চিন্তন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হৰলুকি চাকৰিঃ ঠিকাভিত্তিত চলিব নেকি দেশ?
ডঃ দীনেশ বৈশ্য
কথা আছিল বছৰি দুই কোটিকৈ চাকৰি সৃষ্টি কৰা। কথা আছিল দেশৰ নিবনুৱা সমস্যা সমাধান কৰা। কংগ্ৰেছে ষাঠি বছৰে দেশত নিবনুৱা সমস্যা বৃদ্ধি কৰিলে, গতিকে বিজেপিয়ে এই সমস্যা শেষ কৰিব। বছৰি দুই কোটি দূৰৰে কথা এতিয়া থকা চাকৰিবিলাকো আৰু নাথাকে বুলিহে ঘোষণা কৰিছে।

অসম চৰকাৰে অলপতে সগৌৰৱে কৈ দিলে চতুর্থ শ্রেণীৰ চাকৰিবিলাক উঠি যাব। চৰকাৰী কাৰ্যালয়ত লাখ লাখ চতুর্থ শ্ৰেণীৰ চাকৰিয়াল আছে, সেইবিলাক চাকৰি নোহোৱা হ’ব। তেনেহ’লে কার্যালয়বিলাক কেনেদৰে চলিব? শুনিছো সেইবিলাক কাম কৰিবলৈ ব্যক্তিগত খণ্ডৰ প্রতিষ্ঠানক ঠিকা দিব। নতুবা এন জি অ’বিলাকক ঠিকা দিব। অর্থাৎ চৰকাৰী কার্যালয়ৰ কাম এতিয়া ঠিকাত চলিব। হয়তো এটা দিন আহিব চৰকাৰখনেই ঠিকাত চলিব। আচলতে বর্তমানেও চৰকাৰখন ঠিকাতেই চলিছে। চৰকাৰী সিদ্ধান্তসমূহে ঠিকাদাৰী সংস্থাসমূহেই লৈছে। ৰাইজৰ প্ৰতিনিধি বোলা  সকলো এতিয়া কোম্পানীৰহে চাকৰিয়াল। তেওঁলোক বণিক গোষ্ঠীসমূহেহে চলাই আছে। হয়তো অদূৰ ভৱিষ্যতে সকলো চৰকাৰী চাকৰি নাইকিয়া হৈ সকলো কাম ঠিকাৰে চলিব। চৰকাৰী চাকৰি বুলি কোনো কথা নাথাকিব।

নব্য উদাৰবাদী অৰ্থনীতিৰ প্ৰৱৰ্তনৰ সময়ৰ পৰা যোৱা তিনিটা দশকত ভাৰতবৰ্ষত কৰ্মহীনতা বৃদ্ধি হৈছে। মুক্ত অৰ্থনীতিৰ প্ৰৱৰ্তক সকলৰ সৈতে হোৱা বিভিন্ন চুক্তি অনুসৰি চৰকাৰী চাকৰিৰ সংখ্যা দিনে দিনে কমাই অনহা হৈছে। নতুনকৈ চাকৰি সৃষ্টি হোৱা নাই। অৱসৰপ্ৰাপ্ত পদ সমূহ  বিলুপ্ত কৰি দিয়া হৈছে। স্কুল, কলেজ, বিশ্ববিদ্যালয়ত নতুন শিক্ষকৰ পদ সৃষ্টি হোৱা নাই। যোৱা কেইবছৰমানত ভাৰতবৰ্ষত প্ৰায় দুই লাখ স্কুল বন্ধ কৰি দিয়া হৈছে। কম্পিউটাৰাইজেচন আৰু ডিজিটাইলজনৰ কৰাৰ নামত বিশাল বণিক গোষ্ঠীক বিশাল পৰিমানৰ ধন দিয়া হৈছে। যি পৰিমানৰ ধন কম্পিউটাৰাইজেচন আৰু ডিজিটাইলজনৰ নামত খৰচ কৰিছে সেই ধনেৰে তিনিগুণৰ অদিক লোকক চাকৰিপ দিব পাৰিলেহেতেন। চাকৰিৰ সুবিধা কম কৰি, দেশৰ উন্নতি কৰিছে আমাৰ দেশৰ শাসকসকলে।।


দেশৰ কোটি কোটি মানুহ এতিয়া কর্মহীন নিবনুৱা। নিবনুৱা সমস্যা এতিয়া দেশৰ আটাইতকৈ ডাঙৰ সমস্যা। দেশৰ শিক্ষিত যুৱকসকলক নিবনুৱা কৰি ৰাখি ৰাজনৈতিক দলসমূহে তেওঁলােকক দলৰ শ্ৰমিক কৰি ৰাখিছে। এই কামত ৰাজনৈতিক দলসমূহ সফল হৈছে। এটা চাকৰি বা এটা ব্যৱসায়ৰ সুবিধা পাবলৈ হ’লে কোনােবা এটা ৰাজনৈতিক দল কৰ্মী অথবা শ্রমিক হােৱাটো প্ৰয়ােজন। এই ধাৰণা এটাই এতিয়া যুৱকযুৱতীসকলক একাংশ আদর্শহীন ৰাজনৈতিক দলৰ কৰ্মী হ’বলৈ একপ্ৰকাৰে বাধ্য কৰিছে। 

প্ৰায় প্ৰতিটো ৰাজনৈতিক দলেই কৰ্মৰ সুবিধা, নিবনুৱা সমস্যা সমাধান আৰু উপাৰ্জনৰ অন্যপথৰ সুবিধাৰ কথা কৈ দেশৰ যুৱক-যুৱতীসকলক আকৰ্ষিত কৰিবৰ চেষ্টা কৰে। দিনে দিনে নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধৰিছে। বছৰৰ পাছত বছৰ ধৰি চাকৰিৰ দৰ্খাস্ত কৰি হায়ৰাণ হৈছে নিবনুৱা শিক্ষিত যুৱকযুৱতীসকল। চাকৰি আছে কেইটামান-প্ৰাৰ্থী লাখ লাখ। পৰীক্ষা আৰু যোগ্যতাৰ ভিত্তিতহে পৰীক্ষা হব। পৰীক্ষা ভাল কৰিবলৈ দিনে ৰাতিয়ে কিতাপ পঢ়ে। অদ্ভুত অদ্ভুত কথাবিলাক মনত ৰাখিবলৈ চেষ্টা কৰি ভাগৰি পৰে প্ৰাৰ্থী সকল। চাকৰিৰ বজাৰত আকৌ ৰাজনৈতিক নেতা বা উচ্চ পদস্থ বিষয়াৰ ছুপাৰিছ অথবা চাকৰি দিব পৰা লোকক টকা-পইচা উপঢৌকন দিয়াৰ কথাটো আটাইতকৈ জনপ্ৰিয়। বজাৰত মাছ বেচাৰ দৰে চাকৰি  বিক্ৰী কৰি থাকে শাসক সকলে। এই কথা অসমতকৈ বেছি চাগে ক'তো প্ৰমাণিত হোৱা নাই। পৰীক্ষা নিলিখাকৈ কেৱল ৰাজনৈতিক নেতা বিষয়াৰ সহায়ত চাকৰি পাইচে বহুতে, এই কথা জনসাধাৰণে কোৱা নাই, চৰকাৰে নিজে কৈছে, নিজে প্ৰমাণ কৰিছে। ভালৰাে ভাল চাকৰি, প্রশাসকৰ চাকৰি পােৱা লােককো চকীৰ পৰা টানি আনি জেলত ভৰাইছে চৰকাৰে নিজে। এখন চৰকাৰে চাকৰি দিছিল আনখন চৰকাৰে চাকৰি নােহােৱা কৰিছে। কি বিচিত্র লীলা-খেলা। ৰাজনৈতিক দল কথা মতে যিসকলে উঠাবহা কৰিব পাৰে, যিসকল শাসকসকলৰ সকলাে কথা নির্বিবাদে শুনে, যিসকল | ৰাজনৈতিক নেতাসকলৰ গােলামৰ দৰে হ’ব পাৰে, তেওঁলােকৰ হাততেই সপি দিয়া হয় চৰকাৰী চাকৰি বিতৰণৰ কাৰ্যসূচী আৰু প্রভু সকলৰ কথা মতেই চাকৰি বিতৰণ কৰা হয় বুলি জনসাধাৰণেও ভাবে আৰু চৰকাৰেও ভাবে। চৰকাৰে কেৱল ভবাই নহয়, প্রমাণাে কৰে।

চাকৰিৰ বজাৰখন। চৰকাৰে ক্ৰমাৎ মহঙা কৰি আনিছে। চাকৰিৰ সংখ্যা কমাই কমাই দাম বৃদ্ধি কৰিছে। সাধাৰণ অফিচৰ পিয়নৰ চাকৰিৰ বাবেও এম এ, এম এছ চি পাছ কৰা যুৱক-যুৱতীয়ে লাখে লাখে দৰ্খাস্ত কৰা কথাটো চৰকাৰে নিজেই প্রচাৰ কৰিছে। এনে এক পৰিস্থিতিত ২০১৪ চনৰ নির্বাচনত আটাইতকৈ ডাঙৰ প্রতিশ্রুতিটো দিছিল বৰ্তমানৰ শাসক দল বিজেপিৰ প্ৰধানমন্ত্ৰীৰ প্রার্থী, বৰ্তমানৰ প্রধানমন্ত্রীগৰাকীয়ে। তেওঁ উদাত্ত কণ্ঠে জনাকীৰ্ণ সভা সমূহত পনিবনুৱা সকলক প্ৰতিশ্ৰুতি দি কৈছিল-বছৰি দুই কোটিকৈ চাকৰি নিশ্চিত কৰিব দলে-যদি শাসনৰ সুবিধা পায়। বহুতে ভাবে কেৱল এই প্ৰতিশ্ৰুতি পােই অইন সকলো কথা পাহৰি দেশৰ যুৱক যুৱতী সকলে বিজেপি দলক ভোট দিছিল। বিজেপি দলে শাসনৰ গাদীত বহা প্ৰায় চাৰি বছৰ হ'ল। দেশত নিবনুৱাৰ সমস্যা নকমিল বৰং বাঢ়িল। চৰকাৰী চাকৰিৰ সংখ্যা দিনক দিনে কমাই আনিলে। তেওঁলোকে ঘোষণো কৰিলে যে পাঁচ বছৰ ধৰি পূৰণ নোহোৱা পদ সমূহ বন্ধ কৰি দিয়া হব বা বিলুপ্ত কৰা হব। এতিয়া নিবনুৱা সকলে প্ৰশ্ন কৰিছে, পাঁচ বছৰে পদ সমূহ পূৰণ কিয় কৰা নহ'ল? পদসমূহ কি জনসাধাৰণে পূৰণ কৰাত বাধা দিছিল নেকি? পূৰণ নকৰা পদ বিলুপ্তি কৰাৰ ুক্তি কি? কি কাৰণে কি কথাৰ বাবে চৰকাৰী পদৰ বিলুপ্তি কৰা হৈছে?

চৰকাৰী চাকৰিত ঠিকাৰ কৰ্মচাৰী নিযুক্তি কিয় কৰিছে? ঠিকা ভিত্তিক কৰ্মচাৰী নিযুক্তি কৰাৰ যুক্তি কি চৰকাৰৰ? চৰকাৰে স্থায়ী পদত নিযুক্তি বন্ধ কৰি ঠিকাভিত্তিক পদত কিয় নিযুক্তি দিয়ে? কাৰণ কি? দেশৰ মুৰব্বীসকলৰ শাসকসকলৰ, মন্ত্ৰী-বিধায়ক সাংসদসকলৰ দৰমহা বৃদ্ধি কৰিবলৈ চৰকাৰৰ পইচা থাকে, কিন্তু স্থায়ী পদত নিযুক্তি দিবলৈ চৰকাৰৰ ধনৰ অভাৱ হয়। কিয় এনেকুৱা হয় ? এইবিলাক কথা এতিয়া দেশত সর্বত্র চৰ্চিত হৈছে। এইবিলাক প্ৰশ্ন এতিয়া দেশৰ নিবনুৱাসকলে মুকলিকৈ কৰিছে। বছৰি দুই কোটিকৈ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়া দেশৰ প্ৰধানমন্ত্ৰীজনে এতিয়া কি যুক্তিৰে ‘পকৰি বিক্ৰী কৰি দিনে দুশ টকা উপাৰ্জন | কৰাসকলৰ কথা মুকলিকৈ কৈছে? এই প্রশ্ন এতিয়া সৰ্বত্ৰ উচ্চাৰিত হৈছে।

সমীক্ষা অনুযায়ী সম্প্ৰতি ভাৰতবৰ্ষত কেইবাকোটি শিক্ষিত নিবনুৱা আছে। এই বিশাল সংখ্যক যুৱক-যুৱতীয়ে পঢ়া-শুনা শেষ কৰি চাকৰিৰ অপেক্ষাত নিদ্ৰাহীনভাৱে হতাশাত ভুগি দিন কটাইছে। যিসকল শিক্ষিতলোকে সৌভাগ্যক্ৰমে চাকৰি পাইছে বেছিভাগেই যোগ্যতা অনুসৰি চাকৰি পোৱা নাই। এম এ, এমএছচি পাছ কৰি মেট্ৰিক পাছ কৰিলেও হোৱা চাকৰিতহে যোগদান কৰিবলৈ সুবিধা পাইছে। ডক্টৰেট কৰা লোকে কেৰাণী বা প্ৰাথমিক বিদ্যালয়ৰ চাকৰিত যোগদান কৰিছে। বেছিভাগ চাকৰিয়েই  ঠিকা ভিত্তিক বা অস্থায়ী। অস্থায়ী বা ঠিকাৰ চাকৰিটো কেতিয়া নোহোৱা হব কোনো নিৰাপত্তা নাই। এনে এক পৰিস্থিতিত  দেশৰ প্ৰান্তে প্ৰান্তে নিবনুৱাসকলে প্ৰশ্ন তুলিছে-চাকৰি কিয় নহব? 

দেশৰ শিক্ষিত যুৱক সকলে এতিয়া প্ৰত্যক্ষভাৱে প্ৰশ্ন কৰিছে,চাকৰি যদি দিব নোৱাৰে নােৱাৰা শাসনৰ গাদীতে বহিব নােৱাৰা। ৰাজনৈতিক দলসমূহক প্রশ্ন কৰিছে— যদি চাকৰি দিব নােৱাৰা তেনেহ'লে চাকৰি দিম বুলি কিয় কৈছিলা? মিছা প্রতিশ্রুতি কিয় দিছিলা? যুৱক-যুৱতীসকলে এতিয়া কৈছে ভােট বিচাৰি গৈ নির্বাচনী সভাত চাকৰি দিম বুলি মিছা কথা কলেই নহ'ব, কত কেনেকৈ কি চাকৰি দিব তাৰ হিচাপাে দিব লাগিব আৰু সেই মতে চাকৰি পাব লাগিব। অস্থায়ী আৰু ঠিকা ভিকি চাকৰি দিলে নহ'ব, স্থায়ী চাকৰি দিব লাগিব।

 দেশত সর্ব প্রথম ৰাজহুৱাভাৱে এটা দাবী। উত্থাপিত হৈছে কর্ণাটক ৰাজ্যত। কর্ণাটকৰ যুৱকসকলে নিজেই ইস্তাহাৰ প্রস্তুত কৰিছে। তেওঁলােকে প্রস্তুত কৰা ইস্তাহাৰ যিসকলে অর্থাৎ যিবিলাক ৰাজনৈতিক দলে গ্ৰহণ কৰিব সেই দলকহে ভােট দিব যুৱকসকলে। তেওঁলােকে কৈ দিছে ‘চাকৰি নহ'লে ভােট নিদিওঁ। No. job no vote এতিয়া কর্ণাটক ৰাজ্যৰ যুৱক ছাত্ৰসকলৰ মুখে মুখে। সকলােৰে এটাই কথা চাকৰি যদি দিব নােৱাৰা ভােট খুজিবলৈ নাহিবা। 

ভােট বিচাৰি অহা সভাত এতিয়া তােমালােকে ধৰ্মৰ কথা, জাত-পাতৰ কথা, টকা-পইচা, উন্নতিৰ কথা নক’বা। আমাক মাত্র এটা কথা লাগে কিমান চাকৰি দিবা? নির্বাচনী সভাত কেৱল সেই কথাহে ক’বা কিমান চাকৰি কাক কেনেকৈ দিবা। চাকৰি  উপযুক্ত হব লাগিব। এমএছচি কৰা লোকক পিয়নৰ চাকৰি দিলে নহব।

যোৱা ১৮ ফেব্ৰুৱাৰীত কৰ্ণাটকৰ ৰাজধানী বেংগেলুৰুত ৰাজ্যখনৰ লাখ লাখ ছাত্ৰ যুৱক সমবেত হৈ তেওঁলোকে নিজে প্ৰস্তু কৰা ইস্তাহাৰ তুলি দিবলৈ সিদ্ধান্ত লয়। যি দলে তেওঁলোকৰ এই ইস্তাহাৰ নিজৰ বুলি গ্ৰহণ কৰে তেওঁলোককহে গ্ৰহণ কৰা হব। যি সকলে এই ইস্তাহাৰ গ্ৰহণ নকৰে, তেওঁলোকক নিৰ্বাচনত পৰিত্যাগ কৰা হব। 


অসমতো এনকুৱা এটা আন্দোনল কৰিবলৈ অসমৰ ছাত্ৰ-যুৱক সকল আগবাঢ়ি আহিবনে? আমি অতি আগ্ৰহেৰে বাট চাই আছো সেই দিনটোলৈ। ২০১৯ বা ২০২০ ত অসমত ভাৰতবৰ্ষৰ আন ৰাজ্যতো ছাত্ৰ যুৱকে এনেদৰে একগোট হবনে?

লেখকৰ ফোন-98640-20112

No comments:

Post a Comment