চিন্তন - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here
পক্ষপাতদুষ্টতাৰ পকনীয়াত অসম আন্দোলনৰ বিকৃত বাখ্যা
ময়ূৰ বৰা

ড° প্রফুল্ল মহন্তক মই খুৰাদেউ বুলি সম্বােধন কৰে। তেওঁৰ বৰপুত্ৰ ৰাহুল (কটন বিশ্ববিদ্যালয়ৰ পদার্থ বিজ্ঞান বিভাগৰ সহযােগী অধ্যাপক) মােৰ ঘনিষ্ঠ বন্ধু। লেখামেলাৰ যােগেদি তেওঁক আগৰ পৰা চিনি পাওঁ আৰু তেওঁৰ বৌদ্ধিক সাহস আৰু সততাৰ বাবে গভীৰভাৱে সন্মানাে কৰোঁ। তেওঁৰ স্নেহসুলভ ব্যৱহাৰ আৰু মৰম মােৰ জীৱনৰ অন্যতম প্রাপ্তি বুলি ভাবোঁ। বিশিষ্ট চিন্তাবিদ তথা সাংবাদিক নিত্য বৰা সম্পাদিত ‘সাম্প্রতিক সাময়িকী’ৰ বিষয়ে মহন্তই ২০ ফেব্ৰুৱাৰীত ‘আমাৰ অসমত লিখা প্ৰবন্ধটো খুব আগ্ৰহেৰে পঢ়িবলৈ লৈছিলোঁ যদিও কেইটামান কথাই বাৰুকৈয়ে হতাশ কৰিলে। সাম্প্রতিক সাময়িকীত কুৰি শতিকাৰ দ্বিতীয়ার্ধৰ এছােৱা সময়ৰ ঐতিহাসিক দলিল ৰূপে চিহ্নিত কৰা কথাটোৰ নামত আমাৰ তিলমানাে দ্বিমত নাই। ইতিহাসৰ সাধাৰণ ছাত্র হিচাপে অনুষ্ঠানত আলােচনীখনৰ। বছা বছা সম্পাদকীয় আৰু কেইজনমান বিশিষ্ট চিন্তাবিদৰ লেখা। সন্নিৱিষ্ট কৰা পৰামৰ্শটোও অতি সজ আৰু সময়ােপযােগী বুলি মই ভাবো। ইয়াৰ অন্যথা বহু গুৰুত্বপূৰ্ণ কথা কালৰ কুটিল সোঁতত বিলীন হৈ যােৱাৰ সম্ভাৱনা থাকে। 

বাঁওপন্থী আদর্শ বিশ্বাসী লােকসকলৰ অধিকাংশই বস্তুনিষ্ঠতাৰ কথাটোত যথেষ্ট গুৰুত্ব দিয়া দেখা যায়। ড° মহন্তই পূর্বতে প্রকাশ পােৱা কেতবােৰ প্রবন্ধত দুবাৰ-এবাৰ উজুটি খােৱা পৰিলক্ষিত হৈছিল যদিও সকলােৰে ক্ষেত্ৰত তেনে মৃদু বিচ্যুতি থকাটো স্বাভাৱিক বুলি ভাবি লৈছিলোঁ বাবে প্রতিবাদ কৰাৰ কথা ভবা নাছিলোঁ। আজি কলম লৈছোঁ যেতিয়া মূল বিষয়টোলৈ যােৱাৰ আগতে পূর্বৰ দুটামান কথাও সংক্ষেপে ক’বলৈ মন গৈছে। বর্ণহিন্দু অসমীয়াৰ মাজৰ বহু লােকে আমাৰ সমাজখনৰ জনগােষ্ঠীয় লােকদলৰ অনন্য অৱদানসমূহৰ বিশালতাৰ কথা কোৱাটো দূৰৰে কথা, ৰং সামান্যতম স্বীকৃতি প্রদান কৰিবলৈকো কৃপণালি কৰে। জনগােষ্ঠীয় লােকসকলৰ আৰু বিশেষভাৱে বড়ােসকলৰ মনৰ বেদনা অনুভৱ কৰি অসমীয়াভাষী লােকৰ মাজৰ একাংশ বর্ণাভিমানীক দীর্ঘদিন ধৰি সমালােচনা কৰা লােকৰ তালিকাখন বেছিদীঘল নহয়। সেইখন তালিকাৰ একেবাৰে প্রথমতে নাম থাকিব ড° প্রফুল্ল মহন্তৰ। জনগােষ্ঠীয় লােকসকলক দীর্ঘদিন ধৰি অৱহেলা-অৱজ্ঞা কৰাৰ বিপৰীতে যদি কোনােবা অসমীয়াই গভীৰ সততাৰে বৌদ্ধিক প্রায়শ্চিত্ত কৰিছে, সেইজনেই হ’ল ড° মহন্ত। কিন্তু অসমীয়াক কঠোৰ ভাষাৰে সমালােচনা। কৰিবলৈ যাওঁতে তেওঁ কেতিয়াবা কেতিয়াবা কিছু কথা অতি সৰলীকৰণ কৰি তােলা দেখা যায়। কিন্তু বর্তমান অসমীয়া সমাজত মূৰ তুলি উঠা বিভিন্ন গুৰুতৰ প্ৰত্যাহ্বানৰ প্রেক্ষাপটত অসমীয়াভাষী লােক আৰু জনগােষ্ঠীয় লােকৰ মাজত সম্প্রীতিৰ সাঁকো গঢ়িবলৈ তেওঁ লােৱা নিৰন্তৰ বৌদ্ধিক প্রয়াসক গভীৰভাৱে শ্রদ্ধা কৰোঁ আৰু প্রয়ােজনীয় বুলি ভাবোঁ বাবেই তেনে অতি সৰলীকৰণৰ বিষয়ে আঁহফলা বিশ্লেষণ কৰিবলৈ নাযাওঁ।

ইতিহাসৰ এজন বিদ্বান পণ্ডিত বাবে ড° মহন্তক সাম্প্রতিক অসমীয়া ইতিহাসৰ পৰা দুট উদাহৰণৰ কথা ক’ব বিচাৰিছোঁ। মােৰ দৃঢ় বিশ্বাস— সেই দুটা দৃষ্টান্তৰ পৰা তেওঁ মােৰ মনৰ ভাব শুদ্ধকৈ বুজিব পাৰিব। কঠোৰ বৰ্ণবাদ আৰু জাতিভেদ প্রথাই অসমীয়া সমাজত কিধৰণৰ ভয়ংকৰ অথন্তৰ ঘটাই আহিছে, তাৰ বিষয়ে মােৰ সামান্যতম জ্ঞানেৰে আজি কিছুদিন ধৰি লেখা-মেলা কৰি আছে। দুখন গ্রন্থও কেইবছৰমানৰ আগতে প্রকাশ পাইছে। কিন্তু বর্ণবাদ আৰু ব্রাহ্মণ্যবাদক বৌদ্ধিক আৰু সামাজিকভাৱে বিৰােধিতা কৰাৰ সময়ত অসমীয়া হিচাপে আমি সকলােৱে এটা কথা মনত ৰখা উচিত যে আমাৰ কথা আৰু কামে যাতে ব্রাহ্মণঅব্রাহ্মণ আৰু শংকৰী-অনাশংকৰী আদি অনাহুত বিতর্ক সৃষ্টি কৰি সমাজত অপ্রয়ােজনীয় বিভ্রান্তি সৃষ্টি নকৰে। কাৰণ, মােৰ বাবে কাৰাে প্রতি বিন্দুমাত্রও বিদ্বেষ নৰখাকৈ নিজৰ মেৰুদণ্ড পােন কৰি এজন বহল আৰু উদাৰ মনৰ অসমীয়া হােৱাটো আটাইতকৈ ডাঙৰ কথা। 

সেইটো কাৰণৰ বাবেই মই হৃদয়ৰ নিভৃততম কোণৰ পৰা শ্রদ্ধা কৰা দুজন অসমীয়া গঢ়মূৰ সত্ৰৰ বিপ্লৱী সত্ৰাধিকাৰ পীতাম্বৰ দেৱগােস্বামী আৰু কর্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ দুটা বিশেষ বক্তব্যক বিৰােধিতা কৰি বহু সভাত কথা কৈছোঁ। কিয়নাে, তেওঁলােক দুজনাে অতি সৰলীকৰণৰ দোষত দোষী বুলি মই ভাবোঁ। পীতাম্বৰ দেৱগােস্বামীয়ে ভাৰতৰ পৰাধীনতাৰ মূল কাৰণ হিচাপে ব্রাহ্মণ্যবাদকে চিহ্নিত কৰিছিল। অসহযােগ আন্দোলনৰ সময়ত জামুগুৰিৰ এখন সভাত ভাষণ দিওঁতে চন্দ্ৰনাথ শৰ্মাই কৈছিল— ‘ৰাইজ, ইংৰাজ আমাৰ দেশৰ শত্ৰু নহয়, শত্রু হৈছে আমাৰ কিছু বামুণ-গোসাঁই-মহন্তসকল, শত্রু হৈছে আমাৰ উচ্চাভিলাষী জাত্যভিমানী ব্রাহ্মণসল। আমি ধ্বংস কৰিব লাগিব এওঁলােকৰ উচচ অভিমান।উপৰুৱা দৃষ্টিৰে চালে চন্দ্ৰনাথ শৰ্মাৰ বক্তব্যৰ পৰা তেওঁ ব্রিটিছৰ বিৰােধিতানকৰা যেন লাগিব পাৰে। কিন্তু তেওঁ অতি শক্তিশালীভাৱে ব্রিটিছক প্রতিহত কৰিবলৈ উঠি-পৰি লাগিছিল। 

আনহে নালাগে, মহাত্মা গান্ধীয়ে চৌৰিচৌৰাৰ হিংসাত্মক ঘটনাৰ পিছত হঠাতে অসহযােগ আন্দোলন প্রত্যাহাৰ কৰোতে চন্দ্রনাথে প্রকৃত দেশপ্রেমিকৰ দৰে গৰ্জন কৰি কৈছিল— 'He has betrayed the revolution.' সেই কঠোৰ বাক্য শুনাৰ পিছতাে গান্ধীয়ে চন্দ্রনাথৰ দেশপ্রেমৰ শলাগহে লৈছিল। সন্দেহ নাই, পীতাম্বৰ দেৱগােস্বামী আৰু চন্দ্রনাথ শর্মা দুয়ােজনেই প্রগতিশীল ভাবাদর্শৰ উদাৰ আৰু মুক্তমনা অসমীয়া আছিল। দুয়ােজনৰে জন্ম ব্রাহ্মণকুলত, কিন্তু এজনে ব্রাহ্মণ্যবাদক আৰু আন এজনে ব্রাহ্মণগােসাঁই-মহন্তক সমালােচনা কৰোঁতে কিছু পৰিমাণে বস্তুনিষ্ঠতা পৰিহাৰ কৰিছিল। আৰু বর্তমান সময়ত জনগােষ্ঠীয় লােকৰ যন্ত্রণা নিপীড়ন-শােষণৰ কথা লিখেতেও ড° প্রফুল্ল মহন্তই মাজে মাজে চন্দ্রনাথ-পীতাম্বৰে কৰা ভুলকে কৰা যেন লাগে। কিন্তু ২৭ ফেব্ৰুৱাৰীৰ প্ৰবন্ধটোত ড° মহন্তই লিখা কেইটামান।


বাক্যই তেওঁৰ পক্ষপাতদুষ্টতাৰ প্রমাণ দিলে। ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈকে চলা ঐতিহাসিক অসম আন্দোলনক ড° মহন্তই ‘তথাকথিত অসম আন্দোলন' বুলি অভিহিত কৰাৰ লগতে সেইটো আন্দোলনে আমাৰ ৰাজ্যখনক মানৱতাৰ। বধ্যভূমিলৈ পৰিণত কৰা বুলি কৈছে। লগতে সেইছােৱা সময়ক তেওঁ ‘অন্ধকাময় দিনবােৰ বুলিও মুকলিকৈ লিখিছে। তেওঁৰ কলমৰ জোৰতেই’ আজি তেওঁৰ বস্তুনিষ্ঠতা ধৰাশায়ী হৈছে।

মােৰ ভাব হৈছে— এয়া তেওঁৰ আৱেগিক বিস্ফোৰণ নহয়, বৰং দীর্ঘকাল ধৰি এচাম বাঁওপন্থীয়ে অসমৰ খিলঞ্জীয়া লােকৰ বুকুৰ যুক্তিসংগত দুখ-বেদনাহুমুনিয়াহক নস্যাৎ কৰাৰ যিটো ক্ষয়ংকৰী বাৰ্ধাৰা নির্মাণ। কৰিছিল, তাকে বর্তমানৰ পৰিৱর্তিত ড° মহন্তই নতুনকৈ চুঁচিমাজি নিমজ কৰিবলৈ ওলাই আহিছে।

নেলী আৰু গহপুৰ-কাণ্ডকে ধৰি অসম আন্দোলনৰ অনেক ত্রুটি-বিচ্যুতি-বিসংগতিৰ কথা এই অভাজনেও নােকোৱাকৈ থকা নাই। বহু সময়ত বহু সভা-সমিতিত আৰু টেলিভিছনৰ ষ্টুডিঅ'ত আলােচনা কৰোঁতে মই কোৱা কেতবােৰ কথাই জাতীয়তাবাদী সংগঠনৰ নেতাকো বিতুষ্ট কৰিছে। কিন্তু সঁচা কথা মুক্তমনেৰে কোৱাত বিশ্বাস কৰোঁ বাবেও কাহানিও পিছ হোঁহকা নাই। অসম আন্দোলনৰ নেতৃবর্গই বহু ভুল কৰিছিল, কিছু জানি আৰু আন কিছু নাজানি। কিন্তু যি প্রেক্ষাপটত আন্দোলনটো আৰম্ভ হৈছিল আৰু আৰম্ভণিৰ কালছােৱাত যিটো উদ্যমেৰে আৰু যিটো সংখ্যাত ব্রহ্মপুত্র উপত্যকাৰ লাখ লাখ সাধাৰণ লােক হিলদল ভাঙি ৰজপথলৈ ওলাই আহিছিল, সেইবােৰ কথাই এজন বিশিষ্ট ঐতিহাসিক মনােজগতত একো যােগাত্মক প্রভাৱ থৈ যাব নােৱৰা কথাটো অবিশ্বাস্য। ইয়াত বৌদ্ধিক নির্যাসতকৈ আন কিবা নির্যাসেহে ক্রিয়া কৰা যেন লাগে। চমুকৈ ক'বলৈ হ'লে অসম আন্দোলন আছিল দীর্ঘদিন ধৰি ভাৰতীয় ৰাষ্ট্ৰই অসমৰ ওপৰত চলােৱা শােষণ-নিপীড়নৰ বিৰুদ্ধে গঢ় লৈ উঠা গণক্ষোভৰ স্বতঃস্ফূর্ত বহিঃপ্রকাশ। স্বতঃস্ফূর্ত আৱেগআকুলতাজড়িত হৈ নাথাকিলে বহু লােকে যােগদান কৰিলেই যিকোনাে আন্দোলন গণআন্দোলন হৈ নপৰে। হাজাৰটা বিচ্যুতি আৰু নেতৃত্বৰ ভুল থাকিলেও মই অসম আন্দোলনক স্বৰাজোত্তৰ অসমত পৰিলক্ষিত হােৱা বৃহত্তম গণআন্দোলন বুলিয়েই গণ্য কৰোঁ আৰু সেইবাবে ড° মহন্তৰ দৰে বিজ্ঞ লােকে আন্দোলনটোৰ বিষয়ে ভিত্তিহীন মন্তব্য কৰিলে ব্যথিত হওঁ।

মজাৰ কথা প্ৰবন্ধটোৰ আৰম্ভণিতে লেখকে ‘সাম্প্রতিক সাময়িকী’ৰ প্রথম সংখ্যাত আলােচনীখনে কোনাে জনগণবিৰােধী লেখা নছপাওঁ বুলি কোৱা কথাষাৰ খুব আগ্ৰহেৰে দাঙি ধৰিছে আৰু পিছত নিজৰ গণবিৰােধী চৰিত্র উদঙাই দিছে। মােৰ কথা ড° মহন্তই মুক্তমনেৰে গ্ৰহণ নকৰিব বুলি ভাবি তেওঁক সাম্প্রতিক সাময়িকীৰে ১৯৮০ চনৰ এপ্রিল মাহৰ সম্পাদকীয়টো চাবলৈ অনুৰােধ কৰিছোঁ। সকলাে বাঁওপন্থী যে ড° মহন্তৰ দৰে একদেশদর্শী নহয়, সেই কথা সম্পাদকীয়টোত ফুটি উঠিছে। সেই সম্পাদকীয়টোত আন্দোলনটোৰ ন্যায্যতা স্বীকৃতি দিয়া হৈছে। আন্দোলনটোৰ ঘােষিত লক্ষ্য আৰু ঈপ্সিত ফলাফলৰ ক্ষেত্ৰতাে বেছি মতান্তৰ দেখিবলৈ পােৱা নাই। কিন্তু নেতৃত্বৰ হতাশাজনক প্রতিচ্ছবি আৰু অহিংসাৰ নামত চলা হিংসাক কঠোৰ ভাষাৰে সমালােচনা কৰা হৈছে। সম্পাদক নিত্য ব্ৰাৰ (ধৰি লৈছোঁ সম্পাদকীয়টো তেৱেঁই লিখা বুলি) আন এটা বক্তব্য কালৰ সোঁতত সত্য বুলি প্রমাণ। হ’ল। নেতাসকলৰ মাজৰ আধা ডজনমান পিছৰ কালত কংগ্রেছ। দলত যােগদান কৰিব পাৰে বুলি তেওঁ ১৯৮০ চনতে কৈছিল। এতিয়া চাওক ড° মহন্তৰ মন্তব্যটো। যিখন আলােচনীৰ কথা তেওঁ লিখিছে, সেইখনত অসম আন্দোলনটোৰ বিষয়ে থকা সদর্থক কথাবােৰক তেওঁ আওকাণ কৰিছে। ইয়ে বাৰু কিহৰ ইংগিত বহন কৰে? পক্ষপাতদুষ্টতাৰ নে নিজে ভালপােৱা আদর্শটোৰ প্ৰতি থকা। অন্ধ আনুগত্যৰ?

বাঁওপন্থী আদৰ্শৰ প্রতি ৰখা আনুগত্য কেতিয়াও দোষণীয় হ’ব নােৱাৰে। কাৰণ, সেইটো আদর্শত বিশ্বাস কৰা ড° হীৰেন গােহাঁই, ড° উদয়ন মিশ্র, ড° তিলােত্তমা মিশ্র, নিত্য বৰা, ড° শিৱনাথ। বর্মনকে আদি কৰি বহু লােকে অসম আন্দোলনৰ ন্যায্যতাৰ বিষয়ে প্রশ্ন তােলা নাই। কিন্তু আন্দোলনটোৰ নেতৃবৃন্দ। কেতবােৰ ভুল নীতিৰ কঠোৰ সমালােচনাও তেওঁলােকে। নকৰাকৈ থকা নাই। সম্প্রতিক সময়তাে অসমীয়া জাতি, মাটি আৰু ভেটিৰ প্রতি সংকট নমাই অনা যিবােৰ কার্য হিন্দুত্ববাদী শক্তিটোৱে কৌশলেৰে কৰি আছে, তাৰ বিৰুদ্ধে অকাট্য যুক্তিৰে। আৰু অক্লান্ত প্রচেষ্টাৰে যিজন লােকে আটাইতকৈ বলিষ্ঠভাৱে। জাতিটোৰ হৈ কৈ কথা আছে, তেৱো এজন বাঁওপন্থী পণ্ডিতেই। নাম তেওঁৰ ড° হীৰেন গােহাঁই। গতিকে, ড° প্রফুল্ল মহন্তই ভাবি ল’ব নালাগে যে তেওঁ বাঁওপন্থী আদর্শ বিশ্বাস ৰখা বাবেহে মই তেওঁৰ বিৰােধিতা কৰিছোঁ। 

পূর্বে প্রকাশিত মােৰ জাতিভেদ প্রথা। আৰু শংকৰদেৱ গ্ৰন্থত ড° অমলেন্দু গুহ আৰু অনিল ৰায়। চৌধুৰীকো মই প্রায় একে কাৰণতে সমালােচনা কৰিছিলোঁ। শংকৰী আদৰ্শৰ বিশালতা, উদাৰতা, সমদর্শিতা আৰু গভীৰতাক। পােন্ধৰ-ষােল্ল শতিকাৰ প্ৰেক্ষাপটত যুক্তিৰে চাবলৈ কিছু উদাসিনতা প্রদর্শন কৰা ড° গুহৰ ব্যাখ্যা-বিশ্লেষণ ড° গােহাঁইৰ। ব্যাখ্যাতকৈ বহু পৰিমাণে কম গ্রহণযােগ্য।  তদুপৰি ড° মহন্তই ‘আলফা’ আৰু ‘অগপক ‘অকাল কুষ্মাণ্ড’ বুলি অভিহিত কৰাটো শালীনতাৰ সীমা চেৰাই যােৱা যেন লাগে। আলফাৰ হিংসাত্মক কার্য আৰু অগপই অসমীয়া মানুহৰ আৱেগঅনুভূতিক বুজিবলৈ অপাৰগতা প্রদর্শন কৰা কার্য নিশ্চিতভাৱে সমালােচনা আৰু গৰিহণযােগ্য। কিন্তু তেনে সমালােচনাই সুস্থ ৰুচিবােধৰ বেহু ভাঙি ওলাই যােৱাটো কাহানিও সমর্থনযােগ্য হ’ব। নােৱাৰে। ড° প্রফুল্ল মহন্তই অসম আন্দোলনৰ প্রতি প্রকাশ কৰা বিদ্বেষ দেখি মােৰ এজন বাঁওপন্থী লেখকৰ দ্বৈত চৰিত্ৰলৈ মনত পৰিছে। লেখকজন হৈছে সকলােৰে শ্রদ্ধেয় শশী শর্মা। তেওঁক মই গভীৰভাৱে সন্মান কৰোঁ আৰু অসম আন্দোলনৰ সময়ত শশী শৰ্মা আৰু ড° হীৰেন গােহাঁইৰ দৰে অনেক লােকক আন্দোলন। সমর্থনকাৰীয়ে শাৰীৰিকভাৱে অপদস্থ কৰা কথাটোৰ বিৰােধিতা কৰোঁ। শশী শৰ্মাই শংকৰদেৱ আৰু শংকৰী আদর্শক সদায় Critically বিশ্লেষণ কৰে। মই তেনে বিশ্লেষণক আদৰ কৰোঁ। কিয়নাে, তাৰ মাজেদি নতুন দৃষ্টিকোণ ওলাই অহাৰ সম্ভাৱনা থাকে। কিন্তু একেজন শশী শৰ্মাই কার্ল মার্ক্সৰ জীৱনী লিখেতে আধুনিক চৰিতপুথিৰ দৰে হ'লগৈ। ড° গােহাঁয়ে কিন্তু বাঁওপন্থী আদর্শত আস্থা নেহেৰুৱাকৈও ষ্টেলিনৰ অপশাসনৰ বহু কথা অসমীয়া পঢ়ুৱৈৰ সন্মুখলৈ আনিছিল। | ড° হীৰেন গােহাঁইৰ কথা বাৰে বাৰে অনাৰ উদ্দেশ্য এটাই। ড° মহন্তই যেতিয়াই মােৰ লগত কথা পাতে, ড° গােহাঁইৰ কথা অৱধাৰিতভাৱে আমাৰ মাজলৈ আহি পৰে। ড° গােহাঁইৰ লগত থকা মােৰ মতপার্থক্যৰ কথাও এইখন কাকততে লিখিছিলোঁ। এতিয়া তেনেবােৰ কথালৈ নাযাওঁ। গভীৰ মেধাশক্তি, সুতীক্ষ্ণ বিশ্লেষণ আৰু নিভাজ অসমপ্ৰেমৰ বাবেই কিন্তু ড° গগাহাঁই আজি অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বুদ্ধিজীৱী বুলি পৰিগণিত হােৱা নাই। প্রয়ােজন হলে নিজৰ মতামতক পৰিশােধন কৰাৰ বিৰল। সাহসাে তেওঁ দেখুৱাইছে। অসম আন্দোলন আৰু ড° ভূপেন হাজৰিকা সন্দৰ্ভত ড° গােহাঁয়ে ভিন্ন সময়ত কৰা ভিন্ন মন্তব্যত। নিজৰ পৰিৱৰ্তিত স্থিতি স্পষ্ট হৈছে।

পৰিশেষত খুদেউৰ (ড° প্রফুল্ল মহন্ত) প্রতি মােৰ এটা কাতৰ অনুৰােধ। আপুনি ইতিহাসৰ এজন প্রসিদ্ধ শিক্ষক-পণ্ডিত। মতাদর্শগত আনুগত্যই যদি বস্তুনিষ্ঠ ইতিহাস চেতনাক টেটুচেপা দিয়ে, তেনেহ'লে সমগ্র জাতিটোৰে ভয়ংকৰ ক্ষতি হ’ব। মই জানাে— আপুনি তেনে হােৱাটো নিবিচাৰে। মই বিচাৰোঁ আপুনি সাহস আৰু সততাৰে বিশ্লেষণ কৰক— সঁচাকৈ অসম আন্দোলনে। অসমক মানৱতাৰ বধ্যভূমিলৈ ৰূপান্তৰিত কৰিছিলনে? মােৰ বিশ্বাস, অতি সােনকালেই আপুনি ওলাই আহিব পাৰিব পক্ষপাতদুষ্টতাৰ পকীয়াৰ পৰা অধিক উজ্জ্বল ৰূপত।
লেখাটি আমাৰ অসম কাকততো আজি প্ৰকাশ পাইছে। ফোন-৯৪৩৫০-৫২২৮২

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages