Monday, February 19, 2018

মনৰ কথা

এশ বছৰত কি পৰিবৰ্তন হ'ল অসমীয়াৰ
সঞ্জীত কুমাৰ বৰদলৈ

আজি আমাৰ সমাজখনক যি বোৰ সমস্যাই জুৰুলা কৰিছে সেইবোৰৰ বেছিভাগেই হঠাতে অহা সমস্যা নহয়৷আজিৰ পৰা এশবছৰৰ আগৰ বহু গৰাকী প্ৰাত:স্মৰনীয় অসমীয়াৰ লেখনীবোৰ পঢ়িলে ভাৱ হয় বিগত এটা শতিকাত বৌদ্ধিক তথা সামাজিক ভাবে আমাৰ বৰ বিশেষ উন্নতি নহ’ল বৰঞ্চ বহুক্ষেত্ৰত আমি নিন্মগামীহে হ’লো!১৯০৭চনত“ ঊষা”আলোচনীত স্বৰ্গীয় ৰাধা নাথ ফুকনে লিখা “আসামৰ ভৱিষ্যৎ”শীৰ্ষক নিৱন্ধটো পঢ়ি উঠি মই বহু সময় থমকি ৰৈছিলোঁ৷আজিৰ পৰা এশ বছৰৰ বহু আগতেই ৰাধানাথ ফুকনে লিখি থৈ যোৱা প্ৰায় ভাগ কথা দেখোন আজিও প্ৰাসংগিক!পৰাধীন দেশৰ উচ্চশিক্ষিত আৰু প্ৰজ্ঞাবান এই মানুহজনে লিখিছিল-“...আমাৰ ধন সহজে আন ঠাইলৈ ওলাই যায়,কিন্তু আনঠাইৰ ধন আমাৰ হাতলে অহা বা আমাৰ ধন আমাৰ দেশত ৰখা বাটবোৰ আমালৈ বন্ধ ৷”পৰাধীন দেশৰ ৰাধানাথ ফুকনৰ সেই উপলদ্ধি আজি আমাৰ দৰে স্বাধীন দেশৰ নাগৰিকৰ স’তে প্ৰায় একেই নহয়নে?আমাৰ জাতিটোৰ আন এক ট্ৰেজেদি হিচাপে ফুকন দেৱে লিখিছিল-“আমাৰ ২য়,প্ৰাকৃতিক অসুবিধা এই যে,আমাৰ দেশৰ মাটি বৰ উৰ্ব্বৰা আৰু তাত অলপ পৰিশ্ৰম কৰিলেই খেতি হয়৷প্ৰাকৃতিম নিয়ম মতে এনে দেশৰ উন্নতি হ’ব নোৱাৰে৷”অৰ্থাৎ Advantage বোৰৰ সৎ ব্যৱহাৰ কৰাৰ পৰিবৰ্তে আমাৰ বাৱে Advantage বোৰ Disadvantage হিচাপেহে পৰিগণিত হ’ল! কিন্তু আমি চকুৰ আগত দেখি আহিছোঁ পুৰ্ববংগীয় লোক সকলক যি সকলক আমি মিঞা,লুঙি-টুপি আদিবুলি উপলুঙা,অৱজ্ঞা কৰো সেইসকলে আমাৰ ৰাজ্য খনৰ সাৰুৱা ভূমিৰ সৎ ব্যৱহাৰ কৰি দ্ৰুত গতিত আগবাঢ়ি গৈছে৷


ৰাধানাথ ফুকনে যথাৰ্থতে লিখিছিল-“ইয়াৰ উপৰিও আমাৰ উন্নতিৰ পথত আৰু একৰকম বিঘিনি আছে যাক অসুবিধা নুবুলি আমাৰ ব্যক্তিগত দোষ বুলিব পাৰি৷প্ৰত্যেক অসমীয়া মানুহৰ গাইপতি এনেকুৱা কিছুমান দোষ আছে;যিবোৰে আমাৰ উন্নতি হ’ব নিদিয়ে৷”ৰাধানাথ ফুকনৰ যিটো কথাই মোক এই মুহুৰ্তত আটাইতকৈ ভবাই তুলিছে সেইটো কথা প্ৰকাশ কৰি এই ৰচনা সামৰিব খুজিছোঁ৷১৯০৭ চনৰ সেই বিশেষ নিৱন্ধতে ৰাধানাথ ফুকনে লিখিছিল-“আমাৰ প্ৰথম প্ৰাকৃতিক অসুবিধা এই যে,আমাৰ দেশখন আওহতীয়া৷এনেকোৱা এমুৰীয়া দেশত সভ্যতাৰ জন্মহোৱা নাছিল,সাগৰৰ দাতিঁতহে পাশ্চাত্য সভ্যতাৰ জন্মস্হল,আৰু লাহে লাহে তাৰ পৰাহে মেৰুৰ ফাললৈ উজাই আহিছে৷”বৰ্হিবিশ্বৰ পৰা প্ৰায় বিচ্ছিন্ন হৈ থকাৰ বাৱে আমাৰ মানসিকতাৰ ওপৰত কেনে নেতিবাচক প্ৰভাৱ পৰিছিল তাক অতি সুন্দৰ আৰু সাৱলিল ভাৱে উল্লেখ কৰি তেও আৰু লিখিছিল-“অকলশৰীয়াকৈ থাকি অকলশৰীয়া জাতিৰ যি দোষ হ’ব পাৰে সমূদায় আমাৰ হ’ল৷ক্ৰমে ক্ৰমে আমাৰ মানসিক অৱনতি হ’ল৷আমি বিদেশী কোনো কথাকে দেখিব নোৱাৰা হ’লো৷কোনো বিষয়তে অলপো পৰিবৰ্তন সহিব নোৱাৰা হ’লো৷আমাৰ যি আছিল আমাৰ মনেৰে যেন সেয়ে সৰ্ব্বোৎকৃস্ট,আমাৰ যি নাই,সেইবোৰ যেন আটাইবোৰ বেয়া৷”সংবেদনশীল আৰু চিন্তাশীল ৰাধানাথ ফুকনে সেই তাহানিতে উপলদ্ধি কৰা আমাৰ জাতিটোৰ মনস্তাত্বিক বিশ্লেষণ যে সত্য আছিল তাক বিগত সময়চোৱাৰ বিভিন্ন ঘটনা প্ৰবাহে প্ৰমান কৰে৷বৰ্তমানে যোগা- যোগ,তথ্য-প্ৰযুক্তিৰ দ্ৰুত আৰু সুদুৰ প্ৰসাৰী পৰিবৰ্তন হোৱাৰ বাৱে স্বাভাবিকতে আমাৰ মানসিকতাৰ বহুখিনি পৰিবৰ্তন হ’ল যদিও ৰাধানাথ ফুকনে কৈ যোৱা আমাৰ ক্ষতিকাৰক Introvert প্ৰকৃতিৰ পৰা আমি আজিও সম্পুৰ্ন মুক্ত হ’ব পৰা নাই৷সেয়ে ক’ব লগা হৈছে বিগত এশ বছৰত আমাৰ বিশেষ একো উন্নতি নহ’ল৷

No comments:

Post a Comment