সাম্প্ৰতিক প্ৰসংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

তিনি তালাকৰ প্ৰসংগ আৰু 
বিজেপিৰ ঘঁৰিয়ালৰ চকুপানী
ডা:অজিত কুমাৰ পটঙ্গীয়া
কিছুদিনৰ আগতে আছমা খাতুন নামৰ কেৰালৰ এগৰাকী মহিলাক ডুবাইত কাম কৰা তেওঁৰ স্বামী জাহাংগীৰে টেলিফোন কৰি ক'লে যে- 'মই তোমাক তালাক দিলোঁ।' কোনো কাৰণৰ অৱতাৰণা নকৰাকৈ তিনিবাৰ তালাক বুলি কৈ ফোনটো কাটি দিলে। তেতিয়াৰে পৰা ১১ বছৰীয়া এটি সন্তানৰ মাতৃ আছমাৰ লগত তেওঁৰ স্বামী জাহাংগীৰে আৰু কোনো যোগাযোগ ৰখা নাই। ২০১৬ চনত মহাৰাষ্ট্ৰৰ পুনেৰ আশ্ৰিয়া নামৰ ১৮ বছৰীয়া যুৱতী এগৰাকীক তেওঁৰ স্বামী মহম্মদ কাজিমে কাগজ এখনত তিনিবাৰ তালাক লিখি সন্তানসহ ঘৰৰ পৰা বাহিৰ কৰি দিয়ে। তাৰ পিচত আশ্ৰিয়াই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক তাইৰ জীৱনৰ সকলো ঘটনা বৰ্ণনা কৰি তিনি তালাক বিলোপ কৰিবৰ বাবে অনুৰোধ জনাই এখন চিঠি লিখিছিল। ঠিক একেদৰে উত্তৰা খণ্ডৰ ছাইৰাবানু নামৰ এগৰাকী মহিলাই তিনি তালাক বিলোপ কৰিবৰ বাবে উচ্চতম ন্যায়ত আৱেদন জনাইছে। তেওঁকো স্বামীয়ে একেলগে তিনিবাৰ তালাক বুলি কৈ ঘৰৰ পৰা উলিয়াই দিয়ে। আমাৰ দেশত মুছলমানসকলৰ মাজত বিবাহ বিচ্ছেদ বা তালাকৰ এনেধৰণৰ মৰ্মান্তিক অপপ্ৰয়োগৰ হেজাৰটা ঘটনা ঘটি আহিছে।

সেয়েহে আজি ভাৰতবৰ্ষৰ মুছলমান সমাজত প্ৰচলিত মধ্যযুগীয়া তালাক প্ৰথা বিলোপ কৰাৰ বাবে বিতৰ্ক আৰম্ভ হৈছে। অৱশ্যে এই বিতৰ্ক পূৰ্বৰ পৰায়েই চলি নথকা নহয়। অলপতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ এখন নিৰ্বাচনী সভাত মুছলমান মহিলাসকল গণতান্ত্ৰিক সম অধিকাৰৰ পৰা বঞ্চিত নহ'বলৈ ইছলাম ধৰ্ম্মত থকা 'তিনি তালাক' প্ৰথাৰ বিৰোধিতা কৰে আৰু তাক বিলুপ্তিকৰণৰ বাবে বৰ্তমান চৰকাৰৰ সদিচ্চাৰ কথা ব্যক্ত কৰে। ভাৰতত ১৯৩৭ চনত গ্ৰহণ কৰা মুছলিম পাৰ্ছনেল আইন(শ্বৰীয়ত)ত কেৱল তালাকৰ কথাহে উল্লেখ আছে, তিনি তালাকৰ নাই। এই সম্পৰ্কে চলি থকা বিতৰ্কত এচাম গোড়া ইছলাম ধৰ্মালম্বীলোকে তিনি তালাকৰ লগত ধৰ্ম্মৰ কথা যিদৰে সনাপোটকা কৰিছে, সি যুক্তিসন্মত নহয়। তেওঁলোকে হয়তো নাজানে বা জানিও নজনাৰ ভাওঁ ধৰিছে যে ইছলাম ধৰ্ম্মালম্বী ৰাষ্ট্ৰসমূহৰ বহুতেই এই প্ৰথা বাতিল কৰিছে। মই পাৰিবাৰিক সূত্ৰে মাজে মাজে ভ্ৰমণ কৰা ইৰাণত দেখিছো এই প্ৰথা একেবাৰে নাই আৰু আলোচনা কৰি জানিব পাৰিছিলো আন দেশত ইছলাম ধৰ্ম্মালম্বীলোকৰ মাজত থকা এই প্ৰথাৰ উপৰিও একাধিক পত্নী থকাতো ইৰাণৰ সভ্য সমাজে ভাল দৃষ্টিৰে নাচায়। ভাৰতবৰ্ষত যদি ইছলাম ধৰ্ম্মত দোহাই দি তিনি তালাক প্ৰথা থাকিব লাগে, তেনেহ'লে সেই ইছলামিক দেশ হিচাবে ঘোষণা কৰা বা মুছলমান সংখ্যাগৰিষ্ট থকা ৰাষ্ট্ৰবোৰত তিনি তালাক প্ৰথা নোহোৱা হ'ল কিদৰে?

এই 'তিনি তালাক' মধ্যযুগীয় জঘণ্য প্ৰথা যাৰ জৰিয়তে স্বামীয়ে ইচ্ছা কৰিলেই স্ত্ৰীক পৰিত্যাগ কৰিব পাৰে, কাৰ্য্যত ভৰণ-পোষণসহ সকলো দায়-দায়িত্ব অস্বীকাৰ কৰিবও পাৰে। তিনি তালাকপ্ৰাপ্ত নি:সহায় মুছলমান মহিলাক সহায় কৰিবলৈ ডাঙৰ-সৰু বহু সংগঠনে আমাৰ দেশত কামো কৰি আহিছে। এই প্ৰথাৰ সম্পৰ্কে মুছলমান সমাজৰ মাজতো যথেষ্ট বিৰোধীতা আছে, থকাতো স্বাভাৱিক। ঐতিহাসিক ভাবে দেখা যায় তিনি তালাক প্ৰাক্ ইছলামী যুগৰ আৰবত প্ৰচলিত এক প্ৰথা। অতীততে কোনোবা এটা সময়ত যদি ধৰ্ম্মৰ অনুসংগ হৈ এক বিশেষ পৰিস্থিতিত এইবোৰ প্ৰথাৰ প্ৰচলন আৰম্ভ হৈছিল, মানৱ সমাজে সভ্যতাৰ অগ্ৰগতিৰ লগে লগে সময়ৰ লগত খাপ খুৱাই তাক সলনি কৰিছে, যিদৰে ধৰ্ম্মীয় আচৰণৰবোৰৰো সংস্কাৰ কৰা হৈছে। নহ'লে পাকিস্থান, বাংলাদেশসহ কমেও বিশ্বৰ ২২খন মুছলিম প্ৰধান দেশে এই প্ৰথাৰ পৰোক্ষ আৰু প্ৰত্যক্ষ পৰিবৰ্তন আনিব নোৱাৰিলে হয়। আলজেৰিয়া, মালয়েছিয়া, টিউনেছিয়াৰ দৰে মুছলমান সংখ্যাগৰিষ্ট দেশে আদালতৰ বাহিৰত 'তালাক' বা 'বিবাহ বিচ্ছেদ' নিষিদ্ধ কৰিছে। ইৰাক-ইৰাণত এই প্ৰথাৰ অস্তিত্বই নাই। কিন্তু ভাৰতবৰ্ষৰ দৰে দেশ যি হিন্দুপ্ৰধান হৈয়ো সমাজত জাত-পাতৰ ভেদা-ভেদ দূৰ কৰিবলৈ সক্ষম হোৱা নাই, বিধৱা বিবাহৰ আইন থকা সত্বেও সমাজে তাক গ্ৰহণ কৰাৰ কোনো চেষ্টাই কৰিব পৰা নাই, ভিন্ন জাতৰ মাজত বিয়াক যি হিন্দু সমাজে ঘৃণাৰ চকুৰে চায়, সেই দেশত হঠাৎ শাসকসকলে যদি মুছলমানৰ তালাক প্ৰথা বাতিল কৰাৰ বাবে ইমান তৎপৰ হৈ উঠে, তাক সুন্দৰ প্ৰচেষ্টা বুলি কৈ উদ্ধবাহুহৈ সমৰ্থন জনাবলৈ অসুবিধা হয়। হিন্দুত্বৰ ধ্বজাধাৰী বিজেপিৰ এই তৎপৰতাক সৎ গণতান্ত্ৰিক উদ্দেশ্য হিচাবে আমি ধৰি ল'লো হয় যদি তেওঁলোকে তাৰ আগতে দেশৰ হিন্দু সমাজৰ মাজত আজিও যি অগণতান্ত্ৰিক জঘন্য প্ৰথাবোৰ পৰম বিক্ৰমে চলি আছে, সেইবোৰ দূৰ কৰাত অগ্ৰণী হ'ল হয়। মুছলমান নাৰীৰ অসহায়তাকলৈ আজি যিসকল বিজেপি নেতাই ৰাইজৰ সন্মুখত বিলাপ কৰিছে, প্ৰতিদিনে হিন্দু ঘৰৰ ছোৱালী যিদৰে ধৰ্ষিতা হৈছে, পুৰুষৰ অত্যাচাৰত নিগৃহীত হৈছে, নিহত হৈছে, তেওঁলোকৰ প্ৰতি সেই নেতাসকলৰ দৃষ্টিভংগী কেনে সেইয়া প্ৰথমে তেওঁলোকে স্পষ্ট কৰক। দিল্লীৰ নিৰ্ভয়া কাণ্ডৰ পাছত আৰএছএছে নিদান দিলে যে নাৰীয়েই ইয়াৰ বাবে দায়ী, তেওঁলোকে সন্ধিয়াৰ পাছত ঘৰৰ পৰা বাহিৰলৈ ওলাই যায় কিয়?। 'নাৰীৰ বাবে পাকঘৰেই উপযুক্ত স্থান' - এনে ধৰণৰ হিটলাৰি নিদান আমাৰ দেশৰ আৰএছএছৰ বহুতো নেতাৰ কন্ঠত শুনা যায়।

তালাক প্ৰথাৰ দৰে মধ্যযুগীয়া ব্যৱস্থাৰ বিলোপ আমাৰ কাম্য হ'লেও বিজেপিয়ে ইয়াৰ বাবে যি তৎপৰতা চলাইছে সেইয়া অশুভ উদ্দেশ্যপ্ৰণোদিত, ভোটৰ স্বাৰ্থত সাম্প্ৰদায়িক মেৰুকৰণ ঘটোৱাৰ মতলবত। এটা কথা ঠিক আৰু আশাব্যঞ্জক যে, মুছলমান মহিলাসকলৰ মাজৰ পৰায়েই 'তিনি তালাক' প্ৰথা বিলোপৰ দাবী উঠিছে, তেওঁলোকৰ এটা সংগঠনে ইয়াকেলৈ স্বাক্ষৰ সংগ্ৰহ কৰি জনমত গঢ়ি তুলিবলৈ চেষ্টা কৰিছে। তেওঁলোকেই এই প্ৰথা বাতিল কৰাৰ দাবী তুলি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। কিন্তু তেওঁলোকে যি যন্ত্ৰণা পৰা মুক্তি পাবলৈ এক মহৎ উদ্দেশ্য আৰু লক্ষ্য লৈ তৎপৰ হৈছে, বিজেপি-সংঘ পৰিবাৰৰ অভিপ্ৰায় ঠিক তাৰ বিপৰীত। এই প্ৰথাৰ বিলোপ ঘটাই মুছলমান নাৰী সমাজক যন্ত্ৰণাৰ পৰা মুক্তি দিয়া বিজেপিৰ লক্ষ্য নহয়, ই ইছুটোক কেন্দ্ৰ কৰি হৈ ছৈ লগাই ভোটৰ আগতে হিন্দুত্ববাদৰ জয়ধ্বজা উৰোৱাতো তাৰ লক্ষ্য। যি অতি ভয়ংকৰ আৰু সৰ্বনাশী কথা।

পৰিয়ালৰ অমতত কোনো ঘৰৰ ছোৱালী ভিন্ন জাতৰ ল'ৰাৰ ল'গত প্ৰেমত পৰিলে আৰু বিয়া হ'ব বিছাৰিলে, ছোৱালীৰ পৰিয়াল বা পিতৃকুলে যে তেওঁলোকৰ ছোৱালী আৰু সেই প্ৰেমাস্পদক নৃশংসভাবে হত্যা কৰিব পাৰে আৰু ইয়াৰ নামাকৰণ হ'ব পাৰে 'অনাৰ কিলিং' অৰ্থাৎ 'সন্মান ৰক্ষাৰ্থে হত্যা' - এনে ধৰণৰ ঘটনাবোৰ প্ৰচাৰ হোৱাৰ পাছত ভাৰতবাসী, বিশেষকৈ দেশৰ সভ্য সমাজৰ মাজত জোকাৰনি তুলিছে। মিডিয়াতো বিতৰ্ক হৈছে। আধুনীক ভাৰতবৰ্ষত ধৰ্ম্মীয় সংখ্যাগুৰু হিন্দু সমাজৰ মাজত এনে এক বৰ্বৰ প্ৰথা আছে, বহুতেই শুনি বিস্মিত আৰু মৰ্মাহত হৈছে, তথাপিও কিন্তু অনাৰ কিলিং বন্ধ হোৱা নাই। কাৰণ জাতিবিদ্বেষত দীৰ্ণ হিন্দু সমাজ ইয়াক লৈ গৰজি উঠা নাই, তীব্ৰ সামাজিক আন্দোলনৰ সৃষ্টি হোৱা নাই। তথাকথিত 'ধৰ্ম্ম নিৰপেক্ষ - কংগ্ৰেছ' বা 'হিন্দুত্বৰ ধ্বজাবাহী - বিজেপি' কোনো ৰাজনৈতিক দলেই ইয়াক লৈ মূৰ ঘমোৱা নাই, মূৰ ঘমাব নিবিছাৰে।

যিকোনো গণতান্ত্ৰিক দেশতে জাতি-ধৰ্ম্ম-বৰ্ণ নিৰ্বিশেষে একে ধৰণৰ দেৱানী আইন থকাতো এখন সভ্য সমাজৰ দাবী। ভাৰতবৰ্ষতো সেইয়াই হোৱাতো দেশৰ শুভবুদ্ধিসম্পন্ন আৰু গণতন্ত্ৰপ্ৰিয় মানুহৰ কাম্য। কিন্তু কেনেকৈ? সংখ্যাগৰিষ্ঠতাৰ জোৰত মাত্ৰ সংসদত আইন পাছ কৰি এই কাম কৰিলে সেইয়া দেশৰ মুছলনমান সমাজৰ গ্ৰহণীয় নহ'বও পাৰে। দেশৰ মুছলনমান সমাজৰ মাজৰ পৰায়েই সামাজিক আন্দোলন গঢ়ি তুলি এই পৰিবৰ্ত্তন ঘটাব লাগিব - যাৰ স্ফূৰণ দেখা গৈছে।

No comments:

Post a Comment