প্ৰৱন্ধ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

নাৰী স্বাধীনতা আৰু আমাৰ স্বপ্ন
ৰেহনা চুলতানা
নাৰী আৰু পুৰুষ এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি ; এজনে আনজনৰ পৰিপূৰক। পিছে এই কথা আমাৰ সমাজত কিমান দূৰ প্ৰতিফলিত? মানৱ জাতিৰ সৃষ্টিত নাৰীৰ ভূমিকা গুৰুত্বপূৰ্ণ হ'লেও সমাজত নাৰীৰ মৰ্যাদা কিমান সেই প্ৰশ্নই আমাৰ মনত প্ৰায়ে আমনি কৰে। এইখিনিতে, সমাজৰ কথা আহোঁতে যিখন সমাজৰ কথা কৈছোঁ সেইখন সমাজ পুৰুষতান্ত্ৰিক সমাজ; য'ত পুৰুষেই প্ৰধান, পুৰুষেই য'ত সমাজৰ সংগঠক। সেইখন সমাজ য'ত নাৰীৰ স্বাধীনতা, নাৰীৰ অধিকাৰ পুৰুষৰ হাতত। নাৰীৰ বিধি-বিধান য'ত পুৰুষে নিজৰ স্বাৰ্থত গঢ় দিয়া, য'ত নাৰীৰ নিয়ন্ত্ৰক পুৰুষ- কেতিয়াবা পিতৃ ৰূপত, কেতিয়াবা পতি ৰূপত আৰু কেতিয়াবা ভাতৃ অথবা পুত্ৰ ৰূপত। পুৰুষেই য'ত নাৰীৰ ভাগ্য নিয়ন্ত্ৰক, পুৰুষে নিজেই য'ত প্ৰভু, নাৰীৰ অধিকাৰ আৰু নিৰাপত্তা য'ত পুৰুষৰ সদিচ্ছাৰ ওপৰত নির্ভৰশীল, সেইখন পুৰুষতান্ত্ৰিক সমাজৰ কথা কৈছোঁ।


নাৰীৰ মুক্তি নোহোৱাকৈ মানৱ জাতিৰ মুক্তি সম্ভৱ নহয়। নাৰীৰ বেদনাত আৰ্ত হৈ ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ দৰে পুৰুষে নাৰী মুক্তিৰ বাবে যি সংগ্ৰাম চলাইছিল সেই সংগ্ৰামৰ সেনাপতিৰ সংখ্যা আজি আৰু মুষ্টিমেয় নহয়। শিক্ষা-দীক্ষাত আগবাঢ়ি, অৰ্থনৈতিকভাৱে স্বাৱলম্বী হৈ অনেক সাধনা আৰু সংগ্ৰাম কৰি আজিৰ নাৰী জীৱনৰ অনেক ক্ষেত্ৰত আগুৱাই আহিছে। কিন্তু নাৰী প্ৰগতিৰ এই সময়তো আমাৰ সমাজত নাৰীৰ অৱস্থান কিমান মৰ্যাদাপূৰ্ণ, নাৰী কিমান নিৰাপদ সেয়া এক হাজাৰটকীয়া প্ৰশ্ন। সমগ্ৰ বিশ্বজুৰি প্ৰতিদিনে নাৰীৰ ওপৰত যি নিৰ্যাতন, নাৰী ধৰ্ষণ, নাৰী হত্যাৰ দৰে ঘটনা চলিছে তাৰ বিৰুদ্ধে সামাজিক বিবেকৰ সংগঠিত প্ৰকাশ কিমান? পথে-ঘাটে, বাচ-ৰেলত, কৰ্মসংস্থাপন আনকি ঘৰতো নাৰীৰ প্ৰতি পুৰুষৰ অৱজ্ঞা বা আক্ৰমণাত্মক যি মনোভাব তাৰ পৰাই সমাজত নাৰীৰ সামাজিক অৱস্থান ক'ত সেয়া সহজে অনুমান কৰিব পাৰি।

এইটোও ঠিক যে আধুনিক শিক্ষা আৰু গণতান্ত্ৰিক চেতনাৰ ক্ৰমবিস্তাৰৰ ফলত কিছু ক্ষেত্ৰত নাৰীৰ অৱস্থা পূৰ্বতকৈ উন্নত হৈছে যদিও আনফালে সমাজৰ ব্যাপক জনগোষ্ঠী অশিক্ষা, অৰ্ধশিক্ষিত আৰু ধৰ্মাছন্ন হোৱাৰ ফলত তাৰ পৰা অবিৰামভাবে নাৰী বিদ্বেষী চেতনাৰ জন্ম আৰু বিস্তাৰ ঘটি আহিছে। আজিৰ দিনত আধুনিক যুগ আৰু শিক্ষাৰ প্ৰভাৱত নাৰীয়ে নিজৰ অৱস্থাৰ পৰা ওলাই আহিবলৈ বিচাৰিছে। এই ক্ষেত্ৰত পুৰুষৰ মাজতো এক নতুন মানৱিক চিন্তাৰ প্ৰসাৰ ঘটিছে। নাৰীক বন্দীত্ব অৱস্থাৰ পৰা মুক্তি দিবলৈ আনকি বহুত পুৰুষে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে যিটো খুবেই ইতিবাচক আৰু শুভজনক।

অলপতে নাৰী দিৱস পাৰ হৈ গ'ল। বিভিন্ন স্থানত ধুম-ধামেৰে পালন কৰা হ'ল এই দিৱস। আন্তৰ্জাতিক নাৰী দিৱসৰ তাৎপৰ্য যিয়েই নহওক, আন্তৰ্জাতিক নাৰী দিৱসে আমাৰ দেশত নাৰীৰ সামাজিক অৱস্থান কিমানদূৰ উন্নত কৰিছে, নাৰীৰ অধিকাৰ-মৰ্যাদাৰ প্ৰশ্নত কিমান দূৰ সফলতা আনিব পাৰিছে সেয়া অন্য বিষয়। আজি আমি সেই বিষয়ে আলোচনা নকৰোঁ। আজি আমি আলোচনা কৰিম এক ব্যতিক্ৰমী স্বপ্নৰ কথা। আমাৰ এই স্বপ্ন কিমান দূৰ প্ৰতিফলিত হ'ব, এই স্বপ্ন বাস্তৱ হ'বলৈ কিমান যুগ লাগিব সেই বিষয়ে আমাৰ স্পষ্ট ধাৰণা নাই যদিও আমাৰ বিশ্বাস আমি মিছা স্বপ্ন দেখা নাই। এই স্বপ্ন এদিন ফলিব আৰু সেই দিন খুব সোনকালেই আহিব।

আমাৰ স্বপ্ন খুব কম সময়ৰ ভিতৰতে আমাৰ দেশত এখন নতুন সমাজ গঢ়ি উঠিব য'ত কোনো বৈষম্য নাথাকিব, নাথাকিব কোনো অসমতা, নাথাকিব নাৰীৰ প্ৰতি কোনো অন্যায়, অত্যাচাৰ, নিৰ্যাতন, শোষণ। আমি দেখা স্বপ্নৰ নতুন সমাজখনত নাৰী হ'ব সম্পূৰ্ণ স্বাধীন। তাত কোনো নাৰীয়ে কোনো নিৰ্যাতনৰ বলি নহ'ব। য'ত পুৰুষৰ সমানেই নাৰীৰ অধিকাৰ ৰক্ষিত হ'ব; নাৰী হ'ব সম্পূৰ্ণ মুক্ত।

আমাৰ স্বপ্নৰ ভৱিষ্যতৰ নাৰী কোনো দিশেই পিছ পৰি নাথাকিব। জীৱনৰ প্ৰতিটো দিশতেই নাৰী থাকিব আগবঢ়া। পুৰুষৰ লগতে নাৰীয়ে শিক্ষাৰ ক্ষেত্ৰত সমান অধিকাৰ পাব। নাৰী হ'ব সুশিক্ষিতা। নাৰীয়ে নিজৰ শাৰীৰিক- মানসিক বিকাশৰ বাবে সম্পূৰ্ণ সুযোগ পাব। নিজৰ যোগ্যতা, ৰুচি আৰু ইচ্ছা অনুযায়ী নিজৰ কাম নিজে বাচি ল'ব পাৰিব। আমাৰ স্বপ্নৰ সমাজখনত নাৰীৰ ইচ্ছা-অনিচ্ছা সমাজৰ সংগঠকৰূপী পুৰুষৰ ওপৰত নিৰ্ভৰ নকৰে। নাৰীৰ ভৱিষ্যত নাৰীয়ে নিজে গঢ়ি তুলিব। নাৰী কাৰো হাতৰ পুতলা হৈ নাথাকে। ঘৰ, শিক্ষানুষ্ঠান, কৰ্মস্থান, ৰাস্তা- ঘাট আদি সকলোতে নাৰীৰ নিৰাপত্তা ৰক্ষিত হ'ব, নাৰীয়ে সমান মৰ্যাদা পাব। সকলো ক্ষেত্ৰতে পুৰুষৰ সমানে সুযোগ পাব। বিভিন্ন ক্ষেত্ৰত শিক্ষাবিদ, কলা- বিজ্ঞান, প্ৰশাসনিক কাম, ৰাজনীতি সকলো ক্ষেত্ৰতে নাৰীৰ অংশগ্ৰহণ হ'ব।

সম্পদ, ক্ষমতায়ন, শিক্ষা, সুযোগ সকলো ক্ষেত্ৰতে পুৰুষে নাৰীৰ সমান অধিকাৰ পাব। কৃষিৰ পৰা আৰম্ভ কৰি উত্তৰাধিকাৰ, শিক্ষা, কৰ্মসংস্থাপন, সকলো দিশতে নাৰীয়ে সমান সুযোগ পাব। নাৰীৰ সমনাধিকাৰ বিৰোধী যিকোনো শক্তিকে নাৰী শক্তিৰ সন্মিলিত ৰূপে প্ৰতিৰোধ কৰিব। ৰাজনীতিত নাৰীৰ অংশগ্ৰহণ আশা ধৰণে হ'ব। পাৰ্লিয়ামেণ্ট সহ সকলো ক্ষেত্ৰতে নাৰী পুৰুষৰ সমানে সুযোগ আৰু মৰ্যাদা পাব। সম্পত্তিৰ অধিকাৰী, শিক্ষা, ৰাজনীতি, অৰ্থনীতি, কর্মসংস্থাপন সকলোতে নাৰী পুৰুষৰ সমানে সমানে আগুৱাই যাব। ঘৰ-সংসাৰ চম্ভালি লোৱাৰ লগতে স্কুল, কলেজ, বিশ্ববিদ্যালয়ৰ পৰ্য্যায়ত শিক্ষকতা কৰাৰ লগতে বেংক-বীমা, কৰ্পৰেট হাউচসহ ব্যৱসায়-বাণিজ্য, আইন-ৰাজনীতি, সাংবাদিকতা আদি সকলোতে নাৰীৰ অংশগ্ৰহণ চকুতলগা হ'ব। ঘৰ- সংসাৰ চলোৱাৰ লগতে নাৰীয়ে দেশখনো চলাব। নাৰীয়ে তাৰ শ্ৰমৰ যথাৰ্থ মূল্য, সন্মান আৰু স্বীকৃতি পাব। নাৰীয়ে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত যিবোৰ প্ৰতিবন্ধকতা আছে সেইবোৰ দূৰ হ'ব। এই যাত্ৰাত নাৰীৰ সম অধিকাৰ, সম মৰ্যাদাৰ পথত পুৰুষেও নাৰীক সহযোগ কৰিব।

আমি যি স্বপ্ন দেখিছোঁ তাত ভৱিষ্যতৰ নাৰীয়ে কাৰো বশ্য হৈ নাথাকে, সেয়া পিতৃয়েই হওক, স্বামীয়েই হওক, ভাতৃ অথবা পুত্ৰই হওক। প্ৰেম- বিয়াৰ ক্ষেত্ৰতো নাৰীৰ পুৰুষৰ সমানেই স্বাধীনতা থাকিব। নাৰীয়ে কাক ভাল পাব, কাক জীৱন সংগী হিচাপে নিৰ্ধাৰণ কৰিব সেয়া ঠিক কৰিব নাৰীয়ে নিজেই। পুৰুষে নিজৰ ইচ্ছামতে যেনেকৈ নাৰীক গ্ৰহণ-বৰ্জন কৰে, নাৰীয়েও তদ্রুপ কৰাৰ স্বাধীনতা থাকিব।

অন্যান্য স্বাভাৱিক প্ৰবৃত্তিৰ দৰে যৌন আবেগৰ পৰিতৃপ্তিৰ বিষয়টোও প্ৰত্যেকৰে ব্যক্তিগত বিষয়। তাত তৃতীয় ব্যক্তিৰ হস্তক্ষেপৰ কথা নাহে। মানুহৰ বুদ্ধি, সংস্কৃতিৰ বিকাশ হ'লে তাৰ স্বাধীনতা থাকিলে সি নিজেই তাৰ যোগ্য সংগী বাচি নিব পাৰে। যিবোৰ কাৰণত ছোৱালী অবিবাহিতা হৈ থাকিবলগীয়া হৈছে, পতিতাবৃত্তি গ্ৰহণ কৰিবলগীয়া হৈছে নতুন সমাজখনত সেইসমূহ দূৰ হ'ব। সেইখন সমাজত পুৰুষে নাৰীৰ ওপৰত নিজৰ প্ৰভুত্ব জাহিৰ কৰিব নোৱাৰিব। আনহাতে, স্বামী-স্ত্ৰীৰ দাম্পত্য জীৱনৰ পৰিপুৰ্ণতা লাভৰ যিবোৰ অন্তৰায় আছে নতুন সামাজিক পৰিস্থিতিত সেইবোৰ দূৰ হ'ব।

সমাজ এখন সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক আৰু অৰ্থনৈতিকভাৱে আগবাঢ়ি যাবলৈ হ’লে নাৰী-পুৰুষ নিৰ্বিশেষে সকলো ব্যক্তি সমানে আগবাঢ়ি যোৱাটো অপৰিহাৰ্য যদিও মানৱ সভ্যতাৰ বিকাশৰ ইতিহাসত এই ধাৰাবাহিকতা ৰক্ষা কৰা দেখা নাযায়। নাৰীৰ অনগ্ৰসৰতাই সমাজক পশ্চাদমুখী কৰাটো ইতিহাসে প্ৰতীয়মান কৰিছে। কৃষিভিত্তিক সমাজ ব্যৱস্থাৰ পৰা মধ্যযুগৰ সাম্ৰাজ্যবাদৰ উত্থান, সামন্ত প্ৰথাৰ প্ৰসাৰ, শিল্প উদ্যোগৰ মাজেদি আজিৰ একবিংশ শতিকাৰ তথ্য-প্ৰযুক্তিৰ বিস্ফোৰণৰ যুগলৈকে সমাজত নাৰী-পুৰুষৰ লিংগভিত্তিক বিভাজনে নাৰীৰ মৰ্যাদাৰ ক্ষেত্ৰত যথেষ্ট উত্থান-পতন আৰু পৰিৱৰ্তন আনিছে। আমাৰ স্বপ্ন এই বৈষম্যৰ অৱসান ঘটিব। আমাৰ স্বপ্নৰ নাৰীয়ে নিজৰ অধিকাৰ, প্ৰাপ্য, মৰ্যাদাৰ বাবে সংগ্ৰাম অক্ষুন্ন ৰাখিব। ভৱিষ্যত নাৰীয়ে সকলো ধৰণৰ বৈষম্য,  অসমতাৰ বান্ধোন মোহাৰি স্বাধীনতাৰ জয়গান গাব। আমাৰ স্বপ্ন নাৰী দিৱস কেৱল শব্দত তথা অনুষ্ঠানৰ নামমাত্ৰ নহয় নাৰীৰ সমতা, অধিকাৰ মর্যাদাত ধাৰাবাহিক সংগ্ৰাম কৰি যাব। নাৰী দিৱসৰ তাৎপৰ্য তেতিয়াহে ৰক্ষিত হ'ব। নাৰী দিৱসৰ যি মূল উদ্দেশ্য -লিংগ বৈষম্য আঁতৰাই সমতাৰ অধিকাৰ প্ৰদান কৰা, নাৰী সকলক সকলো শোষণৰ পৰা মুক্ত কৰা ইত্যাদি সেই উদ্দেশ্যে নাৰীৰ লগতে পুৰুষৰ সহমিলন আৰু ধাৰাবাহিক সংগ্ৰামৰ জৰিয়তেহে বাস্তৱপৰ হ'ব।
লেখিকা গুৱাহাটী বিশ্ববিদ্যালয়ত গৱেষক ৰূপে কৰ্মৰত,   ‎ভ্রাম্যভাষ: ৭০০২৬২৪৬৪৪

No comments:

Post a Comment