কেৰিয়াৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

গাৰ্হস্থ্য বিজ্ঞান 
ড° বুলজিৎ বুঢ়াগোহাঁই
গাৰ্হস্থ্য বিজ্ঞান (Home science) পঢ়ি ছাত্র-ছাত্রীসকলে উন্নত কেৰিয়াৰ গঢ়িব পাৰে । ইয়াৰ বাবে ছাত্র-ছাত্রীসকলে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান অথবা কলা শাখাত উত্তীৰ্ণ হোৱা পিছত গাৰ্হস্থ্য বিজ্ঞানৰ স্নাতক পাঠ্যক্রমত নাম ভৰ্তি কৰিব পাৰে।গাৰ্হস্থ্য বিজ্ঞানত স্নাতকোত্তৰ আৰু পি.এইচ.ডি. পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে ।স্নাতকোত্তৰ পাঠ্যক্রমত অধ্যয়ন কৰিব পৰা গাৰ্হস্থ্য বিজ্ঞানৰ কেইটামান বিশেষ বিষয় হ’ল – এক্সটেনচন (Extension Education) ,চাইল্ড ডেভেলপমেণ্ট (Child development), নিউট্রিছন এণ্ড ডায়েটিকছ (Nutrition & dietetics) , ৰুৰেল কমিউনিটি এক্সটেনচন (Rural community extension) আদি ।

দেশৰ বিভিন্ন স্থানৰ লগতে অসমতো গাৰ্হস্থ্য বিজ্ঞান (Home science)তশিক্ষা গ্রহণ কৰিব পৰা শিক্ষানুষ্ঠান আছে । অসম কৃষি বিশ্ববিদ্যালয় ( http://www.aau.ac.in)ত গাৰ্হস্থ্য বিজ্ঞানত স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা আছে । ইয়াৰ উপৰিও স্নাতক পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা থকা কেইখনমান শিক্ষানুষ্ঠান হ’ল - সন্ধিকৈ ছোৱালী মহাবিদ্যালয় (http://www.hgcollege.org) , শিৱসাগৰ ছোৱালী কলেজ (http://sibsagargirlscollege.edu.in) , মনোহৰী দেবী কানৈ মহিলা মহাবিদ্যালয় (http://www.mdkgcollege.edu.in) , দৰং কলেজ (http://www.darrangcollege.in), নৰ্থ লখিমপুৰ কলেজ (স্বায়ত্তশাসিত) (http://nlc.ac.in), লক্ষীমপুৰ বালিকা মহাবিদ্যালয়  (http://www.lgcollege.org) আদি ।

গাৰ্হস্থ্য বিজ্ঞান (Home science)ৰ শিক্ষা গ্রহণ অসমৰ বাহিৰৰ কেইখনমান শিক্ষানুষ্ঠান হ’ল –অন্ধ্ৰ বিশ্ববিদ্যালয় ( www.andhrauniversity.edu.in), আলিগড় মুছলিম বিশ্ববিদ্যালয় ( www.amu.ac.in) , এছ এন ডি টি ৱ’মেনছ্ ইউনিভাৰ্চিটি (http://sndt.ac.in ), এম. এচ. ইউনিভাৰ্চিটি অৱ বৰোডা (www.msubaroda.ac.in), এলাহাবাদ বিশ্ববিদ্যালয় ( www.allduniv.ac.in ) ,কলকতা বিশ্ববিদ্যালয় ( www.caluniv.ac.in ),কলকতা বিশ্ববিদ্যালয় (http://www.caluniv.ac.in), চৰ্দাৰ পেটেল বিশ্ববিদ্যালয় (http://www.spuvvn.edu), তামিলনাডু কৃষি বিশ্ববিদ্যালয় (www.tnau.ac.in) , দিল্লী বিশ্ববিদ্যালয় ( www.du.ac.in),নাগপুৰ বিশ্ববিদ্যালয় (http://www.nagpuruniversity.org) , নাগপুৰ বিশ্ববিদ্যালয় (http://www.nagpuruniversity.org) , নিৰ্মলা নিকেতন (http://nirmalaniketan.com) , পঞ্জাৱ কৃষি বিশ্ববিদ্যালয় (http://www.pau.edu/),

বাঙ্গালোৰ বিশ্ববিদ্যালয় ( http://bangaloreuniversity.ac.in), বেনাৰস হিন্দু বিশ্ববিদ্যালয় ( www.bhu.ac.in),মাদ্রাছ বিশ্ববিদ্যালয় ( www.unom.ac.in ) আদি ।

গাৰ্হস্থ্য বিজ্ঞানক কেৰিয়াৰ হিচাপে গ্রহণ কৰিব বিচৰা সকলৰ কিছুমান গুণ থকা দৰকাৰ, যেনে – বৈজ্ঞানিক মানসিকতা; ভাল যোগাযোগ দক্ষতা থকা ; সামাজিক অনুকূলনশীলতা ; সংগঠিত কৰা দক্ষতা ; স্বাস্থ্য, সুষম খাদ্য আৰু জীৱন-শৈলীৰ বিষয়ে জ্ঞান থকা আদি।

গাৰ্হস্থ্য বিজ্ঞান পঢ়ি ছাত্র-ছাত্রীসকলে শিক্ষাগত অৰ্হতা আৰু অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি চৰকাৰী –বেচৰকাৰী বিভিন্ন খণ্ড, যেনে – হেল্থ ক্লাব ,হোটেল,হস্পিটল, গৱেষণা অনুষ্ঠান , টেক্সটাইল মিল,বিউটি পার্লাৰ , মহাবিদ্যালয়/বিশ্ববিদ্যালয়তনিযুক্তি লাভ কৰিব পাৰে । নিযুক্তি লাভ কৰা বিভিন্ন পদসমূহ হ’ল – ইনটেৰিয়ৰ ডেকোৰেটৰ (Interior Decorators),ক্লিনিকেল ডায়েটিচিয়ানছ (Clinical Dieticians), টেক্সটাইল ডিজাইনাৰ (Textile Designers),ডায়েট কনচাল্টেণ্ট (Diet Consultant), ডায়েটিচিয়ানছ কনচাল্টেণ্ট (Consultant Dieticians), নিউট্রিছনিষ্ট (Nutritionists), ফেচন ডিজাইনাৰ (Fashion Designer),ফুড এনালিষ্ট(Food Analyst) , ফুড চাইণ্টিষ্ট (Food Scientist), ৰিচাৰ্চ এচিচষ্টেণ্ট (Research Assistant) আদি। মহাবিদ্যালয়/বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে কেৰিয়াৰ আৰম্ভ কৰিব পাৰে । ইয়াৰ উপৰিও গাৰ্হস্থ্য বিজ্ঞান পঢ়ি ছাত্র-ছাত্রীসকলে সাজপাৰ তৈয়াৰ , খাদ্য সংৰক্ষণ , ফিটনেচ কনচাল্টেণ্ট কেন্দ্র আদি যোগেদি স্ব-নিয়োজনৰ ব্যৱস্থা কৰিব পাৰে।

1 comment: