চিন্তন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ইউনিফৰ্ম চিভিল কোড আৰু লিংগভিত্তিক ন্যায়ৰ সম্ভাৱনা
পাৰভিন চুলতানা
ভাৰতৰ সংবিধানৰ নির্দেশনাত্মক নীতিত এটা সমৰূপী দেৱানী আইন (Uniform Civil Code) প্রৱর্ত্তন কৰাৰ কথা উল্লেখিত হোৱাৰ পৰাই সময়ে সময়ে ধর্মীয় সম্প্রদায়বোৰৰ ব্যক্তিগত আইন বাতিল কৰাকলৈ বিতর্কৰ সৃষ্টি হৈ আহিছে। সমৰূপ দেৱানী আইনৰ সমর্থনত উপস্থাপিত যুক্তিসমূহ দেশৰ ঐক্যতা আৰু সংহতি বজাই ৰখাৰ পৰা আৰম্ভ কৰি বিভিন্ন সম্প্রদায়ৰ মহিলাসকলৰ অধিকাৰ সুৰক্ষিত কৰালৈ বিয়পে। যদিও ভাৰতৰ সংসদক ব্যক্তিগত আইন সংশোধনী কৰাৰ অধিকাৰ দিয়া হৈছে, সমৰূপী দেৱানী আইনৰ পৃষ্টপোষকসকলৰ মতে কেৱল সংশোধনীয়ে সমতা আনিব নোৱাৰে। সমতাৰ বাবে অনিবার্য্য ব্যক্তিগত আইন (Personal Law)ৰ বিলুপ্তি।


ব্যক্তিগত আইনৰ পৰিধিৰ ভিতৰত পৰিয়াল কেন্দ্রিক বিষয়বোৰ দিয়া হৈছা যেনে বিবাহ, বিবাহ বিচ্ছেদ, সম্পত্তিৰ উত্তৰাধিকাৰ ইত্যাদি। কিন্তু যিকোনো সম্প্রদায়ৰ প্রান্তত থকাসকলৰ বিকাশৰ অভাৱ আৰু শোষণৰ বাবে জগৰীয়া কৰা হয় ব্যক্তিগত আইনক। ভাৰতৰ দৰে বৈচিত্রপূর্ণ দেশ এখনে আইনৰ ক্ষেত্রত আইনী বহুত্ববাদ আৰু আইনৰ একাধিক উৎসৰ ধাৰণা প্রৱর্ত্তন কৰা উচিত। কিন্তু প্রায় সময় বিভিন্ন সম্প্রদায়ৰ সাংস্কৃতিক অধিকাৰক আওকাণ কৰি এটা সমৰূপ আইনৰ দাবী উত্থাপন কৰা হয়।

ব্যক্তিগত আইন বনাম সমৰূপী আইনৰ বহু পূৰণি বিতর্কটো আকৌ সজীৱ হৈ উঠিছে সায়ৰা বানো নামৰ এক মহিলাৰ তালাক আৰু তেওঁৰ সমর্থনত দাখিল কৰা PIL এটাৰ বাবে। এই PILখনে এজন মুছলমান স্বামীয়ে একেবাৰে নিজৰ স্ত্রীক তিনি তালাক দিয়াৰ প্রথা বন্ধ কৰাৰ দাবী তুলিছে। উচ্চতম ন্যায়লয়ত সায়ৰা বানোৰ এই মোকর্দমা চলি থকাৰ সময়তে আইন মন্ত্রালয়ে আইন আয়োগলৈ এটা টোকা প্রেৰণ কৰিছে যত সমৰূপী দেৱানী আইনৰ সম্ভাৱনাৰ কথাটো উত্থাপন কৰা হৈছে। আইন মন্ত্রালয়ৰ এই পদক্ষেপৰ প্রত্যুত্তৰ ভিন্ন হোৱাটো স্বাভাৱিক কিন্তু বিষয়টোকলৈ চলা সস্তীয়া ৰাজনীতিয়ে বিতর্কটোক আনফালে লৈ যোৱাৰ চেষ্টা কৰিছে। এই বিতর্কৰ ভিন্ন দিশ বুজাটো অতিকৈ জৰুৰী আৰু সমৰূপী আইন অবিহনেও ব্যক্তিগত আইনৰ সংশোধনীৰ কথা চিন্তা কৰা উচিত।

ধর্মীয় সম্প্রদায়সমূহক ব্যক্তিগত আইনৰ অধিকাৰ দিয়া হৈছে তেওঁলোকৰ সাংস্কৃতিক অধিকাৰ সুৰক্ষিত কৰাৰ বাবে। পিছে এই আইনবোৰ চৰম নহয় আৰু সময়ে সময়ে ভাৰতীয় সংসদে এইবোৰ আইন সংশোধন কৰি আহিছে। ভাৰতৰ মুছলমানসকলৰ ব্যক্তিগত আইনৰ উৎস হল Muslim Personal Law (Shariat) Application Act, 1937। ব্রিটিছে বনাই থৈ যোৱা এই আইনক সমসাময়িক সময়ত তাৎপর্য্যপূর্ণ কৰি ৰাখিবলৈ বহু সংশোধনৰ প্রয়োজন। পিছে শৰিয়ৎৰ দোহাই দি তিন তালাক, হালালা আৰু বহুবিবাহৰ দৰে অনৈতিক প্রথাবোৰ এতিয়াও প্রচলিত কৰা হৈছে। নানা ইছলামিক চিন্তাবিদে বাৰে বাৰে আওৰাই দিছে যে তিন তালাকৰ ক্ষেত্রত পৱিত্র কোৰাণ স্পষ্টকৈ নির্দেশ দিছে যে কোনো স্বামীয়ে নিজৰ স্ত্রীক একেৰাহে তিনি তালাক দিব নোৱাৰে। বিবাহ বিচ্ছেদৰ আগত মধ্যস্থতা আৰু আপোচ কৰাৰ চেষ্টা কৰা উচিত। বহু ইছলামিক ৰাষ্ট্রত তিন তালাকৰ দৰে প্রথাবোৰ মহিলাৰ অধিকাৰৰ হকে নিয়ন্ত্রিত কৰা হৈছে। কিন্তু বিশ্বৰ তৃতিয় বৃহৎ মুছলমান সম্প্রদায় বাস কৰা ভাৰতবর্ষত এতিয়াও এই ব্যৱস্থাৰ প্রচলন আছে। অৱস্থা এনে হৈ উঠিছে যে কিছু পুৰুষে ফোন বা ইমেইলৰ দ্বাৰা তালাক দিয়াৰ উদাহৰনো আছে। ভাৰতীয় মুছলিম মহিলা আন্দলনে (BMMA) চলোৱা এক সমীক্ষাৰ মতে প্রতি ১১ জন মুছলমান মহিলাৰ এজন তিনি তালাকৰ পীড়িত। 

পুৰুষতান্ত্রিক সমাজৰ উৎপাদন এই ব্যক্তিগত আইনবোৰ প্রায় সময় নাৰীৰ প্রতি বৈষম্যতাপূর্ণ। যদিও মুছলিম ব্যক্তিগত আইনে পুৰুষ নাৰী সকলোকে সম্পত্তিৰ উত্তৰাধিকাৰৰ অধিকাৰ প্রায় ১৯৩০ চনৰ পৰায় দি আহিছে, সেই একে ব্যক্তিগত আইনে নাৰী বিদ্বেষী প্রথা কিছু প্রচলিত কৰি ৰাখিছে। ১৯৫৫-৫৬ চনৰ হিন্দু কোড বিলে হিন্দু মহিলাক হিন্দু পুৰুষৰ সমান অধিকাৰ দিয়া নাছিল। কেৱল ২০০৫ চনৰ হিন্দু উত্তৰাধিকাৰ আইনৰ সংশোধনৰ পিছতহে হিন্দু পৰিয়ালৰ কন্যা সন্তানে সম্পত্তিৰ অধিকাৰ পায় আৰু কৃষিভূমিৰ বাবে দাবী কৰিব পাৰে। পিছে এইবোৰ ক্ষেত্রত এটা ইতিবাচক পৰিবর্ত্তন দেখা দিয়া আৰম্ভ কৰিছে। দিনে দিনে সৰহ সংখ্যক মহিলাই  অন্যায়মূলক ব্যক্তিগত আৰু পৰম্পৰাগত আইনৰ  বিৰুদ্ধে ন্যায়লয়ৰ ওচৰ চাপিছে। আৰু ন্যায়লয়বোৰেও বহু ক্ষেত্রত গঠনমূলক ৰায়ৰ সহায়ত ন্যায় প্রদান কৰিছে।

২০০২ চনত শামিম আৰাৰ বিবাহ বিচ্ছেদৰ মোকর্দমাৰ ক্ষেত্রত ন্যায়ালয়ে ৰায়দান কৰিছে যে স্বামীৰ বিবাহ বিচ্ছেদ কৰাৰ একপক্ষীয় অধিকাৰ থাকিব নোৱাৰে। মুছলিম পার্ছনাল ল’ মতে বিবাহ যিহেতু দুই পক্ষৰ মাজত এটা চুক্তি হয়, তেনেহলে সেই চুক্তি ভংগ কৰাৰ অধিকাৰ দুই পক্ষকে সমান ভাৱে দিব লাগিব। চৰকাৰেও সময়ে সময়ে নতুন পৰিয়াল জড়িত আইনৰ সহায় লৈ সকলো সম্প্রদায়ৰ মহিলাৰ উন্নতি আৰু সুৰক্ষাৰ হকে চেষ্টা কৰিছে। ইয়াতে আমি ২০০৫ চনৰ ঘৰুৱা হিংসা আইনৰ উদাহৰণ দিব পাৰো। আজিৰ সময়ত বহুতে ধর্মনিৰপেক্ষ Special Marriage Act ৰ অধীনত বিবাহ পাশত আৱদ্ধ হয়। 
বিভিন্ন সম্প্রদায়ৰ মহিলাসকলে অন্যায়মূলক আইনৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে। পাৰছি মহিলাসকলে যি ব্যক্তিগত আইনে সম্প্রদায়ৰ বাহিৰত বিবাহ কৰা পাৰছি মহিলাসকলক তেওঁলোকৰ পৱিত্র মন্দিৰত প্রৱেশ কৰিব নিদিয়ে সেই আইনক প্রত্যাহ্বান জনায়। বিবাহ বিচ্ছেদৰ ভিত্তি খ্রীষ্টিয়ান পুৰুষ আৰু নাৰীৰ বাবে ভিন্ন। ইয়াৰ বিৰুদ্ধেও খ্রীষ্টিয়ান মহিলাসকলে প্রতিবাদ জনাইছে। জনজাতীয় মহিলাসকলে যিবোৰ পৰম্পৰাগত আইনে তেওঁলোকক বনৰ ভূমিত খেতি কৰাৰ পৰা আৰু পৈতৃক সম্পত্তিৰ পৰা বঞ্চিত কৰে, তেনে আইনক প্রত্যাহ্বান জনাইছে। ব্যক্তিগত আইনৰ ক্ষেত্রত পৰিবর্ত্তনৰ বতাহ নিশ্চয়কৈ বোৱা আৰম্ভ কৰিছে।

কিন্তু সম্প্রদায়ৰ মাজৰ পৰা ওলাই অহা ব্যক্তিগত আইন সংশোধনৰ দাবীৰ দৰে এটা ইতিবাচক পৰিবর্ত্তনক অভিনন্দন নজনাই, ব্যক্তিগত আইন বাতিল কৰি এনে এক সমৰূপী আইন প্রৱর্ত্তন কৰাৰ প্রস্তাৱ বর্ত্তমান উত্থাপিত হৈছে যাৰ এতিয়াও কোনো খচৰা নাই। এনে উদ্গনিয়ে ব্যক্তিগত আইনকলৈ হোৱা ঠেক আৰু পাতল ৰাজনীতিৰ আভাস দিয়ে। All India Muslim Personal Law Board (AIMPLB)ৰ দৰে স্বনিয়োজিত মুছলিম প্রতিনিধিমূলক অনুষ্ঠানে আইন আয়োগে জাৰি কৰা প্রশ্নাৱলী যিটো সমৰূপী আইনৰ সম্ভাৱনাৰ কথা উত্থাপন কৰিছে সেইটোক বর্জন কৰাৰ সিদ্ধান্ত লৈছে। কেৱল সুফী মুছলমানসকলৰ মুৰব্বী সংগঠন – All India Ulama and Mashaikh Boardএ এই প্রশ্নাৱলীটোক ইতিবাচকভাৱে লৈছে।

AIMPLBৰ এই প্রশ্নাৱলী বর্জন কৰাৰ পদক্ষেপ কেৱল মুছলমান সকলৰ মাজত তেওঁলোকৰ আধিপত্য প্রচলিত ৰখাৰ প্রচেষ্টা। পিতৃতান্ত্রিক ধাৰণাৰে পৰিপূর্ণ পৰম্পৰা যেনে তিন তালাক, হালালা আৰু বহুবিবাহ বহিষ্কাৰ কৰাৰ দাবী তোলাৰ ঠাইত AIMPLBয়ে ব্যক্তিগত আইনক ‘Holy Cow’ বনাই পেলাইছে যাৰ ওপৰত কোনো ধৰণৰ বিতর্ক উৎসাহিত কৰা নহয়। ব্যক্তিগত আইনক মুছলমানসকলৰ পৰিচয়ৰ এটা অবিচ্ছেদ্য অংগ কৰি তোলা হৈছে। বিশিষ্ট অধিবক্তা ফ্লাভিয়া আগ্নেছে ফার্ছটপোস্টক দিয়া এটা সাক্ষাৎকাৰত কৈছে যে সমৰূপী আইনৰ বিতর্কই সকলোবোৰ সম্প্রদায়ৰ মহিলাবিৰোধী ব্যক্তিগত আইনৰ ওপৰত জোৰ দিয়া উচিত কিন্তু দেখা যায় যে এই আইন আয়োগৰ টোকাটোৱে এইবোৰ কথা গভীৰভাৱে বিশ্লেষণ কৰা নাই। তেওঁ আৰু কৈছে যে যিহেতু ধর্ম বিশেষে বৈষম্যতা ভিন্ন, তেনে বৈষম্যতাক বিভিন্ন উপায়েৰে সমাধান কৰিব লাগিব।

সমৰূপী আইনে যে সমতা প্রদান কৰিব তাৰ কোনো গেৰান্টি নাই। সাম্প্রতিক সময়ত সমৰূপী আইনতকৈ এটা ন্যায়পূর্ণ আইন বেছি প্রয়োজনীয় আৰু আকাংক্ষিত। এটা সমৰূপী আইনৰ পৃষ্টপোষকতা কৰাৰ আগত বিভিন্ন সম্প্রদায়ৰ মহিলাসকলক কিছু সমপর্য্যায়লৈ অনাটো অত্যাৱশ্যকীয়। বর্ত্তমান সমৰূপী আইনৰ কথা কোৱা কঠিন কাৰণ বিভিন্ন সম্প্রদায়ৰ পিছ পৰাসকল ভয়ংকৰ নিৰাপত্তাহীনতাত ভোগে। সমৰূপী আইনৰ ফালে প্রথম পদক্ষেপ হল ব্যক্তিগত আইনবোৰৰ সংশোধন আৰু এইবোৰক এটা লিখিত ৰূপত প্রস্তুত কৰা। ইয়াৰ দ্বাৰা ব্যক্তিগত আইনৰ বিষয়ে থকা বিভ্রান্তিমূলক ধাৰণাবোৰ দূৰ হব। আৰু ব্যক্তিগত আইন কিছুসংখ্যক মানুহৰ মনে বিচৰা ধৰণে বিশ্লেষণ কৰা বন্ধ হব। নাৰীৰ অধিকাৰ আৰু সংখ্যলঘুৰ অধিকাৰ – একে আনটোৰ বিৰুদ্ধে থিয় কৰাই সমৰূপী আইনৰ ওপৰত বিতর্ক আৰু আলোচনা চলোৱা অনুচিত। যুক্তিসংগত সমতাপূর্ণ আইন ব্যক্তিগত আইনত সংশোধন আৰু ইতিবাচক ন্যায়িক হস্তক্ষেপৰ দ্বাৰাও সম্ভৱ। ভাৰতৰ ধর্মনিৰপেক্ষতা, ধর্মীয় আৰু সাংস্কৃতিক বিভিন্নতাক সুৰক্ষিত কৰাৰ বাবে এনে পদক্ষেপ বাৰুকৈ আৱশ্যকীয়।
(লেখিকা প্রমথেশ বৰুৱা কলেজৰ অধ্যাপিকা), ফোন - ৮০১১৯০৩৬২৩           
লেখাটি দৈনিক জনমভূমি কাকততো প্ৰকাশ পাইছে।

No comments:

Post a Comment