মুকলি চিন্তা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সাৱধান হওকঃ ডিজিটেল লুণ্ঠন আৰু হাটে-বাটে ঠগবাজী
(১)
এটা বেংকৰ শাখা, দুটা ঘটনাৰ কথা
ভগৎ লাল দত্ত
ভাৰতীয় ষ্টেট বেংক, দিছপুৰ শাখাত থকা অসম বিধান সভাৰ সদস্য এজনৰ একাউন্টৰ পৰা ১৪ (চৈধ্য) লাখ টকা হৰণ হোৱাৰ বাতৰি এটা দেখা পালো। ইন্টাৰনেট বেংকিঙৰ মাধ্যমত এই ধনখিনি বিধায়কজনৰ একাউন্টৰ পৰা গৰাকীয়ে গম নোপোৱাকৈ (২৪-২৭ জুন ২০১৮ তাৰিখৰ ভিতৰত)বিধি-বহিৰ্ভূতভাৱে উলিয়াই নিয়া হৈছে।

ইন্টাৰনেট বেংকিং যোগে ধন লেনদেন কৰিবলৈ লওঁতে একাউন্টৰ গৰাকীৰ মোবাইল ফোনলৈ অহা সুৰক্ষা কোড ব্যৱহাৰ নকৰাকৈ লেনদেন সম্পূৰ্ণ নহয়। কিন্তু এই ক্ষেত্ৰত প্ৰাথমিক বিচাৰ-খোচাৰত গম পোৱা গৈছে যে বিধায়ক জনৰ বেংকিং লেনদেনৰ লগত জড়িত মোবাইল নম্বৰটোও তেওঁৰ অজ্ঞাতেই অবৈধ ভাৱে ঘটনাচক্ৰ আৰম্ভ হোৱাৰ ৫ দিনৰ পূৰ্বে(১৯ জুন ২০১৮ তাৰিখে) বেংকৰ তথ্য-প্ৰণালীত সলনি কৰি পেলোৱা হৈছে।

ফলত অন্য বক্ৰপথেৰে ইন্টাৰনেট বেংকিঙৰ ব্যৱহাৰকাৰীৰ নাম আৰু গুপ্তশব্দ (পাছৱৰ্ড) আহৰণ কৰি লৈ কৰা যি কোনো অবৈধ লেনদেন হোৱা মূহূৰ্ততে একাউন্টৰ মূল গৰাকীৰ চকুত পৰাতো সম্ভৱ নহয়, না লেনদেনৰ বাবে সুৰক্ষা কোড আহিব না লেনদেন বিষয়ক আন কোনো বাৰ্তা আহিব।
ইন্টাৰনেট বেংকিং যোগে অবৈধ ভাৱে ধন হৰলুকি হোৱাৰ লগত বেংকৰ তথ্য প্ৰণালীত পঞ্জীয়ন হৈ থকা গ্ৰাহকৰ মোবাইল নম্বৰ (অবৈধভাৱে) সলনি হোৱাৰ প্ৰক্ৰিয়াটো জড়িত হৈ আছে। বেংকত পঞ্জীয়ন হৈ থকা ফোন নম্বৰটো সলনি কৰা প্ৰক্ৰিয়াটো পিছে ইমান সহজ জানো?
বেংক একাউন্টৰ লগত জড়িত মোবাইল নম্বৰ সলনিৰ বাবে অনলাইন আবেদন কৰিলেও, এখন আবেদন পত্ৰত হস্তাক্ষৰ কৰি একাউন্টটো থকা শাখাটো (হোম ব্ৰান্স)ত জমা দিয়াৰ পিছত তাৰ ভিত্তিত বেংকৰ ফালৰ পৰা (বেংকৰ সেই দায়িত্বৰ কোনো কৰ্মচাৰী/বিষয়াই) অনুমোদন নিদিয়ালৈকে সংশ্লিষ্ট মোবাইল ফোন নম্বৰটো সলনি নহয়েই দেখোন! এই প্ৰক্ৰিয়াটোৰ কি হ’ল? বিষয়টোৰ তদন্ত চলি আছে আৰু তদন্তৰ ফলাফললৈ বাট চাইছোঁ।

কিন্তু Sate Bank Of Indiaৰ দিছপুৰ শাখাত গ্ৰাহকৰ অজ্ঞাতে বেংকৰ তথ্য প্ৰণালীত একাউন্টৰ সুৰক্ষাৰ লগত জড়িত ফোন নম্বৰ সলনি হোৱা এইটো প্ৰথম ঘটনা নহয়। খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক এজনৰ ক্ষেত্ৰতো তেখেতে কোনো ধৰণৰ আবেদন নকৰাকৈয়ে বেংকৰ তথ্য-প্ৰণালীত থকা মোবাইল ফোন নম্বৰ সলনি হৈছিল। অধ্যাপক জনে এদিন ইন্টাৰনেট বেংকিং যোগে এটা লেনদেন কৰিবলৈ গৈ দেখিলে যে লেনদেন সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজনীয় সুৰক্ষা-কোড বহু সময়ৰ পিছতো তেখেতৰ মোবাইললৈ অহা নাই! বিচাৰ-খোচাৰ কৰি দেখিলে যে, বেংকৰ তথ্য-প্ৰণালীত তেখেতৰ একাউন্টৰ লগত জড়িত মোবাইল নম্বৰটো কিবা বেলেগ এটা হৈ আছে!!

লগেলগে ভাৰতীয় ষ্টেট বেংকৰ দিছপুৰ শাখালৈ গৈ বিষয়টো লিখিত ভাৱে জনাই, গৰাকীৰ অজ্ঞাতে নম্বৰটো কেনেকৈ সলনি হ’ল, বেংকৰ হৈ কেতিয়া-কোনে নম্বৰ সলনিত অনুমোদন জনাইছিল সেই বিষয়সমূহৰ তদন্ত কৰিবলৈ জনোৱা হৈছিল। মোবাইলৰ নম্বৰটো গ্ৰাহকৰ নম্বৰলৈ ঠিক কৰা হ’ল যদিও বেংকৰ শাখাটোৰ দায়িত্বত থকা বিষয়া সকলে বিষয়টো গুৰুত্বসহকাৰে লোৱা বুলি মনে নধৰা বুলি ভুক্তভোগী অধ্যাপক জনে সন্দেহ প্ৰকাশ কৰিছিল। দায়িত্বত থকা প্ৰবন্ধক এজনে, বিষয়টোক গুৰুত্বসহকাৰে লোৱাৰ সলনি – “কেতিয়াবা চিষ্টেমত হৈ যায় …”- জাতীয় মন্তব্যৰে গা এৰা দিবলৈ চেষ্টা কৰাটো অধ্যাপক জনে মন কৰিছিল। সৌভাগ্যক্ৰমে, বেংকত মোবাইল নম্বৰ সলনি হৈ যোৱাৰ কথা অধ্যাপক জনৰ নজৰলৈ আগতীয়াকৈ অহাত তেখেতৰ ক্ষেত্ৰত বিশেষ অঘটন নঘটিল।
এই দুটা ঘটনাৰ পৰা শিক্ষা লৈ, (কেৱল এই বিশেষ বেংক বা শাখাটোৰেই নহয়) বেংকৰ গ্ৰাহক সকলে তেওঁলোকৰ মোবাইল নম্বৰ সমূহ বেংকৰ তথ্য প্ৰণালীত সঠিকভাৱে পঞ্জীভুক্ত হৈ আছে নে নাই সেইটো এবাৰ নিশ্চিত কৰি লোৱাটো ভাল হ’ব। (মাজে সময়ে সেইটো চাই থকাটো আৰু ভাল হ'ব।)

তদন্তকাৰী সংস্থাই বেংকৰ ফোন নম্বৰ সলনি অনুমোদন প্ৰক্ৰিয়াটোৰ লগতে আগতে গ্ৰাহকৰ লগত ঘটা অনুৰূপ ঘটনাৰ তথ্য সন্ধান বিবেচনা কৰিব বুলি আশা কৰিলোঁ (বেংকে অধ্যাপকজনৰ ঘটনাটো/আবেদনখন নাইবা অনুৰূপ এনে অন্য ঘটনাৰ কথা তদন্তকাৰী Assam Policeক নিজে নিজে জনাব বুলি মনে নধৰে)।
(২)
বাছ ষ্টেণ্ডত নতুন লুন্ঠনকাৰী
সুশান্ত কুমাৰ কাশ্যপ
যোৱা পৰহি মোৰ সম্পৰ্কীয় ভিনদেউ এজনৰ সৈতে গুৱাহাটীৰ মাজ মজিয়া মাছখোৱাত সংঘটিত হয় এক ভয়াবহ ঘটনা ৷ সময় দুপৰীয়া ৷ তেও টংলালৈ যাবলৈ মাছখোৱা বাছ ষ্টেণ্ডলৈ গৈছিল ৷ তাত বাছত উঠিবলৈ ৰৈ থকাৰ সময়তে এজন অচিনাকী মানুহে মাত লগালে ৷ মানুহজনে একেবাৰে নিজৰ আপোন, চিনাকী মানুহ হিচাপেই তেওঁৰ লগত কথা আৰম্ভ কৰিলে ৷ তেওঁ মানুহজনত চিনি পোৱা নাই বুলি কোৱাত মানুহজনে "আপোনাৰ ঘৰত গৈছো, থাকি আহিছো " ইত্যাদি বিভিন্ন কথাৰে এনেকুৱা এটা পৰ্যায়লৈ লৈ গল যেন মানুহজন তেওঁৰ পুৰণি বন্ধুহে ৷ দুয়ো কথা পাতি থাকোতে দুজন ল'ৰা বাইকত আহি ভিনদেউজনক ধমকি দিলে, "তই এই মানুহজনৰ লগত কি কথা পাতি আছ? ই নাৰী ব্যৱসায়ী চক্ৰৰ লগত জড়িত ৷ তই সদায় সদায় আহি ইয়াক লগ ক'ৰ ৷ তোক আজি চুলি কাতি দিম, আমাৰ ক্লাৱলৈ লৈ গৈ পুলিচক দিম, মাৰি পেলাম ইত্যাদি বিভিন্ন ভাবুকি দিলে ৷ এনেতে আৰু দুজন ল'ৰা বাইকত আহি তেওঁলোকক ঘেৰি ধৰিলে ৷ সিহতেও দম দিবলৈ আৰম্ভ কৰিলে ৷ এজনে তেওঁৰ মানিবেগ কাঢ়ি ললে ৷ তাত এ টি এম খন আছিল ৷ সেইখনো ললে ৷ আন এজনে তেওঁৰ বেগৰ ভিতৰত ড্ৰাগচৰ পেকেট এটা ভৰাই দিলে ৷ তাৰ পিছত আটাইকেইজন মিলি তেওঁক বেংক এটাৰ এ টি এম কাউন্টাৰলৈ লৈ গল ৷ তাত গৈ তেওঁক পইচা উলিয়াবলৈ নিৰ্দেশ দিলে ৷ সিহত ভিতৰলৈ নগৈ বাহিৰত ৰৈ থাকিল ৷ তেওঁ নগদ পাছ হাজাৰ টকা উলিয়াই সিহতক দিলে ৷ পইচা লৈ সিহত গুছি গল ৷


গোটেই ঘটনাটো ইমান কম সময়ৰ ভিতৰত পৰিকল্পিত ভাবে হল যে তেওঁ একো তত ধৰিবই নোৱাৰিলে ৷ পিছত কোনো মতে তেওঁ টংলা ওলালহি ৷ 

ভাগ্য ভাল তেওঁ চিঞৰ বাখৰ নকৰিলে ৷ নহলে হয়তো তেওঁকেই নাৰী ব্যৱসায়ী চক্ৰৰ মানুহ বুলি ৰাইজে পিটিলেহেতেন! অন্তত: জীৱনটো বাচিল ৷ 

বৰ ভয়লগা হৈছে ৷ কোনে কেতিয়া কাত ক'ত কেনেকৈ ফচাই ধৰিব নোৱাৰা হৈছে ৷ এয়া কোনো কাৰ্বিআংলং বা ট্ৰেইনৰ ভিতৰ নহয়, গুৱাহাটীৰ মাজ মজিয়া ৷ আচলতে আমাৰ অৱস্থা সকলোতে একেই ৷ সাৱধান হবৰ হল ৷ আপুনিও এনেকুৱা বিপদত পৰিব পাৰে৷

No comments:

Post a Comment