সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰা

সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১) আউনিআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীয়ে আমেৰিকাৰ নিউ-জাৰ্চীৰ চেৰিহিলত প্ৰৱাসী অসমীয়াসকলৰ উদ্যোগত নিৰ্মাণ কৰা এটি নামঘৰত ভাগৱত প্ৰতিষ্ঠাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে ৷

২) ভাৰতীয় ফুটবলক নতুন গতি প্ৰদান কৰা আই এছ এলৰ তৃতীয় সংস্কৰণৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ’ব সৰুসজাইৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত৷ এই অনুষ্ঠানত বহু বলিউডী তাৰকাৰ লগতে কিংৱদন্তি ক্ৰিকেটাৰ শচীন টেণ্ডুলকাৰো উপস্থিত থাকিব ৷

৩) যুৱসমাজক নিজৰ তেজস্বী চেতনাৰে উদ্বুদ্ধ কৰি অহা ভগত সিঙৰ আজি ১০৯ বছৰীয়া জন্মদিন ৷ সাহসী শ্বহীদজনৰ প্ৰতি শ্ৰদ্ধা জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও টুইটাৰত আজিৰ দিনটোত স্মৰণ কৰে ৷

৪) ডিব্ৰুগড়ৰ মুক্তযোদ্ধা নুৰুল হুদা চলিত বৰ্ষৰ জ্যেষ্ঠ নাগৰিকৰ ৰাষ্ট্ৰীয় বঁটাৰ বাবে নিৰ্বাচিত হৈছে ৷ অহা ১ অক্টোবৰত দিল্লীত ৰাষ্ট্ৰপতিৰপৰা এই সন্মানীয় বঁটা গ্ৰহণ কৰিব ৯৬ বৰ্ষীয় মুক্তিযোদ্ধাগৰাকীয়ে ৷

৫) সন্ত্ৰাসৰ বিৰুদ্ধে একত্ৰিত হৈ যুঁজিবলৈ বেইজিঙত অনুষ্ঠিত হোৱা ভাৰত আৰু চীনৰ উচ্চ পৰ্যায়ৰ প্ৰথমখন আলোচনা সফল হৈছে৷ এই আলোচনাত যুটীয়াভাৱে সভাপতিত্ব কৰে জইন্ট ইন্টেলিজেন্স কমিটিৰ অধ্যক্ষ আৰ এন ৰবি আৰু চীনৰ চেন্ট্ৰেল প’লিটিকেল এণ্ড লিগেল এফেয়াৰ্ছ কমিছনৰ সচিব ৱাং ইয়ং কিঙে৷

৬) তেজপুৰৰ আছাম ভেলী স্কুলত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ তৰ্ক প্ৰতিযোগীতা অনুষ্ঠিত হৈ যায়৷ দেশৰ আগশাৰীৰ প্ৰতিষ্ঠিত বিদ্যালয়সমূহে অংশগ্ৰহণ কৰা এই দ্বাদশসংখ্যক পূৰ্বোত্তৰ তৰ্ক প্ৰতিযোগীতাত শ্ৰেষ্ঠ তাৰ্কিকৰ বঁটা লাভ কৰে গুৱাহাটী নাৰেংগীৰ আৰ্মী পাব্লিক স্কুলৰ ছাত্ৰী অৰ্পিতা দত্তই ৷

৭) লেটিন আমেৰিকাৰ ৰাষ্ট্ৰ কলম্বিয়াত দীৰ্ঘদিনীয়া গৃহযুদ্ধৰ অৱসান ঘটাই বিদ্ৰোহী সংগঠন ফাৰ্কে এক ঐতিহাসিক শান্তিচুক্তিত স্বাক্ষৰ কৰিছে৷ কিউবাৰ মধ্যস্থতাত চলি থকা শান্তি প্ৰক্ৰিয়াৰ ফলস্বৰূপে বিদ্ৰোহী নেতা টিমুচেনকো আৰু ৰাষ্ট্ৰপতি জুৱান মানুৱেল ছান্তোছে কাৰ্টাজেনাত উৎসৱমুখৰ পৰিৱেশত এই চুক্তি স্বাক্ষৰিত কৰে ৷

৮) সৰ্থেবাৰীৰ পিতলশিল্পী হৰিদাস দাসে মাথো দহদিনত ৪০ কি: গ্ৰা: ওজনৰ চাৰে সাত ফুট ওখ পিতলৰ মন্দিৰৰ কলচী নিৰ্মাণেৰে চমক সৃষ্টি কৰিছে ৷

৯) বিশ্ববেংকৰ সভাপতি জিম য়ং কিমক বিশ্ববেংকে পুনৰ পাঁচ বছৰীয়া কাৰ্যকালৰ বাবে নিযুক্তি প্ৰদান কৰিছে ৷

১০) সদৌ অসম ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি অসম চুক্তিৰ ৰূপায়ণৰ বাবে দাবী জনাইছে। কালি উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই প্ৰাগ নিউজত বিজেপিৰ ভিজন ডকুমেণ্টত প্ৰতিশ্ৰুতি দিয়া অনুসৰি অসম চুক্তি ৰূপায়ণ কৰাৰ লগতে ১৯৭১চনৰ পাছত অহা যিকোনো ধৰ্মৰ বাংলাদেশী অনুপ্ৰৱেশকাৰীকে বহিস্কাৰ কৰিবলৈ আহ্বান জনাইছে।

No comments:

Post a Comment