হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম

১. কেজৰীবাবুৰ জিভা জুখি ব্যস্ত হৈ থাকোতে মনোহৰ পাৰিঘৰৰ বৰঘৰত কোনোবাই ফটকা ফুটুৱাই থৈ যোৱাত সমগ্ৰ দেশজুৰি প্ৰতিক্ৰিয়া। লোকৰ জিভা জুখি থকাতকৈ সীমাৰ পহৰাৰ কাম লোৱা মনোহৰে নিজৰ কাম ভালদৰে কৰাত মন দিয়া ভাল বুলিও শ্বহীদ সৈনিক পৰিয়াল একতা সংঘই মত প্ৰকাশ কৰিছে।

২. জুপুৰী ঘৰহে বেদখল, নে বনভূমিত বিঘা বিঘাৰ বাগান, দালান আৰু ৰিজৰ্ট খোলাটো কাজিৰঙাৰ বেদখল বা অভয়াৰণ্যলৈ ভাবুকি হয় নে নহয় তাকে লৈ গৱেষণা আৰম্ভ হোৱা বুলি জানিব পৰা গৈছে। পদুম প্ৰেমী সংঘৰ তৰফৰ পৰা ইয়াৰ বাবে বৃত্তিও আগবঢ়াব বুলিও জানিব পৰা গৈছে। 

৩. দূৰৈৰ পৰা হুলীয়া দেখিয়েই নাগৰিকত্বৰ প্ৰমাণ পাই যোৱাৰ বিশেষ প্ৰযুক্তিৰ উদ্ভাৱন কৰি সদৌ অসম প্ৰদেশত খলকনি তুলিছে সদৌ ৰাষ্ট্ৰীয় ভক্ত সংঘই। এই প্ৰযুক্তি ব্যৱহাৰ কৰিয়েই অচিৰেই চিৰসেউজ অসমক গেৰুৱা প্ৰদেশ কৰি তোলাৰ কাম সম্পন্ন কৰা হব বুলিও জ্যোতিষী হিৰো ইয়ঙে আশংকা প্ৰকাশ কৰিছে। 

৪. ৰাতিপুৱা শুই উঠিয়েই কেইজনমান বুদ্ধিজীৱিক আচোঁৰি, কামুৰি দুৱাষাৰ মান নিলিখিলে পেটত ভাত হজম নহব বুলি এটি অন্ধবিশ্বাসে গা কৰি উঠাৰ কথা বাতৰিত প্ৰকাশ পাইছে। এই বেমাৰটোৰ ভাইৰাছ চ’চিয়েল মেডিয়া যোগে আৰু অতিভক্তি ভক্তলৈ সহজে বিয়পে বুলিও সমীক্ষাত প্ৰকাশ পাইছে।

৫. শুৰ পোকৰ আক্ৰমণৰ আঁৰত বিদেশী শক্তিৰ হাত থকা বুলি আশংকা কৰা হৈছে। এই শক্তিক প্ৰতিহত কৰিবলৈ সততা আৰু নিষ্ঠাৰে তাবিজ অথবা আঙুঠি পৰিধান কৰিলেই প্ৰতিকাৰ হব বুলিও থলুৱা প্ৰতিষেধক উদ্ভাৱনী সংস্থাই প্ৰকাশ কৰিছে। 

৬. খিলখিল গগৈক কেৱল কাজিৰঙাৰ সীমাতে আৱদ্ধ কৰি ৰখাৰ সফলতাৰ বাবে সদৌ অসম খিলখিল বিৰোধী সংঘই অভিনন্দন জ্ঞাপন কৰিছে। এই চেগতে চিমেণ্ট, নদী-বান্ধ আদি প্ৰকল্পৰৰ দৌৰ জোৰদাৰ কৰিব লাগে বুলিও এই সংঘই মত প্ৰকাশ কৰিছে। 

৭. পাকিস্তানী সন্ত্ৰাসবাদীৰ আক্ৰমণৰ প্ৰতিবাদ কল্পে ভাৰতৰ মাটিত মম বাতি প্ৰজ্বলন কাৰ্যসূচীৰে ব্যাপক প্ৰতিবাদ কৰিব বুলি জানিব পৰা গৈছে। এশ বিশকোটি মাটিৰ চাকিৰ পোহৰত পাকিস্তানী ভয় খাই যাবই বুলিও পাকিস্তানি বিৰিয়ানিপ্ৰেমী সংঘই মত প্ৰকাশ কৰিছে। এয়াই গান্ধীৰ দেশৰ পৰা উপযুক্ত প্ৰত্যুত্তৰ হব বুলিও দৃঢ়তা প্ৰকাশ কৰিছে।

৮. অৰুণাচলৰ ৰাজনীতিকবিদ সকলে অচিৰেই দেশৰ জিমনাষ্ট সকলৰ বাবে বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব বুলি জানিব পৰা গৈছে। ৰাতিৰ ভিতৰতে পাভলুটিত ইতিহাস ৰচা এই সকলৰ কলা-কৌশলৰ ফলত অহাবাৰ ভাৰতলৈ জিমনাষ্টৰ অলিম্পিক পদক অহাটো নিশ্চিতই বুলিও ক্ৰীড়ামোদী ৰাইজে আশা প্ৰকাশ কৰিছে।

৯. ‘পুৰণি কৰ্মীৰ হাতপুথি’ নামৰ এখন বিশেষ গ্ৰন্থ লিখি উলিয়াইছে ৰামভক্ত শৰ্মাই। পদুম পাৰ্টিত নতুন মানুহৰ ভিৰত অক্সিজেন নোপোৱাৰ অৱস্থা হোৱা পুৰণি কৰ্মী সকলক সকাহ দিবলৈকে শৰ্মাদাই এই গ্ৰন্থখন লিখি উলিওৱা বুলিও জানিব পৰা গৈছে। দিল্লীৰ পদপথত ঘোঁৰাত উঠি কিতাপখন উন্মোচন কৰি ৰাষ্ট্ৰীয় স্তৰত খলকনি তুলিব বুলিও ৰামভক্তৰ ঘৰৰ গোপন সূত্ৰত প্ৰকাশ পাইছে।


১০. লোকেল চুলাই আৰু লাওপানীৰ বাণিজ্য গঢ়াৰ কথা ঘোষণা কৰাৰ পাছতে সদৌ অসম মদাহী সন্থাই লোকেল প্ৰডাক্ট সেৱন কৰি উদ্যোগটোলৈ পৃষ্ঠপোষকতা কৰা সকলৰ বাবে ট্ৰেফিকে সুৰাপান কৰি গাড়ী চলোৱাৰ ক্ষেত্ৰত বিশেষ পৃষ্ঠপোষকতামূলক ৰেহাই মূল্য ঘোষণা কৰিবলৈকো আহ্বান জনাইছে।

No comments:

Post a Comment