পৰ্যবেক্ষণ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিমুদ্ৰাকৰণৰ দশোদিশ 
অজয় লাল দত্ত

কেন্দ্ৰীয় চৰকাৰ আৰু ৰিজাৰ্ভ বেংকে গ্ৰহণ কৰা আচম্বিত বিমুদ্ৰাকৰণক লৈ আলোচনা, সমালোচনা আৰু তাৰ বিপৰীতে ৰাজনীতিও তুংগত উঠিছে। এই পটভূমিত পদক্ষেপটোৰ ভিন্ন দিশৰ পৰ্যালোচনাৰে ইতিবাচক আৰু নেতিবাচক দিশবোৰ বিশ্লেষণ কৰাৰো প্ৰয়োজনে দেখা দিছে। ৰাষ্ট্ৰ ব্যৱস্থা এটাত পৰিশোধনমূলক পদক্ষেপ সময়োচিত ৰূপত গ্ৰহণ কৰিব লাগিবই, এয়া চৰকাৰৰ কৰ্তব্য। কিন্তু এই কামত নিষ্ঠা, সততা আৰু দায়বদ্ধতাৰ পৰিচয় দিয়াটোও এই কৰ্তব্য পালনৰ অন্যতম গুৰুত্বপূৰ্ণ দিশ। বিৰোধী দল সমূহেও কেৱল বিৰোধিতাৰ নামত বিৰোধিতা কৰিছেনে নে চৰকাৰৰ পদক্ষেপত ৰৈ যোৱা আঁসোৱাহ, সততাৰ প্ৰতি উদয় হোৱা প্ৰশ্নবোধক আদিক লৈ প্ৰতিবাদ কৰিছে সেয়াও জনগণে নিশ্চয়কৈ প্ৰত্যক্ষ কৰি আছে।


১. বিমুদ্ৰাকৰণৰ ইতিবাচক দিশ কেইবাটাও আছে। ই নকল টকা, ড্ৰাগছ, অস্ত্ৰকে ধৰি চোৰাং ব্যৱসায়ৰ নেটৱৰ্কবোৰত সাময়িক ভাৱে ব্যাপক প্ৰভাৱ পেলাইছে। ক'লা ধন আৰু ক'লা ব্যৱসায় চিৰদিনেই হাতত ধৰা ধৰিকৈ থাকে। ক'লা ব্যৱসায়বোৰৰ পৰিবেশ তন্ত্ৰটোক শিপাৰে সৈতে উঘালিব নোৱাৰিলে ক'লা ধনৰ পাহাৰ পুনৰ গজি উঠিবই।ক’লা ধন সৃষ্টিৰ মেচিনেৰী আৰু মেচিন চলোৱা বা মেচিনৰ মালিক সকলৰ ওপৰত কাৰ্যকৰী প্ৰতিব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলে, বিমুদ্ৰাকৰণৰ দৰে খৰছী, ব্যাপক জন-জীৱন প্ৰভাৱিত কৰা পদক্ষেপক কিন্তু দীৰ্ঘকালীন দৃষ্টিৰে এক কথাত সফল বুলিব পৰা নাযাব। এই প্ৰতি-ব্যৱস্থা খৰতকীয়াকৈ গঢ়ি তোলাটো কেন্দ্ৰীয় চৰকাৰৰ বাবে হব অন্যতম প্ৰত্যাহ্বান।

২. অসমৰ পটভূমিত নিষিদ্ধ-ঘোষিত উগ্ৰপন্থী সংগঠন সমূহো আৰ্থিক ভাৱে শলঠেকত পৰিবই। কিন্তু তাৰ পাৰ্শ্ব-প্ৰতিক্ৰিয়াৰ বিষয়েও সাৱধান হবৰ হ'ল। পেঙেৰীত সেনাৰ কনভয়ৰ ওপৰত আক্ৰমণ, ভয়াবহতাৰ বিজ্ঞাপন আৰু আগজাননীহে। অচিৰেই ধনদাবীৰ ব্যাপক ঘটনাৰ শংকা সমাগত। সশস্ত্ৰ সংগঠন সমূহৰ এনে ধনদাবীত বিগত দশককেইটাত অঞ্চলবিশেষৰ লোক অতিশয় বিপৰ্যস্ত। মানুহবোৰে নিয়মিত ধন আদায় দিহে সহ-অৱস্থান কৰি জীৱনৰ নিশ্চিতি লাভ কৰি চলি আছে, সেইবোৰত পূৰ্বৰে পৰাই ৰাষ্ট্ৰ যন্ত্ৰৰ সুৰক্ষাত মানুহ আশ্বস্ত নহয়। তেনে ঠাইবোৰত বিমুদ্ৰাকৰণৰ পাছত চৰকাৰে বিশেষভাৱে গুৰুত্ব দি স্থায়ীকৈ নিৰাপত্তা বেষ্টনীৰ ব্যৱস্থা কটকটীয়া কৰক আৰু মানুহ-জীৱন সম্পদৰ নিৰাপত্তা নিশ্চিত কৰক। এয়া হৈছে এই সময়ৰ এক জটিল অথচ গুৰুত্বপূৰ্ণ কথা, যিটো বিষয়ত এতিয়ালৈ চৰকাৰে কোনো ঘোষণা কৰা পৰিলক্ষিত হোৱা নাই। সীমামূৰীয়া অঞ্চলৰ বেংক মেনেজাৰ সমূহকো এনে হেঁচাই যাতে কোঙা কৰিব নোৱাৰে তাৰো নিশ্চিতি নিদিলে জানো এই বিশাল আয়োজনৰ লক্ষ্যই কক্ষচ্যুত হৈ নপৰিব?

৩. বিমুদ্ৰাকৰণৰ ফলত উত্তৰ-পূৱৰ লোক সকল আটাইতকৈ ক্ষতিগ্ৰস্ত হব বুলি প্ৰচাৰ চলি থকা প্ৰত্যক্ষ কৰিছো। কিন্তু সেয়া বেংকৰ সংখ্যা উত্তৰ-পূৱৰ পাহাৰীয়া জিলাবোৰত কম বাবেই টকা সলোৱাৰ ক্ষেত্ৰত হোৱা অসুবিধালৈ চাইহে কোৱা হৈছে। পিছে উত্তৰ-পূৱৰ পাহাৰীয়া ৰাজ্যবোৰৰ বেলেগ এটা সুবিধা অথবা সুৰুঙাও আছে। ত্ৰিপুৰাকে ধৰি পাহাৰীয়া জনজাতীয় ৰাজ্য কেইখনত জনজাতীয় লোকে দিবই নালাগে ইনকাম টেক্স। গতিকে কেন্দ্ৰীয় চৰকাৰৰ আঢ়ৈ লাখ টকীয়া সীমাও তাত অচলেই। উগ্ৰপন্থী সকলে পাহাৰীয়া ৰাজ্যত বেংকৰ মেনেজাৰক কান্ধত বন্দুক ৰাখি যে নতুন ২০০০টকীয়াৰ বাণ্ডিললৈ সকলো সলাই নেপেলাব কি গাৰাণ্টি আছে। ক'লাধনৰ মালিক সকলেও এতিয়া সহজ সৰল পাহাৰীয়া জনতাৰ একাউণ্ট বিচাৰিব পাৰে। এই শংকাত সত্য প্ৰমাণিত কৰি ইতিমধ্যেই বিহাৰৰ পৰা ৩.৫ কোটি ধন লৈ নগালেণ্ডলৈ অহা এখন প্ৰাইভেট জেট বিমান বাজেয়াপ্ত হোৱাৰ বাতৰি প্ৰকাশো পাইছে। আৰু এতিয়া বাজেয়াপ্ত হোৱা ধনৰাশি ৰহস্যজনক ভাৱে অন্তৰ্ধান হোৱাৰ বাতৰিয়ে চোৰকে মোৰে পালে ধৰণৰ অৱস্থাৰ সৃষ্টি কৰিছে।

৫. নিজৰ বগা ধন জমা কৰা বেংকৰ পৰা উলিয়াই অনাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা প্ৰতিবন্ধকতাই বেংকৰ সৈতে থকা গ্ৰাহকৰ চুক্তি আৰু গ্ৰাহকৰ অধিকাৰ হনন কৰা বুলিও এতিয়া অভিযোগ উঠিছে। এই সন্দৰ্ভত চুপ্ৰিম কৰ্টে ডিচেম্বৰৰ প্ৰথম সপ্তাহতে শুনানি লোৱাৰ বাবে আবেদন গ্ৰহণ কৰাৰো খবৰ প্ৰকাশ পাইছে। ইনকাম টেক্স আইন সংশোধন নকৰাকৈ কেন্দ্ৰীয় চৰকাৰে নিজৰ খুচিত কৰ অথবা জৰিমনা ঘোষণা কৰাটোও আইন ভংগৰ কথাই বুলিও আইনজ্ঞই মত প্ৰকাশ কৰিছে। ইফালে চৰকাৰী কৰ্মচাৰী আৰু ৰাজহুৱা উদ্যোগৰ চাকৰিয়ালে ১০হাজাৰলৈকে টকা কেচ এডভান্স লব পৰাৰো ব্যৱস্থা কৰা হৈছে। আনফালে চাহ উদ্যোগৰ দৰে দৈনিক হাজিৰা দিব লগা কোম্পানী সমূহলৈ পৰ্যাপ্ত ধন মুকলি কৰিও দিছে। এই পদক্ষেপ অতি-আৱশ্যকীয় যদিও, ই নাগৰিকক ব্যক্তিগত অসুবিধাত পেলাবলৈ অপ্ৰস্তুত নোহোৱা চৰকাৰখনে কৰ্পৰেটক যে অসুবিধাত নেপেলাবৰ বাবে বেলেগ সুৰুঙা উলিয়াই ৰাখিছে সেই কথাই প্ৰতীয়মান হোৱা নাইনে?

৬. আনহাতে সাধাৰণ মানুহে ৩০ডিচেম্বৰ পৰ্যন্ত পুৰণি নোট সলাব পাৰিব বুলি কৰা ঘোষণাৰো সা-সলনি কৰি এতিয়া কেৱল ৰিজাৰ্ভ বেংকৰ কাউণ্টাৰতহে নোট সলোৱাৰ ব্যৱস্থা কৰিছে। যাৰ বাবে সৰু মফচলীয় চহৰ অথবা গ্ৰাম্য জনতাৰ বাবে অসুবিধা হোৱাটো নিশ্চিত হৈ পৰিছে। এফালে যিদৰে এজনক এটিএমত এদিনত এখিলা দুহেজাৰৰ নোট প্ৰদান কৰা হৈছে বা সপ্তাহত ২৪হাজাৰৰ সীমা নিৰ্দ্ধাৰণ কৰি দিয়া হৈছে, তাৰ বিপৰীতে দুহাজাৰ টকীয়া নোটৰ বাণ্ডিলৰ উপঢৌকনৰ কেচ গুজৰাটত আৰু দিল্লীত কেইবালাখো একেলগে কঢ়িয়াই নিওতে পুলিচৰ হাতত ধৰা পৰিছে। ইও জানো কেৱল সাধাৰণ মানুহৰ বাবেহে এই প্ৰতিবন্ধকতা, কৰ্পৰেট অথবা বিশাল ধন আৰু দীঘল হাতৰ সকলৰ যে কোনো নিয়মেই প্ৰভাৱ পেলাব পৰা নাই, তাৰেই ইংগিত বহন কৰা নাইনে?

৭. ৰিজাৰ্ভ বেংকৰ সূত্ৰ ধৰি দ্য হিন্দু কাকতে প্ৰকাশ কৰা মতে, এই নতুন পাঁচশ আৰু দুহেজাৰ টকীয়াত কোনো নতুন চেফটি ফিচাৰ অন্তৰ্ভুক্ত হোৱাই নাই। এই কামটোৰ বাবে দীঘলীয়া গৱেষণা আৰু অনুমোদনৰ প্ৰয়োজন। খৰধৰকৈ কৰা ঘোষণাৰ বাবেই এয়া সম্ভৱ নহ’ল। প্ৰশ্ন হয়, পুৰণা ১০০, ৫০০ বা ১০০০ টকাত থকা সুৰক্ষা প্ৰযুক্তিলৈ যদি বুঢ়া আঙুলি দেখুৱাই নকল নোট ওলাবই পাৰে, তেন্তে এই নতুন নোটৰো যে নকল নোলাব, সেই গাৰাণ্টি কোনে দিব পাৰিব, সেয়াও জটিল প্ৰশ্ন হৈ পৰিছে। এই কথাটোৱে কিন্তু বি-মুদ্ৰাকৰণৰ কাৰ্যকৰীতাকলৈও সন্দিহান কৰিছে। 

৮. অতি গুৰুত্বপূৰ্ণ কথা এয়াও যে, বিজয় মালিয়াৰ দৰে ঋণদায়গ্ৰস্ত পললীয়া ব্যক্তিয়ে লণ্ডনৰ বি-মুদ্ৰাকৰণৰ প্ৰায়বোৰ ঘোষণাকে ৰি-টুইট কৰিছে। ইয়াৰ অৰ্থ কি? তাৰ মানে ভাৰতীয় অৰ্থনীতিক লুটি দুৰ্বল কৰা এই দস্যুসকলৰ শ্ৰেণী-স্বাৰ্থত এই বি-মুদ্ৰাকৰণে কোনো গুৰুতৰ প্ৰভাৱ নেপেলায় নেকি? আশ্চৰ্যজনক ভাৱে,  সমাজে ক'লা ধনৰ কুৱেৰ বুলি ভবা এজনো মানুহৰ হাৰ্ট ফেইল হোৱাৰ বাতৰি নাই, ৫৬জনকৈ মৃতকৰ তালিকাত মাথো সহজ সৰল খাটি খোৱা জনগণ! আনফালে অতি গোপনীয় সিদ্ধান্ত বুলি কেন্দ্ৰীয় কেবিনেটকো এক অৰ্থত বিশ্বাসত নোলোৱা পদক্ষেপটোৰ কথা ছমাহ পূৰ্বেই গুজৰাট আৰু উত্তৰ-প্ৰদেশৰ স্থানীয় কাকতত প্ৰকাশ হোৱাৰ বাতৰিটোৱে কি সূচায় জনগণে নিজেই নিৰ্ণয় কৰিব।

৯. বৰ্তমান সংসদৰ শীতকালীন অধিবেশনত বিমুদ্ৰাকৰণৰ বাবে পৰ্যাপ্ত পূৰ্ব প্ৰস্তুতি নকৰাকৈ লোৱা কাৰ্যকৰীকৰণে দেশলৈ অৰ্থনৈতিক স্থবিৰতা আনিব আৰু ই জিডিপিৰ হাৰক ২শতাংশতকৈ অদিক নিম্নগামী কৰিব বুলিও পূৰ্বৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙে সঁকিয়াই দিছে। বিৰোধীয়ে ৰিজাৰ্ভ বেংক আৰু চৰকাৰে বেছি কাৰ্যকুশলভাৱে বিমুদ্ৰাকৰণ কৰি, ইয়াৰ ফলত দেশত সৃষ্টি হোৱা অসুবিধা তথা অব্যৱস্থাক ৰোধিব পাৰিলেহেতেন বুলিও সমালোচনা কৰিছে। প্ৰক্ৰিয়া একোটাত থাকি যাব পৰা আঁসোৱাহ তথা দুৰ্বলতাবোৰ দেখুৱাও দিয়াটো বিৰোধীৰ দায়িত্বই! কিন্তু প্ৰধানমন্ত্ৰীয়ে সংসদত এই সমালোচনাৰ উত্তৰ নিদি নিৰ্বাচনী সভাত আৱেগ, ৰাজনীতি আৰু চকুলোৰ আশ্ৰয় লোৱাৰ স্থিতিহে গ্ৰহণ কৰি সকলোকে আচম্বিত কৰিছে। সদনত মুখামুখিকৈ ৰাইজৰ প্ৰতিনিধিৰ সমুখত কৈফিয়ত নিদিয়াৰ এই ধাৰা কিন্তু গণতান্ত্ৰিক পৰম্পৰাৰ পৰিপন্থী বুলিও বিবেচিত হৈছে। অনাগত পাঁচ ৰাজ্যৰ নিৰ্বাচনৰ বাবে ই ৰাজনৈতিক মাষ্টাৰষ্ট্ৰোক বুলি পৰিগণিত হোৱাৰ সময়তে জনপ্ৰিয় হোৱা এটি কৌতুকেও নতুন চিন্তাৰ উদয় ঘটাইছে। বিমুদ্ৰাকৰণৰ ফলত, শ্ৰমিকে মালিক খটম হব বুলি ভাবিছে, খেতিয়কে বেপাৰী খটম বুলি, বেপাৰীয়ে ঘোঁচ খোৱা অফিচাৰ, ঘোঁচ খোৱা অফিচাৰে আকৌ ৰাজনীতিবিদবোৰ খটম বুলি ভাবিছে, শাসকীয় দলে বিৰোধী খটম বুলি ভাবিছে, বিৰোধীয়ে আকৌ মোদী চৰকাৰ খটম হব বুলি ভাবিছে! এই কল্পনাৰ কৌতুকৰ মাজত কিন্তু কেৱল সাধাৰণ জনতাইহে যন্ত্ৰণা ভূগিছে, সেয়াহে বাস্তৱ কথা হৈ পৰিছে।

১০. বিমুদ্ৰাকৰণৰ সিদ্ধান্তৰ পাছত এতিয়া ৰিজাৰ্ভ বেংকৰ সাংবিধানিক স্বকীয়তাক লৈও প্ৰশ্ন উদয় হৈছে। পূৰ্বৰ গভৰ্ণৰ ৰঘুৰাম ৰাজনে, কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱকো না-কোৱাৰ শক্তি ৰিজাৰ্ভ বেংকৰ অটুট থকাটো উচিত বুলি মন্তব্য কৰিছে। অৰ্থনীতিবিদ অৰ্মত্য সেনেও যন্ত্ৰণা দিয়া প্ৰতিটো বেজিয়েই যে বেমাৰ নিৰাময়ত ফলপ্ৰসূ হবই বুলি কথা নাই বুলিও বিমুদ্ৰাৰকৰণৰ কাৰ্যকুশলতাৰ ওপৰত কটাক্ষ কৰিছে। ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ অৰ্জিত পেটেল এই সন্ধিক্ষণত সমুখলৈ আহি দেশৰ অৰ্থ-ব্যৱস্থাক সৱল-সান্ত্বনা নিদিয়াক দেশৰ অৰ্থনৈতিক পৰ্টেল সমূহে সশব্দ নিৰৱতা আখ্যা দিছে। আনফালে গুজৰাটৰ এগৰাকী প্ৰাক্তন বিজেপিৰ বিধায়ক, তথা অমিত শ্বাহৰ পূৰ্বৰ ৰাজনৈতিক গুৰু য়তিন ওজাই দলীয় নেতাৰ বিৰুদ্ধেই এতিয়া কমিছনৰ বিনিময়ত ক’লাধন বগা কৰাৰ জোৰদাৰ প্ৰক্ৰিয়া চলাই থকাৰ অভিযোগ আনি প্ৰধানমন্ত্ৰীলৈ মুকলি চিঠি ৰাজহুৱা মাধ্যমত মুকলি কৰিছে। গুজৰাট, মহাৰাষ্ট্ৰ, হিমাচল আদিকে ধৰি ভিন্ন ৰাজ্যত কৰ্পাৰেটিভ বেংক সমূহৰ যোগেদিও নোট সলনিৰ অপ্ৰতিৰোধ্য ভাৱে হোৱাৰ অভিযোগ উঠাত, এতিয়া তাতো কেন্দ্ৰীয় চৰকাৰে প্ৰতিবন্ধকতা লগাইছে। প্ৰতিদিনেই বিমুদ্ৰাকৰণৰ প্ৰক্ৰিয়াৰ নতুন নিয়মে এই পদক্ষেপত যে পূৰ্ব-প্ৰস্তুতিত ৰৈ যোৱা দুৰ্বলতাকেই প্ৰতীয়মান কৰিছে। 

দেশৰ বেছি সংখ্যক সাধাৰণ লোকেই, মোদী চৰকাৰ আৰু ৰিজাৰ্ভ বেংকে বি-মুদ্ৰাকৰণেৰে অৰ্থনৈতিক ক্ষেত্ৰক নিকা কৰিবলৈ লোৱা বুলিয়েই আন্তৰিক সমৰ্থন জনাইছে। এতিয়া তূণৰ পৰা ওলাই যোৱা কাঁড়ডালে যাতে সঠিক লক্ষ্য ভেদ কৰিব পাৰে তাৰ নিশ্চিতি চৰকাৰৰ পৰা ৰাইজে আশা কৰিছে। সংসদত উঠা প্ৰতিটো প্ৰশ্নৰ উত্তৰ সদনতে সৱল ভাৱে দি, সাময়িক নিৰ্বাচনী ৰাজনীতিৰ উৰ্ধলৈ গৈও, যুক্তিৰে নিজৰ পদক্ষেপক শুদ্ধ, দায়বদ্ধ আৰু কাৰ্যকুশল বুলি প্ৰমাণ কৰাৰ বাবেও প্ৰধানমন্ত্ৰীক জনতাই আহ্বান জনাইছে। স্মাৰ্টফোন এপৰ সঁহাৰিতকৈ সংসদৰ মজিয়াৰ সঁহাৰি গণতন্ত্ৰৰ বাবে বেছি ভৰসাযোগ্য বুলিও সঘনে উচ্ছাৰিত হৈছে, সেই কথাও কিন্তু নিশ্চিত।

4 comments:

  1. Nice Article , Cintar babe Magajur Duwar khulabo pora Article , Thanks Ajoy Lal Dutta

    ReplyDelete
  2. ধন্যবাদ দাদা।

    ReplyDelete
  3. বৰ ভাল লিখিছে, সুন্দৰ বিশ্লেষণ

    ReplyDelete
  4. অতি সুন্দৰ উপস্থাপন

    ReplyDelete