Monday, February 5, 2018

প্ৰৱন্ধ

পিকেটিৰ অসমতা বনাম স্বামীৰ উদাৰতা
ইন্দ্ৰজিত বৰা

বিগত মাহত আধুনিক মাৰ্ক্স খ্যাত থমাচ পিকেটিৰ বিশ্ব আয় অসমতাৰ প্ৰতিবেদনৰ প্ৰেক্ষাপটত প্ৰতিৰোধক যুক্তি বিচাৰি বজাৰ উদাৰবাদী স্বামীনাথন এচ অঙ্কেশ্বৰীয়া আয়াৰে কম্বোডিয়াৰ নিধনক্ষেত্ৰৰ যাদুঘৰ ভ্ৰমণ কৰিবলগীয়া হ’ল বুলি তেখেতে যোৱা সপ্তাহৰ এটা স্তম্ভত ব্যক্ত কৰিলে ৷ এই প্ৰসঙ্গত স্বামী ডাঙৰীয়াই ইচ্ছাকৃতভাৱে United Nations University World Institute for Development Economics Research (UNU-WIDER) য়ে প্ৰকাশ কৰা প্ৰতিবেদনখন আংশিকভাৱেহে অৱগত কৰিছে ৷ আচলতে, এই প্রতিবেদন মতে যোৱা চাৰিটা দশকত বিশ্ব আয়ৰ অসমতা আপেক্ষিকভাৱেহে হ্ৰাস পাইছে কিন্তু স্বতন্ত্ৰভাৱে নিৰ্ণয় কৰা গিনি সূচাংক বৃদ্ধিহে পাইছে ৷ তদুপৰি, ৰাষ্ট্ৰবিলাকৰ আভ্যন্তৰিণ অসমতা বৃদ্ধি পাইছে ৷ এইটো সহজেই অনুধাৱন কৰিব পাৰি যে গোলকীকৰণে সৃষ্টি কৰা বিনিয়োগৰ মুক্ত প্ৰবাহে বিশ্বব্যাপী আন্তঃৰাষ্ট্ৰীয় পুঁজিৰ মুনাফা অৰ্জনৰ এক ভৌগোলিক সুষমতা আনিছে আৰু লগে লগে অন্তৰ্দেশীয় অসমতা বৃদ্ধি পাইছে ৷ গতিকে স্বামী ডাঙৰীয়াই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আপেক্ষিক অসমতা হ্ৰাস হোৱাৰ তথ্যক আওকান কৰি ৰাষ্ট্ৰবিলাকৰ আভ্যন্তৰিণ অসমতাক গুৰুত্ব দিয়া কাৰ্যক অনৈতিক বুলি ক’লেও আমাৰ বুজাত তিলমানো অসুবিধা নহয় আচলতে অনৈতিকতা কি ৷
কোনো দ্বিমত থাকিব নোৱাৰে যে ৰাষ্ট্ৰব্যৱস্থাৰ বলপূৰ্বক আয় সমতাৰ অভিযান যান্ত্ৰিক আৰু ই দমন ব্যৱস্থালৈ ৰূপান্তৰ হৈ সমসুযোগৰ অধিকাৰক প্ৰতিহত কৰিব পাৰে ৷ স্বামী ডাঙৰীয়াই আকৌ স্বীকাৰ কৰিছে যে অত্যাধিক আয়ৰ অসমতা বেয়া, তাৰ বাবে প্ৰগতিমূলক কৰ আৰু সামাজিক নিৰাপত্তাৰ আঁচনি লাগিব ৷ অৱশ্যে তেনে আয়ৰ পুনৰবিতৰণ গণতান্ত্ৰিক ৰাষ্ট্ৰব্যৱস্থাইহে কৰিব লাগিব, কোনো অধিনায়কত্ববাদী ৰাষ্ট্ৰব্যৱস্থাই নহয় ৷ একেদৰে একচেতীয়া পুঁজিৰ আগ্ৰাসনত গনতন্ত্ৰৰ জানো কিবা অৰ্থ থাকিব পাৰে ৷ স্বামী ডাঙৰীয়াই কৈছে আয়, সুযোগ আৰু ক্ষমতাৰ ভিতৰত দ্বিতীয় দুবিধহে বেছি গুৰুত্বপূৰ্ণ ৷ পিছে এইটো বুজাত বোধকৰোঁ কোনো অসুবিধা হ’ব নালাগে যে পুঁজিবাদী বিকাশ আয়ৰ ওপৰত প্ৰতিষ্ঠিত, সুযোগ আৰু ক্ষমতাৰ বৈষম্য হ’ল আয়ৰ বৈষম্যৰ ফলত সৃষ্টি হোৱা জমা প্ৰক্ৰিয়াৰ পাৰ্শ্বক্ৰিয়াহে মাথো ৷ মুক্ত বজাৰ ব্যৱস্থাত সম্পত্তি বৰ্ধিতভাৱে কেন্দ্ৰীভূত হোৱাৰ স্বাভাৱিক প্ৰৱণতা থাকে কাৰণ মুনফাৰ মাত্ৰা দেশৰ অৰ্থনৈতিক বিকাশৰ হাৰতকৈ অবিৰতভাৱে অনেক বেছি ৷

পুঁজিবাদী বিকাশৰ মূল চালিকা শক্তিয়েই হ’ল আয়ৰ ভেদাভেদ, লগে লগে একচেতীয়া পুঁজিৰ জমা প্ৰক্ৰিয়া আৰু ক্ষমতাৰ ভাৰসাম্যহীনতা যি গনতান্ত্ৰিক প্ৰক্ৰিয়াকো অৰ্থহীন কৰি পেলাব পাৰে ৷ গতিকে আয়ৰ ভেদাভেদৰ ভেঁটিতেই অসমতাৰ সংজ্ঞায়ন কৰাৰ কোনো গত্যন্তৰ নাই ৷ আয়ৰ ভেদাভেদৰ বাদে অসমতাৰ ৰৈশিক আৰু পদ্ধতিগত নিৰ্ধাৰণ অসম্ভৱ ৷ লগতে আধুনিক ৰাষ্ট্ৰৰ আৰ্থ-সামাজিক কাৰ্যপন্থাৰ নিৰূপনো ইয়াৰ ভেঁটিতেই হ’ব ৷ পুঁজিবাদী ব্যৱস্থাত সামন্তীয় সম্পৰ্কৰ দৰে কেন্দ্ৰীভূত ক্ষমতাই সম্পত্তিৰ জমা প্ৰক্ৰিয়া বৰ্তাই নাৰাখে, বৰঞ্চ, একচেতীয়া পুজিৰ জমা প্ৰক্ৰিয়াইহে ক্ষমতা কেন্দ্ৰীভূত কৰে ৷ সাম্প্ৰতিক পৃথিৱীত তৃতীয় খণ্ডৰ অভূতপূৰ্ব বিকাশলৈকে এয়া হ’ল উৎপাদনৰ সম্পৰ্কৰ বিৱৰ্তন ৷ এইখিনিতে উল্লেখযোগ্য যে প্রগতিশীল গনতান্ত্ৰিক অনুষ্ঠানবিলাকে পাশ্চাত্যৰ উদ্যোগিক বিনিয়োগ আৰু বিকাশক নিয়োগ-সমৃদ্ধ কৰি পুঁজিবাদী বিকাশৰ সচৰাচৰ জমা প্ৰক্ৰিয়াক কিছু হ’লেও প্ৰতিহত কৰিবলৈ সক্ষম হৈছে । অৱশ্যে, এইটোও সহজেই অনুমেয় যে একচেটিয়া পুঁজিৰ আগ্ৰাসনত গণতান্ত্ৰিক প্ৰক্ৰিয়া কেতিয়াও মুক্তভাৱে পৰিচালিত হ’ব নোৱাৰে ৷

এইখিনিতে, অধিনায়কত্ববাদী ৰাষ্ট্ৰবোৰ হ’ল এফালে আদিম সামন্তীয় ধৰ্মৰাষ্ট্ৰবোৰ নতুবা নব্য সামন্তীয়ৰূপী সামগ্ৰিকতাবাদী ৰাষ্ট্ৰ-সৰ্বস্ব আৰ্হিবোৰ । দ্বিতীয়বিধ একনায়কত্ববাদী ঔপনিৱেশিক ৰাষ্ট্ৰৰ বিৰুদ্ধে হোৱা জাগৰণত সৃষ্টি এক ঐতিহাসিক সাঁথৰ । সামাজিক বিৱৰ্তনৰ ধাৰাক আধুনিক ৰাষ্ট্ৰৰ কেৱল প্ৰশাসনিক প্ৰযুক্তিৰে নিৰ্ণয় কৰিবলৈ যোৱাৰ দৰে বৃথা প্ৰচেষ্টাৰ পৰিনতি । এই দুই ৰাষ্ট্ৰ প্ৰণালীয়েই প্ৰকৃততে এক আমোলাতান্ত্ৰিক পদক্ৰমনিকাৰে সামন্তীয় সম্পৰ্কবোৰ ধৰি ৰাখে আৰু পুঁজিবাদ-সাম্ৰাজ্যবাদৰ বিৰুদ্ধাচৰণেৰে গৰিমামণ্ডিত হয় । আকৌ বিকাশৰ আলি-দোমোজাত থকা উত্তৰ-উপনিৱেশিক ৰাষ্ট্ৰবোৰ গনতান্ত্ৰিক, জনপ্ৰিয় আৰু আধুনিক প্ৰশাসনিক প্ৰযুক্তিৰে পৰিপুষ্ট । সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপটত প্ৰতিষ্ঠান বিৰোধিতা ভাৰতৰ দৰে জনপ্ৰিয় গনতন্ত্ৰৰ এক বিশেষত্ব হৈ পৰিছে ৷ ই কোনো ৰাজনৈতিক দলৰ দক্ষতাৰ মাপকাঠি নহয়, আচলতে বিভিন্ন আৰ্থ-সামাজিক শক্তিবিলাকৰ বৰ্ধিত দাবীবিলাক পূৰণৰ ক্ষেত্ৰত থকা ৰাষ্ট্ৰব্যৱস্থাৰ সীমাবদ্ধতাই ইয়াৰ মূল কাৰণ ৷ অন্যহাতেদি, এই সীমাবদ্ধতাও অৱশ্যে এক স্বতন্ত্ৰ প্ৰক্ৰিয়া নহয় ৷ এই সন্ধিক্ষণত, পতিয়ন যাবলৈ বাধ্য যে অধিনায়কত্ববাদী বৰ্বৰতাৰ পৰিত্ৰাণ পোৱাৰ বিকল্প এক বজাৰ কেন্দ্ৰিক গনতান্ত্ৰিক ৰাষ্ট্ৰ, কোনো ক্ষমতাকেন্দ্ৰিক ধৰ্মৰাষ্ট্ৰৰ সংস্কৰণ নিশ্চয় নহয় ৷ পিছে বজাৰ আৰু গনতন্ত্ৰই কেনেকৈ একলগে কাম কৰিব, তাৰ ওপৰত যথেষ্ট বিতৰ্কৰ অৱকাশ আছে ৷ বজাৰ উদাৰবাদীসকলে এই বিতৰ্ক আগবঢ়ায় নিয়াত উৎসাহী হ’বনে?

পুঁজিবাদৰ বিকাশ ঐতিহাসিক আৰু ই কোনো সামগ্ৰিক মানৱ প্ৰযুক্তি নহয় । ইয়াৰ মকামিলা কৰিবলৈ অন্বেষণ আৰু মানৱ প্ৰযুক্তিৰ নিশ্চয় দৰকাৰ হ’ব । পুঁজিবাদৰ সোনালী যুগও আচলতে আদম্য পিপাসাৰ বিৰুদ্ধে থিয় দি উঠা প্ৰগতিশীল গণতান্ত্ৰিক জনমতেৰে পৰিপুষ্ট এক মাৰ্জিত সময় । সেয়ে হয়তো স্বামী ডাঙৰীয়াইও নিজৰ উদাৰতা ব্যক্ত কৰিবলৈ সক্ষম হৈছে ৷ পিছে সম্পত্তিৰ ঐতিহাসিক জমা প্ৰক্ৰিয়াৰ সন্মুখত এই বজাৰ উদাৰবাদীসকল কিমান উদাৰ? এই অৰ্থনৈতিক উদাৰতা তেতিয়াহে ফলপ্ৰসু হ’ব যেতিয়া সম্পত্তিবোৰ প্ৰকৃততে পুঁজিলৈ ৰূপান্তৰ হ’ব ৷
লেখকৰ ব্লগৰ ঠিকনাঃ https://indrajitborah.blog

No comments:

Post a Comment