সাম্প্ৰতিক প্ৰসংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Assamese LIFELINE on SOCIAL MEDIA

সামাজিক যোগসূত্ৰৰ মঞ্চত ইতিবাচক বাৰ্তাবাহক
ভাল খবৰ ভাল সমল, পঢ়ি লভক আনন্দ বিমল

Post Top Ad

Responsive Ads Here
এন আৰ চিৰ পাছত কি হব?
ময়ূৰ চেতিয়া
“এন আৰ চিৰ পাছত কি হোৱা উচিত” আৰু “এন আৰ চিৰ পাছত কি কি হোৱাৰ সম্ভাৱনা আছে” এই দুয়োটা হৈছে আন্তঃসম্পর্কযুক্ত কিন্তু সুকীয়া প্রশ্ন। প্রথম প্রশ্নটোৰ এক সর্বগৃহীত তথা মানবীয় সমাধান সূত্র উলিয়াবলৈ ইচ্ছা কৰা শক্তিবিলাকেও প্রথমে দ্বিতীয় প্রশ্নটো সম্পর্কে কিছু ভবা চিন্তা কৰি লবই লাগিব। এনে এক প্রক্রিয়াৰ অংশ হিচাপেই আমি সদ্যহতে দ্বিতীয় প্রশ্নটো সম্পর্কে কিছু কথা আলোচনা কৰিব বিচাৰিছোঁ। এইক্ষেত্রত আমি ভাৰতীয় ৰাজ্যৰ গঢ়-গতি, আন্তর্জাতিক স্থিতি ইত্যাদি দিশবিলাককো বিবেচনাৰ অধীনলৈ আনিছোঁ। এই আলোচনাটোৰ বাবে আমি এক সম্পূর্ণ নির্মোহ তথা নিষ্ঠুৰ বস্তুনিষ্ঠ দৃষ্টিভংগী গ্রহণ কৰিছোঁ; অর্থাৎ ইয়াত আমাৰ ব্যক্তিগত ইচ্ছা-অনিচ্ছা, মতামত, সমাধান সূত্র ইত্যাদিৰ অৱতাৰণাই কৰা হোৱা নাই। 
আজি ৩০ জুলাই, ২০১৮ তাৰিখে এন আৰ চিৰ সম্পূর্ণ খছৰাখন প্রকাশ পাব। ইয়াত যে বহু লাখ মানুহৰ নাম নাথাকিব, সেই সম্পর্কে কোনো সন্দেহ নাই। কোন কোন সম্প্রদায়ৰ কিমান সংখ্যক মানুহৰ নাম নাথাকিব - ইয়েই অনাগত সময়ছোৱাত বিভিন্ন সংগঠনে উত্থাপন কৰিবলৈ গৈ থকা দাবীবোৰকো প্রভাৱিত কৰিব। ‘খিলঞ্জীয়া’ সম্প্রদায়বিলাকৰ বহুতো লোকৰ নাম নাথাকিলে থলুৱা জাতীয়তাবাদী সংগঠনবোৰে নিশ্চিতভাৱে দাবী কৰিব যে ‘দাবী-আপত্তি’ৰ স্তৰটোত ‘খিলঞ্জীয়া’ লোকসকলক কিছু ৰেহাই প্রদান কৰা হওঁক। আনহাতে ‘অভিবাসী’ সম্প্রদায়বিলাকৰ লোকসকলৰ দলিল পৰীক্ষা কৰোঁতে কর্তৃপক্ষক কঠোৰ হবলৈকো তেওঁলোকে দাবী কৰিব। (‘খিলঞ্জীয়া’ তথা ‘অভিবাসী’ – এই দুয়োটা শব্দ আমি বিশুদ্ধভাৱে বর্ণনামূলক চর্ট-হেণ্ড হিচাপেহে ব্যৱহাৰ কৰিছোঁ। এইক্ষেত্রত আমাৰ আন কোনো অভিপ্রায় নাই)।

লক্ষণীয় যে ‘খিলঞ্জীয়া’ সম্প্রদায়বিলাকক আচলতেই কিছু ৰেহাই প্রদান কৰা হৈছে নে নাই - সেই কথাটো আজিলৈকেও খুউব স্পষ্ট হোৱা নাই। উচ্চতম ন্যায়ালয়ে ইতিমধ্যেই স্পষ্ট কৰিছে যে ‘মূল নিবাসী’(‘অৰিজিনেল ইনহেবিটেণ্ট’) কেটেগৰীটো মাত্র এক বর্ণনামূলক কেটেগৰীহে; অর্থাৎ অন্যান্য সম্প্রদায়বিলাকৰ তুলনাত মূল নিবাসীসকলে কোনো বিশেষ সা-সুবিধা দাবী কৰিব নোৱাৰে। ইয়াৰ বিপৰীতে এন আৰ চিৰ কর্তৃপক্ষৰ ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাই কৈ আহিছে যে মূল নিবাসী সম্প্রদায়বোৰৰ লোকসকল যাতে সম্পূর্ণকৈ এন আৰ চিৰ অন্তর্ভুক্ত হয়, সেয়া নিশ্চিত কৰিবলৈ তেওঁ বিশেষভাৱে উদ্যোগ লৈছে। কিন্তু প্রকৃততে এই কামটো কৰা হৈছে নে নাই, বা ঠিক কেনে প্রক্রিয়াৰ জৰিয়তে কামটো কৰা হৈছে, সেয়া আজি পর্যন্ত স্পষ্ট হোৱা নাই।যিবোৰ প্রমাণ কাকত-আলোচনীৰ পাতত দাঙি ধৰা হৈছে, সেইবোৰ হৈছে সম্পূর্ণভাৱেconjectural. আনকি কোনবোৰ সম্প্রদায় মূল নিবাসী, তাৰ ৰাজহুৱা তালিকা এখনো আজিলৈকে উপলভ্য কৰা হোৱা নাই। অর্থাৎ খছৰা এন আৰ চিত খিলঞ্জীয়া সম্প্রদায়বিলাকৰো বহুতো লোকৰ নাম কটা যোৱাৰ সম্ভাৱনাটোক পোনেই নাকচ কৰিব নোৱাৰি। অৱশ্যেই এনে এক পৰিদৃশ্য কল্পনা কৰাটোও কঠিন যে এন আৰ চিৰ চূড়ান্ত তালিকাখনতো খিলঞ্জীয়া সম্প্রদায়বিলাকৰ বহুতো লোকৰ নাম কটা যাব। 

‘খিলঞ্জীয়া’ জাতীয়তাবাদী সংগঠনবিলাকৰ বিপৰীতে, ‘অভিবাসী’ সম্প্রদায়বিলাকৰ প্রতিনিধি সংগঠনবোৰে নিশ্চিতভাৱে দাবী কৰিব যে এন আৰ চিৰ ‘দাবী-আপত্তি’ৰ স্তৰটোত দলিল পৰীক্ষণ কৰোঁতে সকলোকে কিছু ৰেহাই প্রদান কৰা হওঁক। বিশেষকৈ বিবাহিত মহিলাসকলৰ পঞ্চায়ত প্রদত্ত দলিলবোৰ গ্রহণ কৰোঁতে তথা বিভিন্ন দলিলত থকা নামৰ বিসংগতিবোৰৰ বিষয়ে বিবেচনা কৰোঁতে কিছু ৰেহাই প্রদান কৰা হওঁক – এনে কিছু দাবী ‘অভিবাসী’সকলৰ সংগঠনবোৰে কৰিব।

অৱশেষত এনে ৰেহাইৰ দাবীবোৰ মানি লোৱা হব নে নহব, বা কিমান পর্যায়লৈকে মানি লোৱা হব - সেয়া নির্ধাৰণ কৰোঁতে উচ্চতম ন্যায়ালয়ৰো বিশেষ ভূমিকা থাকিব। কিন্তু ন্যায়ালয়েও যে আটাইবোৰ সমস্যাৰ এক সার্বজনীন সমাধানসূত্র দিবলৈ সক্ষম হব - তেনে আশা কৰিব নোৱাৰি। উদাহৰণস্বৰূপে, একোখন দলিলত ঠিক কিমান পর্যায়লৈকে নামৰ বিসংগতি থাকিলে সেয়া গ্রহণযোগ্য হব? এটা আখৰৰ বিসংগতি থাকিলে? নে দুটা আখৰৰ? তিনিটা? অর্থাৎ সমস্যাৰ চৰিত্রই এনেকুৱা যে ন্যায়ালয়ে এইক্ষেত্রত এক সার্বজনীন তথা সুবিস্তাৰিত নির্দেশ দিবলৈ সক্ষম হোৱাৰ অৱকাশ নাই।ফলত এনে বহুতো বিষয় এন আৰ চি কর্তৃপক্ষৰ নিজা বিবেচনাৰ ওপৰতেই নির্ভৰ কৰিব। ই “এন আৰ চি পক্ষপাতদুষ্ট” বুলি থকা পুৰণা অভিযোগবোৰকো তীব্র কৰি পেলোৱাৰ আশংকা আছে। এইটো কথাও মন কৰিবলগীয়া যে এন আৰ চিৰ নবায়ন প্রক্রিয়াটো হৈছে এক চফটৱেৰ এপ্লায়েঞ্চ নির্ভৰ প্রক্রিয়া; অর্থাৎ নামৰ বিসংগতিৰ ক্ষেত্রত কিছু ৰেহাই ঘোষণা কৰিলেও চফটৱেৰে বিসংগতিপূর্ণ নাম কেনেকৈ গ্রহণ কৰিব, বা এইক্ষেত্রত এপ্লায়েঞ্চৰ কেনে পৰিবর্তন সাধন কৰা হব – সেয়াও লক্ষণীয় হব। 

এন আৰ চিৰ খছৰা প্রকাশৰ মাহচেৰেক পাছত চূড়ান্ত এন আৰ চিখন প্রকাশ পাব। কেইবালাখো মানুহৰ নাম চূড়ান্ত তালিকাখনত নাথাকিব। এই মানুহখিনিৰ কি হব?

যিখিনি মানুহৰ নাম চূড়ান্ত তালিকাত নাথাকিব, তেওঁলোকে বিদেশী ন্যায়াধিকৰণ, উচ্চ ন্যায়ালয় তথা উচ্চতম ন্যায়ালয় – এই তিনিটা সংস্থাৰ ওচৰত একাদিক্রমে আবেদন কৰিব পাৰিব। ইয়াৰ কোনো এটা সংস্থাই আবেদন মঞ্জুৰ কৰিলে তেওঁলোকৰ নামবোৰো এন আৰ চিত অন্তর্ভুক্ত কৰা যাব। নিশ্চিতভাবে এই প্রক্রিয়াটো কিছু দীঘলীয়া হব।

কিন্তু যেতিয়ালৈকে এই প্রক্রিয়াটো সমাপ্ত নহয়, তেতিয়ালৈকে এই মানুহখিনিৰ সৈতে কি কৰা হব? বা প্রক্রিয়াটোৰ সমাপ্তিৰ পাছত যিমানখিনি মানুহক বিদেশী বুলি চিনাক্ত কৰা হব, তেওঁলোকৰ সৈতেই বা কি কৰা হব? তেওঁলোকক ডিটেনচন কেম্পত ৰখা হব? ৱর্ক পার্মিট দি ৰখা হব? নে অন্য কোনো ব্যৱস্থা লোৱা হব? এইখিনিতে ভাৰতীয় ৰাজ্যৰ স্বভাৱ-চৰিত্র তথা আন্তর্জাতিক পৰিস্থিতিৰ কথাবোৰো প্রাসংগিক হৈ পৰে।

মন কৰা ভাল যে এনে এটা স্থিতি পূর্বেও আহিছিল। ১৯৯৭-৯৮ৰ সময়ছোৱাত ভাৰতীয় নির্বাচনী আয়োগে ৰাজ্যখনৰ প্রায় ৩.৫ লাখ মানুহৰ নাম সন্দেহযুক্ত বিদেশী বুলি ভোটাৰ তালিকাৰ পৰা কর্তন কৰিছিল। ইয়াৰে ভিতৰত প্রায় ২ লাখ লোকৰ কেছ বিদেশী ন্যায়াধিকৰণৰ ওচৰলৈ পঠোৱা হৈছিল। পাছত যেতিয়া দলিল পৰীক্ষণৰ বাবে চৰকাৰী এজেঞ্চিবোৰ ঘৰে ঘৰে আহিল, দেখা গল যে ইয়াৰে প্রায় ৪০ হাজাৰমান মানুহ সম্পূর্ণভাৱে অন্তর্ধান হৈ পৰিছে! আজি পর্যন্ত এই মানুহখিনিৰ কোনো শুংসূত্র নাই! 

একেটা কথাই ঘোষিত বিদেশীসকলৰ বিষয়েও কব পাৰি। চৰকাৰী হিচাপ মতে, আজিলৈকে প্রায় এক লাখ মানুহ বিদেশী বুলি বিদেশী ন্যায়াধিকৰণবিলাকে চিনাক্ত কৰিছে। ইয়াৰে ১৫ হেজাৰক অসম চুক্তিৰ পাছত পুণৰ নাগৰিকত্ব দিয়া হৈছে, যিহেতু তেওঁলোক ১৯৬৬-১৯৭১ সময়ছোৱাৰ ভিতৰত আহিছিল। আন ৫ হেজাৰক এন আৰ চি প্রপত্র ফিল-আপ কৰোঁতে ধৰা পেলোৱা হৈছে। বাকী আটাইখিনি চৰকাৰী ভাষ্যমতেই শুংসূত্রহীন!

এনে কেতবোৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈকে ডিটেনচন কেম্প স্থাপন কৰাৰ কথা ভবা হল। অসমত আজিৰ সময়ত প্রায় ৮৫৫ জন মানুহ ডিটেনচন কেম্পত আছে, যাৰ ভিতৰত বেছ কিছুসংখ্যক ‘খিলঞ্জীয়া’ জনগোষ্ঠীৰ মানুহো আছে। ইয়াৰ বিপৰীতে বিভিন্ন সূত্রই দাবী কৰা মতে প্রায় ২.৫ লাখ মানুহ ডি ভোটাৰ হৈ আছে। অর্থাৎ একেবাৰেই কম সংখ্যক ডি ভোটাৰকহে ডিটেনচন কেম্পত ৰখা হৈছে।

ইমান কম সংখ্যক মানুহক ডিটেনচন কেম্পত ৰখাৰ পাছতো কিন্তু এই বিষয়টোৱে ৰাষ্ট্রীয় তথা আন্তঃৰাষ্ট্রীয় মহলত ইতিমধ্যেই খলকনি তুলিছে। ইয়াৰ বাবে আচলতে কোনো সংগঠিত ষড়যন্ত্রৰো প্রয়োজন নাই। যিখন দেশতেই ডিটেনচন কেম্প আছে, সেই প্রতিখন দেশেই আন্তর্জাতিক গৰিহণাৰ সমুখীন হৈছে। আমেৰিকাও এইক্ষেত্রত ব্যতিক্রম নহয়। এনে গৰিহণাৰ পৰা হাত সাৰিবলৈকে জার্মানী প্রভৃতি য়ুৰোপিয়ান য়ুনিয়নৰ দেশবোৰে নিজ গৃহভূমিৰ সলনি লিবিয়া তথা তুর্কীৰ দৰে কিছুমান দেশত অবৈধ প্রব্রজনকাৰীসকলৰ বাবে ডিটেনচন কেম্প নির্মাণৰ ব্যৱস্থা কৰিছে! ইয়াৰ বিনিময়ত য়ুৰোপিয়ান য়ুনিয়নৰ দেশবোৰে লিবিয়া তথা তুর্কীক বিপুল পৰিমাণৰ টকা-পইছাৰো যোগান ধৰিছে!

আন্তর্জাতিক আইন মতে ডিটেনচন কেম্পবোৰ কাৰাগাৰৰ দৰে হব নোৱাৰে। অবৈধ অনুপ্রবেশকাৰী ব্যক্তি একোজনক সাধাৰণ অপৰাধীৰ শাৰীত ৰাখিব নোৱাৰি। অসমত কিন্তু কাৰাগাৰৰ ভিতৰতেই ডিটেনচন কেম্পবোৰ নির্মাণ কৰা হৈছে। কেম্পৰ নিবাসীসকলৰ ক্ষেত্রত কেনেধৰণৰ নিয়ম কানুন প্রযোজ্য হব, সেই বিষয়েও কোনো স্পষ্টতা নাই। ইয়েই কেম্পবোৰক আন্তর্জাতিকভাৱে অধিক চর্চিত কৰি তুলিছে। মন কৰিবলগীয়া যে যিবোৰ দেশে আটাইবোৰ নিয়ম কানুন মানি ডিটেনচন কেম্প গঠন কৰিছে, সিবিলাকেও গৰিহণাৰ পৰা হাত সাৰিব পৰা নাই!

এই দিশবোৰলৈ মন কৰিলে এটা কথা স্পষ্ট হৈ পৰে যে লাখ লাখ মানুহৰ বাবে বৃহৎ সংখ্যক ডিটেনচন কেম্প ভাৰত চৰকাৰে কেতিয়াও গঠন নকৰে। কেন্দ্রীয় চৰকাৰৰ দৃষ্টিৰে চাবলৈ গলে ই আপদ চপাই লোৱাৰ বাহিৰে আন একো নহয়। চৰকাৰ একোখনে দাংগা, হিন্দু-মুছলমানৰ সংঘর্ষ, দলিতৰ ওপৰত হোৱা অত্যাচাৰ ইত্যাদিৰ প্রসংগত নিজকে নির্দোষী বুলি দাবী কৰিব পাৰে; চৰকাৰে কব পাৰে যে এই ঘটনাবোৰ সাধাৰণ ৰাইজেই সংঘটিত কৰিছে; ৰাজ্যৰ তাত কোনো ভূমিকা নাই (সত্য তেহেলৈ যিয়েই হওঁক লাগিলে)। কিন্তু ডিটেনচন কেম্প হৈছে এক সম্পূর্ণভাৱে সুকীয়া বস্তু। এই কেম্পবিলাকৰ বাবে চৰকাৰ/ৰাজ্য সম্পূর্ণভাৱে দায়ী হব। কাজেই দাংগা ইত্যাদিৰ বিপৰীতে ডিটেনচন কেম্পত ঘটিত যিকোনো ঘটনাৰ বাবে চৰকাৰে মূৰ-পোলোকা মাৰিব নোৱাৰে।

হয়তো খুউব বেছি দুই এটা নতুন কেম্প নির্মাণ কৰা হব। বাতৰি কাকতৰ খবৰ অনুসৰি গোৱালপাৰাৰ ফালে হেনো এটা নতুন কেম্প নির্মাণ কৰা হৈ আছে; কিন্তু সেইটোৰ ক্ষমতাও তিনি হেজাৰমান মানুহ ৰখাৰ বাবেহে। ‘খিলঞ্জীয়া’ সংগঠনবোৰক সন্তুষ্ট কৰিবলৈ প্রতীকীভাৱে কেইহেজাৰমান মানুহক চৰকাৰে ডিটেনচন কেম্পত ৰাখিব পাৰে; কিন্তু কোনোপধ্যেই এই সংখ্যাটোৱে লাখৰ ঘৰ স্পর্শ কৰাৰ সম্ভাৱনা নাই।

এইটোও মন কৰা উচিত যে মুঠ ৫৪৫ জন সাংসদেৰে গঠিত ভাৰতীয় লোকসভালৈ অসমে মাত্র ১৪ জন সাংসদ প্রেৰণ কৰে। সমস্ত উত্তৰ পূর্বাঞ্চলৰ প্রতিনিধিৰ সংখ্যা যোগ কৰিলেও এইক্ষেত্রত মুঠ সংখ্যাটো হয়গৈ মাত্র ২৫ জন! আনহাতে উত্তৰ প্রদেশে অকলেই ৮০ জন প্রতিনিধি লোকসভালৈ প্রেৰণ কৰে। পশ্চিমবংগই প্রেৰণ কৰে ৪২ জন। অর্থাৎ অসমৰ মানুহে যিমানেই চিঞৰ-বাখৰ নকৰক কিয়, ৰাষ্ট্রীয় ৰাজনীতিত অসম তথা উত্তৰ পূর্বাঞ্চলৰ প্রভাৱ তেনেই সামান্য। বিদেশীৰ প্রশ্নটোও হৈছে বিশুদ্ধ অসমৰ সমস্যা; ভাৰতৰ আন কোনো ৰাজ্যতে এই প্রশ্নটোৱে কেতিয়াও ইমান কেন্দ্রীয় স্থান লাভ কৰা নাই। এনেস্থলত কেৱল অসমৰ বাবেই ভাৰত চৰকাৰে কোনো আমূল নীতি হাতত লৈ আন্তর্জাতিক নিন্দা মূৰ পাতি লব - কথাটো বিশ্বাস কৰিবলৈ টান হয়। আনকি অসমত বৃহৎ হাৰত ডিটেনচন কেম্প স্থাপন কৰিলে পশ্চিমবংগয়ো আপত্তি কৰাৰ থল আছে; পশ্চিমবংগ জয় কৰিবলৈ আশা পালি থকা যিকোনো ৰাষ্ট্রীয় দলেই এই কথাটোও হিচাপত নিশ্চয় ৰাখিব।

ইবিলাকৰ উপৰিও আন এটা ফেক্টৰো আছেঃ আজিৰ পৰিস্থিতিত বাংলাদেশৰ বাহিৰে আন কোনো ওচৰ-চুবুৰীয়া দেশৰ সৈতে ভাৰতৰ ভাল সম্পর্ক নাই। প্রতিখন চুবুৰীয়া দেশতেই নিজস্ব প্রভাৱ বিস্তাৰ কৰিবলৈ ভাৰত-চীনৰ মাজত দীর্ঘদিন ধৰি প্রতিযোগিতা চলি আহিছে। ঠিক এইটো কাৰণতেই আজিলৈকে ভাৰত চৰকাৰে প্রব্রজনৰ প্রশ্নটো বাংলাদেশ চৰকাৰৰ ওচৰত উত্থাপন পর্যন্ত কৰা নাই আৰু ভৱিষ্যতেও কৰাৰ সম্ভাৱনা নাই! ভাৰতে বাংলাদেশৰ ওচৰত প্রব্রজনৰ প্রসংগটো উত্থাপন কৰাৰ অর্থই হৈছে বাংলাদেশক অস্বস্তিত পেলোৱা তথা লজ্জানত কৰা। ৰাজনৈতিকভাৱে তাৎপর্যহীন মাত্র এখন ৰাজ্যৰ বাবে কোনো কেন্দ্রীয় চৰকাৰেই আন্তর্জাতিক সম্পর্ক নিম্নতৰ কৰিবলৈ প্রস্তুত নহয়। গতিকেই এইক্ষেত্রত আচৰিত হবলগীয়া একো নাই যে আজিও প্রব্রজনৰ প্রশ্নটোৰ ক্ষেত্রত বাংলাদেশ চৰকাৰৰ অফিচিয়েল পজিচন হৈছে – ভাৰতত এজনো অবৈধ বাংলাদেশী নাই! ভাৰত চৰকাৰেও কাহানিও এই পজিচনটোক প্রত্যাহবান জনোৱাৰ সম্ভাৱনা নাই।

ইমানখিনি আলোচনাৰ পাছত এটা কথা স্পষ্ট হৈ পৰে যে অসমৰ পৰা বৃহৎ হাৰত বিদেশীৰ বিতাড়নো নহয় তথা বৃহৎ হাৰত ডিটেনচন কেম্পো স্থাপন কৰা নহয়। তেনেহলে এন আৰ চিৰ পাছত দেশহীন হৈ পৰা এক বৃহৎ সংখ্যক মানুহৰ কি হব?

কিছুসংখ্যক চিন্তাশীল লোকে এইক্ষেত্রত ৱর্ক পার্মিটৰ পোষকতা কৰিছে। পিছে ৱর্ক পার্মিট সাধাৰণতে তেনে লোককহে দিব পৰা যায়, যাৰ নিজা কোনো দেশ আছে। যিসকল লোকক ভাৰতত অবৈধ নাগৰিক হিচাপে চিনাক্ত কৰা হৈছে, অথচ যাক বাংলাদেশেও নিজৰ নাগৰিক বুলি মানি লোৱা নাই, তেনে দেশহীন লোকক ৱর্ক পার্মিট কেনেকৈ দিয়া সম্ভৱপৰ? তদুপৰি চিৰজীৱন কাকোৱেই ৱর্ক পার্মিট দি ৰখাটো সম্ভৱপৰ নহয়, এসময়ত নহয় এসময়ত গৈ তেওঁলোকক নাগৰিকত্ব দিয়াৰ প্রসংগ আহিবই। অন্যথাই ভাৰত এখন নাজীসদৃশ দেশ বুলিয়েই আন্তর্জাতিকভাৱে স্বীকৃত হব – যি দেশহীন, অধিকাৰহীন লাখ লাখ মানুহক দাস-শ্রমিক হিচাপে ব্যৱহাৰ কৰিছে। মানবীয় দিশটো সম্পূর্ণভাৱে উলাই কৰি বিবেচনা কৰিলেও এটা কথা স্পষ্ট হৈ পৰে যে আন্তর্জাতিক পুঁজি দেশলৈ অনাৰ ক্ষেত্রত দেশৰ এনে এক শোচনীয় ছবি বৰ সুবিধাজনক নহব। আজিৰ দিনত বার্মাত কিমান বিদেশী পুঁজি আহিছে তথা ৰহিংগিয়াসকলৰ সামগ্রিক দমন কৰি দেশখনে আর্থিকভাৱে কিমান অগ্রগতি কৰিব পাৰিছে – সেই দিশটোলৈ মন কৰিলেই কথাবোৰ স্পষ্ট হৈ পৰে। অর্থাৎ ভৱিষ্যতৰ সোঁ-পন্থী কেন্দ্রীয় চৰকাৰবিলাকৰ বাবেও এনে পদক্ষেপ লোৱাটো সম্ভৱপৰ নহব। ৱর্ক পার্মিট দিবলৈ চেষ্টা কৰিলেই এসময়ত নাগৰিকত্ব প্রদানৰ প্রসংগটো আহিব আৰু ভাৰতৰ কোন অঞ্চলত এইসকল লোকক ৰখা হব – তাৰো প্রসঙ্গ আহিব। নকলেও হব যে ভাৰতৰ কোনো ৰাজ্যিক চৰকাৰেই এইসকল লোকক আকোঁৱালি লবলৈ সাহস নকৰিব আৰু এক বৃহৎ সমস্যা কেন্দ্রীয় চৰকাৰৰ মূৰত ওলমি থাকিব। অৱশ্যে ডিটেনচন কেম্পৰ দৰেই প্রতীকী অর্থত কিছুসংখ্যক মানুহক নিশ্চয় ৱর্কপার্মিট দিয়া যাব পাৰে।

কিন্তু ইয়ো সমস্যাটোৰ সমাধান নকৰে।

আমি ইতিমধ্যেই উল্লেখ কৰিছোঁ যে প্রায় ৪০ হেজাৰ মানুহ অন্তর্ধান হৈ যোৱাৰ পৰিস্থিতি পূর্বেও এবাৰ আহিছিল, ১৯৯৭-৯৮ সময়ছোৱাত। আমি এইটোও উল্লেখ কৰিছো যে বিদেশী ন্যায়াধিকৰণবোৰে চিনাক্ত কৰা এক লাখ বিদেশীৰ ভিতৰত ২০ হেজাৰৰ বাহিৰে বাকী আটাইখিনিয়েই সন্ধানহীন! অর্থাৎ যিদৰে পূর্বে এইদৰে হেজাৰ-বিজাৰ মানুহ অন্তর্ধান হৈ পৰিছিল, এইবাৰো ঠিক তেনেদৰেই এন আৰ চিত নাম নথকা অসংখ্য মানুহো অন্তর্ধান হৈ যাব! আচলতে ভাৰত চৰকাৰে নিজেই বিচাৰিব যে এই মানুহখিনি অন্তর্ধান হৈ যাওঁক। অন্যথাই চৰকাৰ এনে এটা সমস্যাৰ সম্মুখীন হব, যিটোৰ মুখামুখি হবলৈ চৰকাৰ মুঠেই আগ্রহীও নহয় তথা যাৰ কোনো সহজ সমাধানো নাই। এক বিপুল পৰিমাণে মানুহ অন্তর্ধান হৈ যোৱাক লৈ ১৯৯৭-৯৮ সময়ছোৱাতো বেছ হৈ-হাল্লা সৃষ্টি হৈছিল, এইবাৰো হব। কিন্তু এসময়ত গৈ পূর্বৰ দৰেই স্বাভাৱিক পৰিস্থিতি ঘূৰি আহিব। অৱশ্যেই প্রক্রিয়াটো যে একেবাৰে মসৃণ হব, সেই কথা কব নোৱাৰি। বৈধই হওঁক, অবৈধই হওঁক, নিজৰ বুলি আপোন কৰি লোৱা ঘৰখন, মাটি ডোখৰ এৰি যোৱাৰ যন্ত্রণা ভুক্তভোগীজনৰ বাহিৰে অইনে বুজিব নোৱাৰে। আমি স্বীকাৰ কৰিবলৈ টান পালেও এই কথা সত্য যে শেষ পর্যন্ত এই প্রক্রিয়াটোৱে বেছ কিছুসংখ্যক লোকক বিস্থাপিত কৰিব।

আচলতে মানুহ অন্তর্ধান হৈ যোৱাৰ প্রক্রিয়াটো চূড়ান্ত এন আৰ চিখন প্রকাশিত হোৱাৰ পাছতেই আৰম্ভ হৈ যাব। যিসকল লোক সঁচাকেই ভাৰতীয়, যাৰ ওচৰত দলিল-পত্র আছে, তেওঁলোকেহে বিদেশী ন্যায়াধিকৰণ, উচ্চ ন্যায়ালয় ইত্যাদিৰ ওচৰত গৈ আবেদন কৰাৰ সম্ভাৱনা আছে।

সি যি নহওঁক, এন আৰ চিৰ প্রক্রিয়াটো সম্পূর্ণ হৈ যোৱাৰ পাছত ‘অভিবাসী’ সম্প্রদায়বিলাকৰ এক লেখত লবলগীয়া অংশৰ নাম যে কটা যাব, সেয়া প্রায় নিশ্চিত। ইয়াৰ বিপৰীতে, বাকী থকা অংশটোক পূর্বৰ দৰে হয়তো হাৰা-শাস্তি কৰাটো সম্ভবপৰ নহব। কিন্তু শেষ পর্যন্ত ই অসমত শান্তি প্রতিষ্ঠা কৰিব পাৰিবনে? আজিৰ সময়ত সেইটোৱেই হৈছে লাখটকীয়া প্রশ্ন।
লেখাটিৰ মূল সূত্ৰঃ https://bauponthibotora.blogspot.com/2018/07/blog-post.html

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages