সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰা

সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ 
১. গুৱাহাটী মেডিকেল কলেজ চৌহদত কালি দেশৰ ১৪ নম্বৰৰ অমৃত ফাৰ্মাচীখন মুকলি কৰিলে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নড্ডাই। এই ফাৰ্মাচীৰ যোগেদি ৰাইজে ৬০-৯০শতাংশ ৰেহাই মূল্যত দৰৱ কিনিব পাৰিব। ইফালে, অসমত এইমচ স্থাপনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে লোৱা ভূমিকাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী গৰাকী ক্ষোভিত হোৱা বুলিও বাতৰি প্ৰকাশ পাইছে।

২. যোৰহাটৰ মেডিকেল কলেজত প্ৰতিমাহে ১০লাখ টকা পৰ্যন্ত ডিজেল চুৰিৰ বাতৰি ফাদিল কৰিলে দৈনিক জনমভূমি কাকতে। মেডিকেল কলেজৰ সামগ্ৰীৰে বেচৰকাৰী নাৰ্চিংহোমত চৰকাৰী ডাক্তৰে অপাৰেশ্যন কৰে বুলি উন্মোচন কৰা বাতৰিটোৰ সন্দৰ্ভত স্বাস্থ্য বিভাগে কি ব্যৱস্থা হাতত লয় সেয়া লক্ষণীয় হব।

৩. অসম চৰকাৰৰ তদাৰকী ও দুৰ্নীতি নিবাৰক শাখাই এইবাৰ গ্ৰেপ্তাৰ কৰিছে ৰেষ্টুৰা, বাৰৰ অনুমতি দিয়াৰ নামত ঘোঁচ খোৱা এগৰাকী বিষয়াক। চিৰঞ্জীৱ দাস নামৰ বিষয়া গৰাকীয়ে প্ৰতিখন সুৰা বিপনীৰ পৰাই প্ৰতিমাহে ১০হাজাৰ পৰ্যন্ত ধন অবৈধ ভাৱে সংগ্ৰহ কৰি সম্পত্তিৰ পাহাৰ গঢ়িছিল বুলিও পোহৰলৈ আহিছে। ৰাজ্য চৰকাৰৰ এই দুৰ্নীতি বিৰোধী অভিযানক সচেতন মহলে আদৰণি জনাইছে।

৪. অসমত হিন্দু বাংলাদেশী অনুপ্ৰৱেশকাৰীক নাগৰিকত্ব প্ৰদান কৰিব খোজাৰ বিৰোধিতা কৰিছে আছুকে ধৰি ২৮টা সংগঠনে। অসম চুক্তি ৰূপায়নৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি দলক এই ধৰ্মৰ ভিত্তিত বিদেশীৰ সমস্যাক লৈ খেলা কৰাৰ ভয়াবহ সিদ্ধান্ত প্ৰত্যাহ্বাৰৰ বাবেও জাতীয় সংগঠন সমূহে ঐক্যবদ্ধভাৱে আহ্বান জনাইছে। কালি বিষয়টোত ডঃ হীৰেন গোঁহাইৰ নেতৃত্বত ৰাজ্যৰ কেইবাজনো বিশিষ্ট ব্যক্তিয়ে ৰাজ্যপালকো সাক্ষাত কৰে।

৫. অসমতো ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ গঢ়িবলৈ সহায়ক হোৱাকৈ 'ষ্টাৰ্ট আপ অসম' উদ্যম গ্ৰহণ কৰা হব। এই কথা প্ৰকাশ কৰিছে অসমৰ উদ্যোগ মন্ত্ৰীয়ে। প্ৰতিখন জিলাতে ব্যৱসায়িক কেন্দ্ৰ, বিপনী স্থাপন কৰাৰ উদ্যোগ লোৱাৰ লগতে অচিৰেই কেন্দ্ৰীয় চৰকাৰৰ ৮০০কোটি অৰ্থ সাহাৰ্যৰে অসমৰ পঞ্চগ্ৰাম আৰু জাগীৰোডৰ কাগজ কল পুণৰোজ্জীৱিত কৰা হব।

৬. ভেঁকোভাওনাত পৰিণত হৈছে শস্য বীমা আঁচনি! এইবাতৰি প্ৰকাশ কৰিছে দৈনিক অসম কাকতে। ২০১৩-১৪বৰ্ষৰ খাৰিফ আৰু ৰবি বতৰৰ পৰা আৰম্ভ কৰি বীমা কৰোৱা কৃষকেও বীমাৰ ধন লাভ কৰা নাই। ৰাজ্য চৰকাৰে বাজেট যোগে এই ধন মুকলি কৰি নিদিয়াৰ বাবেই কেন্দ্ৰয়ো নিজৰ অংশৰ ধন মুকলি কৰি দিয়া নাই বুলিও বাতৰিটোত প্ৰকাশ পাইছে। এতিয়া বিষয়টো কৃষক সংগঠন সমূহে আৰু অসম কৃষি মন্ত্ৰীয়ে কি বিহিত ব্যৱস্থা লয়, সেয়াও লক্ষণীয় হব।

৭. বাংলাদেশলৈ অচিৰেই শীঘ্ৰে মুকলি কৰা হব জলপথ। আভ্যন্তৰীণ জল পৰিবহনৰ বিকাশৰ বাবে বিশ্ব বেংকৰ পৰা এহেজাৰ কোটি টকা আনি সেই ধন বিনিয়োগ কৰা হব বুলি অসমৰ পৰিবহন মন্ত্ৰী চি পাটোৱাৰীয়ে কালি গুৱাহাটীৰ তাজ ভিভাণ্টাত অনুষ্ঠিত 'আভ্যন্তৰীণ নদী পৰিবণত আন্তঃৰাষ্ট্ৰীয় অনুশীলন আৰু জল পৰিবহন প্ৰকল্প' শীৰ্ষক দিনজোৰা কৰ্মশালাত অংশ লৈ এই কথা সদৰী কৰে।

৮. বিদ্যালয় আধাতে এৰা ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত অসম শীৰ্ষত! এই তথ্য পোহৰলৈ আনিলে গুৱাহাটীত অনুষ্ঠিত অসম চেম্বাৰ্ছ অৱ কমাৰ্চৰ আলোচনা চক্ৰই। বিষয়টোত এতিয়া অসমৰ শিক্ষা বিভাগে প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তোলাটো এক প্ৰত্যাহ্বান হব আৰু অসমৰ মানৱ সম্পদৰ গুণাগুণ উন্নীতকৰণৰ বাবে এই প্ৰত্যাহ্বান গ্ৰহণ কৰিবই লাগিব।

৯. অসম সাহিত্য সভাৰ অনুবাদ প্ৰকল্পৰ বাবে অইল ইণ্ডিয়া লিমিটেডে পঞ্চাশ লাখ টকাৰ অৰিহণা আগবঢ়াইছে। কালি অইলৰ পৰিচালন সঞ্চালক উতপল বৰাই এই চেক আনুষ্ঠানিক ভাৱে অসম সাহিত্য সভাৰ সভাপতি ডাঃ ধ্ৰুৱজ্যোতি বৰাৰ হাতত প্ৰদান কৰে। শতবাৰ্ষিকীৰ প্ৰাকক্ষণত অইলৰ বদান্যতাক সুধী সমাজে প্ৰশংসা কৰিছে।

১০. সদৌ অসম পদ্মনাথ গোহাঞিবৰুৱা সোঁৱৰণী একাংক নাট প্ৰতিযোগিতাখনি এইবাৰো ধেমাজিত অহা ১৮-২০ নমেৱম্বৰলৈ অনুষ্ঠিত হব। ২০১৪ বৰ্ষৰ পৰা প্ৰদান কৰি অহা 'পদ্মনাথ গোহাঞিবৰুৱা নাট্য বঁটা' এই বৰ্ষতো এগৰাকী বৰেণ্য নাট্যকৰ্মীক প্ৰদান কৰা হব বুলিও আয়োজক সমিতিয়ে প্ৰকাশ কৰিছে।

No comments:

Post a Comment