সাম্প্ৰতিক প্ৰসংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

নাগৰিকত্ব, নাগৰিকপঞ্জীঃ ৰাজনীতি নে সমাধান?
পাৰভিন চুলতানা
বহু চিন্তা, উৎকণ্ঠাৰ মাজেৰে ৰাষ্ট্রীয় নাগৰিক পঞ্জীৰ প্রথমখন আংশিক খচৰা প্রকাশ কৰা হল ৩১ ডিচেম্বৰ, ২০১৭ চনত। ২০০৫ চনতে এই সিদ্ধান্ত লোৱা হৈছিল যে ১৯৫১ চনত প্রস্তুত কৰি উলিওৱা ৰাষ্ট্রীয় নাগৰিক পঞ্জী আকৌ উন্নীত কৰা হব। উন্নীতকৰণৰ এই প্রক্রিয়া যদিও পুর্বৰ চৰকাৰৰ দিনতে ২০১৫ চনত আৰম্ভ হৈছিল, নতুনকৈ ক্ষমতাধিষ্ট চৰকাৰে এই প্রক্রিয়া অলপ ক্ষিপ্রতাৰে কৰাৰ চেষ্টা কৰিলে। পিছে এই নতুন চৰকাৰকো উচ্চতম ন্যায়ালয়ে কামৰ লেহেম গতি দেখি সময়সীমা বান্ধি দিব লগা হয়। 

উচ্চতম ন্যায়ালয়ে বান্ধি দিয়া সময়সীমাত কাম শেষ কৰাৰ বাবে প্রায় গোটেই ৰাজ্যিক প্রশাসন এই কামত জড়িত হৈ পৰে। পিছে লাগতীয়াল অসংখ্য নথি পত্রৰ জৰিয়তে নিজৰ নাগৰিকত্ব প্রমাণ কৰাটো বহুতৰে বাবে কঠিন হৈ পৰিছে। প্রত্যেকজন আবেদনকাৰীয়ে তেওঁৰ পূর্বজৰ লগত নথি পত্রৰ জৰিয়তে সম্পর্ক স্থাপন কৰিব লাগিব। সেই পূর্বজৰ নাম ১৯৫১ চনৰ নাগৰিক পঞ্জীত থাকিব লাগিব বা ১৯৭১ চনৰ আগৰ যি কোনো ভোটাৰ তালিকাত থাকিব লাগিব। এই বৃহৎ আকাৰৰ কামখিনি সুচাৰু ৰূপে কৰাৰ বাবে চৰকাৰে আৰু সাত মাহ সময় বিচাৰিছিল কিন্তু উচ্চতম ন্যায়ালয়ে এই আবেদন নাকচ কৰে। 


প্রথম খচৰাত ৩.২৯ কোটি মানুহৰ মাজত কেৱল ১.৯ কোটি মানুহৰ হে নাম আহিছে। বহুতৰে পৰিয়ালৰ কেইজন মানৰ নাম আহিছে আৰু আন বহুতৰে নাম বাদ পৰিছে প্রথম খচৰাত। পিছে প্রথম খচৰাত নিজৰ নাম বিচাৰি নাপালেও সাধাৰণ ৰাইজ আতঙ্কিত হোৱা নাই। ইয়াৰ মূল কাৰণ, চৰকাৰৰ লগতে বিভিন্ন দল-সংগঠনে চলোৱা নিয়মীয়া প্রচাৰ যে প্রথম খচৰাত নাম নোলালেও কোনো চিন্তাৰ কাৰণ নাই। নাম অন্তর্ভূক্ত কৰাৰ কার্য্য চলি থাকিব। মানুহে এতিয়া দ্বিতীয়া খচৰালৈ বাট চাই আছে। নাগৰিকপঞ্জী উন্নীতকৰণৰ প্রক্রিয়া প্রায় অসমীয়া সমাজৰ প্রত্যেক স্তৰৰ পৰা সমর্থন লাভ কৰিছে। দেশ বিভাজন আৰু বাংলাদেশৰ জন্মৰ বাবে ভালে সংখ্যক হিন্দু আৰু মুছলমান ভাৰতলৈ গুচি আহে। অবৈধ প্রব্রজনকাৰীৰ সমস্যাটো অসমৰ ৰাজনীতিত আজিও এটি জ্বলন্ত সমস্যা। বহুতে আশাবাদী যে এন আৰ চি উন্নীতকৰণ এই সমস্যাটো সমাধানৰ ফালে এটি ইতিবাচক পদক্ষেপ। 

ভালে সময়ে পূর্ববঙ্গীয় মূলৰ মুছলমানসকলক কেৱল তেওঁলোকৰ ধর্মীয় আৰু ভাষিক পৰিচয়ৰ ভিত্তিতে অবৈধ বাংলাদেশী বুলি সন্দেহ কৰা হয় আৰু দুখীয়া, খাটি খোৱা মানুহবোৰক হাৰাশাস্তি কৰা হয়। সদ্যহতে ঘটি যোৱা মাজুলী, শিৱসাগৰৰ ঘটনা এনে বৈষম্যমূলক আচৰণৰ প্রমাণ। এই সম্প্রদায়টো আশাবাদী যে এন আৰ চি উন্নীতকৰণৰ পিছত এই হাৰাশাস্তিৰ পৰা তেওঁলোকে মুক্তি পাব। নাগৰিক পঞ্জীত নিজৰ নাম সুমুৱাই লব পাৰিলে তেওঁলোকৰ জাতীয়তালৈ কোনো প্রশ্ন উত্থাপিত নহব। তাৰ ওপৰিও অবৈধ প্রব্রজনকাৰীৰ সংখ্যালৈ প্রত্যেক ৰাজনৈতিক দলে নিজৰ মনে বিচৰা ধৰণৰ কথা কয়। এটি উন্নীত এন আৰ চি অবৈধ প্রব্রজনকাৰীৰ সম্ভাব্য সংখ্যাৰ বিষয়ে এটি স্পষ্ট ধাৰণা দিব পাৰিব। এই বিভিন্ন কাৰণৰ বাবে সকলোৱে এটি সঠিক, নির্ভূল এন আৰ চিলৈ বাট চাই আছে। 

পিছে এন আৰ চিকলৈ যে কোনেও শংকিত হোৱা নাই, তেনে নহয়। এন আৰ চিৰ চূড়ান্ত দস্তাবেজখন উলোৱাৰ পিছত যিসকল নাগৰিক নহয় বুলি প্রমাণিত হব, তেওঁলোকৰ ক্ষেত্রত কি ধৰণৰ পদক্ষেপ লোৱা হব, সেয়া এতিয়াও পৰিস্কাৰ নহয়। তেওঁলোকক বাংলাদেশলৈ পঠাই দিয়া হব নেকি? উচ্চতম ন্যায়ালয়ে চৰকাৰক বাংলাদেশৰ লগত এই বিষয়ে আলোচনা কৰিবলৈ নির্দেশ দিয়া সত্ত্বেও এতিয়ালৈকে বাংলদেশৰ লগত কোনো চুক্তি স্বাক্ষৰিত হোৱা নাই। যদি এই সৰহ সংখ্যক মানুহক নির্বাসিত কৰা নহয় তেন্তে এওঁলোকৰ ক্ষেত্রত কি ধৰণৰ পদক্ষেপ লোৱা হব? এই কথাবোৰ স্পষ্ট নহলে এটি হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হব পাৰে। ডিচেম্বৰৰ প্রথমৰ ফালে এটি দুর্ভগীয়া পিতৃয়ে নিজ কন্যাৰ সঠিক নথি পত্র যোগাৰ কৰিব নোৱাৰাৰ বাবে আত্মহত্যাৰ পথ বাচি ললে। এনে বহু কৰুণ কাহিনী এন আৰ চিক কেন্দ্র কৰি ঘটিছে। 

বাংলাদেশে এনে প্রব্রজনৰ কথা বাৰে বাৰে নাকচ কৰিছে। বর্ত্তমান সময়ত ভাৰত বাংলাদেশৰ মাজত বন্ধুত্বপূর্ণ সম্পর্ক। তেনে ক্ষেত্রত ইমান সংখ্যক মানুহৰ দেশান্তৰৰ প্রশ্নলৈ কেন্দ্রীয় চৰকাৰে বাংলাদেশৰ লগত সম্পর্ক তিক্ত কৰিব বুলি ভবা অনুচিত। এন আৰ চি উন্নীতকৰণৰ প্রক্রিয়া পিছত আৰু কিছু সমস্যা গা কৰি উঠিব পাৰে। ২০১৫ চনতে যথোচিত নথি পত্র যোগান ধৰিব নোৱাৰি মানুহৰ মাজত হুৱাদুৱা লাগিছিল। খিলঞ্জীয়া জনজাতীয় মানুহেও বহু ক্ষেত্রত সকলো নথি পত্র যোগান ধৰাত অসফল হৈছিল। এনে অৱস্থাত যদিও এই খিলঞ্জীয়া জনজাতীয় মানুহসকলৰ নাগৰিকত্বলৈ কোনো প্রশ্ন উত্থাপন হোৱা অনুচিত, এনে ঘটনাই এই কথায় উনুকিয়াই দিয়ে যে প্রকৃত নাগৰিকেও শিক্ষা, সজাগতাৰ অভাৱত বিভিন্ন ধৰণৰ প্রমাণ পত্র যোগাৰ কৰাত অসফল হব পাৰে। দুই তিনিটা দশক আগতে বিবাহ ৰেজিস্ট্রেসন, জন্মৰ প্রমাণ পত্র ইত্যাদি লোৱাৰ প্রচলন খুবেই কম আছিল। এই ধৰণৰ নথি পত্রৰ অভাৱৰ বাবে বহু মহিলাই পঞ্চায়তে দিয়া প্রমাণ পত্র লিঙ্ক চার্টিফিকেট হিচাপে দিব লগা হল। এই মহিলাসকলৰ নাম এন আৰ চিত উক্ত প্রমাণ পত্রৰ পুনঃ নিৰীক্ষণৰ পিছতহে অন্তর্ভূক্ত হব।

অসমৰ অন্যতম সমস্যা হল সন্দেহজনক ভোটাৰ বা ডি ভোটাৰৰ সমস্যা। বিভিন্ন কাৰণত প্রায় দেড় লক্ষাধিক মানুহ বর্ত্তমানে ডি ভোটাৰ হৈ আছে। তেওঁলোকে ভোটাধিকাৰৰ লগতে আন বহু আনুষঙ্গিক সুযোগ-সুবিধাৰ পৰা বঞ্চিত। এনে সমস্যাৰ এটি অন্যতম কাৰণ হল লোকপিয়ল বা বিভিন্ন প্রমাণ পত্রত নামৰ বানান ভূল, নামত অসামঞ্জস্য ইত্যাদি। উদাহৰণ স্বৰূপে মৃত্যুৰ পিছত পিতৃ-মাতৃৰ নামত মৰহুম লগোৱা, বিয়াৰ পিছত মুছলমান মহিলা নিজৰ নামৰ পিছত ‘বিবি’ আৰু বৈধব্যৰ ক্ষেত্রত ‘বেওঁৱা’ শব্দ ব্যৱহাৰ কৰা, হজ কৰি অহা সকলে নিজৰ নামৰ আগত ‘আলহজ্’ শব্দটো ব্যৱহাৰ কৰা, এই ধৰণৰ সৰু সুৰা বিসংগতিৰ কাৰণেও বহুতকে সন্দেহযুক্ত ভোটাৰৰ তালিকাত অন্তর্ভূক্ত কৰা হৈছে। এইসকল মানুহৰ নাম তেতিয়াহে এন আৰ চিত অন্তর্ভুক্ত কৰা হব যেতিয়া তেওঁলোকে বিদেশী ন্যায়াধিকৰণত নিজকে ভাৰতীয় বুলি প্রমাণিত কৰিবলৈ সফল হব। নথি পত্রৰ এই খেলি মেলি এন আৰ চিৰ ক্ষেত্রতো হব পাৰে।

এন আৰ চিৰ প্রথম খচৰাত নাম প্রকাশ নোহোৱাৰ পিছতো অসমত কোনো ধৰণৰ হিংসাত্মক প্রতিক্রিয়াৰ সৃষ্টি হোৱা নাই। কিন্তু বহুতে উদ্বেগ প্রকাশ কৰিছে যে উন্নীতকৰণৰ প্রক্রিয়াৰ পিছত যিসকলৰ নাম বাদ পৰিব সেইসকলকলৈ। পৰিয়ালৰ যি কোনো এজন মানুহৰ নাম সন্নিবিষ্ট কৰিব নোৱাৰিলে বহু পৰিয়ালত ভাঙোন ধৰিব। তাৰ ওপৰিও যিসকল ১৯৭১ চনৰ পিছত অহা বুলি প্রমাণিত হব তেওঁলোকৰ বাবে মানৱীয় দৃষ্টিভংগীক ভেঁটি হিচাপে লৈ কিবা ব্যৱস্থা কৰা উচিত। কাৰণ তেওঁলোকৰ সতি-সন্ততিৰ জন্ম এই দেশতে। প্রায় পাচঁটা দশক পিছত তেওঁলোকক আন দেশলৈ পঠোৱা কিমানখিনি সম্ভৱ বা উচিত সেয়া চিন্তনীয়।

উত্তৰ পূর্বাঞ্চলৰ এই ধৰণৰ সমস্যালৈ গৱেষণা কৰা সঞ্জয় হাজৰিকা নিজৰ ভালে কেইখনমান কিতাপত প্রব্রজন একেবাৰে বন্ধ কৰাতকৈ নিয়ন্ত্রণ কৰাৰ হে পৃষ্টপোষকতা কৰে। যিহেতু প্রব্রজনৰ এটা ডাঙৰ কাৰণ হল অর্থনৈতিক, তেনে ক্ষেত্রত দেশত অবৈধভাৱে প্রবেশ কৰা সকলক কামৰ বাবে অনুমোদন পত্র দিয়া উচিত। এওঁলোকৰ ভোটাধিকাৰ বা সম্পত্তি ক্রয় কৰাৰ অধিকাৰ নাথাকিব, কিন্তু মানৱ অধিকাৰ সুৰক্ষিত কৰা হব। যদিও বহু বুদ্ধিজিৱী এনে পদক্ষেপৰ সমর্থন কৰে, বহুতে আকৌ উনুকিয়াই দিয়ে যে এই ধৰণৰ নীতি কার্য্যকৰী কৰা খুবেই কঠিন। এই ধৰণৰ অনুমোদনে প্রব্রজন বন্ধ কৰিব, ইয়াৰো কোনো গেৰান্টি নাই। 

এন আৰ চিৰ চূড়ান্ত খচৰা প্রকাশ পোৱাৰ পিছত আবেদনকাৰীয়ে নাম বাদ পৰাৰ বাবে আৰু কোনো নাম অন্তর্ভূক্ত হোৱালৈ অভিযোগ উত্থাপন কৰিব পাৰে। সেই সময়তো কিছু বিতর্কৰ উৎপত্তি হব পাৰে। বহু নিৰীক্ষণৰ পিছতহে নাম এন আৰ চিত অন্তর্ভূক্ত কৰা হৈ আছে। কিন্তু এতিয়ায় এনে কিছু অপপ্রচাৰ চলোৱা হৈছে যে ভুৱা নথি-পত্রৰ সহায়ত বহু সন্দেহযুক্ত নাগৰিকে নিজৰ নাম এন আৰ চিত অন্তর্ভূক্ত কৰাই লবলৈ সক্ষম হব। এনে প্রচাৰে এন আৰ চিৰ উন্নীতকৰণৰ পদ্ধতিকলৈ প্রশ্ন উত্থাপন কৰে প্রমাণ কৰে যে এন আৰ চি উন্নীতকৰণৰ পিছতো অবৈধ প্রব্রজনলৈ ৰাজনীতি চলি থাকিব। 

এন আৰ চিৰ প্রথম খচৰাত, কেইখন মান জিলাৰ খুবেই কম সংখ্যক মানুহৰ নাম আহিছে। ধুবুৰী, বৰপেটা, গোৱালপাৰাৰ লগতে বৰাক উপত্যকাৰ জিলাবোৰৰো একে অৱস্থা। এই জিলাবোৰৰ মানুহ অলপ হলেও চিন্তিত। কিন্তু এই মানুহবোৰক আশ্বস্ত কৰাৰ ঠাইত ৰাজনৈতিক দলবোৰ নিজৰ নিজৰ ঠেক ৰাজনীতিলৈ ব্যস্ত হৈ পৰিছে। ৰাজ্যিক চৰকাৰে প্রথম খচৰা প্রকাশৰ পিছতে এটি হিংসাত্মক পৰিস্থিতিৰ আশংকা কৰি কেন্দ্রীয় চৰকাৰক কৈ সেনা বাহিনী অনাই লৈছিল। কিন্তু যত সাধাৰণ মানুহে ধৈর্য্য ধৰিছে, তেনে ক্ষেত্রত ৰাজনৈতিক নেতাবোৰৰ সাম্প্রদায়িক মন্তব্য চলি থাকিল। 

এন আৰ চিৰ উন্নীতকৰণৰ প্রক্রিয়াকলৈ প্রশ্ন উত্থাপন কৰাৰ পৰা আৰম্ভ কৰি, এই প্রক্রিয়াত পক্ষপাতিত্বৰ অভিযোগো উত্থাপিত হৈছে। দিল্লীত আর্শাদ মাদানীয়ে কৰা বিতর্কমূলক বক্তব্যৰ পিছত ওচৰৰ পশ্চিম বংগৰ মুখ্য মন্ত্রী মমতা বেনার্জীয়ে এই প্রক্রিয়াক বাংলাভাষীৰ বিৰুদ্ধে এক ষড়যন্ত্র বুলি আখ্যা দিছে। এনে কথাক অসমৰ সৰহ সংখ্যক মানুহে গৰিহনা দিছে কিন্তু ৰাজ্যৰ বাংলাভাষীক আশ্বস্ত কৰা নাই যে কোনো ধর্মীয় বা ভাষিক সম্প্রদায়ৰ প্রতি অন্যায় কৰা নহব বুলি। কোনো ধর্মীয় বা ভাষিক সম্প্রদায় নিৰাপত্তাহীনতাত ভুগিলে, চৰকাৰৰ দায়িত্ব তেওঁলোকক আশ্বস্ত কৰা।

ইয়াৰ পিছতো এন আৰ চি সম্পূর্ণ হোৱালৈ সকলোৱে বাট চাই আছে। এন আৰ চি উন্নীতকৰণে অসমত অবৈধ প্রব্রজনৰ লগত জড়িত সকলো সমস্যা সমাধান কৰিব বুলি কব নোৱাৰি। কিন্তু এই প্রক্রিয়াৰ গুৰুত্ব নুই কৰিব নোৱাৰি। প্রশাসন আৰু চৰকাৰৰ উচিত যে এই প্রক্রিয়াৰ লগত জড়িত বিভিন্ন জটিল প্রশ্নৰ উত্তৰ দি ৰাইজক আশ্বস্ত কৰক। ১৯৭১ চনক ভিত্ত বর্ষ হিচাপে লৈ তৈয়াৰ কৰা এন আৰ চি কোনো মূল্য থাকিব জানো যদি প্রস্তাবিত নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ মতে ২০১৪ চনৰ ডিচেম্বৰ মাহলৈকে ভাৰতলৈ অহা অনা-মুছলমানসকলক নাগৰিকত্ব প্রদান কৰা হয়? 
এটি শান্তিপূর্ণ অসম বিচৰাসকলে আশা কৰে যে এন আৰ চি যেন কোনো এটি ৰাজনৈতিক দলৰ বিভাজনমূলক ৰাজনীতিৰ আহিলা হৈ নপৰে। এই প্রক্রিয়াই যেন ভাৰতীয় নাগৰিকৰ পৰিচয়ৰ পুষ্টি কৰে আৰু লগতে যি সকল নাগৰিক নহয় বা বিদেশী বুলি প্রমাণিত হব, তেওঁলোকৰ সমস্যাৰ এটি স্থায়ী সমাধানৰ বাবে প্রচেষ্টা চলায়। তেতিয়ালৈকে এন আৰ চিৰ প্রসংগত সাম্প্রদায়িক মন্তব্য কৰা সকলো ৰাজনৈতিক নেতাক সংযত হবলৈ নির্দেশ দিয়া উচিত।
লেখিকা গৌৰীপুৰৰ প্রমথেশ বৰুৱা কলেজৰ অধ্যাপিকা, ফোন - ৮০১১৯০৩৬২৩

No comments:

Post a Comment