চিন্তন - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here

নষ্ট চৰিত্ৰৰ প্ৰতিবিম্বন বনাম সমাজ গঠন

প্ৰদীপ গগৈ


সৎ চৰিত্ৰ অবিহনে যে এজন ব্যক্তি কেতিয়াও সফলতাৰ দুৱাৰদলিত উপনীত হব নোৱাৰে, সেইয়া এক সৰ্বজন স্বীকৃত সত্য। জীৱনটোক সাৰ্থক কৰি তুলিবলৈ প্ৰতিজন ব্যক্তিয়ে নিজস্ব চৰিত্ৰ, সততা আৰু মূল্যবোধক প্ৰাধান্য দিবই লাগিব। এই মানবীয় উপাদান সমূহক প্ৰয়োজনীয় গুৰুত্ব প্ৰদান নকৰিলে এজন ব্যক্তিৰ সামূহিক পতন নিশ্চিত বুলি ধাৰণা কৰিব পাৰি। ঠিক তেনেদৰে আমি অনুভৱ কৰোঁ যে এটাৰ জাতিৰ যেতিয়া চৰিত্ৰ নষ্ট হয় তেতিয়া জাতিটোৰ পতনও অৱশ্যম্ভাৱী। জাতিৰ পতন হলেই জাতটোক কেওপিনৰ পৰা যে গভীৰ অন্ধকাৰে ছানি ধৰাটো সেইটো খাটাং আৰু এনে অন্ধকাৰছন্ন পৰিৱেশত আমি হাতত মমবাটি লৈ জাতিৰ উদ্ধাৰত নামি পৰিব লগা অৱস্থা হব। তেনে এটা দিনৰ অপেক্ষাতেই যেন আমি আজি উৎসৱৰ পিছত উৎসৱৰ আনন্দ লৈ আছোঁ। কেতিয়াবা আনন্দত মুন্নিক চিঞৰিছোঁ আৰু কেতিয়াবা মাছলৈ গৈছো” (গীত)। মুঠতে আনন্দ কৰিছোঁ। আনন্দৰ বাবে কেতিয়াবা আমি অতি আত্মকেন্দ্ৰিকও হৈ পৰিছোঁ বিলাসেই আমাৰ জীৱনৰ লক্ষ্য ও উদ্দেশ্য হৈ পৰিছে। বিলাসৰ পিছত দৌৰি মানৱতাক জলাঞ্জলি দিবলৈও কুণ্ঠাবোধ কৰা নাই আমি
 

মানৱতাক পাহৰি মুঠতে টকাৰ পিছত দৌৰি জীৱন পোহৰোৱাৰ খন্তেকীয়া বিলাসী প্ৰতিযোগিতাত নামি পৰিছো আমি। কেতিয়াবা যদি হতাশ হৈছোঁ তেন্তে কেতিয়াবা আত্মগৌৰৱত আত্মহাৰা হৈ আপোন পাহৰা হৈছোঁ। কিন্তু আমাৰ এনে আত্মকেন্দ্ৰীক সস্তীয়া বিলাসপ্ৰৱণতাই যে সমাজ উত্তৰণ প্ৰক্ৰিয়াটোক ক্ষতি কৰিছে সেই কথা ভাৱিবলৈ আমাৰ অকনো আহৰি নাই। আমি বিশ্বাস কৰোঁ যে আমাৰ এই বিলাসপ্ৰৱণ আত্মকেন্দ্ৰীক চিন্তাই বতৰ্মান সময়ত সমাজৰ শৈক্ষিক ব্যৱস্থাটোকো বাৰুকৈয়ে ক্ষতিগ্ৰস্ত কৰিছে, যাৰবাবে সাম্প্ৰতিক সময়ত শিক্ষাৰ মূল উদ্দেশ্য অৰ্থ আহৰণলৈ ৰূপান্তৰিত হৈছে , সহজ অৰ্থত শিক্ষাৰ মূল উদ্দেশ্য জ্ঞান সঞ্চয়তকৈ অৰ্থ আহৰণহে যেন ভৱাৰ এক পৰিৱেশৰ সূচনা হৈছে। আজিৰ সমাজৰ প্ৰায় সংখ্যক উচ্চ ডিগ্ৰীধাৰী ব্যক্তিয়ে নিজৰ বৌদ্ধিক চিন্তাৰে নিজৰ চৰিত্ৰক ৰক্ষা কৰিবলৈ সক্ষম নহয়, কাৰণ আমি সকলোৱে জানো যে বতৰ্মান সময়ত ভোগসৰ্বস্ব মানৱ জীৱনত অৰ্থই সৰ্বাধিক গুৰুত্ব লাভ কৰিছে বা কৰিবলৈ সক্ষম হৈছে। কিন্তু এইখিনিতে চৰিত্ৰক বিৰ্সজন দি অৰ্থ উপাৰ্জন কৰাটো কিমান সমীচিন নিশ্চয়কৈ বৰ্তমান সময়ত আমি সকলোৱে ভাৱি চোৱাটো উচিত, কাৰণ এনে চিন্তাই আমাৰ সমাজৰ উত্তৰণ প্ৰ্ক্ৰিয়াক বাধাগ্ৰস্ত কৰি দিনক দিনে সমাজ ধ্বংস প্ৰক্ৰিয়াটোক খৰতকীয়া কৰিছে।


জন্ম হোৱাৰ পিছতেই এটা শিশুৰ চৰিত্ৰ গঢ় লয় ঘৰখনত। ঘৰখনতেই নৈতিক শিক্ষা লাভ কৰি শিশু এটি ডাঙৰ দীঘল হয়।কিন্তু সাম্প্ৰতিক সময়ত দেখা যায় যিখন ঘৰৰ মুৰব্বীসকলে নিজৰ সন্তানৰ চৰিত্ৰ গঢ় দিয়াত মুখ্য ভূমিকা গ্ৰহন কৰে সেই সকল মুৰব্বীয়ে বহু সময়ত নিজৰ সন্তানক চৰিত্ৰ নষ্ট কৰিবলৈ উৎসাহিত কৰে। এইক্ষেত্ৰত উদাহৰণস্বৰূপে আমি বহু উচ্চ শিক্ষিত যুৱকক নিজৰ অভিভাৱকে অন্যায়ভাৱে ঘোচ দি চাকৰি লবলৈ উৎসাহিত কৰা কাৰ্যক উপস্থাপন কৰিব পাৰোঁ। সমাজত ঘোঁচ লোৱাজন যিমানেই দায়ী দিয়াজনো সমানেই দায়ী। আমি বিশ্বাস কৰোঁ যে এই সৰল নীতিগত কথাবোৰ সমাজৰ প্ৰতিজন লোকেই উপলব্ধি কৰে যদিও বাস্তৱ ক্ষেত্ৰত কিন্তু খুব কম সংখ্যকেহে কাৰ্যকৰী কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে, যাৰ বাবে সন্তানৰ চৰিত্ৰ নষ্ট হোৱা উপৰি সমাজখনো ধ্বংসমুখে সহজে গতি কৰে। এনেবোৰ উদাহৰণ বতৰ্মান সমাজত তেনেই সুলভ। সাম্প্ৰতিক সময়ৰ ভোগবাদী অৰ্থসবস্ব জীৱনত যেন চৰিত্ৰ নষ্ট নকৰিলে জীৱন শুকান মৰুভূমি সদৃশহে হৈ পৰিব। ধন দৌলতৰ কামনা বাসনাৰ বাবেই খুব সহজেই চৰিত্ৰ বিক্ৰী কৰিবলৈ কুণ্ঠাবোধ নকৰা সমাজৰ সহৰসংখ্যক লোকৰ জৰিয়তে কি দৰে জাতিক উদ্ধাৰ কৰিব পাৰি ই বতৰ্মান সময়ত এক ডাঙৰ প্ৰশ্ন। 

অসমত চাৰিলাইনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাম কাজ চলি থকা সময়ত (বতৰ্মানও অগ্ৰগতিত) যিসকলৰ সম্পত্তি নষ্ট হৈছিল বা হোৱাৰ সম্ভাৱনা আছিল সেই সকলক কেন্দ্ৰীয় চৰকাৰে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিছিল। কিন্তু সেইসকল লোকৰ প্ৰায়সংখ্যকে ক্ষতিপূৰণ পোৱাৰ লোভত যিবোৰ অনৈতিক কাৰ্য কৰিলে তাৰ দ্বাৰা এই কথা প্ৰমাণ হয় আমাৰ সমাজৰ একাংশ লোকৰ চৰিত্ৰ দিনক দিনে কিমান অৱক্ষয় ঘটিছে। এই অনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে পূৰ্বতেও বহুতো বাতৰি খবৰ কাগজত সবিস্তাৰে প্ৰকাশ পাইছে। চৰিত্ৰ গঢ় দিয়া ঘৰখনতেই যেতিয়া চৰিত্ৰ বিনষ্ট হয় তেতিয়া সমাজত এনেবোৰ দৃশ্য সুলভ হৈ পৰে। 

বতৰ্মান সমাজত সততাৰ মূল্য দিনক দিনে চিন্তনীয়ৰূপত হ্ৰাস পোৱা যেন আমাৰ অনুভৱ হয়। একাংশ শিক্ষক, চৰকাৰী বিষয়া, মন্ত্ৰী, নেতাইও নিজৰ চৰিত্ৰ আৰু মূল্যবোধক কবৰ দি ভোগবাদী জীৱনত অভ্যস্ত হৈ পৰা পৰিলক্ষিত হয়। বতৰ্মান সময়ত সততাত বিষয় উত্থাপিত হলে মানুহে হাঁহিবলৈ আৰম্ভ কৰে। আমি সততে সমাজ বিশৃংখল হলে চৰকাৰক দোষ দিওঁ অথচ নিজক পৰিৱৰ্তন কৰা কথা এবাৰো নাভাবো। আমি ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ যে যদিহে প্ৰতিজন ব্যক্তিয়ে সুস্থিৰ চিন্তাৰে নিজক পৰিৱৰ্তন নকৰে তেন্তে চৰকাৰে কোনো কাৰণতেই সমাজ পৰিৱৰ্তন কৰিব নোৱাৰে। সাম্প্ৰতিক সময়ত নিত্য ব্যৱহৃত বস্তু-সামগ্ৰীৰ দাম অধিক হাৰত বৃদ্ধি হৈছে আৰু এইক্ষেত্ৰত আমি সহজতেই চৰকাৰক জগৰীয়া কৰোঁ। আমাৰ দৃষ্টিত কিন্তু এইক্ষেত্ৰত চৰকাৰেই একমাত্ৰ জগৰীয়া নহয়, ইয়াৰ বাবে আমিও কম-বেছি পৰিমাণে জগৰীয়া, কাৰণ আমাৰ চকুৰ সন্মুখতেই এচাম দালালে বয়-বস্তুৰ দাম বৃদ্ধি কৰি গৈছে আৰু আমি নিৰৱ দৰ্শক হৈ প্ৰত্যক্ষ কৰি আছোঁ। ইয়াৰ বাদে আমাৰ হাতত বিকল্প পথও নাই। 

কাৰণ আমি ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ যে যেতিয়া সমাজৰ সৰহসংখ্যক লোকে ধন দৌলতকেই জীৱনৰ প্ৰথম আৰু প্ৰধান লক্ষ্য বুলি ভাৱিবলৈ আৰম্ভ কৰে তেতিয়াই এনে দৃশ্যবোৰ সমাজত অতিকৈ সুলভ হৈ পৰে। আজিৰ সমাজৰ সৰহসংখ্যক লোকৰেই জীৱনৰ লক্ষ্য মাথো এটা বিলাসী ঘৰ আৰু এখন বিস্ময়কৰ গাড়ী। জীৱনৰ লক্ষ্যই যেতিয়া বস্তু, তেতিয়া বস্তুবাদী মানসিকতাৰ কবলত পৰি মানুহে দূৰ্নীতি কৰিবলৈ আৰম্ভ কৰি দিয়ে। আৰু দূৰ্নীতি আৰম্ভ হোৱাৰ লগে লগে সমাজত অনৈতিক কাৰ্যও অভাৱবনীয় হাৰত বৃদ্ধি পায়। আমাৰ বিবেচনাত বতৰ্মান সময়ত সমাজত দূৰ্নীতি চৰম শিপাত উপনীত হৈছে। কেৱল মাত্ৰ পৰিৱৰ্তনকামী চৰকাৰে এই দূৰ্নীতি নিমূল কৰিব নোৱাৰে যদিহে আমি সকলোৱে নিজক সংশোধন কৰা প্ৰচেষ্ঠা নকৰোঁ। আমি সকলোৱে জনা উচিত আমাৰ জীৱনৰ শ্ৰেষ্ঠ সম্পদ হৈছে নিজৰ চৰিত্ৰ। ছাৰ বেঞ্জামিন ৰুডয়াৰ্ডে এবাৰ কৈছিল কোনো লোকেই মহৎ বা ধনী হোৱাৰ বাধ্যবাধকতা নাই; জ্ঞানী হোৱাৰো নাই, কিন্তু প্ৰতিজন লোক সৎ হবই লাগিব। 

আমি মনত ৰখা উচিত পৰাক্ৰমী হোৱাতকৈ সত্যবাদী হোৱাটোহে শ্ৰেয়। আৰু প্ৰভাৱশালী হোৱাতকৈ ন্যায়নিষ্ঠ হোৱাটোহে উচিত। লগতে আমি এই কথাও মনত ৰখা উচিত যে আমি কেৱল প্ৰতিভাসম্পন্ন হলেও নহব, কাৰণ প্ৰতিভাসম্পন্ন হলেই বিশ্বাসযোগ্য নহবও পাৰে। গতিকে প্ৰতিভাসম্পন্ন হোৱাৰ উপৰিও আমি বিশ্বাসযোগ্য হোৱাটো জৰুৰী। আমি ব্যক্তিগতভাৱে অনুভৱ কৰোঁ যে আমাৰ চিন্তা সত্যবাদিতাৰ ওপৰত প্ৰতিষ্ঠিত হলেহে সমাজৰ বাবে বিশ্বাসযোগ্য হব আৰু বিশ্বাসযোগ্য হলেহে সমাজ শৃংখল হব। আৰু সমাজখন শৃংখল হলেহে জাতিটোৰ মেৰুদণ্ড পোন হব। 
লেখক উপ-সম্পাদক ৰূপে নিয়মীয়া বাৰ্তাত কৰ্মৰত

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages