চিন্তন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Assamese LIFELINE on SOCIAL MEDIA

সামাজিক যোগসূত্ৰৰ মঞ্চত ইতিবাচক বাৰ্তাবাহক
ভাল খবৰ ভাল সমল, পঢ়ি লভক আনন্দ বিমল

Post Top Ad

Responsive Ads Here
কীৰ্তিচন্দ্ৰৰ পৰা নাজি জাৰ্মানীলৈঃ যুগে যুগে Fahrenheit-451
 ৰূপশ্ৰী বৰা বৰদলৈ 
মানবীয় অনুভূতিহীন, যান্ত্ৰিক এখন সমাজ ৷ ব্যক্তি স্বাধীনতা, বাক স্বাধীনতা, বৌদ্ধিক চিন্তা চৰ্চা, জ্ঞানৰ অন্বেষণ, অৰ্থপূৰ্ণ -সৃষ্টিশীল  কথা -বতৰা নিষিদ্ধ এই সমাজত৷ প্ৰচলিত ব্যৱস্থা বা ক্ষমতাত অধীষ্ঠিত শক্তিক প্ৰশ্ন কৰাৰ  অধিকাৰ নাই এইখন সমাজৰ নাগৰিকৰ ৷গ্ৰন্থৰ অধ্যয়নে মানুহৰ চিন্তা শক্তি, বোধ শক্তি বৃদ্ধি কৰে৷ সেয়ে এইখন সমাজত গ্ৰন্থৰ অধ্যয়ন,ৰচনা অথবা ছপাও নিষিদ্ধ ৷ ক’ৰবাত গ্ৰন্থ ছপা কৰা অথবা লুকুৱাই ৰখাৰ খবৰ পালেই ততালিকে জ্বলাই নষ্ট কৰে ক্ষমতাপন্ন শক্তিৰ আজ্ঞাবাহী “ফায়াৰমেনে”৷ প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰা, এজনে আনজনৰ লগত বাৰ্তালাপ কৰা তথা সৃষ্টিশীল কৰ্মত নিয়োজিত হোৱাৰ বিপৰীতে মানুহৰ জীৱন নিয়ন্ত্ৰিত হয় বেৰত লাগি থকা টেলিভিশ্যন ছেট অথবা কাণৰ সৈতে সংলগ্ন ৰেডিঅ’ৰ দ্বাৰা ৷নাগৰিকৰ জীৱনৰ প্ৰতিটো মুহূৰ্তৰ ওপৰত চকু ৰাখে ক্ষমতাত থকা শক্তিয়ে ৷ইতিহাস অধ্যয়ন আৰু চৰ্চা নোহোৱা  অতীতৰ প্ৰতি শ্ৰদ্ধাহীন এখন সমাজ৷কিন্তু ইয়াৰ মাজতো ক্ষমতাপন্ন শক্তিৰ অজ্ঞাতে চলি থাকে জ্ঞানৰ অন্বেষণ৷ চলি থাকে সৃষ্টিশীল চিন্তা- চৰ্চা ৷ঘটনাক্ৰমত এদিন ফায়াৰমেনৰ মন-  মগজুলৈ পৰিৱৰ্তন আহিছিল ৷কিতাপ জ্বলোৱা ফায়াৰমেনে কিতাপ ভাল পাবলৈ লৈছিল৷ জীৱনটোক নতুনকৈ আৱিষ্কাৰ কৰিছিল ৷প্ৰশ্ন কৰিবলৈ শিকিছিল ৷আৰু এদিন নিজেও  ক্ষমতাপন্ন শক্তিৰ ৰোষৰ বলি হৈছিল ৷ইয়াৰ পিছতেই এনে অধিনায়কবাদী ব্যৱস্থা ওফৰাই পেলাবলৈ বিদ্ৰোহী হৈ পৰিছিল ফায়াৰমেন গাই মণ্টাগ ৷


        গায় মণ্টাগৰ এই কাহিনী ৰে ব্ৰেডবেৰীৰ বিখ্যাত উপন্যাস Fahrenheit 451 ৰ ৷   1953 চনত প্ৰকাশ পোৱা বিজ্ঞান ভিত্তিক এই কল্পকাহিনীত লিখক ব্ৰেডবেৰীয়ে  ভৱিষ্যত আমেৰিকাৰ এখন সমাজৰ কল্পনা কৰিছে ৷চতুৰ্বিংশ শতিকাৰ সেই সমাজত কোনেও কিতাপ নপঢ়ে ৷ফায়াৰমেন গাই মণ্টাগে ক’ৰবাত কিতাপ  লুকুৱাই ৰখাৰ খবৰ পালেই তৎমুহূৰ্ততে বিচাৰি উলিয়াই  451 ডিগ্ৰী ফাৰেণহাইটত পুৰি পেলায়৷ কিতাপৰ লগতে মানুহকো জীৱন্তে জ্বলাই মাৰে ৷উপন্যাসখনত যিদৰে একনায়কত্ববাদ, ৰাষ্ট্ৰসন্ত্ৰাসৰ প্ৰতীক স্বৰূপ বিটী (Beatty) ৰ দৰে চৰিত্ৰ আছে, মানবীয় অনুভূতি সম্পন্ন, জ্ঞানৰ মোল বুজা ক্লেৰিছ মেকলেলান (Clarisse McClellan),ফেবাৰ (Faber),গ্ৰেঞ্জাৰ (Granger)ৰ দৰে চৰিত্ৰৰো সমাবেশ ঘটিছে৷সোতৰ বছৰীয়া যুৱতী ক্লেৰিছ মেকলেলানৰ সান্নিধ্য,অনুপ্ৰেৰণাত এদিন ফায়াৰমেন মণ্টাগ ৰত্নাকৰৰ পৰা  বাল্মীকি হৈছিল৷ফেবাৰ, গ্ৰেঞ্জাৰহঁতৰ সহযোগত ধ্বংসস্তূপৰ মাজত পুৰণিক উৎখাট কৰি এখন নতুন সমাজ গঢ়াৰ কামত নিজকে নিয়োজিত কৰিছিল ত্ৰিছ বছৰীয়া গাই মণ্টাগে ৷মূলতঃ ব্ৰেডবেৰীৰ Fahrenheit 451 ৰাষ্ট্ৰ সৰ্বস্বতা আৰু চেন্সৰৰ বিৰুদ্ধে এক বিদ্ৰোহ৷

এখন সুস্থ, সৃষ্টিশীল সমাজ  স্থাপনৰ ইংগিতেৰে কাহিনীভাগৰ এক ইতিবাচক সামৰণি মাৰিছে ব্ৰেডবেৰীয়ে ৷ Fahrenheit 451 যে ভৱিষ্যতৰ এক কাল্পিত সমাজৰহে কাহিনী এনে নহয়, ইতিহাসত যুগে যুগে এনে সমাজ, এনে ব্যৱস্থাৰ উদাহৰণ পোৱা যায় ৷ বৌদ্ধিক চিন্তা- চৰ্চাক সদায়েই সন্দেহৰ চকুৰে চায় স্বৈৰাচাৰী শাসন ব্যৱস্থাই ৷ক্ষমতা সুৰক্ষিত কৰিবলৈ তেনে ব্যৱস্থাই এনে চিন্তা- চৰ্চাৰ ওপৰত নিষেধাজ্ঞা আৰোপৰ অজস্ৰ উদাহৰণেৰে ভৰি আছে ইতিহাসৰ পৃষ্ঠা৷

         বৰ্তমানলৈ অহাৰ পূৰ্বে ইতিহাসৰ কেইটামান উদাহৰণ দিয়া যুগুত হ’ব ৷খ্ৰীষ্ট পূৰ্বৰ 213 ত  চুবুৰীয়া চীন দেশৰ ইতিহাস সাক্ষী হৈছিল  এনে এক ক’লা অধ্যায়ৰ৷স্বৈৰাচাৰী সম্ৰাট চিন চি হোৱাং (Qin Shi Huang)এ ক্ষমতাত বৰ্তি থাকিবলৈ অমানুষিক পন্থা হাতত লৈছিল৷হোৱাঙে সদায় সন্দেহৰ চকুৰে চাইছিল পণ্ডিত,দাৰ্শনিক, তেওঁলোকৰ চিন্তা- চৰ্চা আৰু দৰ্শনক৷তাও মতাদৰ্শ আৰু কনফুচিয়াচৰ  মানৱতাবাদী  দৰ্শনে যাতে মানুহক প্ৰভাৱান্বিত কৰিব নোৱাৰে  তাৰ বাবে এইসকল দাৰ্শনিকৰ গ্ৰন্থসমূহ পুৰি পেলাবলৈ নিৰ্দেশ দিছিল হোৱাঙে৷সম্ৰাটৰ নিৰ্দেশত পুৰি পেলোৱা হৈছিল হাজাৰ হাজাৰ অমূল্য গ্ৰন্থ৷গ্ৰন্থ দাহেই নহয়, স্বৈৰাচাৰী সম্ৰাট চিন চি হোৱাঙৰ নিৰ্দেশত চাৰিশ ষাঠী গৰাকীৰো অধিক পণ্ডিতক জীৱন্তে  সমাধিস্থ কৰা হৈছিল৷ইতিহাস আৰু দৰ্শনৰ সকলো গ্ৰন্থ নষ্ট কৰা হৈছিল৷তাৰ ঠাইত সম্ৰাটৰ প্ৰশস্তি ,গুণ-গৰিমা বখানি ইতিহাস সলনি কৰি নতুনকৈ গ্ৰন্থ ৰচনা কৰা হৈছিল ৷প্ৰায় তিনি বছৰ ধৰি চলিছিল হোৱাঙৰ এই ধ্বংস যজ্ঞ৷ইয়াৰ পিছত সম্ৰাটৰ কি হ’ল ? নৃশংস, বৰ্বৰ কৰ্ম কাণ্ডই তেঁওক  নিষ্কণ্টক কৰিব পাৰিছিল নে ? ইতিহাসত ইয়াৰ স্পষ্ট উল্লেখ নাই ৷কিন্তু এটা কথা ঠিক নিজৰ কৃতকৰ্মৰ বাৱে সৰ্বসাধাৰণৰ ঘৃণা আৰু অভিশম্পাতৰ পাত্ৰ হৈছিল হোৱাং৷এটা তথ্যৰ মতে অতি বিশ্বস্ত অথবা আত্মীয়ই সম্ৰাটক হত্যা কৰিছিল৷ 

               চিন চি হোৱাঙৰ সময়ৰ পৰা এইবাৰ আহিছো আহোম ৰাজত্ব কাললৈ৷স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ ৰাজত্বকালত (1751-1769)সংঘটিত হৈছিল বুৰঞ্জী দাহৰ ঘটনা৷বৃদ্ধ ৰজাৰ দুৰ্বলতাৰ সুযোগ লৈ উঠিৰজা হৈ পৰিছিল কীৰ্তিচন্দ্ৰ বৰবৰুৱা৷ ক্ষমতাই এটা সময়ত কীৰ্তিচন্দ্ৰৰ মূৰত ধৰিছিল৷ অহংকাৰী বৰবৰুৱাৰ কৰ্ম- কাণ্ডত অতিষ্ঠ হৈ পৰিছিল ডা- ডাঙৰীয়াসকল৷ এনে এজন অসন্তুষ্ট বিষয়া নুমলী বৰগোঁহাইয়ে কীৰ্তিচন্দ্ৰক নকল আহোম বুলি অভিহিত কৰি লিখি উলিয়াইছিল “চকৰি ফেঁটী  বুৰঞ্জী”৷ নুমলী বৰগোঁহাইৰ এই কাৰ্যত  হিতাহিত জ্ঞান শূণ্য হৈ কীৰ্তিচন্দ্ৰই ৰাজেশ্বৰ সিংহক উচতনি দিবলৈ ল’লে৷কীৰ্তিচন্দ্ৰৰ উচতনিত স্বৰ্গদেউৰ নিৰ্দেশত সংঘতিত হ’ল এক নিকৃষ্ট কাণ্ড৷বিচাৰি বিচাৰি আনি জ্বলাই দিয়া হ’ল শ শ বুৰঞ্জী পুথি ৷বুৰঞ্জী দাহৰ ফলত জ্বলি ছাই হৈ গ’ল ইতিহাসৰ বহু মূল্যবান তথ্য৷আহোম যুগৰ ইতিহাসৰ এয়া এক ক’লা অধ্যায়৷পিছে নিজৰ উদ্দেশ্যত সফল হ’ব পাৰিলে জানো কীৰ্তিচন্দ্ৰ? মুঠেও নহ’ল৷ তথ্য নষ্ট কৰিবলৈ বুৰঞ্জী দাহ কৰিলে যদিও সেই কাৰ্যই তেঁওৰ দাগ মচিব নোৱাৰিলে ৷ জলমবটা হ’য়নে নহ’য় সেয়া পিছৰ কথা ৷কিন্তু এই কাণ্ডৰ ফলত কীৰ্তিচন্দ্ৰৰ কুকীৰ্তি অসম বুৰঞ্জীত লিপিবদ্ধ হৈ ৰ’ল ৷এজন সুদক্ষ ডাঙৰীয়া হিচাবে নহ’য়, মূঢ়, ক্ষমতালিপ্সু, অহংকাৰী, ,অবিবেচক বিষয়া হিচাবেহে ইতিহাসত কুখ্যাতি থাকি গ’ল কীৰ্তিচন্দ্ৰৰ ৷আহোম যুগৰ এই উদাহৰণে এটা কথা প্ৰতিপন্ন কৰে – ইতিহাস সলাব নোৱাৰি৷ইতিহাসে নিজেই নিজৰ বাট পোনাই লয়৷নিঃসন্দেহে কীৰ্তিচন্দ্ৰ বৰবৰুৱা এজন দক্ষ বিষয়া আছিল৷কিন্তু ক্ষমতালিপ্সা ,অহংকাৰ আৰু  স্বেচ্ছাচাৰিতাই সেই দক্ষতাক অৰ্থহীন কৰি পেলাইছিল৷মোৱামৰীয়া বিদ্ৰোহৰ এক কাৰণ আছিল কীৰ্তিচন্দ্ৰৰ অহংকাৰ আৰু স্বেচ্ছাচাৰ ৷নক’লেও হ’ব ছশ বছৰীয়া গৌৰৱোজ্জ্বল আহোম শাসনৰ বেলি মাৰ যোৱাৰ অন্যতম কাৰণ আছিল মোৱামৰীয়া বিদ্ৰোহ৷আৰু এদিন মোৱামৰীয়া বিদ্ৰোহহীয়ে সবংশে হত্যা কৰিছিল কীৰ্তিচন্দ্ৰ বৰবৰুৱাক৷

         কুৰি শতিকাৰ Fahrenheit 451 বুলি অভিহিত কৰিব  পাৰি নাজি জাৰ্মানীৰ গ্ৰন্থ দাহৰ ঘটনাক৷1930 চনৰ পৰা আৰম্ভ হৈছিল গ্ৰন্থ দাহ অভিযান৷এই অভিযানৰ লক্ষ্য হৈ পৰিছিল শান্তিকামী, উদাৰপন্থী,সমাজবাদী, কমিউনিষ্ট ,ইহুদী লেখকৰ গ্ৰন্থ সমূহ৷কাৰ্ল মাৰ্ক্স,এলবাৰ্ট আইনষ্টাইন, ফ্ৰেডৰিক এঞ্জেলছ, ছিগমুণ্ড ফ্ৰয়েড, হাইনৰিখ হাইনে, ফ্ৰানজ কাফকা, ভিক্টৰ হিউগ',আৰ্ণেষ্ট হেমিংৱে, হেলেন কেলাৰ, এইচ জি ৱেলছ,ডষ্টয়েভস্কি,মেক্সিম গৰ্কি,ভ্লাডিমিৰ লেলিন, লিঅ' টলষ্টয়ৰ দৰে বিশ্ব বিশ্ৰুত লেখকৰ হাজাৰ হাজাৰ মূল্যবান গ্ৰন্থ জ্বলাই দিয়া হৈছিল নাজি জাৰ্মানীত ৷নাজিবাদৰ বিৰুদ্ধে মাতমতা বহু লেখক, বিজ্ঞানী আৰু শিল্পীৰ সৃষ্টি কৰ্মত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল৷বিদ্যালয়,বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ পৰা আতৰাই পেলোৱা হৈছিল এই সকল লিখকৰ লেখনি৷গ্ৰন্থাগাৰ, ছপাশালত নিষিদ্ধ কৰা হৈছিল এনে গ্ৰন্থৰ ৰচনা,সংৰক্ষণ,প্ৰকাশ৷

জাৰ্মান জাতীৰ একত্ৰিকৰণ, জাৰ্মান ভাষা – সাহিত্যৰ শুদ্ধিকৰণ,জাৰ্মান সংস্কৃতিৰ ৰক্ষণাবেণৰ দোহাই দি চলিছিল ধ্বংস যজ্ঞ৷প্ৰখ্যাত জাৰ্মান লিখক হাইনৰিখ হাইনে (Heinrich Heine) এ লিখিছিল – “ When they burn books, they will in the end also burn people.”হাইনেৰ এই উক্তি সত্য প্ৰমাণিত কৰি নাজি জাৰ্মানীত গ্ৰন্থ দাহৰ সমান্তৰালকৈ চলিছিল ইহুদী সংহাৰ পৰ্ব৷বহু লিখকক জাৰ্মানীৰ পৰা নিৰ্বাসিত কৰা হৈছিল ৷আন বহু লিখক, বুদ্ধিজীৱী,চিন্তাবিদক কনচেনট্ৰেশ্যন কেম্পত নৃশংসভাৱে হত্যা কৰা হৈছিল৷

            জাৰ্মান তেজ প্ৰবাহিত সকলো লোককে জাৰ্মান ৰাইখ (Reich)অৰ্থাৎ জাৰ্মান সাম্ৰাজ্যত একত্ৰিত কৰাই আছিল নাজিবাদৰ মূল লক্ষ্য৷হিটলাৰৰ যুক্তি আছিল – যিহেতু জাৰ্মান সকল নৰ্ডিক অৰ্থাৎ উচ্চ জাতৰ গতিকে অনাৰ্যসকলক শাসন কৰাটো আৰ্য জাৰ্মানৰ জন্মস্বত্ব অধিকাৰ৷ইহুদীসকলক জাৰ্মানীৰ দুৰ্ভাগ্য আৰু অভিশাপৰূপে গণ্য কৰিছিল হিটলাৰে৷আৰু নিজে হৈ পৰিছিল জাৰ্মানীৰ ভগৱান৷কিন্তু এদিন ভগৱানৰ চকুৰ সন্মুখতে থানবান হৈ গৈছিল তেওঁৰ স্বৰ্গ৷ সাম্ৰাজ্যবাদ, একনায়কত্ববাদক ৰক্ষণাবেক্ষণ দিবলৈ হাজাৰ হাজাৰ গ্ৰন্থ দাহ কৰি, বাক স্বাধীনতা, প্ৰকাশৰ স্বাধীনতা, বৌদ্ধিক চিন্তা- চৰ্চাক টেটুচেপা দিয়া হৈছিল যদিও সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছিল নাজিবাদৰ উদ্দেশ্য৷ বৰং এই স্বৈৰাচাৰী কছৰতৰ নেতিবাচক প্ৰভাৱহে পৰিছিল জাৰ্মানীৰ ওপৰত৷দ্বিতীয় বিশ্বযুদ্ধই বিধ্বস্ত কৰি গৈছিল হিটলাৰৰ জাৰ্মানীক৷একত্ৰ জাৰ্মানীৰ ঠাইত মিত্ৰশক্তিয়ে দেশখনক চাৰিভাগত বিভক্ত কৰিছিল৷পূৱ আৰু পশ্চিম জাৰ্মানীক বিভক্ত কৰি  মূৰ দাঙি উঠিছিল বাৰ্লিন দেৱালে৷দুৰ্ভিক্ষ পীড়িত জাৰ্মানীৰ কৃষি,বানিজ্য,উদ্যোগ স্থবিৰ হৈ পৰিছিল৷যুদ্ধই থানবান কৰি পেলাইছিল জাৰ্মানীৰ অৰ্থনীতি৷ বিভিন্ন দেশৰ পৰা খেদা খাই জাৰ্মানীলৈ ঢাপলি মেলিছিল  দহ  নিযুততকৈও অধিক জাৰ্মানভাষী লোকে৷আৰু হিটলাৰ ? কোনোৰ মতে পৰাজয়ৰ গ্লানি সহিব নোৱাৰি আত্মহত্যা কৰিছিল ৷আন এক তথ্য অনুসৰি দ্বিতীয় বিশ্বযুদ্ধত মিত্ৰ শক্তিৰ হাতত জাৰ্মানীৰ পৰাজয়ৰ পিছত প্ৰাণৰ ভয়ত আত্মগোপন কৰিছিল কুৰি শতিকাৰ আটাইতকৈ ঘৃণীত ব্যক্তিজনে৷আত্মহত্যা বা আত্মগোপন যিয়েই নহওক, দুয়ো ক্ষেত্ৰতে পৰিস্থিতিৰ মুখামুখি হ’ব নোৱাৰি জাৰ্মানসকলক অথাই সাগৰত এৰি পলায়ন কৰিছিল জাৰ্মানীৰ ভগৱান হোৱাৰ ধৃষ্টতা কৰা হিটলাৰে ৷         
          ইতিহাস সলনি, তথ্য বিকৃতি,চেন্সৰৰ প্ৰৱণতা বৰ্তমান সময়তো ক্ৰমাৎ বাঢ়িবলৈ লৈছে৷যিটো মুঠেই শুভলক্ষণ নহয়৷টিপু চুলতানৰ ইতিহাস সলনি,তাজমহলৰ নতুন ব্যাখ্যা, অশোকতকৈ চন্দ্ৰগুপ্ত মৌৰ্যক মহান সজোৱাৰ প্ৰৱণতা, নাথুৰাম গডছেক 'গড ' সজোৱাৰ প্ৰৱণতা, পদ্মাৱত  (পদ্মাৱতী) চিনেমাক লৈ অযথা হৈ চৈ এনে কিছুমান উদাহৰণ৷জোৰদাৰ হ'বলৈ ধৰা এনে প্ৰৱণতাই যে এটা সময়ত ফায়াৰমেন গাই মণ্টাগৰ দৰে চৰিত্ৰৰ জন্ম নিদিব বা Fahrenheit 451 ৰ দৰে পৰিস্থিতিৰ সৃষ্টি নকৰিব তাক জানো কোনোবাই ন দি ক’ব পাৰিব ? বুমেৰাং হোৱাৰ পূৰ্বেই এনে প্ৰৱণতাক নিৰুৎসাহ কৰাই যুগুত৷History is the echo of past and a divine massage of future. ইতিহাস অতীতৰ প্ৰতিধ্বনি৷এই প্ৰতিধ্বনিৰ পৰা শিক্ষা লৈ ভৱিষ্যতক সংশোধন কৰিব পাৰি ৷কিন্তু ইতিহাস সলনি কৰিব নোৱাৰি৷চেন্সৰ, নিষেধাজ্ঞাই সৃষ্টিশীলতাক, প্ৰগতিশীল চিন্তাক সাময়িকভাৱে স্থবিৰ কৰিব পাৰে, ৰুদ্ধ কৰিব নোৱাৰে৷জাৰ্মান গ্ৰন্থ দাহৰ সময়ত আমেৰিকাৰ প্ৰসিদ্ধ লেখিকা, সক্ৰিয় ৰাজনৈতিক কৰ্মী হেলেন আডামছ  কেলাৰে জাৰ্মান ছাত্ৰসকললৈ এখন পত্ৰ লিখিছিল৷পত্ৰত তেঁও লিখিছিল- “You may burn my books and the books of the best minds in Europe , but the ideas those books contain have passes through millions of channels and will go on.”কেলাৰৰ ভাষাৰেই প্ৰসিদ্ধ লেখকসকলৰ গ্ৰন্থসমূহ পুৰি পেলাব পাৰি, কিন্তু সেই গ্ৰন্থসমূহত নিহিত আদৰ্শ আৰু বিচাৰধাৰাক জানো কোনোবাই নিঃশেষ কৰিব পাৰে ? কোনো শক্তিয়েই নোৱাৰে ৷ আগতেও পৰা নাছিল, আগলৈও নোৱাৰে ৷
অসমৰ কেইবাটাও আগশাৰীৰ টেলিভিচন চেনেলৰ প্ৰযোজিকা, সাংবাদিক তথা এংকৰ ৰূপে অভিজ্ঞতাপুষ্ট লেখিকা। তেখেতে নিয়মীয়াকৈ ছপা মাধ্যমতো অৰিহণা যোগাই আহিছে।                 

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages