সাম্প্ৰতিক প্ৰসংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সাধাৰণ বাজেট-২০১৮ আৰু আশা-প্ৰত্যাশা
মনালী চি দত্ত
দেশত আসন্ন ২০১৯ৰ লোকসভাৰ সাধাৰণ নিৰ্বাচনক সমুখত ৰাখি আৰু দেশত অপ্ৰত্যক্ষ কৰৰ ক্ষেত্ৰত জিএছটিৰ প্ৰচলনৰ পাছত প্ৰথমবাৰৰ বাবে সাধাৰণ বাজেট আজি কেন্দ্ৰীয় বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে সংসদত উত্থাপন কৰে। অনাগত আঠখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনলৈকো দৃষ্টিৰাখি জনতাক প্ৰলুদ্ধ কৰাৰ বাহিৰেও ঘাটি বাজেটক নিম্নতম কৰাৰ লক্ষ্য ৰাখিয়েই মোদী চৰকাৰৰ এই বাজেট প্ৰস্তুত কৰা হৈছে। 

এই আলোচনাত বাজেটৰ মূল কিছুমান বিষয় আলোচনা কৰিবলৈ লোৱা হৈছে-
১. ঘাটি বাজেটঃ ২০১৭-১৮ বৰ্ষত দেশত ঘাটি বাজেটৰ পৰিমান আছিল জিডিপিৰ ৩.৫শতাংশ আৰু পৰিমান আছিল ৫.৯৫লাখ কোটি। অনাগত বৰ্ষটোত ঘাটিৰ পৰিমান মুঠ ঘৰুৱা উতপাদন(GDP)ৰ ৩.৩ শতাংশত উপনীত হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। জিএছটিৰ ৰাজহ কেৱল ১১মাহহে লাভ কৰাৰ বাবেও দেশৰ বাজেটত প্ৰভাৱ পৰিছে। ৰাজ্য সমূহলৈ মুঠ ২১.৫৭লাখ কোটি টকা ৰাজ্যৰ অংশ ৰূপে জিএছটিৰ ধন মোকোলাই দিয়া হৈছে।


২. কৰঃ ব্যক্তিগত আয়কৰৰ সীমাৰ ক্ষেত্ৰত কোনো পৰিবৰ্তন কৰা হোৱা নাই। চাকৰিয়াল সকলৰ বাবে মেডিকেলৰ খৰছৰ ক্ষেত্ৰত পূৰ্বতে থকা ১৫হাজাৰ টকাৰ আয়কৰ ৰেহাইক এতিয়া বৃদ্ধি কৰি ষ্টেণ্ডডাৰ্ড ডিডাকচনৰ ৰূপত চল্লিশ হাজাৰ টকা কৰা হৈছে, ইয়াৰ দ্বাৰা চৰকাৰৰ ৰাজহ ৮হাজাৰ কোটি কম হৈ পৰিব। জ্যেষ্ঠ নাগৰিকৰ বাবে মেডিক্লেইম ইঞ্চুৰেঞ্চৰ ক্ষেত্ৰত পঞ্চাশ হাজাৰ টকালৈকে টেক্স ৰেহাইৰ ব্যৱস্থা কৰিছে। জ্যেষ্ঠ নাগৰিকে ফিক্সড ডিপজিটৰ সুতৰ ক্ষেত্ৰতো দহ হাজাৰ টকালৈকে আয়কৰ ৰেহাই লাভ কৰিব। সমবায় সমিতি সমূহৰ ক্ষেত্ৰত ১০০ শতাংশ টেক্স ৰেহাই ঘোষণা কৰা হৈছে। জানুৱাৰী পৰ্যন্ত প্ৰত্যক্ষ কৰৰ ক্ষেত্ৰত ১৮.৭ শতাংশ বৃদ্ধ হোৱা বুলি দাবী কৰা হৈছে। কৰ্পৰেট টেক্সৰ ক্ষেত্ৰত পূৰ্বৰ হাৰতকৈ কম কৰি ২৫০কোটি পৰ্যন্ত ব্যৱসায় কৰা সকলৰ বাবে কৰৰ দৰ ২৫শতাংশ কৰা হৈছে।ইয়াৰ ফলতো চৰকাৰে ৭হাজাৰ কোটি কমকৈ কৰ্পৰেট টেক্স লাভ কৰিব। জ্যেষ্ঠ নাগৰিকৰ বাবে সুত লাভ কৰা জীৱনবীমাৰ পলিচিত নিবেশৰ বাবে সীমা ৭.৫লাখৰ পৰা ১৫লাখলৈ বৃদ্ধি কৰা হৈছে। ৰিয়েল ইষ্টেটৰ ব্যৱসায়ৰ ক্ষেত্ৰতো সৰলতা আনিবলৈ চেষ্টা কৰা হব বুলিও ঘোষণা কৰিছে। ইয়াৰ বিপৰীতে যোৱা বিত্তীয় বৰ্ষত প্ৰত্যক্ষ কৰৰ ক্ষেত্ৰত মুঠ ১৯হাজাৰ কোটি টকাৰ লোকচান হোৱা বুলিও ঘোষণা কৰিছে। শ্বেয়াৰ মাৰ্কেটৰ ক্ষেত্ৰত ১লাখ টকাতকৈ অধিক দীৰ্ঘকালীন মূলধন আৰ্জনৰ ক্ষেত্ৰত ১০ শতাংশ টেক্সৰ প্ৰস্তাৱ কৰা হৈছে। হ্ৰস্বকালীন মূলধনী টেক্স বৰ্তমানেও ১৫শতাংশই ৰখা হৈছে। ডিষ্ট্ৰিবিউটেড ইনকামৰ ক্ষেত্ৰত ১০শতাংশ কৰৰ প্ৰস্তাৱ কৰা হৈছে। আয়কৰত এডুকেচনেল চেছ ৩ৰ পৰা বৃদ্ধি কৰি ৪শতাংশকৈ সংগ্ৰহ কৰি অতিৰিক্তি ১১হাজাৰ কোটিৰ ৰাজহ সংগ্ৰহ কৰা হব।

৩. আমদানি-ৰপ্তানিঃ কাষ্টম ডিউটি মোবাইল, টিভি আদিৰ ক্ষেত্ৰত বৃদ্ধ কৰি মেক ইন ইণ্ডিয়াৰ প্ৰচেষ্টাক সৱল কৰিবলৈ চেষ্টা কৰা হৈছে। সামাজিক কল্যাণৰ বাবে আমদানিকৃত সামগ্ৰীৰ ওপৰত ১০শতাংশ কৰৰ প্ৰস্তাৱ ৰখা হৈছে। 

৪. কৃষিঃ কৃষকৰ আয় বৃদ্ধিৰ লক্ষ্য লোৱাৰ লগতে কৃষকে যাতে খৰছৰ ১.৫ গুণ দাম দাম লাভ কৰিব পাৰে, তাৰো লক্ষ্য স্থিৰ কৰা হৈছে। সেয়ে খাৰিফ শস্যৰ ক্ষেত্ৰত নুন্যতম বিক্ৰীৰ দৰ খৰছৰ ডেৰ গুণ ঘোষণা কৰা হব আৰু তাৰ বাবে ৰাজ্য চৰকাৰ সমূহৰো সহযোগিতা কামনা কৰিছে চৰকাৰখনে। বজাৰৰ আন্তঃগাঁথনিৰ বাবে ২০০০কোটিৰ ফাণ্ড, অপাৰেচন গ্ৰীণৰ বাবে ৫০০ কোটি ৰখা হৈছে। কৃষাণ ক্ৰেডিট কাৰ্ড এতিয়াৰ পৰা পশুপালন আৰু মীন পালনৰ বাবেও উপলদ্ধ কৰিবলৈ বিচৰা হৈছে। দহহাজাৰ কোটি ধন কৃষি আৰু মীনৰ বিকাশ পুঁজি আৰু দহ হাজাৰ কোটি পশুপালনৰ আন্তঃগাঁথনিমূলক পুঁজি ৰূপে ৰখা হৈছে। ১২০০ কোটিৰ খৰছেৰে নতুনকৈ বেম্বো মিছনৰ কাম-কাজ চলোৱা হব বুলি ঘোষণা কৰা হৈছে। কৃষি ঋণৰ লক্ষ্য ১১লাখ কোটি ৰখাৰ লগতে হাৰিয়ানা, দিল্লী, পাঞ্জাৱত প্ৰদূষণ ৰোধৰ বাবে কৃষি ব্যৱস্থাপনাৰ বাবে ব্যৱস্থা কৰাৰ প্ৰস্তাৱ ৰখা হৈছে।

৫. গ্ৰাম্য অৰ্থনীতিঃ উজ্বলা যোজনাৰ জৰিয়তে আৰু চাৰি কোটি দুখীয়া মহিলালৈ ৰন্ধন গেছৰ সংযোগ প্ৰদান কৰা হব। সৌভাগ্য যোজনাৰে ১৬হাজাৰ কোটিৰ খৰচেৰে আৰু চাৰি কোটি মানুহৰ ঘৰলৈ বিদ্যুত সংযোগ প্ৰদানৰ ব্যৱস্থা কৰা হব। ভাৰত স্বচ্ছ মিছনৰ অধীনত ২ কোটি শৌচালয় নিৰ্মাণৰ লক্ষ্যও স্থিৰ কৰা হৈছে। অহা ২০২২ৰ ভিতৰত সকলোৰে বাবে ঘৰ আঁচনিৰে ৫১লাখ সুলভ ঘৰ গাঁৱত নিৰ্মাণ আৰু ৫০লাখ ঘৰ নগৰাঞ্চলত নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনতো ১কোটি ঘৰ নিৰ্মাণ কৰিবলৈ গ্ৰামাঞ্চলকেই নিৰ্বাচন কৰা হৈছে। ৰাষ্ট্ৰীয় জীৱন-জীৱিকা আঁচনিক ৫,৭৫০ কোটি আবণ্টন দিয়া হৈছে। গ্ৰামাঞ্চলত জীৱন-জীৱিকা সৃষ্টিৰ বাবে মুঠ ১৪.৩৪লাখ কোটি টকা খৰছ কৰিবলৈ মন্ত্ৰালয় সমূহক দিয়া হব। সামাজিক সুৰক্ষাৰ বাবেও ৯,৯৭৫কোটি টকাৰ ব্যৱস্থা কৰা হৈছে।

৬. শিক্ষাঃ প্ৰযু্ক্তিৰ জৰিয়তে শিক্ষাক তৰান্বিত কৰাৰ বাবে প্ৰচেষ্টা হাতত লোৱা হব। শিক্ষা খণ্ডৰ পুনৰীজ্জিৱতকৰণৰ বাবে ১ লাখ কোটি টকাৰ মঞ্জুৰী দিয়া হৈছে। ৫০শতাংশতকৈ অধিক জনজাতীয় ছাত্ৰ-ছাত্ৰী থকা প্ৰতিটো ব্লকতে একোখনকৈ নৱোদয় বিদ্যালয়ৰ দৰে একলব্য বিদ্যালয় স্থাপনৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। ব্লেক বৰ্ডৰ পৰা ডিজিটেল বৰ্ডৰ লক্ষ্য অহা ২০২২ পৰ্যন্ত উপনীত হোৱাৰ কথা কোৱা হৈছে। প্ৰধানমন্ত্ৰী ৰিচাৰ্ছ ফেল আঁচনিৰ জৰিয়তে ১০০০ বিটেক শিক্ষাৰ্থীক পিএইচডিৰ বাবে সহায় কৰা হব আৰু তেওঁলোকে গ্ৰামাঞ্চলৰ ইঞ্জিনীয়াৰিং কলেজত স্নাতক পৰ্যায়ত পাঠদান কৰাৰো প্ৰস্তাৱ ৰখা হৈছে।

৭. স্বাস্থ্যঃ ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱা সুৰক্ষা আঁচনিৰে ১০কোটি মানুহৰ বাবে পাঁচ লাখ টকাকৈ মেডিকেল ইঞ্চুৰেঞ্চৰ ব্যৱস্থা কৰাৰ প্ৰস্তাৱ ৰখা হৈছে, ইয়াৰ দ্বাৰা উন্নত ব্যক্তিগত খণ্ডৰ হাস্পতালতো ট্ৰিটমেণ্ট লোৱাৰো ব্যৱস্থা কৰা হৈছে। সাৰ্বজনীন স্বাস্থ্য সেৱা দিয়াৰ আগতে এই আঁচনিৰ সুফলবোৰ বিবেচনা কৰা হব। প্ৰতি তিনিটা সংসদীয় সমষ্টিৰ মাজত একোখনকৈ মেডিকেল কলেজ স্থাপন কৰাৰ বাবেও পদক্ষেপ লোৱা হব। নতুনকৈ ২৪খন নতুন মেডিকেল কলেজৰ প্ৰস্তাৱ। আয়ুস্মান ভাৰত প্ৰগামৰ জৰিয়তে ১.৫ লাখ চেণ্টাৰ স্বাস্থ্য সেৱাৰ বাবে ধৰৰ কাষতে স্থাপনৰ প্ৰস্তাৱ ৰাখি তাৰ বাবে ১২০০কোটি টকা ঘোষণা কৰা হৈছে। টিবি ৰোগীৰ বাবে চিকিতসাৰ সময়ত প্ৰতি মাহে ৫০০টকাকৈ সাহাৰ্য দিবৰ ৬০০ কোটি টকাৰ ব্যৱস্থা কৰা হৈছে। 

৮. সামাজিক সুৰক্ষাঃ জনধন যোজনাৰ সৈতে বীমা আৰু পেঞ্চন সংযোগ কৰা প্ৰস্তাৱ। অনুসূচিত জাতিৰ বাবে সামাজিক উন্নতিৰ বাবে ৫২৭১৯কোটিৰ ব্যৱস্থা, জনজাতিৰ উন্নতিৰ বাবে নিৰ্ধাৰণ কৰা হৈছে ৩৯১৩৯ কোটি।

৯. ক্ষুদ্ৰ আৰু মধ্যমীয়া উদ্যোগঃ মূলধনী সাহাৰ্যৰ বাবে ৩৭৯৭ কোটি নিৰ্ধাৰণ। তিনি লাখ কোটি মু্দ্ৰা যোজনাৰ জৰিয়তে ঋণ দিয়াৰ লক্ষ্যও স্থিৰ কৰা হৈছে।

১০. ডিজেল-পেট্ৰলঃ ব্ৰেণ্ডবিহীন ডীজেল আৰু পেট্ৰলৰ বাবে এক্সাইজ ডিউটি ২-৬.৩৩ আৰু ২-৪.৪৮ টকালৈ কম কৰাৰ প্ৰস্তাৱ।

১১. আন্তঃগাঁথনি আৰু ৰেলঃ ১০০ খন স্মাৰ্ট চিটিৰ বাবে ২.০৪লাখ কোটিৰ প্ৰস্তাৱ। ভাৰতমালা নামৰ প্ৰকল্পৰে ৩৫হাজাৰ কিলমিটাৰ পথ নিৰ্মাণ। টোল গেটৰ বাবে নতুন চিষ্টেমৰ পৰিকল্পনা। ৰেলৰ বাজেট ১.৪৮লাখ কোটিলৈ বৃদ্ধি, মানৱবিহীন ৰেল ক্ৰচিং সমাপ্তি ঘটোৱা, ষ্টেচনত এক্সকেলেটৰ লগোৱা, চিচিটিভ, ৱাই ফাই সুবিধা আদিৰ বাবে ধন খৰছৰ প্ৰস্তাৱ। মুম্বাই আৰু বেংগেলুৰুত ৰেল নেটৱৰ্ক আৰু মেট্ৰৰ বাবে ১১হাজাৰ আৰু ১৭হাজাৰ কোটিৰ মঞ্জুৰী। উড়ান আঁচনিৰে ৬৪টা সৰু এয়াৰপোৰ্টলৈ বিমান সেৱা। ডিজিটেল ইণ্ডিয়াৰ ধন দুগুণ কৰি ৩০৭৩ কোটি নিৰ্ধাৰণ। ক্ৰিপ্টকাৰেঞ্চি বিটকইন আদি ভাৰতত বন্ধ কৰাৰ বাবে পদক্ষেপ লোৱাৰ কথা ঘোষণা।

১২. কৰ্পৰেট বাণিজ্যঃ কোম্পানীৰ বাবেও থাকিব আধাৰ নম্বৰ। নিৰ্বিনিয়োজনৰ কৰি ৰাজহুৱা উদ্যমৰ পৰা চৰকাৰী মূলধন ঘূৰাই লোৱাৰ বাবে ১লাখ কোটি লক্ষ্য স্থিৰ কৰা হৈছে। নেচনেল, অৰিয়েণ্টেল আৰু ইউনাইটেড ইঞ্চুৰেঞ্চৰ একত্ৰিতকৰণ আৰু শ্বেয়াৰ বজাৰত শ্বেয়াৰ মুকলি কৰি দিয়াৰ সিদ্ধান্ত। ৰিকেপিটাইলেজনৰ জৰিয়তে ৰাজহুৱা বেংকে আৰু ৫লাখ কোটিৰ ধন ঋণ মোকোলাই দিব পৰা কৰাৰ প্ৰস্তাৱ। উদ্যোগীকৰণৰ বাবে ৭১৪৮কোটি, প্ৰতিৰক্ষা বাজেট ২.৮২ কোটি, খাদ্য ৰাজসাহাৰ্য ১.৬৯লাখ কোটিলৈ বৃদ্ধি কৰাৰো সিদ্ধান্ত। ৰাষ্ট্ৰপতিকে, উপৰাষ্ট্ৰপতি, ৰাজ্যপাল আৰু সাংসদৰ দৰমহা বৃদ্ধিৰ ব্যৱস্থা। লগতে গান্ধীজীৰ ১৫০বছৰীয়া জন্মজয়ন্তীৰ বাবে ১৫০কোটি টকা ব্যয়ৰ প্ৰস্তাৱো দাখিল কৰে বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে।

এই বাজেটৰ মূল কথা সমূহ ঘোষিত হোৱাৰ লগে লগেই শ্বেয়াৰ মাৰ্কেটত সূচকাংক নিম্নগামী হোৱা পৰিলক্ষিত হৈছে। ৰাইজৰ মাজৰ পৰাও মিশ্ৰিত প্ৰতিক্ৰিয়া সংবাদ মাধ্যম ৰূপে প্ৰচাৰিত হৈছে। ৰাজ্য সমূহৰ বাবে ভাগে ভাগে কোনো ঘোষণা কৰা হোৱা নাই। ডনাৰ মন্ত্ৰালয়ৰ জৰিয়তে কিমান বিকাশৰ ধন উত্তৰ-পূৱত খৰছ হব সেই কথাও এতিয়ালৈ পোহৰলৈ অহা নাই। সেয়ে, ৰাইজৰ আশা-প্ৰত্যাশা পূৰণত এই বাজেট কিমান সফল হব, সেয়া সময়েই নিৰূপণ কৰিব বুলিয়েই নিশ্চয়কৈ কব লাগিব। 
(সমল সূত্ৰঃ লাইভ কভাৰেজ, টাইমচ অৱ ইণ্ডিয়া, মনিকণ্ট্ৰল.কম)

No comments:

Post a Comment