চিন্তন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

অসমীয়া ভাষাক ৰক্ষা কৰোঁ আহক
দীপাংকৰ মল্ল বৰুৱা
মহাত্মা গান্ধীয়ে কৈছিল – কেঁচুৱাক শাৰীৰিক বিকাশৰ বাবে মাতৃদুগ্ধৰ যিমান আৱশ্যক, শিশুৰ মানসিক বিকাশৰ বাবে মাতৃভাষাৰ সিমানেই আৱশ্যক। বিশ্বৰ বিভিন্ন দেশত হোৱা অসংখ্য গৱেষণাত প্ৰতিপন্ন হৈছেযে মাতৃভাষাত শিক্ষা গ্ৰহণ কৰাটো শিশুৰ মগজুৰ শ্ৰীবৃদ্ধি আৰু মানসিক বিকাশৰ বাবে অতি প্ৰয়োজনীয়। মাতৃভাষা সলসলীয়াকৈ ক’ব পৰা আৰু মাতৃভাষাত লেখা পঢ়া কৰা শিশুৱে নিজৰ ভাষা সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধাশীল হয়, নতুন কথা আৰু আন ভাষা সোনকালে আয়ত্ব কৰিব পাৰে।


কিন্তু প্ৰশ্ন হয়, ইমানবোৰ উপকাৰ থকা স্বত্বেও সৰহসংখ্যক মানুহে কিয় ল’ৰা ছোৱালীৰ প্ৰাথমিক শিক্ষাৰ বাবে ইংৰাজী মাধ্যমৰ বিদ্যালয়লৈ ধাৱমান হৈছে? অসমত এতিয়া গাঁৱে-ভূঞে, চহৰে-নগৰে ইংৰাজী মাধ্যমৰ বিদ্যালয়ে গিজগিজাই আছে। আৰ্থিক সামৰ্থ্য থকা প্ৰায় কোনো মানুহেই চৰকাৰী বিদ্যালয়লৈ ল’ৰা-ছোৱালী নপঠিয়ায় আৰু ইয়াৰ মুখ্য কাৰণ হ’ল, ব্যক্তিগত খণ্ডৰ বিদ্যালয়বোৰৰ তুলনাত এই বিদ্যালয়বোৰৰ পয়াঁলগা অৱস্থা। আজিলৈকে বহুতো চৰকাৰী বিদ্যালয়ত বিশুদ্ধ পানী যোগান আৰু চফা শৌচাগাৰ-প্ৰস্বাৱগাৰৰ ব্যৱস্থা হোৱা নাই। শেহতীয়াকৈ স্বচ্ছ ভাৰত অভিযানৰ অধীনত বহুতো চৰকাৰী বিদ্যালয় শৌচাগাৰ – প্ৰস্বাৱগাৰ নিৰ্মাণ হৈছে। অসম চৰকাৰে শেহতীয়াকৈ গুণোত্সৱ উদযাপনৰ জৰিয়তে অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়সমূহৰ গুণগত মান উন্নত কৰাৰ চেষ্টা কৰিছে, এই বিদ্যালয়সমূহত ছাত্ৰভৰ্তিৰ সংখ্যাও বৃদ্ধি হোৱা বুলি শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰিছে। কিন্তু এতিয়াও গৰিষ্ঠসংখ্যক চৰকাৰী বিদ্যালয়ে আজিৰ সময়ৰ অভিভাৱকে দাবী কৰা গুণগত মান প্ৰদান কৰিব পৰা নাই। শিক্ষাৰ গুণগত মানৰ উন্নতি কৰিবলৈ হ’লে কেৱল বিদ্যালয়ৰ আন্ত:গাঁঠনিৰ উন্নতি কৰিলেই নহ’ব। শিক্ষকৰ গুণগত মানো উন্নত কৰিব লাগিব। অতি পৰিতাপৰ কথাযে দীৰ্ঘদিন ধৰি আমাৰ ৰাজ্যখনত শিক্ষক নিযুক্তিত চলি আহিছে সীমাহীন দুৰ্নীতি আৰু স্বজনতোষণ। ৰাজনৈতিক নেতাসকলে মইমতালিৰে তেওঁলোকৰ সমৰ্থকসকলৰ মাজত শিক্ষকৰ চাকৰি বিলাই আহিছে। এইবোৰ কাৰণতে বহুতো অযোগ্য ব্যক্তিয়ে চৰকাৰী বিদ্যালয়ৰ শিক্ষক হিচাপে কাম কৰি আছে। অৱশ্যে টে’ট পৰীক্ষাৰ যোগেদি মেধাভিত্তিত শিক্ষক নিযুক্তি আৰম্ভ হোৱাৰ পাছৰে পৰা শিক্ষাদানৰ গুণগত মানত কিঞ্চিত হ’লেও পৰিৱৰ্তন আহিছে।

দ্বিতীয়তে, সাধাৰণ মানুহৰ অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ প্ৰতি অনীহাৰ আন এটা কাৰণ হ’ল এই বিদ্যালয়সমূহত শিক্ষাৰ পৰিৱেশৰ অভাৱ। লোকপিয়ল, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণ, ভোটাৰ তালিকা প্ৰস্তুতকৰণ আদি এশ এটা অতিৰিক্ত চৰকাৰী কামৰ বোজা শিক্ষকসকলে কান্ধ পাতি ল’বলগীয়া হয়। ইয়াৰ ফলত এই বিদ্যালয়সমূহত প্ৰয়োজনীয় পাঠদানৰ বাবে সময়ৰ অভাৱ হয়। তদুপৰি আজিৰ সময়ত চৰকাৰী বিদ্যালয়সমূহ হৈ পৰিছে বিভিন্ন দল-সংগঠনৰ পৃষ্ঠভূমি স্বৰূপ। কম বয়সৰ পৰাই স্কুলীয়া ছাত্ৰৰ মাজত বিভিন্ন জনগোষ্ঠীয় আৰু অন্যান্য ছাত্ৰ সংগঠনে প্ৰভাৱ বিস্তাৰ কৰিছে। স্কুলীয়া দিনৰ পৰাই তেওঁলোকে বিভিন্ন আন্দোলন আৰু প্ৰতিবাদৰ কাৰ্যসূচীৰে ছাত্ৰ ৰাজনীতিত জড়িত হৈ পৰাৰ ফলত অধ্যয়ন বিমুখতাই গঢ় লৈ উঠে। ছাত্ৰ ছাত্ৰীসকলে সৰুৰে পৰা সৃষ্টিশীল কাম, অধ্যয়ন বা খেলা ধূলাত জড়িত হোৱাৰ সলনি ছাত্ৰ ৰাজনীতিত সোমাই পৰি সহজলভ্য ধন ঘটাৰ পথ বিচাৰিবলৈ লয়। এই কাৰণতেই অসমৰ সৰহভাগ ছাত্ৰ-ছাত্ৰীয়ে নিজকে ৰাষ্ট্ৰীয় পৰ্য়ায়ৰ প্ৰতিযোগিতাৰ বাবে যোগ্য কৰি তুলিব নোৱাৰে। কিন্তু ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহ কম বেছি পৰিমাণে এনে প্ৰভাৱৰ বাবে মুক্ত হৈ আছে। সেয়েহে বহুতো অভিভাৱকে নিজৰ ল’ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ত ল’ৰা-ছোৱালীক পঢ়ুৱাব নোখোজে।

তৃতীয়তে, অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ত পঢ়ি অহা ল’ৰা ছোৱালীয়ে ভৱিষ্যতৰ জীৱনত ইংৰাজী মাধ্যমৰ ল’ৰা ছোৱালীৰ তুলনাত হীনমন্যতাত ভোগে আৰু সুযোগ সুবিধা কমকৈ পায় বুলি এটা বদ্ধমূল ধাৰণা সাধাৰণ মানুহৰ মাজত গা কৰি উঠিছে। আজিৰ পৰিৱৰ্তনশীল পৃথিৱীত ইংৰাজী সলসলীয়াকৈ ক’ব পৰা ইংৰাজী মাধ্যমত পঢ়ি অহা ল’ৰাজনে যথেষ্ট গুৰুত্ব আৰু নিযুক্তিৰ সুযোগ লাভ কৰাটো সত্য। কিন্তু তাৰ তুলনাত অসমীয়া মাধ্যমত পঢ়ি আহি অসমীয়াত সুন্দৰকৈ কথা ক’ব পৰা ল’ৰাটোৱে সেইখিনি সুযোগ সুবিধা লাভ নকৰে। অতি পৰিতাপৰ কথাযে, আমি অসমীয়াসকল আবেগেৰে অতি জাতীয়তাবাদী যদিও আমাৰ কথাই কামে সেইখিনি প্ৰতিফলিত নহয়। আমি এতিয়াও অসমত অসমীয়া ভাষা সকলো ক্ষেত্ৰতে প্ৰয়োগ কৰিব পৰা নাই। অসমলৈ কাম কৰিবলৈ অহা বাহিৰৰ মানুহৰ বাবেও অসমীয়া জনাটো প্ৰয়োজনীয় নহয়। অসমীয়া নাজানিলেও মানুহে অসমত কোনো সমস্যাৰ সন্মুখীন নোহোৱাকৈ চাকৰি, বেপাৰ বাণিজ্য কৰি থাকিব পাৰে। অৱশ্যে আজিকালি দৃশ্য-শ্ৰব্য সংবাদ মাধ্যমত অসমীয়াত সংবাদ আহৰণ আৰু পৰিৱেশনত অসমীয়া ভাষাৰ ওপৰত থকা দখলৰ গুৰুত্ব বাঢ়িছে।

চতুৰ্থতে, আন বহুতো ৰাজ্যৰ দৰে অসমৰ সকলো স্কুলতে (ব্ৰহ্মপুত্ৰ উপত্যকাত) অসমীয়া ভাষাটো বাধ্যতামূলক কৰা হোৱা নাই। ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহত অসমীয়া ভাষা ঐচ্ছিক বিষয় হিচাপে শিকোৱা হয় যদিও ভাষাটোত যথোপযুক্ত গুৰুত্ব দিয়া নহয় বুলি সময়ে সময়ে অভিযোগ উত্থাপিত হয়। সেইদৰে কেন্দ্ৰীয় বিদ্যালয়, নবোদয় বিদ্যালয় আদি কেন্দ্ৰীয় চৰকাৰে পৰিচালনা কৰা বিদ্যালয় সমূহত অসমীয়া ভাষাৰ অস্তিত্ব নাই বুলিবই পাৰি। ইয়াৰ ফলত অসমৰ অসমীয়া ছাত্ৰ ছাত্ৰীৰ মাজতেই অসমীয়া ভাষাটোক হেয়জ্ঞান কৰাৰ মানসিকতা গঢ়ি উঠাটো পৰিলক্ষিত হয়। অসমত অসমীয়া ছাত্ৰ ছাত্ৰীৰ বাবেই যদি অসমীয়া ভাষা বাধ্যতামূলক কৰিব পৰা নাযায়, আৰু ক’ত পৰা যাব? চৰকাৰে শেহতীয়াকৈ অসমৰ বিদ্যালয়সমূহত অসমীয়া ভাষা বাধ্যতামূলক কৰিব বুলি ঘোষণা কৰিছে। এই ঘোষণা যিমান সোনকালে কাৰ্যকৰী হয়, সিমানেই মংগল।

মন কৰিবলগীয়া কথাযে অসমত প্ৰযোজ্য হৈ থকা চৰকাৰী ভাষা আইন, ১৯৬০ ৰ অনুচ্ছেদ ৩ অনুসৰি অসমৰ সকলো চৰকাৰী কাম কাজত অসমীয়া ভাষা ব্যৱহাৰ কৰাটো বাধ্যতামূলক। এই আইনত কোৱা হৈছেযে ভাৰতৰ সংবিধানৰ ২১৩ অনুচ্ছেদ অনুযায়ী ৰাজ্যিক বিধানসভাৰ দ্বাৰা গৃহীত সকলো আইন, বিধানসভাত উত্থাপন কৰিবলগীয়া সকলো বিধেয়ক আৰু ইয়াৰ ওপৰত আনিবলগীয়া সংশোধনী আৰু ভাৰতীয় সংবিধান অনুযায়ী ৰাজ্যিক চৰকাৰে জাৰি কৰা সকলো আদেশ, নিয়মাৱলী, উপবিধি বা ৰাজ্যিক বিধানসভাৰ দ্বাৰা প্ৰণীত যিকোনো আইন ৰাজপত্ৰত অসমীয়া ভাষাতে প্ৰকাশিত হ’ব। কিন্তু আজি পৰ্যন্ত এই আইনখন কাৰ্যক্ষেত্ৰত দেখিবলৈ পোৱা হোৱা নাই। অসম চৰকাৰী ভাষা আইনমতে ৰাজহুৱা আবেদন অসমীয়া ভাষাত কৰিব লাগে আৰু ৰাজহুৱা আবেদনৰ উত্তৰো অসমীয়া ভাষাতে দিব লাগে। কিন্তু সুদীৰ্ঘ সময় পাৰ হৈ যোৱাৰ পাছতো আজিলৈকে চৰকাৰৰ তৰফৰ পৰা অসমীয়াত লিখা ৰাজহুৱা আবেদনৰ উত্তৰ অসমীয়াত দিয়াটো  প্ৰচলিত নহ’ল। অসমত চৰকাৰী চাকৰি কৰিবলৈ অসমীয়া ভাষা জনাটো প্ৰয়োজনীয় নহয়, কাৰণ প্ৰায় সকলো যোগাযোগ, চিঠি পত্ৰৰ আদান-প্ৰদান ইংৰাজী ভাষাতে কৰা হয়। বৰং ইংৰাজী ভাষাত দখল থকাসকলে এই ক্ষেত্ৰত বিশেষ সুবিধা লাভ কৰে। ইমান দিনে জাতীয়তাবাদী আন্দোলনেৰে মুখৰিত হৈ থকা অসমত কোনো জাতীয়তাবাদী সংগঠনে অসমত চৰকাৰী ভাষা আইন, ১৯৬০ কঠোৰভাৱে বলবৎ কৰাৰ প্ৰবল দাবী উত্থাপন নকৰিলে। অসমত চৰকাৰী চাকৰি কৰিবলৈ অসমীয়া ভাষাত লিখিব পঢ়িব পৰাটো বাধ্যতামূলক কৰিবলৈও সজোৰে দাবী উত্থাপন হোৱাটো কেতিয়াও চকুত পৰা নাই।

অসমীয়া ভাষাক চিৰ চেনেহী ভাষা জননী বুলি শ্লোগান দিয়া অসম সাহিত্য সভায়ো এই অতি গুৰুত্বপূৰ্ণ বিষয়টোত প্ৰায় নিৰৱতা অৱলম্বন কৰিছে। এই কথা ঠিকযে, অসমীয়া ভাষাক ৰক্ষা নকৰিলে অসম সাহিত্য সভাও নাথাকে। ইমানদিনে প্ৰতিখন চৰকাৰে অসমীয়া চৰকাৰী ভাষা আইন, ১৯৬০ৰ প্ৰতি দেখুৱাই অহা অৱজ্ঞা আৰু অৱমাননাৰ বিৰুদ্ধে অসম সাহিত্য সভা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ দৰে জাতীয় সংগঠন গৰজি উঠিব নালাগিছিলনে? অসম সাহিত্য সভাই ইংৰাজী ফলকত ক’লা ৰং সনাৰ দৰে কাৰ্যসূচী লোৱাৰ সলনি চৰকাৰী কাম কাজত চৰকাৰী ভাষা আইন অনুসৰি অসমীয়া ভাষা প্ৰয়োগ কৰিবলৈ চৰকাৰক বাধ্য কৰাটোহে অধিক সমীচিন হ’লহেতেন। অসম সাহিত্য সভাই ঢোলে ডগৰে ৰাজকীয় অধিৱেশন অনুস্থিত কৰাৰ লগতে সাধাৰণ মানুহৰ সকলো আদান প্ৰদান আৰু ভাব বিনিময়ত অসমীয়া ভাষাটো বাধ্যতামূলক কৰাৰ ওপৰত অধিক গুৰুত্ব দিয়া উচিত। আমি সচেতন হোৱা ভাল যে, অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষা কৰিবলৈ অসম চুক্তি বা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী যিমানেই গুৰুত্বপূৰ্ণ, অসম চৰকাৰী ভাষা আইন, ১৯৬০ কঠোৰভাৱে বলবৎ কৰাটো আৰু অসমত অসমীয়া ভাষাৰ শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰাটোও সমানেই গুৰুত্বপূৰ্ণ। অসমত সকলো চৰকাৰী কাম কাজ আৰু নীতি নিৰ্দেশনাৰ ভাষা হিচাপে অসমীয়াক বাধ্যতামূলক কৰাটো হৈছে অসমীয়া ভাষাক ৰক্ষা কৰাৰ প্ৰথম খোজ।

অসমৰ জাতীয়তাবাদী নেতাসকলে অসমীয়া আবেগক লৈ দীৰ্ঘদীন ধৰি ৰাজনীতি কৰি আহিছে যদিও হাতে কামে অসমীয়া ভাষাটো ৰক্ষা কৰিবলৈ একো ব্যৱস্থা হাতত লোৱা নাই। অতি হাস্যকৰ কথাযে, যিসকলে অসমীয়া ভাষা আৰু অসমীয়া জাতিৰ অস্তিত্বৰ কাৰণে আন্দোলন কৰি আহিছে, তেওঁলোকেই নিজৰ ল’ৰা ছোৱালীক অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ত পঢ়ুৱাই আদৰ্শ দেখুৱাব পৰা নাই। নিজৰ ল’ৰা-ছোৱালীৰ ভৱিষ্যতৰ কথা চিন্তা কৰিয়েই হয়তো তেওঁলোকে অসমত চৰকাৰী চাকৰি কৰিবলৈ অসমীয়াত লিখিব পঢ়িব জনাটো বাধ্যতামূলক কৰাৰ বাবে দাবী কৰা নাই। অসমত চৰকাৰী চাকৰিৰ বাবে হোৱা লিখিত পৰীক্ষাত অসমীয়াত এখন ৰচনা লিখাটো বাধ্যতামূলক আৰু নিয়োগৰ বাবে নিৰ্ণায়ক মাপকাঠী হোৱাটো প্ৰয়োজনীয়। অসমত সৃষ্টি হোৱা ব্যক্তিগত খণ্ডৰ পদসমূহত নিয়োগৰ বাচনি পৰীক্ষাৰ বাবে বাবেও অসমীয়া ভাষাৰ ব্যৱহাৰিক জ্ঞান এক প্ৰয়োজনীয় মাপকাঠি হোৱাটো বাঞ্চনীয়। এই ক্ষেত্ৰত চৰকাৰে কঠোৰ আইন প্ৰণয়ন কৰা উচিত। এনে ব্যৱস্থাৰে অসমৰ চাকৰিত বহিৰাগত প্ৰাৰ্থীৰ দপদপনিও প্ৰতিহত কৰিব পৰা যায়।  

অসমীয়া ভাষাৰ বাবে ইতিবাচক কথা হ’লযে, ছ’ছিয়েল মেডিয়া বিশেষকৈ ফে’চবুকৰ জৰিয়তে অসমীয়া ভাষা ব্যৱহাৰৰ ক্ষেত্ৰত এক নৱজাগৰণৰ সূচনা হৈছে। ফে’চবুকত ইংৰাজীত লিখা বহুতো অসমীয়া মানুহে এতিয়া অসমীয়া লিপি ব্যৱহাৰ কৰিবলৈ লৈছে। অসমীয়া লিখিবলৈ সুবিধা হোৱাকৈ বিভিন্ন ছফটৱেৰ সহজলভ্য হোৱাৰ লগে লগে অসমীয়া ভাষা ব্যৱহাৰকাৰীৰ সংখ্যা বাঢ়িছে। লগে লগে বৃদ্ধি পাইছে ফে’চবুকৰ মজিয়াত অসমীয়া ভাষাৰ সাহিত্য সংস্কৃতিৰ চৰ্চা। ফে’চবুকৰ বিভিন্ন গ্ৰুপত অসংখ্য মানুহে নিয়মীয়াকৈ সাহিত্য চৰ্চা কৰি আছে। অসমীয়া ভাষাত লেখকৰ সংখ্যা বৃদ্ধি পোৱাটো নি:সন্দেহে আশাৰ বতৰা। ফে’চবুকৰ জৰিয়তে আত্মপ্ৰকাশ কৰা কেইবাজনো লেখকৰ গ্ৰন্থ ইতিমধ্যে প্ৰকাশ পাইছে। এয়া অসমীয়া ভাষা-সংস্কৃতিৰ বাবে শুভলক্ষণ।

বিশ্বৰ বহুতো দেশতে ইংৰাজী ভাষাৰ প্ৰচলন অতি সীমিত। জাপান, জাৰ্মানী, ফ্ৰান্স, ইটালি, কোৰিয়া, ৰাছিয়া, চীনদেশ আদিয়ে নিজৰ ভাষাৰ জৰিয়তেই প্ৰগতিৰ বাটত আগুৱাই গৈছে। সেয়েহে কেৱল ইংৰাজী ভাষা জানিলেই গুণী জ্ঞানী হ’ব পাৰি, এই ধাৰণাটো অবান্তৰ। কিন্তু মাতৃভাষাৰ শিক্ষাৰ প্ৰতি মানুহক আকৰ্ষিত কৰিবলৈ মাতৃভাষাৰ জৰিয়তে ব্যক্তিগত উত্কৰ্ষ সাধনৰ পৰিৱেশ ৰচনা হ’ব লাগিব। অসমীয়া মাধ্যমত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীয়ে ভৱিষ্যত জীৱনত হীনমন্যতাত ভূগিব নালাগিব আৰু তেওঁলোকেও ইংৰাজী মাধ্যমত পঢ়া ল’ৰা ছোৱালীৰ সমানেই সুবিধা পাব লাগিব। তাৰ কাৰণে লাগিব চৰকাৰ আৰু সাধাৰণ ৰাইজৰ উমৈহতীয়া প্ৰয়াস। অসমৰ অস্তিত্ব ৰক্ষাৰ দাবীৰে আমি বহুতো আন্দোলন কৰিলোঁ। এইবাৰ অসমীয়া ভাষাৰ ৰক্ষাৰ বাবে এক প্ৰচেষ্টা হাতত লওঁ আহক। আমি অসমীয়া মানুহে দৈনন্দিন জীৱনৰ সকলো কাম-কাজ, চৰকাৰী আবেদন-নিবেদনত অসমীয়া ভাষাৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰোঁ আৰু চৰকাৰৰ ওচৰতো দাবী জনাওঁ যে, অসম চৰকাৰী ভাষা আইন, ১৯৬০ৰ মৰ্যদা ৰাখি চৰকাৰেও সকলো চৰকাৰী নথি-পত্ৰ, নীতি-নিৰ্দেশনাত অসমীয়াৰ ব্যৱহাৰ সুনিশ্চিত কৰে। সকলোৱে মিলি অসমীয়া ভাষাটো ৰক্ষা কৰোঁ আহক।
লেখকৰ নিজা ব্লগঃ http://likhoni.blogspot.in/ লেখাটি আমাৰ অসম কাকততো প্ৰকাশ পাইছে।

No comments:

Post a Comment