্ত কন্যাসকলৰ বাবে উৎসর্গীকৃত। 

মোৰ এজন অধ্যাপক বন্ধুৰে পৰামর্শ দিলে যিহেতু কন্যা শিশুৰ বিশেষ চিকিৎসাৰ বাবে দেশৰ বিশেষ কাৰ্যসূচী আছে সেইবাবে মই দেশৰ প্ৰধানমন্ত্ৰীলৈ অথবা দেশৰ স্বাস্থ্যমন্ত্ৰীলৈ এখন পত্ৰ প্রেৰণ কৰিব লাগে। বন্ধুৰ নির্দেশ মতে মই প্রধানমন্ত্ৰীলৈ পত্র প্রেৰণ কৰিলাে এখন এখনকৈ দুখন। কিন্তু একো উত্তৰ নাপালাে। মােৰ বন্ধুৱে ক'লে—মই আমাৰ মুখ্যমন্ত্ৰীলৈও লিখিব লাগে। বন্ধুৰ নির্দেশ মতে মই আমাৰ মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বিষয়া দুজনৰ সতে কথা পাতিলে। তেওঁলোকে আমাক ফৰ্মেলি এখনি দৰ্খাস্ত পঠিয়াবলৈ ক'লে। মই সমস্ত ঘটনা বিৱৰি পত্র লিখিলাে। মুখ্যমন্ত্রীক অনুৰোধ কৰিলাে দুবছৰীয়া এই শিশুৰ এক বিৰাট জটিল ৰােগৰ চিকিৎসাৰ বাবে যথাযােগ্য সহায় আগবঢ়াই শিশুটোৰ জীৱন ৰক্ষা কৰিবলৈ। আজিলৈ আমি মুখ্যমন্ত্ৰীৰ কার্যালয়ৰ পৰা কোনাে পত্র বা একো খবৰ পোৱা নাই।

মই এটা ভাল (তুলনামূলকভাবে) চাকৰি কৰিছিলাে। মই চলিবলৈ পেঞ্চন পাওঁ। অলপ সাঁচতীয়া পইচা আছিল আৰু দুই-এক বন্ধু বান্ধৱীয়ে আগবঢ়োৱা সাহাৰ্য্যৰে দিল্লীৰ এখন খৰচী হাস্পতালত আজি দুমাহ ধৰি চিকিৎসা কৰি আছাে। লাহে লাহে আমাৰ আর্থিক সমস্যাৰ সৃষ্টি হৈছে। মই দিল্লী নগৰৰ ৰাজহুৱা স্থানত 'বেটী বচাও বেটী পঢ়াও’ বিজ্ঞাপনসমূহ দেখিলে ভাবাে যে এইসমূহত চৰকাৰে কিমান পইচা খৰচ কৰিছে ? হাস্পতাললৈ গৈ থাকোতে যেতিয়া এই বিজ্ঞাপন দেখাে তেতিয়া অনুভৱ কৰাে এই বিজ্ঞাপন অন্তঃসাৰশূন্যতা। এই বিজ্ঞাপন আৰু তেনেকুৱা বহুত বিজ্ঞাপন চৰকাৰী চমক মাথোঁ। আমি কিছু পৰিমাণে সামর্থ্যবান বুলি আমাৰ শিশুটোক দিল্লীলৈ লৈ আহিব পাৰিছো। আন অসামর্থ লােকৰ শিশু হােৱা হ'লে হয়তাে আগত লৈ স্থানীয় হাস্পতালতেই চিকিৎসা শেষ কৰিব লাগিলহেতেন।

আমাৰ খবৰটো পাই আমাৰ এজন সম্পৰ্কীয় চিকিৎসকে লণ্ডনৰ পৰা ফোন কৰি জনাইছে যুক্তৰাজ্যৰ হাস্পতালত কোনাে ৰােগীৰ বিশেষকৈ শিশুৰ আৰােগ্য নিশ্চিত কৰিব নােৱাৰিলে তেনে ৰােগীক পৃথিৱীৰ যিকোনাে ঠাইত থকা ভাল হাস্পতালত চিকিৎসা কৰিবলৈ চৰকাৰে পঠিয়াই দিয়ে। তেওঁ আমাক উপদেশ দিছিল উচ্চতম ন্যায়ালয়ত এটা গােচৰ দিবলৈ শিশুটিৰ চিকিৎসাৰ দায়িত্ব চৰকাৰক ল'বলৈ। আমি দুই-এক আইনজীৱীৰ স'তে কথা পাতিছিলাে তেওঁলােক উৎসুক নহ'ল।

যদি কেন্দ্রীয় চৰকাৰৰ চাকৰিয়াল মন্ত্রী-বিধায়ক, ৰাজনৈতিক নেতাৰ সুচিকিৎসাৰ বাবে চৰকাৰে অর্থ যােগান ধৰিব পাৰে তেনেহ'লে আমাৰ সাধাৰণ মানুহৰ বাবে, শিশুৰ বাবে কিয় নােৱাৰে। যদি নােৱাৰেই বেটী বচাও, বেটী পঢ়াও বুলি চৰকাৰী বিজ্ঞাপন কি প্রচাৰ কৰে?
লেখক গুৱাহাটীৰ বি বৰুৱা কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ। ফোনঃ ৯৮৬৪০২০১১২ । লেখাটি দৈনিক অগ্ৰদূত কাকততো প্ৰকাশ পাইছে। লেখকৰ মৌখিক অনুমতিমৰ্মে সুখ-দুখতো ইউনিকোড ভাৰ্চন প্ৰকাশ কৰা হৈছে।

No comments:

Post a Comment