Friday, February 2, 2018

চিন্তন

অসমৰ ‘সন্ধানহীন’ জীয়ৰীবোৰ
পাৰভিন চুলতানা

বিগত বৰ্ষত আউটলুক সংবাদ আলোচনীত নেহা দিক্ষীতৰ এটি তদন্তমূলক লেখা ছপা হয়। সেই লেখ মতে অসমৰ বেলেগ বেলেগ জনগোষ্ঠীৰ ৩১ টা কণ কণ কন্যা সন্তানক অবৈধ ভাৱে বেলেগ ৰাজ্যলৈ উচ্চ শিক্ষাৰ নামত পাচাৰ কৰা হয়। আৰু সেই ছোৱালীকেইজনীৰ বর্ত্তমান অৱস্থিতিৰ বিষয়ে সিহঁতৰ পিতৃ-মাতৃক অৱগত কৰোৱা হোৱা নাই। প্রায় তিনি মাহ ধৰি চলা তদন্তৰ ভিত্তিত নেহা দিক্ষীতে তেওঁৰ লেখত কিছু বিষ্ফোৰক তথ্য ডাঙি ধৰিছে যাৰ পুঙ্খানুপুঙ্খ বিশ্লেষণ অতিকৈ জৰুৰী।
তিনি মাহৰ তদন্তত আউটলুক আলোচনীয়ে চৰকাৰী দস্তাবেজ আদিৰ সহায়ত কিদৰে ৰাষ্ট্রীয় স্বয়মসেবক সংঘৰ লগত জড়িত আন কিছু সংগঠন যেনে সেৱা ভাৰতী, বিদ্যা ভাৰতী আদিয়ে অসমৰ ৩১টা জনজাতীয় মূলৰ ছোৱালীক পাঞ্জাব আৰু গুজৰাটলৈ পাচাৰ কৰিছে উদঙাই দিছে। বিভিন্ন চৰকাৰী কার্য্যালয়ৰ বিষয়াই সময়ে সময়ে ছোৱালীকেইজনীক অসমলৈ ওভতাই অনাৰ নির্দেশ দিয়াৰ সত্বেও সংগঠন কেইটা গা এৰা দিছে আৰু শিশু কল্যাণৰ লগত জড়িত বিভিন্ন আইনৰ উলংঘা কৰিছে। 

২০১০ চনত উচ্চতম ন্যায়ালয়ে এটা কেছ যত অসমৰ ৭৬টা শিশুক তামিল নাডুৰ এখন খ্রীষ্টিয়ান মিছন স্কুলত লৈ যোৱা হৈছিল, ৰায় দিয়াৰ সময়ত মন্তব্য কৰিলে যে ১২ বছৰ বয়সৰ তলৰ অসমৰ বা মণিপুৰৰ কোনো শিশুক ৰাজ্যৰ বাহিৰত উচ্চ শিক্ষাৰ বাবে পঠোৱা নহব। কিন্তু এই নির্দেশ উলঙ্ঘা কৰি ৪ৰ পৰা ৬ বছৰীয়া শিশুকো বাহিৰলৈ পঠোৱা হয়। নেহা দিক্ষীতে অসমৰ বাহিৰলৈ পঠোৱা ছোৱালীকেইজনীৰ পিতৃ-মাতৃৰ লগত সাক্ষাৎ কৰে। প্রায় সকলোবোৰ পৰিয়ালে কয় যে তেওঁলোকে নিজৰ ছোৱালীক ভাল শিক্ষাৰ বাবে বাহিৰলৈ পঠাইছে যদিও তেওঁলোকে কোনোয়ে নিজৰ সন্তান-সন্ততিৰ লগত কথা পাতিব পৰা নাই। 

শিশু কল্যাণৰ দায়িত্ব Child Welfare Committee (CWC)ক দিয়া হয়। এই কমিটিসমূহ গঠন কৰা হৈছে Juvenile Justice (Care and Protection of Children) Act, 2000 ৰ অধীনত। এই অনুষ্ঠানবোৰে শিশু সকলৰ কল্যাণৰ লগত জড়িত বিভিন্ন সিদ্ধান্ত লয় আৰু এওঁলোকক দায়িত্ব দিয়া হৈছে শিশুসকলক নিজৰ পৰিয়ালৰ লগত একতৃত কৰাৰ। পিছে বহুবাৰ CWCৰ নির্দেশ অনায়াসে উলঙ্ঘা কৰিছে সেৱা ভাৰতী, বিদ্যা ভাৰতী, ৰাষ্ট্রীয় সেৱীকা সমিতিৰ দৰে সংগঠনে। এই সংগঠনবোৰে সেই ৩১টা ছোৱালীকেইজনীক নির্দিষ্ট স্থানীয় CWCৰ সন্মূখত প্রস্তুত কৰা নাছিল আৰু এই সকলক ৰাজ্যৰ বাহিৰত লৈ যোৱাৰ আগত মাক-দেউতাকৰ পৰা No Objection Certificate (NOC) সংগ্রহ কৰা নাছিল। যেতিয়া কোকৰাঝাৰ CWCৰ সভাপতি মলয়া ডেকাই গুজৰাটৰ হলভাদৰ সৰস্বতী শিশু মন্দিৰত থকা অসমৰ ছোৱালীকেইজনীক গুৱাহাটীলৈ ঘূৰাই অনাৰ কথা কলে, তেতিয়া সেৱা ভাৰতী আদি সংগঠনবোৰে কিছু ভুৱা এফিডেভিট দাখিল কৰে। লক্ষনীয় যে সকলোবোৰ এফিডেভিট ইংৰাজী ভাষাত তৈয়াৰ কৰা হৈছিল আৰু ইংৰাজীতে স্বাক্ষৰ কৰা হৈছিল। পিছে নেহাই লগ পোৱা বহু কেইজন অভিভাৱক শিক্ষিত নাছিল। আন এটা কথা হল যে NOC বোৰ শিশুসকলক বাহিৰত লৈ যোৱাৰ আগতে লব লাগে, পিছত নহয়।

সেৱা ভাৰতী আদি সংগঠনৰ কাম কাজবোৰ অধ্যয়ন কৰিলে দেখা যায় যে এই সকল সংগঠনবোৰে অসমত গোষ্ঠী সংঘর্ষত পীড়িত জনজাতীৰ মানুহসকলৰ মাজত কল্যাণমূলক কাম কৰে। কিছু ক্ষেত্রত যত ৰাষ্ট্রই এটা ডাঙৰ ফাঁক থৈ যায়, তেনে ক্ষেত্রত এই সংগঠন সমূহে মানুহবোৰৰ মাজত কাম কৰে আৰু পীড়িতসকলৰ লগত এটা সম্পর্ক গঢ়ি তোলে। তাৰ পিছত এইসকল স্বয়মসেৱীকাই আদিবাসী, বড়ো আদি জনগোষ্ঠীবোৰ প্রকৃততে হিন্দুধর্মী বুলি প্রচাৰ কৰে। তেওঁলোকে এটা তথ্য আওকাণ কৰে যে সৰহভাগ জনগোষ্ঠীৰ কোনো সুসংগঠিত ধর্ম আৰু ধর্মীয় ৰীতি-নীতি নাই, বৰঞ্চ এওঁলোকে প্রকৃতিৰ বিভিন্ন উপাদানক পূজনীয় বুলি ভাবে। আৰু প্রকৃতিৰ লগত এটা নিবীড় সম্পর্ক থকা এই জনজাতিবোৰে নিজ ধর্মীয় ৰীতিৰ জৰিয়তে প্রকৃতিৰ দানক উদযাপন কৰে।

পিছে স্বয়মসেৱিকাসকলে এওঁলোকক বুজায় যে এওঁলোক প্রকৃততে হিন্দু আৰু আন ধর্মৰ প্রভাৱত এওঁলোক নিজৰ প্রকৃত পৰিচয় পাহৰি পেলাইছে। আৰু উত্তৰ ভাৰতত প্রচলিত ধৰণ হল হিন্দু ধর্ম পালন কৰাৰ একমাত্র পন্থ। এওঁলোকে আৰু এটা কথা আওকাণ কৰে যে হিন্দু ধর্ম অনমনীয় নহয় আৰু ভিন্ন ঠাইত স্থানীয় আস্থাৰ লগত একলগ হৈ ভিন্ন ৰূপ লৈছে। স্বয়মসেৱীকা সকলে এইসকল মানুহক ধর্মীয় শিক্ষাৰ নামত শিকায় কি দৰে খ্রীষ্টীয়ান আৰু মুছলমান সকল হিন্দু ধর্মৰ বাবে ভাবুকি। এওঁলোকৰ ধর্মীয় শিক্ষা এই সম্প্রদায় সমূহক শত্রু বুলি গণ্য কৰে। 

গোষ্ঠীসংঘর্ষত সকলো হেৰুওৱা এই নিৰীহ মানুহখিনিক এনে ধৰণৰ কথা বতৰাই উত্রাৱল কৰি তুলাটো স্বাভাৱিক। এওঁলোকে বিশ্বাস কৰা আৰম্ভ কৰে যে এওঁলোকৰ সন্তান-সন্ততি নিজৰ ভাষা- সংস্কৃতি পাহৰি বেলেগ ধর্মবোৰ গ্রহণ কৰিব পাৰে। ঠিক এই ভয়ৰ ওপৰত ভিত্তি কৰি বহুতো সময় এই মানুহবিলাকে নিজৰ লৰা-ছোৱালীক বহু দূৰলৈ শিক্ষা আৰু নিজৰ সাংস্কৃতিক পৰিচয় বচোৱাৰ বাবে পঠায়। 

পিছে শিক্ষাৰ নামত আকৌ এই শিশুবোৰক নিজৰ ভাষা আৰু সংস্কৃতিৰ পৰা দূৰলৈ লৈ যোৱা হয়। গুজৰাট, পাঞ্জাব আদিলৈ লৈ যোৱা কণমানি শিশুসকল সংস্কৃত কবলৈ শিকি নিজ মাতৃ ভাষা যেন পাহৰি যায়, নিজৰ খাদ্য পাহৰি গৈ নিৰামিষভোজী হয়। ভাৰতৰ বিভিন্ন ঠাইৰ সংস্কৃতি, মহৎ ব্যাক্তিৰ বিষয়ে অধ্যয়ণ কৰে পিছে নিজ জনজাতীৰ বিষয়ে একো নিশিকে। বেচৰকাৰী কল্যানকামী সংগঠন হিচাপে সেৱা ভাৰতী আদিয়ে আদিবাসী আৰু জনজাতীয় শিশুসকলক ইছলাম আৰু খ্রীষ্ট ধর্মৰ প্রভাৱৰ পৰা ৰক্ষা কৰাৰ নামত আন এটা বিশুদ্ধ কিন্তু অজানা ধর্মীয় পন্থাৰে প্রভাৱান্বিত কৰাৰ প্রচেষ্টাত লিপ্ত হয়। অসমৰ সংঘাতপূর্ণ পৰিবেশত ডাঙৰ-দীঘল হোৱা আৰু বড়ো- মুছলমান, বড়ো-আদিবাসী গোষ্ঠী সংঘর্ষই জুৰুলা কৰা এই ব্যাক্তিসকল নিজৰ পৰিচয়ৰ প্রতি বৰ সজাগ। বিস্তাপিত হৈ ৰিলিফ কেম্পত থাকিব লগা এই সকলৰ বাবে ভূল-শুদ্ধৰ মাজত পার্থক্য কৰা কঠিন হৈ পৰে। আৰু এক অবুজ ভয় ইহঁতক কিছু কঠিন সিদ্ধান্ত লবলৈ বাধ্য কৰে। 

অসমৰ এই ৩১ গৰাকী ছোৱালীৰ পম খেদি নেহা দিক্ষীত গুজৰাটৰ হলভাদ পালেগৈ। সেই ঠাইৰ সৰস্বতী শিশু মন্দিৰে অসমৰ ২০টা অনাথ ছোৱালীক তোলনীয়া ভাৱে লোৱাৰ দাবী কৰে (পিছে ছোৱালীকেইজনী অনাথ নহয়)। সিহঁতৰ লগত কথোপকথনত নেহাই লক্ষ্য কৰে যে বেছি ভাগ ছোৱালী তেতিয়া কেৱল গুজৰাটী ভাষা হে বুজি পায়। স্কুলত তেওঁলোকে কি শিকে বুলি শোধাত সৰু ছোৱালী এজনীয়ে পটক কৈ উত্তৰ দিলে কেনেকৈ নিজৰ সন্মান বাংলাদেশী আৰু মিছনবোৰৰ পৰা বচাব পাৰি!

ঠিক একে পৰিবেশ পাঞ্জাবৰ পাটিয়ালাত যত বাকি ১১ জন অসমীয়া ছোৱালীকেইজনীক ৰখা হৈছিল। তাতে গৈ পত্রকাৰ গৰাকীয়ে গম পায় যে যিখন হোস্টেলত ছোৱালীকেইজনীক ৰখা হৈছে, সেই ঠাইখন Juvenile Justice Actৰ অধীনত পঞ্জীভূত নহয়। নেহা দিক্ষীতক অসমৰ ছোৱালীকেইজনীক সাক্ষাৎ কৰিবলৈ দিয়া নহল। আন্তর্জাতিক শিশু কল্যান সংগঠনবোৰে শিশুৰ বিকাশৰ বাবে সামাজিক পৰিবেশ উন্নত কৰিবলৈ উপদেশ দিয়ে। পিছে এই উন্নতি শিশুৰ স্থানীয় অৱস্থিতিত কৰিবলৈ কয়, সিহঁতক নিজৰ পৰিচিত পৰিবেশৰ পৰা দূৰলৈ আতৰাইলৈ নহয়।

লেখটো পঢ়ি যিকোনো মানুহ সেই অসমীয়া ছোৱালী কেইজনৰ ভৱিষ্যতৰ কথা ভাবি চিন্তিত হোৱাটো স্বাভাৱিক। পিছে অসমৰ প্রশাসনৰ পৰা ছোৱালীকেইজনীক উদ্ধাৰ কৰাৰ কোনো ধৰণৰ তৎপৰতা দেখা নগল। বৰঞ্চ পত্রকাৰ জনীৰ বিৰুদ্ধেহে বহুতে লাগি পৰিল। তেওঁৰ নামত থানাত এজাহাৰ দাখিল কৰা হল। এই হুৱাদুৱাত কোনেও চিন্তা নকৰিল নিজ সন্তানৰ লগত কথা পতাৰ পৰা, সিহঁতৰ খা-খবৰ লোৱাৰ পৰা বঞ্চিত কৰা জঘন্য অপৰাধৰ কথা। 

অসম আৰু উত্তৰ পূর্বাঞ্চলৰ বৈশিষ্ট হল এই ঠাইৰ বিবিধতা আৰু ভিন্ন ভিন্ন জনগোষ্ঠীৰ সহাৱস্থান। এই ভিন্নতাই আমাৰ ৰাজ্যক অপৰূপ কৰি তোলে আৰু আমাক সাংস্কৃতিক ভাৱে চহকী কৰে। যি বৈচিত্রময় ভিন্নতালৈ আমি সদায় গৌৰৱান্বিত হৈছোঁ, সেই বৈচিত্রতাৰ ওপৰত আন কোনো সমমাত্রিক সংস্কৃতি জাপি দিয়াটো অনুচিত আৰু ইয়াৰ আমি প্রতিবাদ কৰা উচিত। 

নেহা দিক্ষীতৰ লেখটোৱে কিছু সংস্থানৰ ওপৰত যি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সেইটো সহজভাৱে নলৈ, তাৰ যথোচিত তদন্ত হোৱা উচিত। চৰকাৰৰ দায়িত্ব যে পিছপৰা জনগোষ্ঠী, সংঘাত প্রভাৱিত বিস্তাপিত জনজাতি, দুখীয়া পৰিয়ালৰ সন্তানক উচ্চ শিক্ষা দিয়াৰ নামত যেন প্রতাৰণা কৰা নহয়। সেইসকলক যেন নিজ ঠাইত নিজ পৰিয়ালৰ মাজত থাকি নিজ ভাষা, সংস্কৃতিৰ বিষয়ে শিক্ষা গ্রহণ কৰি এটি উন্নতমানৰ শৈশৱৰ মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰা নহয়।

লেখাটি দৈনিক জনমভূমি কাকততো পূৰ্বতে প্ৰকাশ পাইছে।

No comments:

Post a Comment