সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰা

সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ 
১) মাথো সাত বছৰ ছমাহত ভৰি দিয়া শিৱসাগৰৰ জলকন্যা কাশ্মিৰী চৌধুৰীয়ে ঐতিহাসিক জয়সাগৰ পুখুৰীত একেলেথাৰিয়ে ৭.৪৯ ঘন্টা সাঁতুৰি নতুন অভিলেখ ৰচনাৰে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নিজৰ নাম লিপিৱদ্ধ কৰিবলৈ সক্ষম হৈছে৷ উল্লেখ্য যে কাশ্মিৰীয়ে মহাৰাষ্ট্ৰৰ ছাত্ৰী খুচি পাৰমাৰৰ ৬.৩২ ঘন্টাৰ পূৰ্বৰ অভিলেখ ভংগ কৰে ৷

২) দক্ষিণ-পশ্চিম চীনত আজিৰে পৰা বিশ্বৰ বৃহত্তম ৰেডিঅ’ টেলিস্ক’পটো কাৰ্যক্ষম কৰা হৈছে ৷ ১৮০ নিযুত ডলাৰ ব্যয়সাপেক্ষে স্থাপন কৰা ১,৬৪০ ফুট উচ্চতাৰ এই টেলিস্ক’পটোৱে বৰ্হিঃ বিশ্বৰ সংকেতো লাভ কৰিব বুলি আশা কৰা হৈছে।

৩) অসম আৰু বাংলাদেশৰ মাজৰ সীমান্ত সম্পূৰ্ণ ছীল কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুতি চলোৱাৰ সময়তে বাংলদেশেও ভাৰত - ম্যানমাৰ সীমান্তত কাঁইটীয়া তাৰৰ বেৰ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ২৮২ কি:মি: সীমান্তত কাঁইতীয়া তাৰৰ বেৰ নিৰ্মাণৰ প্ৰকল্পত দেশখনৰ চৰকাৰে অনুমোদন জনোৱাৰ কথা প্ৰকাশ কৰে "ব’ৰ্ডাৰ গাৰ্ড অৱ বাংলাদেশৰ" সঞ্চালক প্ৰধান মেজৰ জেনেৰেল আজিজ আহমেদে৷

৪) সদৌ অসম উন্নয়ণ পৰিষদৰ ২০১৬ বৰ্ষৰ গণশিল্পী বঁটা আগবঢ়োৱা হৈছে দৰদী কন্ঠশিল্পী ,বিশিষ্ট শিক্ষবিদ, লোকসংস্কৃতিৰ গৱেষক তথা অসম সাহিত্য সভাৰ ভূতপূৰ্ব সভাপতি ড° বীৰেন্দ্ৰনাথ দত্তলৈ৷

৫) ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ অধিৱেশনত আজি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজে ভাষণ দিব৷ তেওঁ ৰাষ্ট্ৰসংঘৰ ৭১ সংখ্যক সাধাৰণ সভাৰ অধিৱেশনত অংশগ্ৰহণ কৰা ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্ব বহন কৰিছে৷ এই ভাষণত তেওঁ ইতিমধ্যে পাকিস্তানৰ প্ৰধানমন্ত্ৰী নৱাজ স্বৰীফে দিয়া ভাষণৰ কাঢ়া প্ৰত্যুত্তৰ দিয়াৰ সম্ভাৱনা আছে৷

৬) অসমৰ লোপামুদ্ৰা গোহাঁইয়ে আজিৰে পৰা বুলগেৰীয়াৰ বুডাপেষ্টত অনুষ্ঠিত হ’বলগীয়া জুনিয়ৰ উশ্বু প্ৰতিযোগীতাত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিব ৷ উল্লেখ্য যে ৰাষ্ট্ৰীয় প্ৰতিযোগীতাৰ গ্ৰুপ "চি"ত স্বৰ্ণপদক লাভ কৰা খেলুৱৈসকলৰ ভিতৰত লোপামুদ্ৰা সৰ্বকণিষ্ঠ৷

৭) দুজন ইণ্ডো-আমেৰিকান বিজ্ঞানী মনু প্ৰকাশ আৰু সুভাষ খটে এই বৰ্ষৰ সন্মানীয় মেক আৰ্থাৰ ফেল’শ্বিপ অথবা জিনিয়াছ গ্ৰান্ট লাভ কৰিছে ৷ দুয়োজনেই ক্ৰমান্বয়ে আই আই টি কাণপুৰ আৰু আই আই টি ব’ম্বেৰ প্ৰাক্তন ছাত্ৰ৷

৮) আউনিআটী সত্ৰৰ অধিকাৰ ড° পীতাম্বৰ দেৱগোস্বামীয়ে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰুটগাৰ্চ বিশ্ববিদ্যালয়ত অনুষ্ঠিত ছাউথ এছিয়ান ষ্টাডিজ শীৰ্ষক এটা আন্ত:ৰাষ্ট্ৰীয় অনুষ্ঠানত আজি "অসমৰ সামাজিক সাংস্কৃতিক জীৱনত সত্ৰৰ প্ৰভাৱ" শীৰ্ষক বিষয়ত বক্তৃতা দিব৷ এই অনুষ্ঠানত শ্ৰীলংকা ,নেপাল, পাকিস্তান,ভূটানসহ মুঠ নখন দেশে অংশগ্ৰহণ কৰিছে ৷

৯) নাৰেংগীৰ আৰ্মী পাব্লিক স্কুলৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী অনুস্কা গগৈয়ে দক্ষিণ কোৰিয়া দূতাবাসৰ "কোৰিয়ান কলচাৰেল চেন্টাৰে" অনুষ্ঠিত কৰা ভাৰত কোৰিয়া বন্ধুত্ব ৰচনা প্ৰতিযোগীতা ২০১৬ত দ্বিতীয় স্থান লাভ কৰিছে ৷ এই প্ৰতিযোগীতাত ১১৪৬৪ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল৷

১০) সদৌ অসম সাহিত্য সন্মিলনীৰ উদ্যোগত আৰু প্ৰতিশ্ৰুতি প্ৰকাশৰ সহযোগত প্ৰথমবাৰৰ বাবে ৰবীন্দ্ৰ ভৱনত "গল্প উৎসৱ ২০১৬" অনুষ্ঠিত হয়।এই অনুষ্ঠানতে জ্যোতিষ শিকদাৰক জীৱনজোৰা সাধনা বঁটা , নীলোৎপল বৰুৱাক ২০১৫ বৰ্ষৰ শ্ৰেষ্ঠ গল্পকাৰ,টুলুমণি বৰগোঁহাইক শ্ৰেষ্ঠ গল্প সংকলনৰ বঁটা প্ৰদান কৰা হয় ৷
আজিৰ ভাল খবৰৰ সংকলকঃ বিপাশা বৰা, শ্বিলং

No comments:

Post a Comment