মহীৰূহৰ লেখাঃ স্বাধীনতা দিৱস আহিল আৰু গ'ল :: ড° হীৰেন গোহাঁই - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here

মহীৰূহৰ লেখাঃ স্বাধীনতা দিৱস আহিল আৰু গ'ল :: ড° হীৰেন গোহাঁই

Share This
বহুদিনেই হ’ল স্বাধীনতা দিৱস উদযাপন কৰিবলৈ কোনাে উৎসাহ বােধ কৰা নাই। দেশৰ স্বাধীনতা নিশ্চয় এটা অতি গুৰুত্বপূৰ্ণ কথা,  বিদেশীৰ ভৰিৰ তলত থকাতকৈ মর্যাদাপূর্ণ। কিন্তু আমি একো অর্থতে এতিয়া স্বাধীন বােধ নকৰোঁ। দেশৰ অর্থনীতি আন্তর্জাতিক পুঁজিৰ নিয়ন্তা সকলৰ অধীন, তেওঁলােকৰ তলিপিতে চলে, গৰিষ্ঠ সংখ্যক শ্রমজীৱী মানুহ দেশৰ বৃহৎ পুঁজিৰ মালিক আৰু ৰাষ্ট্রৰ চালকবৃন্দৰ অধীন, মানসিকভাৱে প্ৰতিজন নাগৰিক ব্যাপক অনামা উদ্বেগ আৰু ভয়ৰ অধীন। 


সৰহ সংখ্যক নাগৰিকে ভবিষ্যতৰ পিনে আশাৰে চাব নােৱাৰে, যদিও বিৰামহীন প্রচাৰে যুৱ সমাজক বিশ্বজয় কৰাৰ সপােন দেখুৱায়। কিছু সংখ্যকে কৃতিত্ব লাভ কৰে, কিন্তু তেওঁলােকৰ সেই কৃতিত্বই সাধাৰণৰ জীৱনত এচেৰেঙা পােহৰ পেলাব নােৱাৰে। প্রধান মন্ত্রীয়ে বহুতে পূর্বানুমান কৰাৰ দৰে স্বাধীনতা দিৱসৰ ভাষণ নির্বাচনী বক্ততালৈ পৰিণত কৰিলে। সি প্ৰেৰণা দিয়া দূৰৰ কথা, মিছা মােহ সৃষ্টিৰ চেষ্টা কৰা বুলি সন্দেহ উদ্রেক কৰিলে। তেওঁৰ ভাষণত যদি সর্বসাধাৰণৰ দুখ-দৈন্যৰ অকণ আভাস থাকিলহেতেন, তেওঁলােকৰ কষ্টকৰ সংগ্ৰামৰ প্রতি কিঞ্চিৎ সক্রিয় সংবেদনশীলতা থাকিলহেতেন, মানুহে তেওঁক প্রধান মন্ত্ৰীৰ মর্যাদা দিলেহেতেন। সেই সুযােগ তেওঁলােকে হেৰুৱালে।


অসম চৰকাৰৰ চৰকাৰী অনুষ্ঠানবােৰত তেনেহ'লে আৰু কি থাকিব পাৰে? সর্বসাধাৰণৰ গম্ভীৰ নিৰানন্দৰ মাজেৰে দিনটো পাৰ হ'ল।  শুনা গল উত্তৰ প্ৰদেশত এই উপলক্ষে আৰু অদ্ভুত ধৰণে, অনৈতিহাসিক ভাবে, নানা বিমানবন্দৰ আদিৰ পুনর্নামাকৰণৰ দিহা হৈছে। তাৰ মাজতে দীনদয়ালৰ নাম পুনৰ শুনা গৈছে, যদিও তেওঁৰ বক্তব্যৰ সাৰ কথাখিনিত ৰবীন্দ্রনাথ আৰু নেহৰুৰ চিন্তাতকৈ নতুন  একো পােৱা নাযায়। তেওঁৰ সংযােজন বা বিয়ােজন হৈছে ভাৰতৰ ইতিহাসৰ পৰা মুশ্লিম যুগৰ অৱদান বর্জন কৰা। (বিশ্বাস নকৰা সকলে | নেহৰুৰ Discovery of India কিতাপখন পঢ়ি চাওক।)

মােৰ বাবে এটা অতি ধিক্কাৰজনক কথা হৈছে শৰণীয়া পাহাৰৰ গান্ধীমণ্ডপৰ গাত লগাকৈ তিনিশ ফুট ওখ ধাতব দণ্ডত জাতীয় পতাকা উত্তোলনৰ প্রচেষ্টা। শৰণীয়াৰ আশ্ৰমত গান্ধীজীয়ে পদার্পণ কৰিছিল। তাৰ স্মৃতি স্মৰণীয় কৰি ৰাখিবলৈ পাহাৰৰ চুড়াত গান্ধী মণ্ডপ নির্মাণ কৰা হৈছিল। আজিকালি আন নালাগে কংগ্ৰেছৰ নেতা সকলৰাে তাৰ প্রতি মনােযােগ নাই, অৱহেলিত অৱস্থাত আছে। অতি দৃষ্টিকটু ভাবে। তাৰ নিচেই ওচৰত স্মৃতিসৌধৰ সৌন্দৰ্য্য আৰু গাম্ভীর্য্য নষ্ট কৰি  দৃষ্টিকটু ভাবে পতাকা উত্তোলনৰ দণ্ড পােতা হ’ল। শেষত সিও সফল নহ'ল। চৰকাৰী অৱহেলাৰ জ্বলন্ত সাক্ষ্য হিচাবে বিৰাট ক্রেন এখন | তাৰ কাষতে পৰি থকা দূৰৰ পৰাই দেখা যায় যেন স্বাধীনতাৰ বিফল প্রতিশ্রুতিৰ সাক্ষ্য হৈ। গান্ধীজীৰ স্মৃতিসৌধৰ কাষতে কিয় ইমান ওখত পতাকা উত্তোলনৰ চেষ্টা চলিল? ই নিশ্চয় ৰাইজৰ মনত গান্ধীজীৰ অৱদান কিছু নিষ্প্রভ কৰি তাৰ ঠাইত এক দাম্ভিক ৰাষ্ট্ৰীয়তাবাদক প্রতিষ্ঠা কৰাৰ অর্সচেতন প্রচেষ্টা। এনে মানুহৰ মনত গান্ধীজীৰ অৱদান সম্পর্কে কোনাে ধাৰণাই নাই, বৰং তেওঁলােকে দখল কৰি নিজ উদ্দেশ্য সিদ্ধিৰ বাবে নিয়ােগ কৰিব বিচৰা ৰাষ্ট্ৰৰ ধাৰণাহে আছে।

১৫ আগষ্টত গান্ধীজীয়ে কলিকতাত ১৯৪৬ৰ জঘন্য সাম্প্রদায়িক হত্যালীলাৰ পুনৰুত্থান ৰােধ কৰিবলৈ অনশন কৰি আছিল। কোনাে উৎসৱত যােগ দিয়া নাছিল। তেওঁ জানিছিল দেশৰ দুই বৃহৎ সম্প্রদায়ৰ মাজত স্বাভাৱিক সম্পর্ক আৰু শান্তি অবিহনে স্বাধীনতা এক মৰীচিকাহে।

১৯৪৭ৰ পিছত অসমৰ মানুহে ভাবিছিল যে তেওঁলােকো দেশৰ আন প্ৰান্তৰ ভাৰতীয় মানুহৰ দৰে স্বাধীন হৈছে, আৰু নিজৰ ভাগ্য নিজে গঢ়াৰ অধিকাৰ খিনি তেওঁলােকৰ থাকিব। কিন্তু সি এক বিড়ম্বনাত পৰিণত হ’ল। আজি তেওঁলােকৰ চকুৰ আগতে তৈলক্ষেত্রব্যৱসায়-প্রতিস্থানক নিলাম কৰা হৈ আছে। কাগজকল দুটা চিৰকাললৈ বন্ধ হ’ল। অসম চৰকাৰৰ নিজাব্বীয়াকৈ অসমৰ অর্থনৈতিক উন্নতিৰ বাবে একো কৰাৰ সামর্থ্য নােহােৱা হ’ল। সকলাে দিল্লীৰ হুকুম মতে হ'ব লাগে। সেয়ে অসমৰ অর্থনৈতিক উন্নয়নৰ কোনাে ধাৰণাই তেওঁলােকৰ মনৰ পৰা নােহােৱা হ'ল। আৰু জাতীয়তাবাদী সকলাে বিশেষ ব্যতিক্রম নহ’ল। তেওঁলােকে আনকি অসমবাসী সকলাে জনগােষ্ঠীৰ মাজত এক ভ্রাতৃত্ববােধ গঢ়ি তুলি সন্মিলিত প্ৰগতিৰ পথ এটাই দেখুৱাব পৰা নাই। এই কথাবােৰ যুৱচামে ভাবি চাবনে? মই জনা-বুজা মানুহৰ পৰা যি শুনিছোঁ, তেওঁলােকৰ সৰহভাগেই নিজৰ উন্নতিৰ কথাহে ভাবে। পৰিবেশ আৰু সর্বত্র চলা প্রচাৰে তেনেকৈয়ে তেওঁলােকৰ মনবােৰ গঢ়ি তুলিছে। মনৰ চাৰিউপিনে গঢ়ি উঠা এই দেৱালবােৰ নাভাঙিলে আমাৰ উদ্ধাৰ নাই।

ব্যৱসায় প্রতিস্থানৰ দৌৰাত্ম্য 
মই মবাইল টিপি বিল আদায় দিব নােৱাৰোঁ।নাজানাে, আৰু তেনেকৈ দিবলৈকো ইচ্ছা নহয়। মই অতদিনে চেকযােগে বিল আদায় দি আছে। এইধৰণৰ সকলাে কাম ইতিমধ্যে বহু বছৰ সুকলমে চলি আছিল। কিন্তু অলপতে এটা তিক্ত অভিজ্ঞতা হ’ল। মােৰ বি এছ এন এল মবাইল বিল আদায় নিদিয়া বাবে অকামিলা হৈ থকাত মই এখন চেকযােগে জমা দিছিলোঁ, বি এছ এন এলৰ পৰাও প্রাপ্তি স্বীকাৰ হৈছিল। কিন্তু পিছত বি এছ এন এলৰ বেংক আই চি আই চি আই। বেংকৰ পৰা চে’কখন ঘূৰি আহিল কোনাে কাৰণ নদর্শোৱাকৈ, কেৱল তাত আই চি আই চি আইৰ ষ্টেম্পটোমাৰি দিয়াৰ বাদে। ই কেনেধৰণৰ বেংকসেৱা ? চেকখন পৰীক্ষা কৰি বি এছ এন এলৰ দিনে-নিশাই টাকুৰিৰ দৰে কাম কৰি থকা কর্মচাৰী সকলেও কলে যে চে’কখন ঘূৰাই পঠাব লগা কোনাে বিসংগতি তেওঁলােকেও দেখা নাই। কোনােকোনােৱে আশংকা প্রকাশ কৰিলে যে ব্যৱসায়িক মবাইল কোম্পানি হেঁচাত চৰকাৰেই বি এছ এন এলৰ ডিঙিত এনে কাৰবাৰেৰে ফাঁচ লগাব খুজিছে। তাৰ বাবে বেংককো ব্যৱহাৰ কৰিছে হয়তাে।

বাজপেয়ীৰ স্মৃতি 
অটল বিহাৰী বাজপেয়ীৰ বক্তৃতা শুনি গুৱাহাটীৰ ৰাইজ যেতিয়া মন্ত্রমুগ্ধ, তেতিয়া অসম আন্দোলনৰ সমালােচক হিচাপে সেইবােৰ জনসভাত উপস্থিত থকাৰ কোনাে উপায় নাছিল মােৰ। কিন্তু আৰ-তাৰ মুখে শুনিছিলোঁ তাৰ প্রশংসা। সংসদতাে বােধহয় তেওঁ সেই ৰীতিতে বক্তৃতা দিছিল। সপক্ষ-বিপক্ষ সকলােৱে নিতাল মাৰি শুনিছিল। আৰম্ভ কৰে অতি ধীৰে-ধীৰে, তাৰ পিছত ক্রমে ওজস্বিতা বাঢ়ি গৈ দুৰ্বাৰ বানৰ দৰে বৈ যায় বাক্যস্রোত। তেওঁৰ বক্তৃতা উর্দু মিহলিয়েই আছিল, কাৰণ উত্তৰ ভাৰতৰ মানুহ সৌ সিদিনালৈ উর্দূমিহলি হিন্দী ঠাচতে অভ্যস্ত আছিল। যুক্তি থাকে, কিন্তু সেই যুক্তিবােৰক শক্তি দিয়ে আন্তৰিক আবেগে। যুক্তিক অধিক গুৰুত্ব দিয়া মানুহে তেনে বক্তৃতা সংশয়ৰ চকুৰে চায়।

তেওঁক লগ পােৱাৰ সুবিধা হৈছিল আমি যেতিয়া সেনাবাহিনীয়ে আলফা দমনৰ নামত অসমৰ গাঁৱেভূঞে চলােৱা অবাধ অত্যাচাৰৰ কথা সদৰি কৰিবলৈ দিল্লীলৈ এটা সঁজাতী দলৰ সৈতে গৈ ৰাষ্ট্রপতি, প্রধান মন্ত্ৰীৰ উপৰি প্ৰধান-প্রধান বিৰােধী নেতাক লগ ধৰিছিলোঁ।

বাজপেয়ী ডাঙৰীয়াৰ ব্যৱহাৰ-পাতি আছিল আচৰিত ধৰণে সহজ-সৰল, লগতে অন্তৰ চুই যােৱা অমায়িকতা। প্রফুল্ল কুমাৰ মহন্তই তেওঁৰ লগত পুৰণি বন্ধুৰ দৰে কথা পতা দেখিছিলোঁ। আমাৰ লগত তেওঁ খােলাখুলিকৈ সকলাে কথা আলােচনা কৰিছিল। বিৰােধী পক্ষ বাকী সকল নেতাৰ বহুতেই আলফাৰ প্রতি ভয় আৰু বিৰাগ হেতুকে আমাৰ লগত তেনেদৰে মুকলিকৈ সকলাে কথা আলােচনা কৰা নাছিল। তেওঁৰ বিখ্যাত কূটনৈতিক পাৰদৰ্শিতা আৰু শত্ৰুৰ শুভেচ্ছা তথা সন্মতি আদায় কৰা দক্ষতাৰ সেইটো আছিল মূল কথা। বিজেপি মানুহবােৰৰ সেনাবাহিনীৰ প্রতি একধৰণৰ অন্ধ আস্থা থকা দেখা যায়। তেখেতৰ সেইটো থাকিলেও আমাৰ কথাবােৰ মন দি শুনিছিল। মাজতে আমাৰ কোনােবাই অসমত ব্যাপক হাৰত মানৱ অধিকাৰ লংঘন হােৱাৰ কথা ক'লে। তেখেতে নিৰুপায় ভংগী কৰি দুহাত তুলি ক'লে, “আৰে, মইতাে সিদিনা ৰাষ্ট্র সংঘত মানৱ অধিকাৰ ভাৰতত সম্পূর্ণ নিৰাপদ বুলি কৈ আহিলোঁ। আমি সকলােৱে গির্জনি মাৰি৷ হাঁহিলোঁ। তেওঁ আমাক সহায় কৰিব বুলি ক'লে, কিন্তু খেদ কৰিলে যে বাকী বিৰােধী দলবােৰে বিজেপিক ‘অস্পৃশ্য গণ্য কৰা বাবে তেওঁলােকে অকলে বিশেষ কিবা কৰা টান হ'ব।

কথা পাতি থাকোতে পােহনীয়া কুকুৰটো ভৰিৰ ওচৰত বহি আছিল আৰু তেওঁ মাজে মাজে হাত বুলাই তাক মৰম কৰিছিল। পিছত গম পাইছিলোঁ তেওঁ কিছু ভাল কবিতাও লিখিছিল। এজন হৃদয়বান ব্যক্তি যেন লাগিছিল। তেওঁৰ ভােজন-বিলাস আখ্যান-প্রসিদ্ধ। ডায়াবিটিছৰ ৰােগী হৈও প্রিয় মিঠাই বাদ দিয়া নাছিল। দেশত নাখালেও বিদেশত নিশ্চয় মাজে মাজে আমিষ আহাৰ গ্ৰহণ কৰিছিল। দেশত জনতা দলৰ প্ৰথম চৰকাৰ হােৱা সময়ত তেওঁ প্রধান মন্ত্রী মােৰাৰজী দেশাইৰ লগতে ছােৱিয়ে 'ট ৰুছিয়া ভ্রমণ কৰিছিল। মােৰাৰজীভায়ে মস্কোৰ ভাৰতীয় ছাত্র সকলৰ আগত সুৰাপানৰ বিৰুদ্ধে কঢ়া সাৱধানবাণী শুনােৱাৰ পিছত নিস্তব্ধ সভাস্থলী যেতিয়া এৰি গৈছিল, তেতিয়া পিছত লাহে-লাহে আহি থকা বাজপেয়ীয়ে দাঁতি কাষৰৰ ভাৰতীয় ছাত্রবিলাকক সান্ত্বনা দি কৈ আহিছিল, ‘পিয়াে, পিয়াে...' (খাই থাকিবাহে!)। 

বাজপেয়ীৰ মনত আৰএছএছৰ কঠোৰ নীতি-নিয়মৰ প্রতি সিমান নিষ্ঠা নাথাকিলেও সংঘৰ মূল আদর্শ আৰু কাৰ্য্যসূচীৰ প্রতি অটল আনুগত্য আছিল। বাবৰি মছজিদ ভঙাৰ সময়ত লাখ লাখ উত্তাল কসেৱকক সম্বােধন কৰি বক্তৃতা দিয়া নেতাসকলৰ মাজত বাজপেয়ীও আছিল। তেওঁ হেনাে কৌশলেৰে কৈছিল, মাটিৰ ওপৰত বেছি গধূৰ কিবা থাকিলে মাটিয়ে ভাৰ সহ্য কৰিব নােৱৰা হয়। তাক ভাঙি সমান কৰি দিলেহে ভাৰসাম্য ৰক্ষা পৰে। আটাইতকৈ চক্ খাবলগীয়া কথাটো হ'ল তেতিয়া, যেতিয়া ২০০২ চনৰ গুজৰাটৰ ভয়াবহ হত্যালীলাৰ সময়ত তেওঁ নীৰৱ-নিষ্ক্রিয় হৈ থাকিল। তাৰ ৭২ ঘণ্টাৰ পিছতাে তেওঁৰ সঁহাৰি আছিল অতি স্তিমিত।

সংঘৰ্ষৰ সময়ত ‘গুলবার্গ ছচাইটি’ নামৰ এক এপার্টমেন্ট-কমপ্লেক্সৰ পৰা প্ৰাক্তন এম পি-তেওঁৰ বন্ধু এহছান জাফ্রিয়ে কাতকণ্ঠে তেওঁক ফোনত কাকুতি কৰিছিল, ‘উন্মত্ত জনতাই আমাৰ ঘৰ ঘেৰি পেলাইছে, সিহঁতে মাৰণাস্ত্র লৈ আমাৰ ফ্লেটৰ পিনে উঠিব ধৰিছে। কিবা এটা কৰক... কিবা এটা কৰক। প্রধান মন্ত্রী বাজপেয়ীয়ে ক'লে, ‘চাওঁ, কি কৰিব পাৰোঁ। একোকে নকৰিলে। এহছান জাফ্রিৰ লগতে পৰিয়ালৰ কেবাজনাে সদস্যক পত্নী শ্রীমতী জাকিয়া জাফ্রিৰ চকুৰ আগতে কাটি-মাৰি শেষ কৰিলে উন্মত্ত জনতাই। 

তাৰ পিছতাে বাজপেয়ীৰ অনুশােচনাৰ কোনাে লক্ষণ দেখা নগ'ল। গােপ্রাত ৬৮জন কৰসেৱকক ৰেলৰ উবাতে কোনােবা দুবৃত্তই জুই লগাই মৰাৰ পিছত তাৰ ‘প্রতিশােধ হিচাবে গুজৰাটৰ সমগ্র মুছলিম সম্প্রদায়ৰ লােককে হিংসা-হত্যাৰ লক্ষ্য কৰি ল'লে উগ্র হিন্দুত্ববাদী জনতাই। এহছান জাফ্রিৰ গােদ্ৰাৰ ঘটনাৰ লগত কোনােধৰণৰ সম্পর্কই নাছিল। অথচ তেওঁক আৰু পৰিয়ালৰ বহু সদস্যক হত্যা কৰা হ'ল। গুজৰাটৰ তৎকালীন পৰিস্থিতি বুজাবলৈ মুখ্যমন্ত্রী মােদীৰ দৰে প্রধান মন্ত্রী বাজপেয়ীয়েও অৱশেষত ‘ক্রিয়া-প্রতিক্রিয়া’ৰ (action and reaction) তত্ত্বৰ আশ্রয় লােৱা দেখা গ'ল। স্বয়ংসেৱক’ হিচাবে সেইটো কৰাৰ এক মানসিক প্রবৃত্তিয়েই আছিল বাজপেয়ীৰ। তেওঁ যে কিছু অন্তর্দ্বন্দ্বত ভূগিছিল, সেই সময়ত আলােকচিত্ৰত তেওঁৰ মুখৰ চেহেৰাই প্রমাণ কৰে। কিন্তু সংঘৰ শৃংখলা তেওঁ ভংগ নকৰিলে তেওঁৰ অন্যান্য গুণে এই সাংঘাতিক ঘাটি পুৰাব নােৱাৰে।

তথাপি নিঃসন্দেহে তেওঁ ভাৰতৰ শ্রেষ্ঠ প্রধান মন্ত্রীসকলৰ এজন আছিল। (আগলৈ)

লেখাটি আমাৰ অসম কাকততো প্ৰকাশ পাইছে। ইউনিকোড সংৰক্ষণৰ অৰ্থে লেখকৰ মৌখিক অনুমতি মৰ্মে সুখ-দুখতো প্ৰকাশ কৰা হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages