সাম্প্ৰতিক প্ৰসংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

কেৱল জাকজমকতাৰ মাজতেই সীমাবদ্ধ নাথাকক নমামী ব্ৰহ্মপুত্ৰ উৎসৱ
অভিনন্দন গোস্বামী
প্ৰাচীন কালৰে পৰাই নদী আৰু মানুহৰ এক এৰাব নোৱাৰা সম্পর্ক গঢ় লৈ উঠিছে৷ নদীক লৈয়েই সৃষ্টি হৈছে বহু সভ্যতাৰ৷ পর্বত-পাহাৰৰ দৰে জড় নহৈ নদী হৈছে চিৰপ্ৰবাহিত, মানৱ জীৱনো ঠিক তেনেকুৱাই৷ নানা বাধা অতিক্ৰম কৰি হলেও মানৱ জীৱনো চিৰপ্ৰবাহিত গতিৰে লক্ষ্যলৈ ধাৱমান হয়৷ সেয়েহে বহু যুগ যুগ ধৰি নদী-মানুহৰ আত্মিক সম্পর্কই এক বিশেষ স্হান অধিকাৰ কৰি আহিছে৷ অসমৰ জীৱনৰেখা মহাবাহু ব্ৰহ্মপুত্ৰৰ লগত অসমীয়াৰ সর্ম্পক কেনে হব পাৰে তাক ব্যাখ্যা কৰাটো নিষ্প্ৰয়োজন৷ লুইতৰ বিশাল বুকুৱে অসমীয়াৰ শৌর্য্য-বীর্য্য তথা সাহসক প্ৰতিনিধিত্ব কৰি আহিছে আৰু চিৰদিনলৈ কৰি থাকিব৷ লুইতক লৈয়ে অসমীয়াৰ হিঁয়াৰ আমঠু ভূপেন দাই সৃষ্টি কৰি গৈছে বহু কালজয়ী গীত যি আজিও সকলোৰে দেহ মন সতেজ কৰি তোলে৷ চিৰনমস্য লুইতক প্ৰণাম তথা কৃতজ্ঞতা জনোৱাৰ উদ্দেশ্য আৰু ইয়াৰ চহকী ইতিহাস- এৈতিহ্যক বিশ্ববাসীৰ আগত সবল ৰূপত তুলি ধৰাৰ মানসেৰে অসম চৰকাৰৰ উদ্যেগত আয়োজন কৰা হৈছে ‘নমামী ব্ৰহ্মপুত্ৰ’ মহোৎসৱ৷ কোনো ৰাজহুৱা উৎসৱ আদি আয়োজন কৰিব গ’লে বির্তকয়ো পিছ লোৱাটো স্বাভাৱিক কথা৷ তেনে বির্তকৰ পৰা নমামী ব্ৰহ্মপুত্ৰ উৎসৱো ব্যতিক্ৰম নহয়৷ উৎসৱ মানেই জাকজমকতা-বাণিজ্যিকৰণ ইত্যাদি বিষয় সংলগ্ন হৈ থাকিবই আৰু কিছু পৰিমানে ইয়াৰ প্ৰয়োজনো নথকা নহয়৷ কিন্তু জাকজমকতাৰ অত্যাধিক পয়োভৰত ইয়াৰ মূল উদ্দেশ্য যাতে বিলুপ্ত হৈ নাযায় তাৰ প্ৰতি সকলোৱে চোকা দৃষ্টি ৰখাটো প্ৰয়োজন৷ প্ৰথমতেই এই উৎসৱৰ অপাৰ সম্ভাৱনা তথা ইয়াৰ লগত জড়িত কিছু কৰণীয় দিশৰ ওপৰত আলোকপাত কৰিবলৈ বিচাৰিছো৷

দেশ বিদেশৰ বিভিন্ন পর্যটকসকলৰ বাবে অসম তথা উত্তৰ-পূর্বাঞ্চল অতীজৰে পৰাই এক আকর্ষণ তথা কৌতুহলৰ কেন্দ্ৰবিন্দু হৈ আহিছে৷ কিন্তু বিশেষকৈ যোগাযোগ ব্যৱস্হাৰ দুৰৱস্হাৰ বাবে অঞ্চলটোৰ পর্যটন খন্ডত এক নেতিবাচক প্ৰভাৱ পৰিছে বুলি ধৰিব পাৰি৷ এই উৎসৱৰ দ্বাৰা কিছু দিশৰ ওপৰত আলোচনা কৰি অসমৰ পর্যটন খন্ডলৈ এক আমূল পৰিবর্তন অনাৰ সংকল্প গ্ৰহন কৰিব পাৰি৷ অসমৰ বাবে স্হলপথৰ সমান্তৰালকৈ নদীপথৰো সমগুৰুত্ব আছে৷ শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰ নদী প্ৰবাহিত হৈ আছে, তদুপৰি অসমৰ ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্যসমূহো ব্ৰহ্মপুত্ৰৰ পাৰতে অৱস্হিত৷ এনে অৱস্হাত নদী পথসমূহৰ বিকাশ ঘটাই পর্যটকৰ বাবে যোগাযোগৰ মাধ্যম হিচাবে ব্যৱহাৰ কৰিব পাৰি৷ অত্যাধুনিক জাহাজ আদি ব্যৱহাৰ কৰি House Boatৰ নিচিনা মাধ্যমেৰে নিশা উদযাপন কৰাৰ ব্যৱস্হাও কৰিব পাৰি৷ কেৰেলা, গোৱা আদি ঠাইত এনে সুবিধা বিদ্যমান৷ লুইতৰ বিশাল জলৰাশিত অত্যাধুনিক জাহাজেৰে যাত্ৰা কৰা তথা নিশা কটোৱাৰ ৰোমাঞ্চকৰ অভিজ্ঞতা কেনে হব পাৰে এবাৰ চকু মুদি অনুভৱ কৰিলেই তাৰ আভাস পোৱা যায়৷ ব্ৰহ্মপুত্ৰৰ অভিজ্ঞতা লভিবলৈ দেশ-বিদেশৰ পর্যটক ধাপলি মেলি আহক, তেনে এক পৰিবেশ সৃষ্টি কৰাটো এই উৎসৱৰ প্ৰধান লক্ষ্য হোৱা উচিত৷ 

দ্বিতীয়তে চুবুৰীয়া ৰাষ্ট্ৰ তথা দক্ষিণ-পূব এছিয়াৰ বিভিন্ন দেশৰ সৈতে বাণিজ্যিক লেনদেন কৰাৰ বাবেও ব্ৰহ্মপুত্ৰ এক মাধ্যম হব পাৰে৷ কেন্দ্ৰীয় চৰকাৰেও এক্ট-ইষ্ট পলিচিৰ দ্বাৰা এই দিশত সর্বাধিক গুৰুত্ব আৰোপ কৰিছে৷ উত্তৰ-পূবৰ অর্থনৈতিক মানদন্ডৰ উন্নয়ন সাধিবলৈ চুবুৰীয়া বাংলাদেশৰ সৈতে নদী যোগাযোগ ব্যৱস্হাক সুদৃঢ় কৰাটো প্ৰয়োজন৷ কুটনৈতিকভাবে এই দিশত কিছু পদক্ষেপ লোৱা হৈছে৷ উদাহৰণস্বৰূপে চিট্টাগং বন্দৰক আভ্যন্তৰিন জলপথ অধিক ব্যৱহাৰৰ বাবে প্ৰয়োগ কৰা হৈছে৷ ম্যানমাৰ. থাইলেন্ড আদি দেশৰ লগতো যোগাযোগ ব্যৱস্হাক অধিক উচ্চতালৈ লৈ যোৱাটো সময়ৰ আহবান৷ দক্ষিণ-পূব এছিয়াৰ বজাৰ দখল কৰাৰ ক্ষমতা থাকিলে অসমত অধিক পৰিমাণে উদ্যেগ স্হাপন কৰিবলৈ বিনিয়োগকাৰী ধপলিয়াই আহিব৷ ৰাজ্যক অর্থনৈতিকভাবে টনকীয়াল কৰাৰ মাধ্যমো নিশ্চয়কৈ ব্ৰহ্মপুত্ৰই হব পাৰে৷ 

ব্ৰহ্মপুত্ৰ উপত্যকাৰ চহকী এৈতিহ্য তথা বাৰেৰহনীয়া সংস্কৃতিক এই উৎসৱৰ দ্বাৰাই বিশ্বৰ আগত প্ৰজ্জ্বলিত কৰাৰ প্ৰয়াস কৰা যাওক৷ ভাৰতৰে অধিকাংশ লোকেই অসমৰ কৃষ্টি-সংস্কৃতিৰ লগত ভালদৰে পৰিচিত হবলৈ বাকী৷ তদুপৰি অসমৰ বিভিন্ন জাতি-জনগোষ্ঠী, ভাষা- ভাষী লোকৰ মাজত সমন্বয় তথা ভাতৃত্ববোধ স্হাপন কৰাত এই উৎসৱে এক গুৰুত্বপূর্ণ ভূমিকা গ্ৰহন কৰক৷ ভূপেনদাৰ ভাষাত মহাবাহু ব্ৰহ্মপুত্ৰ যিদৰে মহামিলনৰ তীর্থ ঠিক সেইদৰে নমামী ব্ৰহ্মপুত্ৰ উৎসৱো সকলোস্তৰৰ লোকৰেই মহামিলনৰ তীর্থস্বৰূপ হৈ পৰক৷ ইয়াতেই লুকাই আছে এই উৎসৱৰ সফলতা৷

ব্ৰহ্মপুত্ৰই অসমক এক স্বকীয় মর্যাদা দিয়াৰ পাছতো নদীখনক লৈ অসমবাসীৰ দুখ-দুর্দশাৰো যেন সীমা নাই৷ প্ৰতিবছৰে প্ৰলংয়কাৰী বানপানীৰ অভিশাপত কিমানে কত হেৰুৱাইছে তাৰ হিচাপ কোনে ৰাখিছে? কিমান বর্গ কিলোমিটাৰ মাটি লুইতৰ বুকুত জাহ গল তাৰো কোনো সঠিক হিচাপ নাই৷ অসমবাসীৰ গৌৰৱ নদীদ্বীপ সত্ৰনগৰী মাজুলীলৈ এই বিশাল লুইতেই ভাবুকি কঢ়িয়াই অনা নাইনে? পাচঁদিনীয়াকৈ আয়োজন কৰা এই উৎসৱ সামৰণি পৰিল বুলি ঘোষণা কৰাৰ আগতে এই সকলো সমস্যাৰ স্হায়ী সমাধানৰ বাবে কিবা পদক্ষেপ বা আচঁনি গ্রহণ কৰা হৈছেনে নাই তালৈ এবাৰ দৃষ্টি নিক্ষেপ কৰাটো প্ৰয়োজন৷ দুভার্গ্যৰ বিষয় যে স্বাধীনতাৰ ৭০ বছৰ পাছতো অসমবাসীয়ে বানপানীৰ সৈতে সহাৱস্হান কৰাৰ বাহিৰে বেলেগ একো উপায় নেদেখিলে৷ পূর্বৰ চৰকাৰসমূহৰ পৰাও কেৱল বান সাহায্যৰ বাহিৰে বান সমস্যা সমাধান কৰাৰ উদ্দেশ্য কোনো আন্তৰিকতা ৰাইজৰ চকুত নপৰিল৷ খহনীয়া ৰোধৰ ক্ষেত্ৰটো সেই একেই কাহিনী৷ এনে অৱস্হাত নমামী ব্ৰহ্মপুত্ৰ উৎসৱে আমালৈ এক সুযোগ আনি দিছে যে এখন মঞ্চত সমবেত হৈ আমি এই সকলো সমস্যাৰ স্হায়ী সমাধানৰ অর্থে কিছু কার্য্যব্যৱস্হা তথা একচন্ প্লেন হাতত লব পাৰো৷ এসময়ত চীনৰ দুখ বুলি জনাজাত হোৱাং হো নদীক যদি চীনদেশে আর্শীবাদলৈ ৰূপান্তৰিত কৰিব পাৰে, ব্ৰহ্মপুত্ৰত ক্ষেত্ৰটো আমি একেই কামেই কৰি দেখুৱাব পাৰিম৷ শেহতীয়াকৈ ব্ৰহ্মপুত্ৰ খননৰ বাবে চৰকাৰে গ্ৰহন কৰা আচঁনি প্ৰশংসনীয়৷ বান সমস্যা সমাধানৰ বাবে শেহতীয়াকৈ গ্ৰহণ কৰা এক সবল পদক্ষেপৰূপে ইয়াক অভিহিত কৰিব পাৰি৷ দ্বিতীয়তে গৰাখহনীয়া প্ৰতিৰোধ তথা মাজুলী সুৰক্ষাৰ বাবে চৰকাৰে গ্ৰহন কৰা বিভিন্ন আচঁনি তথা তৎপৰতাই ৰাইজৰ মনত আশাৰ সঞ্চাৰ কৰিছে৷ এনে এক ক্ষণত এই বিষয় সমূহৰ ওপৰত গভীৰভাবে আলোচনা কৰাৰ বাবে নমামী ব্ৰহ্মপুত্ৰ মহোৎসৱ এক উপযুক্ত মঞ্চ৷ বিশাল লুইতক প্ৰণাম আৰু কৃতজ্ঞতা, পর্যটনৰ উন্নয়ন, বাণিজ্যক উন্নয়ন, সাংস্কৃতিক বৈশিষ্ট্য প্ৰদর্শন ইত্যাদি বিষয়ৰ ওপৰিও নদীখনক স্বচ্ছ আৰু নিকা ৰূপত গঢ় দি তোলা তথা ইয়াক অসমৰ সমস্যাৰ পৰা আর্শীবাদৰূপে পৰিগনিত কৰাৰ উদ্দেশ্য এক ফলপ্ৰসূ আলোচনা আৰু কিছু কার্য্যব্যৱস্হা হাতত লোৱাটো এই উৎসৱৰ প্ৰধান উদ্দেশ্য হোৱা উচিত৷ উৎসৱ বুলিলেই জাকজমকতা তথা ব্যাহিকতা থাকিবই৷ কিন্তু কেৱল বাহিক্যতা প্ৰর্দশন কৰিবলৈ গৈ এনে মূল বিষয় সমূহৰ পৰা ফালৰি কাটি যোৱাটো আমি কামনা নকৰো৷ এনে হলে এই উৎসৱ হৈ পৰিব মাথো এক অর্থহীন আয়োজন৷ অসমৰ ইতিহাসত নমামী ব্ৰহ্মপুত্ৰ উৎসৱ চিৰস্মৰণীয় হৈ ৰওক৷ মহাবাহু ব্ৰহ্মপুত্ৰৰ প্ৰতি নমস্কাৰ আৰু কৃতজ্ঞতা জনাই এই উৎসৱৰ বাবে জনাইছো আন্তৰিক শুভেচ্ছা৷ 
ঠিকনা- পুনে, মহাৰাষ্ট্ৰ, ফোন- ০৮৪০২৮৫২৮০১

No comments:

Post a Comment