সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰা

সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ

১. সন্ত্ৰাসবাদীয়ে সীমান্ত পাৰ হৈ আহিব পৰাৰ সুৰুঙা নাৰাখিবলৈ অচিৰেই কেন্দ্ৰীয় চৰকাৰে মধুকৰ গুপ্তা কমিটিৰ প্ৰতিবেদন কাৰ্যকৰী কৰিব বুলি গৃহমন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। পাঠানকোটৰ ঘটনাৰ পাছত গঠিত কমিটিখনে ভাৰত-পাকিস্তান সীমান্ত অভেদ্য কৰাৰ বাবে লেজাৰ ৱাল, ইলেক্ট্ৰনিক ছাৰ্ভিলেঞ্চ, নদী এলেকাত আণ্ডাৰ ৱাটাৰ চেন্সৰ, ফলীইজ পেনিট্ৰেইটিং ৰাডাৰ আদি স্থাপন কৰাৰ বাবে পৰামৰ্শ আগবঢ়াইছিল।

২. যোৰহাটৰ বাহনা মহাবিদ্যালয়ে অহা ১-৩ অক্টোবৰত পালন কৰিব মহাবিদ্যালয়খনৰ গৌৰৱোজ্জ্বল সোণালী জয়ন্তী উতসৱৰ সামৰণী অনুষ্ঠান।

৩. জামাত-উল-মুজাহিদীন বাংলাদেশৰ ছয় গৰাকীকৈ সন্ত্ৰাসবাদীক ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। অসমতো সন্ত্ৰাসবাদ চলাবলৈ চেষ্টা কৰা সংগঠনটোৰ ধৃত সকলৰ ভিতৰত আছে বৰপেটা জিলাৰ দুগৰাকীকৈ ইছলামধৰ্মী যুৱক।

৪. অসমত জাতি-মাটি-ভেটি ৰক্ষাৰ বাবে অসম চৰকাৰৰ পৰিকল্পনাক লৈ শ্বেতপত্ৰ দাবী কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। ৰাজ্যৰ কিমান অঞ্চল বেদখলত আছে, বেদখলমুক্ত কৰিবলৈ কি কি ব্যৱস্থা সোণোৱাল চৰকাৰে লব তাৰ বিষয়েও শ্বেতপত্ৰযোগে ৰাইজক অৱগত কৰাবলৈ তেখেতে আহ্বান জনায়।

৫. চলিত বৰ্ষত অসমত হোৱা বানৰ ক্ষয়ক্ষতিৰ বুজ লবলৈ শেহতীয়াকৈ হলেও অসমত উপস্থিত হৈছেহি কেন্দ্ৰীয় চৰকাৰৰ দল। দুদিনীয়া ভ্ৰমণ সূচীৰে ভিন্ন প্ৰান্তত ক্ষয়ক্ষতিৰ আভাস লব কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ উপদেষ্টা দীন নাথৰ নেতৃত্বত অহা দলটোৱে। এই দলৰ প্ৰতিবেদনৰ পাছতহে অসমে বান সাহাৰ্য বিষয়ক পুঁজি লাভৰ সম্ভাৱনা আছে।
৬. শৰাইঘাটৰ দলঙেৰে ট্ৰাক আদি গধুৰ যান বাহনৰ বাবেও নিৰ্দিষ্ট সময় বান্ধি দিয়াৰ লগতে ট্ৰেইলাৰ সমূহৰ বাবে ৰাতি ১১বজাৰ পৰা পুৱা ৬বজালৈ পাৰ হোৱাৰ সময় নিৰ্ধাৰণ কৰি দিয়াৰ খবৰ। পাণবজাৰ, লতাশিল, দীঘলীপুখুৰী অঞ্চলত ১৪৪ ধাৰা জাৰি কৰি পাঁচজনতকৈ অধিক লোক জমা হৈ ধৰ্ণা-প্ৰতিবাদ আদি কৰিব নোৱাৰা ব্যৱস্থা কৰিছে গুৱাহাটীৰ পুলিচ প্ৰশাসনে।

৭. প্ৰধানমন্ত্ৰীৰ ‘বেটী বচাও বেটী পঢ়াও’ আঁচনিৰ অংশ ৰূপে গুৱাহাটীৰ পাণ্ডুত মহিাৰ আত্মৰক্ষাৰ কৌশলৰ ওপৰত এখনি দুদিনীয়া প্ৰশিক্ষণ শিবিৰ ২৪-২৫ ছেপ্তেম্বৰত অনুষ্ঠিত হয়। নিউজ পেপাৰ্ছ এছ’চিয়েচন অৱ ইণ্ডিয়াই কৰে এই আয়োজন।

৮. ৰাজ্যিক ফৰেনছিক গৱেষণাগাৰক পুণৰোদ্ধাৰ কৰাৰ বাবে ৰাজ্য চৰকাৰক
পৰামৰ্শ দিয়াৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে এখন উচ্চ ক্ষমতাসম্পন্ন সমিতি গঠন কৰিছে দিছে। গৱেষণাগাৰটোৰ অৱসৰপ্ৰাপ্ত সঞ্চালকদ্বয় ডঃ পদ্মপাণি মহন্ত, মিনেদ্ৰ কুমাৰ বৰা আৰু বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ প্ৰাক্তন আয়ুক্ত সচিব ধীৰেন্দ্ৰ নাথ শইকীয়াৰে গঠিত সমিতিখনক সকলো সা-সুবিধা দিবৰ বাবেও গৃহ বিভাগক আদাতলতে নিৰ্দেশ জাৰি কৰিছে।

৯. অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিবেশ পৰিষদৰ সহযোগত মৰিগাঁৱত আৰ্যভট্ট
বিজ্ঞান কেন্দ্ৰই আয়োজন কৰে এটি বিজ্ঞান ভিত্তিক ক্ৰিয়াকলাপ অনুষ্ঠানৰ। অন্ধবিশ্বাস আৰু কু-সংস্কাৰ মূৰ্দাবাদ ধ্বনিৰে ছাত্ৰ-ছাত্ৰীয়ে মুখৰিত কৰা অনুষ্ঠানটোত নমুনা প্ৰস্তুত, আকস্মিক বক্তৃতা ও চিত্ৰাংকন প্ৰতিযোগিতাও অনুষ্ঠিত হয়।

১০. অসমত পথ দুৰ্ঘটনা ৰোধ বাবে অসম চৰকাৰৰ পৰিবহণ বিভাগে বিভিন্ন সজাগতামূলক ও প্ৰতিৰোধমূলক কাৰ্যসূচী ৰূপায়ণ কৰিব। লগতে প্ৰতিখন জিলাতে মটৰ ড্ৰাইভিং স্কুল স্থাপন কৰিব বুলিও সুখবৰ প্ৰকাশ কৰিছে।

No comments:

Post a Comment