মনৰ কথা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

খ্ৰীষ্টমাচ-ঈদ, ধৰ্মনিৰপেক্ষতা আৰু ধাৰ্মিক 
চফিক হাছান
(১)
ভাৰতবৰ্ষ যে এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ বুলি মোৰ কেৱল ২৫ ডিচেম্বৰৰ দিনটোত হে অনুভৱ হয়। আমাৰ দেশত সেইদিনা জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে মিলি "বৰদিন" উৎযাপন কৰে। সেইদিনটোত সঁচাকৈয়ে অনুভৱ হয় ভাৰতৰ দৰে বৃহৎ ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ পৃথিৱীৰ বুকুত দ্বিতীয় এখন নাই। আমাৰ অসমতো বৰদিনৰ দিনটো সকলোৱে উলহ মালহেৰে উৎযাপন কৰাৰ ক্ষেত্ৰতো কোনো কৃপনালি নকৰে । কিন্তু পৰিতাপৰ কথাটো হৈছে যে সেই একে উৎসাহ কিন্তু ঈদৰ দিনা খন দেখিবলৈ পোৱা নাযায়। তাৰ পৰিৱৰ্তে অপপ্ৰচাৰ হে দেখিবলৈ পোৱা যায়, কোৰবাণীৰ নামত অমুক চহৰৰ নলা নৰ্দমা বা ৰাস্তাত জন্তুৰ তেজৰ বন্যাৰ ফটোৰ ইডিটিং কৰি দেখুওৱা হয়। বৰদিনৰ দিনা ছান্তাক্লজৰ ৰূপ ধাৰণ কৰি ভ্ৰাতৃত্ববোধৰ পৰিচয় দাঙি ধৰিব পাৰি কিন্তু ঈদৰ দিনা সেই পৰিচয় দিব নোৱাৰি?


আজি আমাৰ অসমত মুছলমান মানেই বাংলাদেশী বা সন্ত্ৰাসবাদী বুলি কিয় অনুভৱ কৰোঁ? আমাৰ চৰ অঞ্চল বা গাঁৱত মুছলিম সকলে নিজৰ ঘাম মাটিত পেলাই কষ্ট উপাৰ্জন কৰি খাই আছে তাত আপোনাৰ বা মোৰ সমস্যা কিয়? কোনো মুছলমানে আপোনাৰ ধৰ্মৰ অনুভুতিত আঘাত হানা নাই বা ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ ফুচুলাই থকা নাই। কিন্তু খ্ৰিষ্টান মিছনাৰীয়ে ভিতৰুৱা গাওঁ অঞ্চলত আপোনাৰে ভাই ককাইক ফুচুলাই খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিবলৈ বাধ্য কৰিছে, তথাপি আপুনি কিয় মাত মতা নাই? আমাৰ অসমৰ বহু ভিতৰুৱা জনজাতীয় গাঁওবোৰত শিক্ষা প্ৰদানৰ নামত ডাঙৰ ডাঙৰ স্কুল খুলি খ্ৰীষ্টান ধৰ্মৰ প্ৰতি আকৃষ্ট কৰি আছে আপুনি কোনোদিন অনুভৱ কৰিছেনে? কেনেকৈ কৰিব অনুভৱ? আপোনাৰ জন্মৰ পিছৰ পৰাই আপোনাক আপোনাৰ অজানিতে শিকোৱা হৈছে কেনেকৈ মুছলমানৰ প্ৰতি সন্দেহ বা ঘৃণা কৰিব পাৰি। সেয়া আপোনাৰ সমাজেই হওক বা আপুনি পঢ়া বাতৰি কাকত খনেই হওক বা আপুনি দেখা টিভিৰ নিউজয়েই হওক বা আপুনি উপভোগ কৰা ছিনেমা খনেই হওঁক। আপোনাৰো মগজুত মুছলমান মানেই কুৰ্তা পায়জামা আৰু টুপি পিন্ধা দাড়িৱালাৰ চৰিত্ৰটো সন্ত্ৰাসবাদীৰ চৰিত্ৰ বুলি সুমুৱাই দিছে যে। গতিকে আপুনি কেৱল ব্যস্ত মুছলিম সন্ত্ৰাসবাদী বা মুছলিম বাংলাদেশী খেদাৰ নামত।তাৰ বাহিৰে আপোনাৰ মনত কেতিয়াও অনুভৱ হোৱা নাই আমেৰিকা বা ইংলেণ্ডৰ খ্ৰিষ্টান মিছনাৰীয়ে কৌটি কৌটি টকা খৰছ কৰি অসমৰ ভিতৰুৱা গাঁৱত স্কুল কলেজ খোলাৰ উদেশ্য কি সেইবোৰ কথাৰো বিচাৰ কৰা উচিত। ভাৰত চৰকাৰে, অসম চৰকাৰে পালন কৰিব লগা দায়িত্ব মানে জ্ঞানেৰে পোহৰোৱাৰ দায়িত্ব মিছনেৰীয়ে গাত পাতি লোৱাত, স্বাস্থ্য সেৱাৰ দায়িত্বও লোৱাত তেওঁলোকৰ ধৰ্ম প্ৰচাৰ আৰু ধৰ্মাৱলম্বী বঢ়োৱাৰ বাবে থকা তাড়ণাই মুখ্য কথা নহয়নে?
(২)
আমি চিকিৎসকক ভগৱানৰ ৰূপ বুলি ভাৱোঁ কিন্তু আমাৰ দেশত এনেকুৱা কিছুমান চিকিৎসক আছে যে সিহঁত নিজকে ভগৱানৰ দালাল বুলি হে ভাৱে। বাংগালোৰত এনেকুৱা দালালৰূপী চিকিৎসক এজনে নাছিমা ভানু নামৰ ৰোগীক হিন্দুত্বৰ নামত মানসিক হাৰাশাস্তি কৰা বুলি ডেক্কান ক্ৰনিকলত বাতৰি প্ৰকাশ পাইছে। খবৰ মতে, বাংগালোৰৰ চিন্তামনি চৰকাৰী চিকিৎসালয়ত নাছিমাক অস্ৰপ্ৰোচাৰ কক্ষত ভগৱান শ্ৰীকৃষ্ণক স্মৰণ কৰিবলৈ কোৱা হয় কিন্তু নাছিমাই শ্ৰীকৃষ্ণৰ পৰিৱৰ্তে আল্লাহৰ নাম লোৱাৰ লগতে মুছলিম হৈ কৃষ্ণৰ নাম লব নোৱাৰিব বুলি জনায়। কিন্তু চিকিৎসক জনে কৃষ্ণৰ নাম নললে অপাৰেচন নকৰে বুলি নাছিমাক ধমকি প্ৰদান কৰে। তাৰ পিছত নাছিমাই চিকিৎসক জনৰ বিৰুদ্ধে ধৰ্মৰ নামত মানসিক হাৰাশাস্তি কৰা বুলি চিন্তামনি আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে। এনেকুৱা ঘটনাৰ পৰা অনুমান কৰিব পাৰি যে আমাৰ দেশত হিন্দুত্বৰ নামত মানৱতাৰ মৃত্যু হবলৈ হে আৰম্ভ হৈছে। আজি নাছিমা লগত হৈছে আপোনাৰ বা মোৰ লগত যে নহব তাৰ কি নিশ্চয়তা আছে। হিন্দুত্বৰ নামত কাৰোবাক যদি যোৰ জবৰদস্তি জয় শ্ৰীৰাম, ভাৰত মাতা কি জয় কবলৈ বাধ্য কৰা হয়, আকৌ কাৰোবাক চিকিৎসালয়ত অপাৰেচন কৰাৰ মূহুৰ্তত শ্ৰীকৃষ্ণৰ নাম লবলৈ বাধ্য কৰা হয়, এয়াই নেকি ধৰ্ম নিৰপেক্ষ ভাৰতবৰ্ষ?
(৩)
আমাৰ মুছলিম বসতিপূৰ্ণ অঞ্চলবোৰত এতিয়া ধৰ্মসভাৰ বতৰ। উদেশ্য হৈছে ডাঙৰ ডাঙৰ মৌলানা/মৌলবী সকলক আমন্ত্ৰণ কৰি আনি ধৰ্ম সভাৰ জৰিয়তে ইছলামৰ নিয়ম নীতি তথা কোৰাণ হাদিছৰ কথাবোৰ আলোচনা কৰা। এনেধৰণৰ সভাবোৰ প্ৰতিটো মুছলিম বসতিপূৰ্ণ গাওঁবোৰত আগন্তুক ৬ মাহ ধৰি চলি থাকিব। যদি এই ধৰ্ম সভাৰ জৰিয়তে কোৰাণ হাদিছৰ কথাবোৰ আলোচনা কৰাৰ লগতে জন্ম নিয়ন্ত্ৰণ, বাল্য বিবাহ, বহু বিবাহ, অন্ধবিশ্বাস,নিৰক্ষৰতা , আদি সামাজিক ব্যাধিবোৰ কেনেকৈ দূৰ কৰিব পাৰি তাৰ ওপৰত আলোচনা কৰা হয় তেন্তে আমাৰ দুখীয়া নিৰক্ষৰ মানুহবোৰ বহু পৰিমাণে সচেতন হব। আমাৰ কোৰাণ হাদিছত জন্ম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কোনো বাধা নিষেধ আৰোপ কৰা নাই। আমাৰ পয়গম্বৰ হজৰত মহম্মদ(ছাঃ) য়ে তেওঁৰ সহচৰ সকলক গৰ্ভ নিৰোধৰ বাবে আজল আৰু গায়ল প্ৰথা অবলম্বন কৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল। এনেধৰণৰ উদাহৰণবোৰ ধৰ্ম সভাবোৰত আলোচনা কৰিলে জন্ম নিয়ন্ত্ৰণ ক্ষেত্ৰত ফলপ্ৰসূ হব। আজিৰ দিনতো আমাৰ গাওঁবোৰত এনেকুৱা বহু মুছলিম মানুহ আছে, ৪-৫ টা সন্তান জন্ম দিয়াৰ পিছতো আল্লায় দিয়া দান বুলি কৈ দ্বায় সাৰে। কম বয়সত বিয়া দিয়া বা কৰোৱাটোও আল্লাহৰ হুকুম বা কলম আছে বুলি কৈ আল্লাহৰ ওপৰত ঠেলি দিয়ে। ইহঁতক বুজোৱাৰ উত্তম উপায় হৈছে এই ধৰ্মসভাবোৰ। আমি NRC বা স্হায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ ডিঙিত বান্ধি লৈ ফুৰিলেও আমাক মিয়া বাংলাদেশী বুলি তিৰস্কাৰ কৰিবই। ইয়াৰ মূল কাৰণ হৈছে দৰিদ্ৰতা আৰু নিৰক্ষৰতা। যদি আমি শিক্ষিত আৰু দৰিদ্ৰতাৰ পৰা মুক্ত হৈ নিজৰ বিবেক বুদ্ধি তথা বিচাৰ বিবেচনাৰে সঠিকভাৱে জীৱন যাপন কৰিব পাৰো তেতিয়া হে এই খন অসমত মূৰ দাঙি সগৌৰৱেৰে জীয়াই থাকিব পাৰিম।

No comments:

Post a Comment