Tuesday, November 22, 2016

চিন্তন

দুৰ্নীতিৰ জৈৱ-তন্ত্ৰশিপা নিৰ্মূল সম্ভৱনে? 
ডাঃ বিৰাজ কুমাৰ শৰ্মা 
এই কথা অনস্বীকার্য্য যে আজি ভাৰতবৰ্ষত দুৰ্নীতি নামৰ বিষবৃক্ষ জোপাই ইমান দলৈকে শিপাইছে যে ইয়াৰ পূলি-পোখা সম্পূৰ্ণৰূপে নিৰ্মূল কৰাটোৱেই যেন কাৰ্যত হৈ পৰিছে অলীক কল্পনা সদৃশ। অৰ্থাত এক কথাত ক’বলৈ হ’লে ভাৰতবৰ্ষত দুৰ্নীতিৰ আৰম্ভণী আছে কিন্তু অন্ত নাই, লোকপালৰ দ্বাৰা এই দুৰ্নীতিক ৰোধ কৰি সম্পূৰ্ণৰূপে নিৰ্মূল কৰাটো কৰাটো সুদূৰ পৰাহত কিন্তু নিয়ন্ত্ৰণত হয়তো ৰাখিব পৰা যাব | ভাৰতবৰ্ষৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিলে এই কথাষাৰ অপ্ৰিয় যদিও সত্য | দুৰ্নীতিৰ বিষবাষ্পৰ পৰা যেন আমি কোনেও মুক্ত নহয় | যাৰবাবে আজি ভাৰতবৰ্ষই বিশ্ব অৰ্থনীতিত অন্যতম শক্তি হৈও যেন বহুযোজন পিছ পৰি ৰৈছে | যদিহে আমি দুৰ্নীতিৰ পৰিসংখ্যা বিচাৰি এক গোপন সমীক্ষা চলাও, তেন্তে হয়তো আজিৰ তাৰিখত এই কথা জলজল পটপটকৈ স্পষ্ট হৈ পৰিব যে আমি ৯৯ শতাংশ ভাৰতীয়ই প্ৰত্যক্ষভাৱেই হওক বা পৰোক্ষভাৱেই হওক একপ্ৰকাৰ দুৰ্নীতিগ্ৰস্ত | যদিও আন্না হাজাৰেৰ দুৰ্নীতি বিৰোধী আন্দোলনে ৰাজনৈতিক নেতা-পালিনেতা, বিষয়া আমোলাক ঘাইকৈ লক্ষ্য কৰি লৈছিলে, তথাপিও কিন্তু বিহংগম দৃষ্টিৰে চালে লক্ষ্য কৰা যায় যে ভাৰতবৰ্ষত দgৰ্নীতি অকল মাথো এইসকলৰ মাজতেই সীমাবদ্ধ হৈ থকা নাই | আজিৰ এই লিখনিৰ দ্বাৰা আলোকপাত কৰিব বিছাৰিছো সৰ্বসাধাৰণৰ মাজতো থকা সীমাহীন দুৰ্নীতি তথা দুৰ্নীতি সদৃশ মানসিকতা |

দুৰ্নীতি, এই শব্দটোৰ অৰ্থ একেষাৰতে বুজাই দিয়া টান যদিও এক কথাত কবলৈ হ’লে নীতি বৰ্হিভূত ভাৱে কৰা কাম কাজ | আজিৰ এই লেখাটোৰ দ্বাৰা আমাৰ ৰাজ্য অসমতে সচৰাচৰ ঘটি থকা কেইটামান দুৰ্নীতিৰ কথা ক’বলৈ ওলাইছো | ধৰক আপুনি কোনোবা গন্তব্যস্থলীলৈ যাবৰ বাবে বাছ ষ্টেণ্ডলৈ বুলি আহিছে আৰু গন্তব্যস্থলীলৈ যাবৰ বাবে ৰৈ থকা গাড়ীখনৰ দিশে আপুনি আগবাঢ়িছে | কিন্তু আপুনি গাড়ীখনত উঠিব খোজাত গাড়ীখনৰ পৰিচালকে আপোনাক উঠিবলৈ দিয়া নাই আৰু গাড়ীখনৰ হেণ্ডীমেনজনেও চিৰপৰিচিত হুটা কথাৰে আপোনাক কৈ দিছে যে লক্ষ্যস্থান ওচৰ হোৱা বাবে আপুনি হ্য় গাড়ীখনত ঠিয় হৈ যাব লাগিব নহ’লে পাওদানীত ধৰি ওলমি যাব লাগিব যান বাহন আইন ভংগ কৰি | ইয়াৰ অন্যথা দুগুণ ভাড়া আদায় দিব লাগিব | অন্যহাতে গাড়ীত যাত্ৰীৰ সীমা অতিক্ৰম কৰাৰ পিছতো দুগুণ লাভৰ আশাত অত্যাধিক যাত্ৰী উঠাইছে সকলোৰে জীৱন বিপদাপন্ন কৰি | অন্যহাতে যান-বাহন শাখাৰ আৰক্ষী বিষয়াজনেও গাড়ীখন যাবলৈ দিছে সামান্য ভেটি গ্ৰহণ কৰি | ইয়াত একপক্ষীয় নহয় সকলো পক্ষই দুৰ্নীতিত পোত গৈছে | আৰক্ষী বিষয়াজন, গাড়ীৰ কৰ্মীসকল আৰু আপুনিও| কাৰণ আপুনিও বিনা প্ৰতিবাদে তেখেতসকলৰ নিৰ্দেশ মানি লৈছে | এইটো এটা উদাহৰণহে মাত্ৰ |

চাকৰিসূত্ৰে আমি অসমৰ বিভিন্ন গাঁও নগৰ আদি ভ্ৰমণ কৰাৰ সৌভাগ্য হৈছে আৰু সেইসূত্ৰে বিভিন্ন ধৰণৰ লোকৰ সান্নিধ্য লাভ কৰিছো ৷ কিন্তু যেতিয়াই গাঁৱলৈ গৈছো গ্ৰামাঞ্চলৰ ৰাইজক আৰ্থসামাজিক উন্নয়নৰ লক্ষ্যৰে কিছু দিহা পৰামৰ্শ দিবলৈ তথা আত্মসহায়ক গোট গঠনেৰে চৰকাৰী সা-সুবিধা লাভ কৰাৰ পথ সমূহৰ আভাস দিবলৈ ৷ তেতিয়াই বেছিভাগ লোকৰে এটাই লক্ষ্য যে বিনামূলীয়া চৰকাৰী লোন লাভ কৰিব পাৰি আৰু এই বিষয়ৰ বাহিৰে আন বিষয়ৰ ক্ষেত্ৰত কথা পাতিবলৈ ইচ্ছা বোধ নকৰে ৷ কিন্তু লোন লৈ ব্যৱসায় কৰা মানে যে আনৰ ধৰুৱা হৈ থাকিব লাগে সেইয়া কাৰোৱে বোধগম্য নহয় ৷ এইয়া যেন আমাৰ অসমীয়া মানুহৰ কায়িক শ্ৰম কৰাৰ প্ৰতি উদাসীনতা আৰু একেদিনাই ধনী হব খোজাৰ মানসিকতা যিটো অপ্ৰিয় হ'লেও সত্য ৷ থিক তেনেদৰে ব্যক্তিগতকৰণৰ পৰিবৰ্তে চৰকাৰীকৰণৰ হৈ সকলোৱে ৰাজপথ কপোঁৱাত লাগিছে যদিও চৰকাৰী কৰ্মচাৰীয়ে কাম ফাকি নিদিয়াকৈ যে নিয়াৰিকৈ কাম কাজ কৰিব পাৰিব, সেই বিষয়ৰ প্ৰতি কিন্তু কোনেও নিশ্চয়তা প্ৰদান নকৰে | বেলেগ উদাহৰণ নিদিও, আজি কিছুদিনৰ আগতে কাকতত প্ৰকাশ পাইছিলে যে অসম ৰাজ্যিক পৰিবহন নিগমে হেনো ৭০০ কোটি টকাৰ লোকচান ভৰি আছে, কিন্তু কিয় ? যি সময়ত ব্যক্তিগত খণ্ডত পৰিবহনৰ ব্যৱসায় এক লাভজনক ব্যৱসায়, তেনেস্থলত এটি ৰাজহুৱা খণ্ডৰ উদ্যোগৰ এনে অৱস্থা কিয় ? ৰাজহুৱা খণ্ডৰ উদ্যোগ যেনে কামপুৰৰ চেনীকল, তৃপ্তি বনস্পতি প্ৰকল্প আদিৰ শেষ দশা আমি সকলোৱেই দেখিছো ৷ আজি বেলেগ উদাহৰণ নিদিও, মোবাইল সংযোগ লবলৈ যাওতে ব্যক্তিগত খণ্ডৰ কোম্পানী আৰু চৰকাৰী বিএচএনএল ৰ মাজত কাম কাজৰ পাৰ্থক্য সহজেই অনুমেয় ৷ এইয়া কিন্তু চৰকাৰক দোষ দি লাভ নাই, নিজৰ কৰ্মক সন্মান নজনোৱাতোৱেই হৈছে ইয়াৰ অন্যতম কাৰণ আৰু ৰঙা ফিটাৰ মেৰপাচৰ অজুহাত দেখুৱাই চৰকাৰী অফিচত ঘোচ খোৱাতো আজি এক অঘোষিত নিয়মত পৰিণত হৈছে আৰু এনে প্ৰক্ৰিয়াই এনে পৰ্য্যায় পাইছে যে কোনোবা ব্যক্তিয়ে যদি এক পইচা ভেটি নিদিও বুলি দৃঢ়প্ৰতিজ্ঞ হয়ও, অসাধু বিষয়া কৰ্মচাৰী সকলে তেনে ব্যক্তিক সাধাৰণ কাম এটাতও এনেধৰণে জোলোকা জোলোকে পানী খুৱায় যে, তেনে লোকেও এনেবোৰ অসৎ বিষয়া কৰ্মচাৰীয়ে পতা জালত বন্দী হৈ দিশহাৰা হৈ পৰে | ইয়াত কিন্তু প্ৰধানমন্ত্ৰী মোডীয়ে আহি দুৰ্নীতি প্ৰতিৰোধ কৰিব নোৱাৰে, চৰকাৰী কৰ্মচাৰীৰ চৰকাৰৰ দৰমহা খাইছো যেতিয়া ৰাইজৰ কাম সূচাৰুকৈ কৰিম সদৃশ মানসিকতাৰ পৰিবৰ্তে চৰকাৰী চাকৰি কৰিছো যেতিয়া বাহিৰা ধন ঘটাৰ এক সূবৰ্ণ সুযোগ পাইছো সদৃশ মানসিক গঢ়ি উঠাৰ বাবেই এনে পৰিস্থিতি | ইয়াৰ পৰা এই কথা প্ৰতিয়মান হয় যে মানসিকতাৰ পৰিবৰ্তন অবিহনে দেশৰ পৰা দুৰ্নীতিৰ বিষবাস্প আতৰ কৰা অসম্ভব ৷

নিজৰ কৰ্মসূচীক সময়েৰে জোখাৰ পৰিৱৰ্তে যেতিয়া কামৰ সফলতা আৰু সমাজৰ ওপৰত তাৰ ইতিবাচক প্ৰভাবৰ ওপৰত নিৰ্ভৰ কৰি যেতিয়া জোখা যাব, তেতিয়াহে সমাজত পৰিবৰ্তনৰ লহৰ আহিব ৷ কামটোৰ সফল সমাপ্তিৰ পৰিবৰ্তে যেতিয়া কৰ্মচাৰীয়ে ঘড়ীৰ কাঁটা চাই অফিচ এৰাৰ বাবে গুৰুত্ত্ব দিব, তেতিয়া সমাজ জীৱনত একো ইতিবাচক প্ৰভাৱ নপৰে ৷ নিজৰ কৰ্মৰ সৈতে সকলোৰে আত্মা নিহিত হৈ থাকিব লাগিব আৰু চৰকাৰী দায়িত্ত্ব সূচাৰুৰূপে পালন কৰিবলৈ হ'লে কাৰো নিৰ্দেশৰ প্ৰয়োজনবোধ নকৰি স্বতঃস্ফুতভাৱে কাম কৰাৰ বাবে সকলোৱে আগবাঢ়ি আহি দেশ বা সমাজৰ স্বাৰ্থত নিজকে বিলাই দিব পাৰিব, সিদিনাই সমাজলৈ পৰিবৰ্তন আহিব ৷ আনহাতে, যিমান দিনলৈ ৰাইজে মন্দিৰ-মজজিদ, নামঘৰ তথা ৰাজহুৱা অনুষ্ঠান আদিলৈ শকত অংকৰ ধন তথা দান-বৰঙনি আদি আগবঢ়োৱা ব্যক্তিসকলৰ আয়ৰ প্ৰকৃত উৎসৰ সন্ধান নকৰাকৈ দানবীৰ হিচাবে বিশিষ্ট ব্যক্তি, ভাল মানুহ আদি সন্মান আগবঢ়াই যাব, সিমান দিনলৈ মহৎ তালুকদাৰৰ দৰে ব্যক্তিসকল সমাজত বাঢ়ি গৈ থাকিব |

আনহাতে গাঁৱত সজা মথাউৰী, পথ আদিৰ নিৰ্মাণকাৰ্য্য তথা মানদণ্ডৰ ওপৰত ভিত্তি কৰি ঠিকাদাৰ এজনক প্ৰমানপত্ৰ দিয়াৰ পৰিবৰ্তে যদি ঠিকাদাৰজনে স্থানীয় নামঘৰ, ৰাজহুৱা সভা আদিলৈ দিয়া দান বৰঙনীৰ ওপৰত ভিত্তি কৰি যদি প্ৰমানপত্ৰ দিবলৈ যাও, তেন্তে অসমত বাৰিষা কালত মথাউৰী ভাঙি বানপানীয়ে প্ৰতি বছৰে ৰাইজক জোলোকা জোলোকে পানী খুৱাৱেই থাকিব ৷ দূৰ্নীতিৰ প্ৰমান হোৱাৰ পিছত ব্যক্তিজন এজন সাময়িকভাবে হয়তো চাকৰিৰ পৰা নিলম্বিত হব, কিন্তু জনা হোৱাৰ পৰা দেখি আহিছো যে শেষ পৰ্য্যায়ত চৰকাৰীপক্ষৰ অধিবক্তা দেখোন প্ৰায়বোৰ ক্ষেত্ৰতেই পৰাজিত হয় ! আজিৰ দিনত ভাৰতবৰ্ষত দুৰ্নীতি হৈ পৰিছে এটি বিশাল চক্ৰবেহু | যেতিয়ালৈকে ভাৰতবৰ্ষত মানুহৰ মানসিকতাৰ পৰিবৰ্তন নহয় আৰু চৰকাৰী কৰ্মস্থলীত নিজৰ আত্মা জড়িত হৈ নাথাকে আৰু প্ৰতিবাদ আন্দোলনৰ সময়ত ৰাজহুৱা সম্পদ ধ্ধংস কৰাৰ পৰিবৰ্তে চৰকাৰী তথা ৰাজহুৱা সা-সম্পত্তিক নিজৰ বুলি ভাবিবলৈ নিশিকে, তেতিয়ালৈকে ভাৰতবৰ্ষত দুৰ্নীতি নিৰ্মূল সম্ভবপৰ নহয় | সকলোৱে পৰিবৰ্তন বিছাৰে কিন্তু নিজকে পৰিবৰ্তন কৰিব পৰাটোহে হ’ব প্ৰকৃত পৰিবৰ্তন |

No comments:

Post a Comment