সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰা

সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াই নিজৰ নাগৰিক সকলৰ পৰ্যটনৰ বাবে অসম আৰু
উত্তৰ-পূৱ ভাৰতক কাৰ্যসূচীত নাৰাখিবলৈ জাৰি কৰা পৰামৰ্শমূলক টোকাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে। তেখেতে অসমত পৰ্যটকক পৰ্যাপ্ত সুৰক্ষা প্ৰদান কৰাৰ নিশ্চিতি দি অসমলৈ অহাৰ বাবে সাদৰেৰে আমন্ত্ৰণ জনাইছে বুলিও বাতৰি প্ৰকাশ পাইছে।

২. কটন কলেজে লাভ কৰিব হেৰিটেজ কলেজৰ মৰ্যদা। কটন কলেজৰ ঐতিহ্যমণ্ডিত কিছু ভৱনক ঐতিহ্যমণ্ডিত ভৱনৰূপে সংক্ষৰণৰ দিহা কৰা হৈছে আৰু ইয়াৰ বাবে প্ৰত্ন-তাত্বিক সংৰক্ষণৰ প্ৰক্ৰিয়া চলি থকাৰ সুখবৰো প্ৰকাশ পাইছে।

৩. অসমত আঞ্চলিক গণিত অলিম্পয়াড (RMO)-২০১৬অহা ১৬অক্টোবৰৰ দিনা দিনৰ ১-৪বজালৈ অনুষ্ঠিত হব। গুৱাহাটী, ডিব্ৰুগড়, তেজপুৰ আৰু শিলচৰত মুঠ চাৰিটা চেণ্টাৰত আয়োজন কৰিছে হোমি ভাবা চেণ্টাৰ ফৰ চাইন্স এডুকেচন। কেন্দ্ৰীয় চৰকাৰৰ আণৱিক শক্তি মন্ত্ৰালয়ৰ হৈ ১৯৮৯চনৰ পৰাই দেশজুৰি গণিত অলিম্পিয়াড অনুষ্ঠিত কৰি আহিছে।

৪. গুৱাহাটীত কালি উন্মোচিত হয় অৱসৰপ্ৰাপ্ত অসম আসামৰিক সেৱাৰ বিষয়া অৰুণ চন্দ্ৰ গোস্বামীয়ে লিখি উলিওৱা ‘অসমৰ ভূমি আৰু ৰাজহ আইন’ বিষয়ক এখনি গ্ৰন্থ।

৫. বিহাৰৰ দৰে অসমকো সুৰামুক্ত ৰাজ্য হিচাবে গঢ়ি তোলাৰ দাবী তুলিছে যোৰহাটত মদ-মুক্ত অসম দাবী সমিতিৰ বেনাৰত ভালেমান দল-সংগঠনে। কালি সংগঠন কেইটাই এই দাবীৰে যোৰহাটৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সমুখত ধৰ্মঘটো পালন কৰে।

৬. অসম মাধ্যমিক শিক্ষা সংসদৰ (ছেবা)ৰ শিক্ষাৰ্থী সকলৰ বাবেও অনলাইন
শিক্ষাৰ এটি ৱেবচাইট মুকলি হৈছে। www.evidyaacademy.com নামৰ বেৱচাইটোত শৈক্ষিক বিষয়ৰ আলোচনা গোট, নুবুজা বিষয়ৰ প্ৰশ্নৰ উত্তৰ ২৪ঘণ্টাৰ ভিতৰতে দিয়াৰ ব্যৱস্থা কৰা বুলি বেৱচাইটোৰ হৈ জিতু দত্তই প্ৰকাশ কৰিছে। ডিব্ৰুগড়ৰ ডনবক্স, লিটল ফ্লাৱাৰকে ধৰি বিভিন্ন স্কুলৰ ছাত্ৰ-ছাত্ৰী সকলক এই ৱেবচাইটোৰ সৈতে পৰিচয় কৰাই দিয়াৰো ব্যৱস্থা কৰিছে সংগঠকসকলে।

৭. দিল্লীত কালি অইল আৰু অএনজিচিৰ পৰিচালন সঞ্চালকৰ সৈতে বৈঠকত বহি অসমৰ চাহ উদ্যোগলৈ পৰ্যাপ্ত গেছৰ যোগানৰ সুনিশ্চিত কৰিলে অসমৰ মুখ্যমন্ত্ৰীয়ে। কেন্দ্ৰীয় চৰকাৰে জাগীৰোড আৰু কাছাৰ কাগজ কলক জীয়াই তুলিবৰ বাবে ৮০০কোটি টকাৰ পুঁজি মোকোলাই দিব বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে।

৮. উত্তৰ-পূৱ ভাৰতৰ উচ্চ শিক্ষাৰ ইতিহাসলৈ গৌৰৱ কঢ়িয়াই তেজপুৰ বিশ্ববিদ্যালয়ে খোদিত কৰিলে বিশ্বৰ ৮০০ শীৰ্ষ বিশ্ববিদ্যালয়ৰ তালিকাত নাম। টাইমচ হায়াৰ এডুকেচন ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিংত এই স্থান লাভ কৰাত এইবাৰ উপাচাৰ্যই অনাগত দিনত শীৰ্ষ ২০০টা স্থানত ভিতৰত স্থান লাভৰ আশা প্ৰকাশ কৰিছে।

৯. ডেমফুল খ্যাত অসমীয়া অভিনেতা নয়ন নিলীমৰ অভিনয়েৰে অচিৰেই ছবিগৃহলৈ আহিব বিনোদন ধৰ্মী পূৰ্ণদৈৰ্ঘ্যৰ চিনেমা ‘কোঁৱৰপুৰৰ কোঁৱৰ’। কালি ছবিখনৰ পোষ্টাৰ আনুষ্ঠানিক ভাৱে মুকলি কৰা হয়।

১০. অসমৰ চাহ-বাগিচা সমূহৰ গৰিষ্ঠ সংখ্যকেই এইবাৰ পূজাৰ বতৰত ২০শতাংশ বোনাচ দিব বুলি সুখবৰ প্ৰকাশ পাইছে। এই ধন অহা ৩০ছেপ্তেম্বৰৰ ভিতৰত আদায় দিবলৈকো নিৰ্দেশ জাৰি কৰিছে শ্ৰম আয়ুক্তই।

No comments:

Post a Comment