হাস্য ব্যংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মৌকাবাদ আৰু অসমীয়া মুৰ্দাবাদ
দীপাংকৰ মল্ল বৰুৱা
(১)
: হেৰা, তুমি দিনৰ দিনটো শুয়েই থাকিবা নেকি হে?  দেশৰ খবৰ কিবা ৰাখিছানে?

: এই হেন দেওবাৰটো পাইছোঁ। বোপা ককাৰ দিনৰ অভ্যাসটো পাইছোঁ। মই নুশুই কি কৰিমহে?

: শুনিছানে নাই, পেপাৰত পালোঁ কোনোবাই বোলে 'অসমীয়া মুৰ্দাবাদ' শ্লোগান দিছে। কিযে দিন কাল আহিল।
: কি হ'বহে একো নহয় দিয়া। তুমিও এঘুমতি মাৰি লোৱা।

: তোমাৰ নিচিনা মতা মানুহ বোৰৰ কাৰণেই অসম আৰু অসমীয়া ৰসাতলে গ'ল। আমি মাইকী মানুহ বোৰে চিন্তা কৰিলেও কি হ'ব? একো কৰিব নোৱাৰোঁ।

: হেৰা 'অসমীয়া মুৰ্দাবাদ' বুলি কওঁতে তোমাৰ ইমান গাত লাগিছে কিয়হে? আমাৰ ঘৰতে চোৱা, মই আহোম, তুমি কছাৰী। চুবুৰীয়া কোনোবা দেউৰী, কোনোবা বড়ো, কোনোবা মুছলমান। ক'তনো তুমি অসমীয়া দেখিলাহে? 

: কি কোৱাহে?

: ঠিকেই কৈছোঁ বুজিছা। অসমীয়াক জিন্দাবাদ মুৰ্দাবাদ যিহকে পাই তাকে কৈ থাকিবলৈ দিয়া।  আমাৰ নিজৰ নিজৰ পৰিচয়, নিজৰ নিজৰ সংগঠন আছে নহয়। আমি আকৌ কিয় নলগা জেঙত লাগিবলৈ যাম?

: তুমি নিজকে অসমীয়া বুলি নাভাবা নেকিহে? হে ভগবান, ক'তে মৰোঁ মই।

:  কিয় নাভাবিম? ভাবো কাৰণেই কৈছোঁ। এইহেন দুপৰীয়াটোত এঘুমতি শুই লওঁ। এলাহ আৰু টোপনিত অন্তত: মই আজিও অসমীয়া।
(২)
: হেৰা, সদায় ডিঙিত গামোচা লোৱা দেখোঁ, আজি ৰঙীণ কাপোৰ ল'লা যে?

: এয়া নতুন ফেশ্বন দাদা। বগা গামোচা পিন্ধি পিন্ধি আমনি লাগিল আৰু, গেৰুৱা কাপোৰকে ল'লোঁ। এনেয়ো ৰঙীণ কাপোৰৰ যুগ এতিয়া।

: শুনিছোঁ আজিকালি বোলে তুমি 'জয় আই অসম' বুলি চিঞৰিবলৈ বাদ দিলা।

: ধেই দাদা। সেইবোৰ অসমীয়া মিডিয়ামৰ শ্লোগান আজিকালি চলে নেকি? আজিকালি ইংৰাজী নহ'লে হিন্দী মিডিয়ামৰ যুগ। সেই কাৰণে আজিকালিৰ হিট শ্লোগান, 'ভাৰত মাতা কি জয়'।

: তোমালোকে ইমানদিনে এয়া কৰিবলৈহে জাতীয়তাবাদ কৰি আছিলা নেকিহে?

: এইবোৰ ছেণ্টি ফালি লাভ নাই দাদা। এইবিলাক জাতীয়তাবাদ, ৰাষ্ট্ৰীয়তাবাদ সকলো নাটক। আচল কথা হ'ল মৌকাবাদ।

: কি ক'লাহে? মৌকাবাদটো আকৌ ক'ৰ পৰা ওলাল?


: এইটোৱেই আচল কামৰ বস্তু দাদা। পেটত গামোচা বান্ধি জাতীয়তাবাদ কৰি আজিলৈকে কিডাল হ'ল? সদায় আৰু কিমান চান্দা খুজি চলি থাকিম? মৌকাবাদ কৰিলে কি ঠিক, ৰাজভোগ খোৱাৰ মৌকা পায়ো যাব পাৰোঁ।
(৩)
UFO (ৰগৰ)

: হেৰা তুমি ৰাতিখন আকাশৰ পিনে চাই কি কৰি আছাহে?

: ৰ'বাহে। UFO  ওলাইছে নেকি চাইছোঁ। টিভিত দেখা নাই। ডিব্ৰুগড়, নাহৰকটীয়াত ওলালেই বোলে।

: হেৰা  UFO  ওলাল বা ওলাল, তুমি কৰিবলৈ কিটো আছে। এনেয়ে কিয় নলগা জেঙত লাগি ফুৰা?

: তুমি নুবুজাহে? সঁচাকৈয়ে যদি  UFO  ওলাইছে, আমি আৰু এটা আন্দোলন কৰাৰ সুযোগ এটা পাই যাম বুজিছা।

: আৰু এটা আন্দোলন? কিহৰ আন্দোলনহে?

:  অসমৰ ওপৰত আন গ্ৰহৰ বাসিন্দাৰ আগ্ৰাসনৰ বিৰুদ্ধে তীব্ৰ জংগী আন্দোলন গঢ়ি তুলিম বুজিছা।  UFO অসমৰ আকাশত ওলোৱাটোৰ আঁৰত নিশ্চয়  এই চৰকাৰ আৰু মোদী চৰকাৰৰ ষড়যন্ত্ৰ আছে।

: কেনে যড়যন্ত্ৰ হে?

: বাংলাদেশীবোৰক কোনোবাই মুছলিম ভোট বেংক বুলি, কোনোবাই হিন্দু ভোট বেংক বুলি অসমৰ মাটিত বহুৱাবলৈ দেখোন ষড়যন্ত্ৰ গগৈ -সোনোৱাল আৰু মোদী চৰকাৰে নেৰানেপেৰাকৈ কৰিয়েই আছে। আগতে বেলেগ দেশৰ মানুহক অসমৰ মাটিত বহুৱাইছিল, এতিয়া বেলেগ গ্ৰহৰ মানুহক বহুৱাব। এইটো এটা কম ডাঙৰ ষড়যন্ত্ৰনে?

No comments:

Post a Comment