মুকলি চিন্তা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ড° হীৰেন গোহাঁই অসমীয়া জাতিৰ শত্ৰু নেকি?
ধ্ৰুৱজ্যোতি ধনন্তৰি
আকৌ অসমবাসীৰ ৰোষত পৰিছে ড০ হীৰেন গোহাঁই। ৰাজ্যখনৰ এইগৰাকী অন্যতম বুদ্ধিজীৱিক ২জিবি, ৩জিবি মেমৰী কাৰ্ড আখ্যা দি অহাতো কোনো নতুন কথা নহয়। বহুতে হীৰেন গোহাঁইৰ বৰ্তমানৰ অসমত কোনো প্ৰাসংগিকতা নাই বুলিও মন্তব্য কৰা দেখা গৈছে। হীৰেন গোঁহাইক লৈ কোনে কি মন্তব্য কৰিছে বা তেওঁৰ প্ৰভাৱ অসমীয়া জাতি গঠনত কিমান সেয়া আমাৰ আজিৰ আলোচ্য বিষয় নহয়। আমাৰ আলোচ্য বিষয় হৈছে এটাআন্তঃৰ্জাতিক সংবাদ প্ৰতিষ্ঠানত অসম প্ৰসংগত প্ৰকাশিত তেওঁৰ এটি সাক্ষাৎকাৰ। আলজাজিৰা নামৰ এই সংবাদ প্ৰতিষ্ঠানটোত প্ৰকাশিত হীৰেন গোঁহাইৰ সাক্ষাৎকাৰৰ বিষয়বস্তু হৈছে এন আৰ চি। 

এই সাক্ষাৎকাৰটোৰ বাবেই এতিয়া হীৰেন গোহাঁইক একাংশ লোকে অসমীয়া জাতিৰ শতৰু সজাবলৈ উঠি-পৰি লাগিছে। এইক্ষেত্ৰত ৰাজ্যখনৰ স্থানীয় কেবাটাও সংবাদ প্ৰতিষ্ঠানে আগভাগ লোৱা দেখা গৈছে। বিশেষকৈ নিয়মীয়া বাৰ্তা নামৰ কাকতখনে উক্ত সাক্ষাৎকাৰটোৰ আঁত ধৰি প্ৰথম পৃষ্ঠাৰ এটি বাতৰিত দাবী কৰিছে যে ড০ হীৰেন গোহাঁইয়ে আলজাজিৰা নামৰ মধ্যপ্ৰাচ্যৰ এটি জনপ্ৰিয় ৱেব পৰ্টেলত কেৱল বাংলাদেশী অনুপ্ৰবেশকাৰীৰ হৈ ওকালতি কৰাই নহয় তীব্ৰ প্ৰৰোচনামূলক মন্তব্যও কৰিছে। 

বাতৰিটোত কোৱাৰ দৰে গোহাঁইয়ে বাংলাদেশী অনুপ্ৰৱেশকাৰীক প্ৰৰোচিত কৰি সেইসকলৰ হৈ ওকালতি কৰিছে নে নাই সেয়া বিশ্লেষণ কৰাৰ আগতে আন এটা কথা উনুকিয়াব বিচাৰিছো। এয়া হয়তো বাতৰি যুগুত কৰোতে হোৱা লৰালৰিৰ ফলো হ’ব পাৰে। সেয়া হ’লেও এনেধৰণৰ এটি স্পৰ্শকাতৰ বাতৰি কৰাৰ পূৰ্বে আলজাজিৰা প্ৰকৃততে কি হয় সেই সম্পৰ্কে শুদ্ধ তথ্য উল্লেখ কৰাৰ প্ৰয়োজন আছিল। কাকতখনৰ বাতৰিটোত কোৱা হৈছে যে আলজাজিৰা হৈছে এটা ৱেবপৰ্টেল। পিছে হয় জানো? আজি যদি কোনোৱে বিবিচিৰ ৱেবছাইটত এটা বাতৰি প্ৰকাশ পালে তাৰ উধৃতি দিবলৈ গৈ ইউৰোপৰ জনপ্ৰিয় ৱেব পৰ্টেল বিবিচি বা চিএনএনৰ ৱেবছাইটত প্ৰকাশিত বাতৰিৰ কথা ক’বলৈ গৈ আমেৰিকাৰ জনপ্ৰিয় ৱেব পৰ্টেল চিএনএন বুলি কয় তেন্তে সেয়া ভুল হ’ব নে শুদ্ধ হ’ব সেয়া আপোনালোকে অলপ ভাবি চালেই বুজি পাব। (লগতে ৱেব পৰ্টেল আৰু নিউজ পৰ্টেলৰ মাজতো যে পাৰ্থক্য আছে সেই কথাটোও মনত ৰখাতো ভাল) প্ৰকৃততে আলজাজিৰা হৈছে মূলত মধ্য প্ৰাশ্চ্যক প্ৰতিনিধিত্ব কৰা এটা আন্তৰ্জাতিক সংবাদ প্ৰতিষ্ঠান বা ছেটেলাইট টিভি চেনেল। ডিজিটেল মিডিয়াৰ উত্থানৰ লগে লগে সময়ৰ সৈতে খোজ মিলাই আলজাজিৰায়ো বিশ্ববাসীৰ অধিক কাষ চাপি যাবলৈ নিজকে ডিজিটেলাইজেশ্যন ৰূপ দিছে। গতিকে আলজাজিৰাক এটা ৱেবছাইট বুলি কোৱাতো কোনোপধ্যে সঠিক কথা নহ’ব।

এতিয়া আহিছো মূল কথালৈ। ছ’চিয়েল মিডিয়াত হীৰেন গোহাঁইৰ আলজাজিৰাৰ সাক্ষাৎকাৰটোৰ বহুলোকে ভুলকৈ অৰ্থ উলিয়াই প্ৰচাৰ কৰি সমাজখনক অস্থিৰ কৰি ৰাখিবলৈ চেষ্টা অব্যাহত ৰাখিছে। এনে চেষ্টাক সাৰপানী যোগাবলৈ আগবাঢ়ি আহিছে কেবাটাও টিভি চেনেলৰ লগতে নিয়মীয়া বাৰ্তা কাকতখনে। আন কেবাখনো কাকতত প্ৰকাশিত হৈছে যদিও সেইবোৰৰ প্ৰচলন সংখ্যা যথেষ্ট কম, গতিকে তাৰ প্ৰভাৱো কম হ’ব। 

কাকতখনৰ বাতৰিটোত কোৱা হৈছে যে হীৰেন গোহাঁইয়ে বাংলাদেশী অনুপ্ৰবেশকাৰীসকলকো খিলঞ্জীয়া বুলি দাবী কৰিছে। পিছে কথাটো সঁচানে? আহকচোন আমি আলজাজিৰাৰ সাক্ষাৎকাৰটোৰ মাজলৈকে যাও। সাক্ষাৎকাৰটোৰ প্ৰথমটো প্ৰশ্ন হৈছেঃ Who are the immigrants of Assam? When did they come? ইয়াৰ অসমীয়া ভাঙনি ইংৰাজী একেবাৰে বুজি নোপাৱাসকলকো নিশ্চয়কৈ কৰি দিয়াৰ প্ৰয়োজন নাই। অসমৰ অনুপ্ৰৱেশকাৰী কোনসকল বুলি সোধা এই প্ৰথম প্ৰশ্নৰ উত্তৰত আন হাজাৰজন অসমীয়াৰ দৰে হীৰেন গোঁহাইয়েও কৈছে-- “সৰহ সংখ্যাকেই মুছলমান, অৱশ্যে কিছু কিছু হিন্দুও আছে।” আৰু কেতিয়া আহিছিল বুলি সোধা প্ৰশ্নটোৰ দ্বিতীয় অংশৰ উত্তৰত তেওঁ চমু বৰ্ণনা কৰি কৈছে। তেওঁ কৈছে যে স্বাধীনতাৰ পূৰ্বে ভাৰত, বাংলাদেশ আৰু পাকিস্তান এখনেই দেশ আছিল আৰু তাৰ কোনো সীমা নাছিল। বিংশ শতিকাৰ আৰম্ভণিতে ব্ৰিটিছৰ শাসনকালতে পূৰ্ববংগত জমিদাৰী প্ৰথাই সৃষ্টি কৰা ভয়াৱহতাৰ কথাও তেওঁ উল্লেখ কৰিছে। সেই ভয়াৱহতাৰ বাবে পূৰ্ব বংগৰ বহু লোকে দেশ স্বাধীন হোৱাৰ পূৰ্বেই ব্ৰিটিছ চৰকাৰৰ সহযোগত অসমলৈ আহিবলৈ যে বাধ্য হৈছিল তাকো উল্লেখ কৰিছে গোঁহাইয়ে। কেৱল সিমানেই নহয় এনে প্ৰব্ৰজনৰ বাবেই ১৯৩০ চনৰ পিছত নগাঁও জিলাত মুছলমান লোকৰ সংখ্যা অস্বাভাৱিক হাৰত বৃদ্ধি পোৱাৰ কথা ক’বলৈকো তেওঁ পাহৰা নাই। মাত্ৰ ৩০ বছৰৰ ভিতৰত জিলাখনত মুছলমান লোকৰ সংখ্যা ২৫ শতংশ বৃদ্ধি পোৱাৰ পৰিসংখ্যাও তেওঁ আলজাজিৰাক অৱগত কৰিছে। ইমানৰ পিছতো কাকতখনৰ লগতে একাংশ লোকে আলজাজিৰাৰ আগত হীৰেন গোহাঁইয়ে বাংলাদেশী অনুপ্ৰৱেশকাৰীক খিলঞ্জীয়া আখ্যা দিয়া বুলি কৰা মন্তব্য মানি ল’ব পাৰিনে?

✔গোহাঁইক সোধা দ্বিতীয়টো প্ৰশ্ন হৈছে অসমৰ বাসিন্দা কোনসকল? “Who are the natives?” এই প্ৰশ্নটোৰ উত্তৰ হিচাপে গোঁহাইয়ে ইংৰাজীতে যিটো বাক্য ব্যৱহাৰ কৰিছে সেই বাক্যটোক লৈয়েই বাক্যটোৰ পিছৰখিনি নপঢ়াকৈয়ে বিতৰ্কৰ সৃষ্টি কৰা দেখা গৈছে। তেওঁ কৈছেঃ “অসমৰ বাসিন্দাৰ ভিতৰত অনুপ্ৰৱেশকাৰীৰ সতি-সন্ততিকো অন্তৰ্ভূক্ত কৰিব লাগিব।” আৰু এই বাক্যটোৱেই এতিয়া একাংশৰ বাবে হৈ পৰিছে বিতৰ্ক সৃষ্টিৰ অন্যতম মূলধন। সেয়ে তেওঁলোকে ইয়াৰ পিছৰ কথাখিনি আৰু আগৰ কথাখিনি পৰিহাৰ কৰি কেৱল এই কথাখিনিকেই হাইলাইট কৰি প্ৰচাৰ চলাইছে। সৰ্বসাধাৰণে মূল সাক্ষাকাৰ নপঢ়ি এনে লোকসকলৰ উদ্দেশ্যপ্ৰণোদিত পোষ্ট আৰু বাতৰি পঢ়ি সম্পূৰ্ণৰূপে ধৰি লৈছে যে এই গোঁহাইৰ সঁচাকৈয়ে গৰবৰ আছে, জিবি কম আছে। গোহাঁইয়ে খাটাং মুছলমানক ভাল পায়, তাতেই মাদানীৰ লগত একেলগে প্ৰেছ মিট দিয়া বুদ্ধিজীৱি। সেয়ে বাংলাদেশী মিঞা মুছলমানসকলৰ বাচ্ছাবোৰকো থলুৱা বুলি কৈছে। পিছে কথাটো সেয়া হয় জানো? ওহো, মুঠেই নহয়। আৰু নহয় বাবেই ছ’চিয়েল মিডিয়াত পোষ্ট কৰাসকলৰ কথা বাদেই দিলো, অসমৰ বৰ্তমানৰ চৰকাৰৰ এজন মন্ত্ৰীৰ সৈতে সম্পৰ্ক থকা কাকতখনেও হেডলাইনত এই কথাটোৰ প্ৰসংগ টানি আনি পকাই পকাই লিখাৰ বাদে শেষৰফালে তেওঁলোকে কৰা দাবীৰ যুক্তিযুক্ততা সন্দৰ্ভত ভালকৈ একো লিখিব পৰা নাই। এতিয়া আহকচোন গোঁহাইৰ উত্তৰটোলৈ ঘূৰি যাও। থলুৱা কোনসকল বুলি সোধাত তেওঁ কৈছে যে অসমৰ বাসিন্দাৰ ভিতৰত অনুপ্ৰৱেশকাৰীৰ সতি-সন্ততিকো অন্তৰ্ভূক্ত কৰিব লাগিব। এতিয়া কথা হ’ল অসমৰ অনুপ্ৰৱেশকাৰী কোনসকল আৰু কেতিয়া আহিছিল বুলি সোধোতে গোঁহাইয়ে কি বুলি কৈছিল আকৌ এবাৰ মনত পেলাওকচোন। তেওঁ কৈছে যে ভাৰতে স্বাধীনতা লাভ কৰাৰ পূৰ্বৰে পৰা অসমলৈ তেতিয়াৰ পূৰ্ব বংগৰ পৰা অহা সৰহসংখ্যাক মুছলমান আৰু কিছুসংখ্যাক হিন্দু অনুপ্ৰৱেশকাৰী। গতিকে আপোনালোকেই ভাবকচোন ১৯৪৭ চনৰ পূৰ্বে পূৰ্ব বংগ বা বৰ্তমানৰ বাংলাদেশৰ পৰা অহা হিন্দুৱেই হওক বা মুছমানেই হওক সেইলোকসকলৰ সতি-সন্ততিবোৰক এতিয়া আমি থলুৱা বুলি নধৰি বাংলাদেশী বুলি ক’ব পাৰিম জানো? পিছৰ বাক্যটোত গোঁহাইয়ে আৰু স্পষ্ট কৰি দিছে এইবুলি, “যি ধৰ্ম আৰু ভাষাই নহওক কিয় যিসকল লোক ১৯৪৭চনৰ পূৰ্বে বা পাকিস্তানৰ পৰা বাংলাদেশে স্বাধীনতা লাভ কৰা বৰ্ষ ১৯৭১ৰ পূৰ্বে অসমলৈ আহিছিল সেইসকলোকে অসমৰ বাসিন্দা বুলি ধৰি ল’ব লাগিব। এয়া হৈছে গণতান্ত্ৰিক সহসন্মতি। সেইবাবেই আমি ১৯৭১ চনক ভিত্তি বৰ্ষ হিচাপে মানি লৈছো আৰু ইয়াক লৈয়েই এনআৰচিৰ প্ৰস্তুতি চলাই থকা হৈছে।” এতিয়া আপোনালোকেই ভাবি চাওকচোন যে ড০ হীৰেন গোঁহাইয়ে আলজাজিৰাক একাংশ লোক আৰু স্থানীয় সংবাদ মাধ্যমে কৈ থকাৰ দৰেকৈ কেতিয়া অবৈধ বাংলাদেশীৰ সতি-সন্তানক অসমৰ বাসিন্দা বুলি অাখ্যা দিলে?

আপুনি, মই যিদৰে মুছলমানৰ জনসংখ্যা বৃদ্ধি হোৱা বুলি কৈ আহিছো সেই একেটা কথা গোহাঁইয়েও আলজাজিৰাক কৈছে। আনকি প্ৰথম প্ৰশ্নটোৰ উত্তৰত এটা বাক্যত কৈছে যে ১৯৩০ চনত বাংলাদেশী অনুপ্ৰৱেশে অসমীয়া আৰু আন থলুৱা জনগোষ্ঠীয় লোকসকলৰ ওপৰত কেনেধৰণৰ বিৰূপ প্ৰভাৱ পেলাইছিল সেয়া সকলোৱে উপলব্ধি কৰিছে আৰু এই বিৰূপ প্ৰভাৱক কোনোপধ্যে উলাই কৰিব নোৱাৰি। কথা হ’ল এইবোৰ বাক্য সেইসমূহ স্থানীয় সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়াত ভুল বাৰ্তা বিয়পোৱা লোকসকলে এৰাই চলাৰ ৰহস্য কি? ৰহস্য এটাই, সেয়া হৈছে গোঁহাইক বাংলাদেশীৰ ৰক্ষক আখ্যা দি সমাজত অস্থিৰতা সৃষ্টি কৰা আৰু একাংশ লোকক প্ৰৰোচিত কৰা।

আলজাজিৰাই সোধা আন কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈছে এনেধৰণৰঃ অসমত হিন্দু-মুছলমানৰ সংঘাতৰ ইতিহাস আছেনে, শুদ্ধ নাগৰিকপঞ্জী প্ৰস্তুতৰ ক্ষেত্ৰত দেখা দিব পৰা প্ৰত্যাহ্বানসমূহ কেনেধৰণৰ, নাগৰিকপঞ্জীয়ে অবৈধ অনুপ্ৰৱেশকাৰী সমস্যাটো সমাধান কৰিব পাৰে বুলি আপুনি ভাবেনে? এই আটাইকেইটা প্ৰশ্নৰে কোনোধৰণৰ প্ৰৰোচনা মূলক উত্তৰ ড০ গোঁহাইয়ে দিয়া নাই। বিপৰীতে এই প্ৰশ্নৰ উত্তৰসমূহত তেওঁ সম্পূৰ্ণ বাস্তৱকহে বৰ্ণনা কৰা দেখা গৈছে। উদাহৰণ হিচাপে হিন্দু-মুছলমানৰ সংঘাতৰ কথাটোকে ক’ব পাৰি। এই প্ৰশ্নটোৰ উত্তৰত তেওঁ এটা গুৰুত্বপূৰ্ণ কথা কৈছে। তেওঁ কৈছে যে হিন্দু-মুছলমানৰ সংঘাতৰ এনে ইতিহাস দেশৰ অন্যান্য প্ৰান্তৰ দৰে অসমতো আছে।সাম্প্ৰদায়িক ৰাজনীতিয়ে এইক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰিছে বুলিও তেওঁ মন্তব্য কৰিছে। মুছলিম লীগে অসমক পাকিস্তানৰ অন্তৰ্ভূক্ত কৰিবলৈ চেষ্টা চলোৱা কথাটোও তেওঁ আলজাজিৰাৰ আগত উল্লেখ কৰিছে। কোনো এখন চৰকাৰে উন্মুক্ত ভাৰত-বাংলাদেশ সীমান্তক লৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ নকৰাৰ ফলো অসমবাসীয়ে ভোগ কৰিবলগীয়া হৈছে বুলিও তেওঁ দৃঢ়তাৰে কৈছে। জনসংখ্যা নিয়ন্ত্ৰণ তথা একাংশৰ ধৰ্মীয় গোড়ামিৰ বাবে মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ হাৰ হিন্দুতকৈ কেবাগুণে অধিক হোৱা বুলিও তেওঁ মন্তব্য কৰিছে। এনেধৰণৰ সত্য কথাবোৰকো কি উদ্দেশ্যত একাংশই প্ৰৰোচনামূলক আখ্যা দিব বিচাৰিছে সেয়া সঁচাকৈয়ে সন্দেহজনক।

✔আৰু এটা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ তেওঁ সম্পূৰ্ণ বাস্তৱিক উত্তৰ দিয়া দেখা গৈছে। প্ৰশ্নটো এনেধৰণৰঃ অসমৰ মুছলমান সম্প্ৰদায়ৰ মাজত মৌলবাদ শিপাইছে নেকি? তেতিয়া তেওঁ কৈছে যে প্ৰতিটো সম্প্ৰদায়তে গণতন্ত্ৰৰ প্ৰতি আস্থাশীল লোক থাকে, লগতে থাকে প্ৰতিক্ৰিয়াশীল আৰু ৰক্ষণশীল লোক, সেই দিশৰ পৰা অসমৰ মুছলমানসকলো ইয়াৰ ব্যতিক্ৰম নহয়। ইয়াৰ পিছত কোৱা বাক্যকেইটা মন কৰিবলগীয়া। তেওঁ মুছলমানসকলৰ মাজত মৌলবাদীসদৃশ থাকিব পাৰে বুলি উল্লেখ কৰি কৈছে- “যোৱা দুটা বছৰত বিজেপি চৰকাৰৰ আদৰ্শস্বৰূপ আৰ এছ এছে কিছুমান উত্তেজনা বিয়পাব পৰা কাম কৰি আহিছে। মাজে মাজে মই সেয়ে শংকিত হও যে ইয়াৰ ফলত মুছলমানসকল প্ৰৰোচিত হৈ পৰিব পাৰে। কিন্তু যদিহে তেওঁলোক প্ৰৰোচিত হয় তেন্তে ই অন্তহীন হিংসা আৰু প্ৰতিহিংসাৰ সূত্ৰপাত ঘটাব। অৱশ্যে প্ৰৰোচনা সত্বেও এয়া ঘটা নাই বা নঘটে কিয়নো অসমৰ থলুৱা মুছলমানসকলৰ গৰিষ্ঠসংখ্যাকেই প্ৰতিক্ৰিয়াশীল নহয়।” গোহায়েই কৰা এই মন্তব্য কি ভিত্তিহীন? এই মন্তব্য ভিত্তিহীন বুলি প্ৰমাণ কৰিব খুজিলেই আমি সেইসকলক মনত পেলাবলৈ ক’ম বৰপেটাৰ মুৰ্গী বেপাৰী অহেদুলক ছ’চিয়েল মিডিয়াত ভুৱা পোষ্টেৰে অপৰাধী সজাবলৈ চেষ্টা কৰা ঘটনাটোলৈ। 

ভুৱা প্ৰচাৰকসকলে সাঙুৰি লোৱা আনটো প্ৰশ্ন এনেধৰণৰঃ বিজেপিয়ে মুছলমানসকলৰ প্ৰতি বৈষম্যমূলক আচৰণ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰণয়নৰ বাবে চলোৱা চেষ্টা সন্দৰ্ভত আপোনাৰ মন্তব্য কি? এই প্ৰশ্নটোৰো সম্পূৰ্ণ যুক্তিসংগত উত্তৰ দিছে গোঁহাইয়ে। “সো-পন্থী হিন্দু সংগঠনসমূহৰ পৰা বিপদে দেখা দিছে যিসকলে নেকি বাংলাদেশী হিন্দুসকলক অসমত সংস্থাপনৰ হকে মাত মাতি আহিছে, তেওঁলোকৰ কথা হৈছে অসমক মুছলমান আগ্ৰাসনৰ পৰা ৰক্ষা কৰািব লাগে। তেওঁলোকৰ মতে ইছলাম বা মুছলমানসকল হৈছে বহিৰাগত। তেওঁলোকে ভাৰতখন কেৱল হিন্দুৰ বাবে কৰিব খোজে। আৰু সেয়াই হৈছে তেওঁলোকৰ মতে সকলো সমস্যাৰ একমাত্ৰ সমাধান।” -- এতিয়া আপোনালোকেই কওকচোন, উগ্ৰ হিন্দু সন্দৰ্ভত চিন্তাবিদগৰাকীয়ে কোৱা এই কথা কি সত্য নহয়? হিন্দু সংগঠনেসমূহে ইজৰাইলে যেনেদৰে ইহুদী ৰাষ্ট্ৰ হোৱাৰ সুবাদত সকলো ইহুদীক স্থান দিয়ে সেইদৰে ভাৰতক ধৰ্ম-নিৰপেক্ষৰ পৰিৱৰ্তে হিন্দু ৰাষ্ট্ৰ কৰি গঢ়ি তুলিবলৈ চেষ্টা চলোৱাতো কি মিছা কথা? একেদৰে বিদেশী ন্যায়াধীকৰণে ভাৰতীয় সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত জোৱানকো বিদেশী সজোৱা নাইনে? তাৰ পিছতো বিদেশী ন্যায়াধীকৰণ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত ড০ গোহাইয়ে যি কৈছে সেয়া প্ৰৰোচনামূলক বুলি কিদৰে আখ্যা দিলে অসমৰ আগশাৰীৰ কাকতখনে? সেই একেখন কাকততে ১০৩ বছৰীয়া বৃদ্ধক বিদেশী ন্যায়াধীকৰণে বিদেশী সজোৱা ঘটনাটোক দেখোন দুখ লগাকৈ বৰ্ণনা কৰি বাতৰি পৰিৱেশন কৰিছিল? 

✔অসমৰ ভৱিষ্যতক লৈ তেওঁৰ আশা কি বুলি সোধা অন্তিম প্ৰশ্নটোৰো তেওঁ সুন্দৰ আৰু যুক্তিপূৰ্ণ উত্তৰ আগবঢ়াইছে। নিজকে ভৱিষ্যত দ্ৰষ্টা নহয় বুলি উল্লেখ কৰি তেওঁ কৈছে যে অসমত হিন্দু-মুছলমান উভয়ে মিলাপ্ৰীতিৰে বসবাস কৰিব বিচাৰে। বাকী অসমক কেন্দ্ৰই কৰা বঞ্চনাৰ বাবে উন্নয়ন, নিৱনুৱাক সংস্থাপন আদি ক্ষেত্ৰত পিছপৰি ৰ’বলগীয়া হৈছে বুলি কোৱা কথাবোৰ জানো ফু-মাৰি উৰাই দিব পাৰি? লগতে মোদী চৰকাৰৰ যিখিনি ব্যৰ্থতা সাক্ষাকাৰত ড০ গোঁহাইয়ে উনুকিয়াই দিছে সেয়াও অসত্য বুলি প্ৰমাণ কৰিবলৈ স্বয়ং মোদীয়েও মিছা যুক্তি দিবলৈ চেষ্টা কৰাৰ বাদে অইন উপায় নাথাকিব। 

✔ইমানৰ পিছতো মানুহে সাক্ষাকাৰটো সম্পূৰ্ণকৈ পঢ়ি নোচোৱাকৈ ড০ হীৰেন গোহাঁইয়ে বাংলাদেশীক অসমীয়া সজাইছে বুলি মন্তব্য কৰি সমাজত বিষবাষ্প বিয়পাবলৈ চেষ্টা কৰাতো কোনোপধ্যে গ্ৰহণযোগ্য নহয়। অৱশ্যে এটা কথা ঠিক যে যিসকলে বিতৰ্ক নিজৰ কু-অভিসন্ধি পূৰণৰ বাবে সৃষ্টি কৰিছে । সেইসকলে আলজাজিৰাত প্ৰকাশিত ইণ্টাৰভিউটো সম্পূৰ্ণ পঢ়ি আৰু ভালকৈ বুজি লৈয়েই ইচ্ছা কৰিয়েই আংশিক উধৃতিৰে মানুহক প্ৰৰোচিত কৰাৰ সৃষ্টি চলাইছে। পৰিতাপৰ কথা এয়ে যে এইক্ষেত্ৰত সংবাদ মাধ্যমেও হাত উজান দিছে। অৱশ্যে এই সকলোৰে মূলতে হৈছে আমাৰ সৰ্বসাধাৰণৰ উৰহীৰ ওৰ নোলোৱাকৈয়ে মানুহক দোষী সজাবলৈ ভাল পোৱাৰ স্বভাৱটো। ঘটনাৰ আঁৰৰ ঘটনা পোহৰলৈ অহালৈ ৰৈ নাথাকি আমি অহুকাণে-পহুকাণে কিবা এটা শুনিলেই সেয়াই সঁচা বুলি ভাবি ভাল পাও। কিয়নো আমি প্ৰকৃত সত্য জানিবলৈ প্ৰয়োজন হোৱা অধ্যায়ন, ইণ্টাৰনেট ছাৰ্ছ, বিশ্লেষণ আদি কৰিবলৈ এলাহ কৰো। আৰু এইবোৰৰ সুযোগ লৈয়ে দুষ্টচক্ৰই আমাৰ সমাজখনক সততে অস্থিৰ কৰি তুলিবলৈ সুযোগ লাভ কৰে।

✔শেষত ড০ হীৰেন গোহাঁইৰ ভাষাৰেই কও যে নাগৰিকত্ব সমস্যাৰ সমাধান নোহোৱা পৰ্যন্ত অসমৰ ক্ষিপ্ৰ উন্নয়ন অসম্ভৱ। সেয়ে আহক, আমি সকলোৱে এই সমস্যাৰ শান্তিপূৰ্ণ সমাধানত সহযোগ আগবঢ়াও আৰু অসমক উন্নতিৰ পথলৈ আগুৱাই লৈ যাওঁ।

No comments:

Post a Comment