Monday, November 28, 2016

চিন্তন

চান্দাৰ ধান্দা!
জ্যোতিৰূপম দত্ত
উৎসৱৰ বতৰ আহি পালেই৷ এইখিনি সময়তে ঘৰে-ঘৰে, দোকানে-সমাৰে, হাটে-বজাৰে সকলোতে পৰম প্ৰতাপী চান্দা সংগ্ৰহকাৰী ‘চান্দাবীৰ’সকলৰ টিঘিলঘিলনি ৷ এওঁলোকৰ হাতত অনবৰতে দৃশ্যমান অৰ্জুনৰ গাণ্ডীৱস্বৰূপ চান্দাৰ বহীখন ৷ কোটিপতি ব্যৱসায়ীসকলৰ কথা বাদেই দিলো, বজাৰৰ এচুকত কেইটিমান জলকীয়া, নেমুটেঙা লৈ গ্ৰাহকৰ অপেক্ষাত থকা পোহাৰী বৃদ্ধাজনীও এই ‘চান্দাবীৰ’ সকলৰ অব্যৰ্থ লক্ষ্যৰ পৰা সাৰি নাযায় ৷

পিছে এইসকল বীৰপুৰুষে কেতিয়াও ভুলতো অকলে ‘চিকাৰ’ৰ সন্ধানত ওলাই নুফুৰে ! সিংহৰ দৰে ভাওঁ দি তৰ্জন-গৰ্জন কৰি থকা এইসকলৰ বেছিভাগেই সন্ধিয়া সময়ত চিকাৰৰ সন্ধানত শিয়ালৰ দৰে জাক পাতি ফুৰাহে আমাৰ দৰে চকুচৰহাবোৰৰ চকুত পৰে ৷ উস ! এখেতসৱৰ কি যে ভাষা ! কি যে ভংগীমা ! কি যে বীৰত্বৰ গাঁথা!

আপুনি মই নিমিত্তহে মাত্ৰ ৷ এই সময়চোৱাত তেখেতসৱেই ৰজা ৷ ৰজাৰ আদেশৰ সামান্যতম গাফিলতি বা মতান্তৰ মানেই লাঞ্ছনা বা গঞ্জনা ৷ মদিৰাসক্ত কিছুসংখ্যক ‘চান্দাবীৰ’ৰ মুখনিসৃত অৰ্থৰ অংকৰ দাবী মানেই শিলৰ ৰেখা ৷ কবলৈ গলে দোকানৰ ‘ফিক্সড প্ৰাইচ’ৰ দৰে সকলোতে একেবাৰে ‘ফিক্সড চান্দা’ !

পিছে ‘চান্দাবীৰ’ৰ দলটোও বহুধাবিভক্ত, মানে কেইজনমানৰ বাহুবলেই সাৰ, কেইজনমান আকৌ সুকৌশলী বাকপটু ৷ মুখত সমাজ সেৱাৰ কথা, ধৰ্মৰ কথা, মানৱ সেৱাৰ কথা অনবৰত আখৈ ফুটা দি ফুটে ৷ পিছে সকলোৰে একেই ধান্দা, মানে প্ৰথমতে নিজলৈহে চাউল-কথা, তাৰ পাছতহে সমাজৰ কথা ৷ অনবৰতে বৰ বৰ কথা কৈ সমাজ সেৱাৰ বাবে চান্দাসংগ্ৰহৰ দৰে মহান বৃত্তিত আত্মোসৰ্গ কৰা এইসৱ বীৰপুৰুষক পিছে সমাজৰ বাবে এটা গছপুলি ৰোৱা, বাঁৰী-দুখুনী এগৰাকীক সহায় কৰা, ৰক্তদান কৰা, বিপদগ্ৰস্ত কাৰোবাক সহায় কৰা, এনেবোৰ তুচ্ছ কৰ্মত ব্ৰতী হোৱা কাহানিও নেদেখো ৷ কিছুমান চকুচৰহাৰ মতে সমাজৰ কৰ্মতকৈ চান্দাসংগ্ৰহেই ভাল কৰ্ম, আনকি ধৰ্মৰ বাবেও এইফেৰাই প্ৰধান কৰ্ম!

আড়ম্বৰহীনভাৱে মাংগলিক কামখিনি সুচাৰুৰূপে ভক্তিভাৱেৰে সম্পন্ন কৰাৰ সলনি জাক-জমকীয়া উৎসৱৰ বাবে দুশমিটাৰ দুৰে দুৰে প্ৰকাণ্ড প্ৰকাণ্ড মণ্ডপ, পকী ৰাস্তাবোৰৰ গাঁত খান্দি বাঁহ পুতি সজা সুউচ্চ তোৰণ, ছাত্ৰ-ছাত্ৰী তথা বৃদ্ধ বা ৰোগীসকলৰ কথা চিন্তা নকৰি দিনে-নিশাই কাণ তাল মাৰি যোৱাকৈ বজোৱা মাইকৰ শব্দ, ব্যস্ত পথ ভেটি পথচাৰীক দুৰ্ভোগ দিয়া আদিৰহে বিশাল আয়োজন ৷ জাক-জমকৰ চমক চাবলৈ হলে শুনিলেই চমকি উঠা চান্দাৰ অংক এটিও আগবঢ়াবই লাগিব ৷ বাক্যৰে নোৱাৰিলে বলেৰে আদায় কৰাৰ বাবেই এই মহান বৃত্তিধাৰী অভিজ্ঞ ‘চান্দাবীৰ’সকলৰ প্ৰয়োজন ৷ নহয়জানো ?

‘অথিৰ এহু সংসাৰ’ৰ সাধাৰণ নাগৰিক এজনে লেলাট ভুঞ্জি দিনে নিশাই হাড়ভগা পৰিশ্ৰম কৰি মাহৰ মুৰত অনা টকাকেইটি মাহিলী বাজেট অনুসৰি নানান অংক কৰি জুখি-মাখি খৰচ কৰাৰ পাছতো দেখা যায় যে মাহৰ শেষলৈ কোনোকালেই হিচাপ নিমিলে ৷ অথচ এই লাখটকীয়া উৎসৱৰ বাজেটৰ হিচাপবোৰ দেখোন বৰ সুন্দৰকৈ মিলি থাকে ? এটকা জমাৰ বাবদ এটকা খৰচ ! একেবাৰে ফটফটীয়া হিচাব ! হয়তো সেইবাবেই উৎসৱৰ অৰ্থসংগ্ৰহকাৰীসকল তথা বিয়াগোম কৰ্মকৰ্তাসকলে কোনোদিনেই ৰাজহুৱাকৈ হিচাপ দাখিল কৰাৰ প্ৰয়োজনবোধ নকৰে ৷ আনকি সাধাৰণ ব্যৱসায়ীক কৰ-কাটল, আয়-ব্যয়ৰ হিচাপ লোৱাৰ গইনা লৈ জোৰ-জুলুম কৰা চৰকাৰী কৰ-কাটল সংগ্ৰহকাৰীসকলেও এনেবোৰ উৎসৱৰ সৰ্বময়কৰ্তাসকলৰ পৰা ৰাজহুৱাকৈ সংগ্ৰহ কৰা টকাৰ চৰকাৰীভাৱে হিচাপ বিচৰা আজিলৈকে শুনা নাই ৷

পিছে আমিবোৰো জানো কম ? বন্যাক্ৰান্তৰ নামত, দুখীয়া-নিচলাৰ নামত বা সম্বলহীন ছাত্ৰ-ছাত্ৰীৰ পঢ়াৰ নামতেই হওক, আমাৰ হাতনি-পেৰাৰ পৰা এটকা চিকা-ৰূপ কাৎচিতহে ওলায় ৷ পিছে চকুতলগাকৈ সজোৱা বিজুলী-চাকিৰ পোহৰৰ বাহাৰৰ নামত, প্ৰকাণ্ড মণ্ডপৰ নামত চান্দা তুলিবলৈ দলবলে অহা ‘চান্দাবীৰ’ সকলৰ গৰ্জন শুনি তেৰাসৱৰ হাতত সুৰসুৰকৈ খমখমীয়া নগদ টকা তুলি দিও ৷ ৰাজহুৱা কাম বা ধৰ্মীয় উৎসৱৰ অচিলা লৈ নিজৰ চন্দুক ভৰাবলৈ অহা কিছু ছদ্মৱেশী চান্দাসংগ্ৰহকাৰীসকলৰ সমুখতো আমি আগ্ৰহেৰে আঁঠু লৈ আগবঢ়াই দিও নিজৰ কষ্টোপাৰ্জিত ধনৰ অংশ ৷ কিবা উৎসৱ বুলিলেই সাত জাঁপ মৰা আমাসৱৰ পিছে ৰাজহুৱা খেলপথাৰখন চফা কৰি অনবৰতে ঘৰৰ চাৰিবেৰৰ মাজত আবদ্ধ কৰি থোৱা শিশুকেইটিক অকণ মুকলি বতাহ সেৱন কৰা বা শাৰিৰীক কচৰৎ কৰাৰ সুবিধা কৰি দিবলৈ এলাহে আগুৰি ধৰে, অথবা নিজৰ ঠাইখিনিৰ লেতেৰা পুতিগন্ধিময় নলাটো চফা কৰা, ৰাজহুৱা স্থানত মহিলা-শিশু-বৃদ্ধ-বিকলাংগৰ বাবে সুচল আৰু পৰিষ্কাৰ প্ৰস্ৰাৱগাৰ এটিৰ প্ৰয়োজনীয়তাৰ দৰে কথাবোৰ ভাবিবলৈ সময়ৰ অভাৱহে হয় ৷

এনেদৰেই কেতিয়াবা সন্মানহানিৰ ভয়ত, কেতিয়াবা মুখলজ্জাৰ ভয়ত, অথবা সমাজত বৰ-মানুহ বোলাবলৈ ঘৰৰ পিছফালে ঢকুৱাৰ বেৰ থাকিলেও সমুখত বৰ-চুৰীয়াৰ ফেৰ দেখুৱাবলৈ কষ্টোপাৰ্জিত সম্পদৰ এখিনি তেৰাসৱৰ হাততেই তুলি দি মোচত তাও দিও ৷ অৱশ্যে টকাৰে খুন্দ খাই থকা তুলী-গাৰু-তোচকত আৰামেৰে শুই-বহি সোঁৱে-বাৱে অসৎ উপায়েৰে টকা ঘটা ‘মহৎ’ চোৰসকলৰ কথা সুকীয়া ৷ একেদৰেই এহাতে লাখটকীয়া চান্দা দি আনহাতে থাউকতে সামগ্ৰীৰ দাম বঢ়াই আমাৰ দৰে কেলেহুৱা, মৰকেলেপ মৰা দুখীয়া কেইটামানৰ মুৰত ৰাম-টাঙোন মৰা বিয়াগোম বেপাৰীসৱৰ কথাও সুকীয়া ৷

এটা কথা পিছে সকলোৰে মনত খু-দুৱাই থাকে, কিন্তু কোনেও ফুটাই নকয় ৷ উৎসৱৰ খৰচৰ হিচাপ খুজিবলৈ ভয় লাগে ৷ নহয়জানো ? দুখীয়া পোহাৰী এজনীয়ে ধনীয়া দুমুঠিৰ বাবদ খোজা টকাৰ পৰা দুটকা কমাই লবলৈ কাজিয়া কৰি বৰ বৰ কথা কবলৈ অকণো ভয় নকৰা আমিবোৰে পিছে সন্ধিয়া চোতালত জুম পতা এজাক বীৰ-পুংগৱৰ বীৰত্বপুৰ্ণ উচ্চবাচ্যত নতশিৰ হৈ সেমসেমীয়া হৈ পৰো ৷ যোৱাবছৰ উৎসৱৰ নামত সংগ্ৰহ কৰা অৰ্থৰ হিচাপ বিচাৰি খুজি কিল খালেহে হ’ব ! নহয়জানো ?

ধৰ্ম-কৰ্মৰ নামত, সমাজসেৱাৰ নামত বা পৰম্পৰাৰ দোহাই দি হকে-বিহকে দাবী-ধমকি, চল-চাতুৰীৰে অৰ্থ-সংগ্ৰহ কৰি বিলাসী জীৱন কটোৱা মাথো এমুঠিমান দুৰ্জনলৈ ভয় কৰি সমাজৰ সকলোৱে মনে মনে থাকে কিয় ? উৎসৱৰ দিনকেইটিত আনৰ অসুবিধা নোহোৱাকৈ, ৰাজহুৱা সম্পত্তি নষ্ট নকৰাকৈ, সুচাৰুৰূপে, সুশৃংখলিতভাৱে উৎসৱৰ আনন্দৰ ভাগ লোৱাত কাৰোৰেই আপত্তি নাথাকে ৷ একেদৰেই উৎসৱৰ উদ্যোক্তাসকলে বাহুল্যতা বৰ্জন কৰি, চান্দাৰ নামত কাকো জোৰ-জুলুম নকৰাকৈ, সমজুৱাকৈ হিচাপ-নিকাচ প্ৰকাশ কৰি উৎসৱৰ আয়োজন কৰাৰ ক্ষেত্ৰতো কাৰোৰেই আপত্তি নাথাকে ৷ এই উৎসৱৰ বতৰত অকল নিজৰ কথা নাভাবি আনৰ কথাও অলপ চিন্তা কৰো আহক ৷ চুবুৰীৰে চিনাকী ককাই-ভাই কেইটিলৈ কিয়নো ভয় কৰিম ? আমি প্ৰতিজন অসমীয়াৰ শৰীৰত এতিয়াও কিঞ্চিত হলেও বীৰৰ তেজ প্ৰবাহিত হৈ আছে ৷ আমাক সন্মান কৰাজনক আমিও সন্মান যাচিম, কিন্তু এই ফোঁপজহী বীৰপুৰুষসকলক উচ্চ শিৰে নিৰ্ভীকভাৱে সদুত্তৰ দিয়াৰ সময় হৈছে এথোন ৷

লেখকৰ ঠিকনাঃ হাতীশিলা, চন্দ্ৰপুৰ, গুৱাহাটী 

No comments:

Post a Comment