সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰা

সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. অসম চৰকাৰে দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ ছাত্ৰীক বিনামূলীয়া নামভৰ্তিৰে ৰাজ্যৰ ৩০১খন প্ৰাদেশীকৃত মহাবিদ্যালয়ত নামভৰ্তিৰ বাবে কৰা ব্যৱস্থাৰ সুবিধা গ্ৰহণ কৰিলে ১.৩৮লাখ শিক্ষাৰ্থীয়ে। পিছে দৰিদ্ৰতাৰ প্ৰমাণপত্ৰৰ ক্ষেত্ৰত হোৱা জালিয়াতিৰ বিষয়টোৱে কলেজ সমূহক সংকটত পেলাইছে বুলিও বাতৰি প্ৰকাশ পাইছে।


২. সকলো ৰাষ্ট্ৰীয় উদ্যানতে উচ্ছেদ অভিযান পৰ্যায়ক্ৰমে চলিবই বুলি ঘোষণা কৰিছে অসমৰ বিত্ত মন্ত্ৰীয়ে। চেতনা দিৱসৰ উপলক্ষত ঠেলামৰাৰত অনুষ্ঠিত সভাত উপস্থিত থাকি ডঃ হিমন্ত বিশ্ব শৰ্মাই ৪২ৰ শ্বহীদৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ বাবে শ্বহীদ ক্ষেত্ৰ নিৰ্মাণ আৰু ১৩টা পথৰৰ উন্নয়ণ কৰি শ্বহীদৰ নামেৰে নামাকৰণ কৰা হব বুলিও ঘোষণা কৰে।


৩. কেন্দ্ৰয় চৰকাৰৰ নিৰ্দেশ অনুসৰি কেন্দ্ৰ আৰু ৰাজ্যৰ পুঁজি সমূহৰ সদ-ব্যৱহাৰৰ ক্ষেত্ৰত স্বচ্ছতা আনিবৰ বাবে ৰাজহুৱা বিত্তীয় ব্যৱস্থাপনা পদ্ধতি (Public Financial Management System) অসমতো কাৰ্যকৰী কৰিবলৈ লোৱা হৈছে। সেয়ে চৰকাৰী আঁচনি ৰূপায়ণ কৰা সকলো সংস্থাই PFMS ত পঞ্জীয়ন কৰিবলৈ আহ্বান জনাইছে অসমৰ বিত্তমন্ত্ৰীয়ে। আঁচনিৰ ধন ব্যৱহাৰৰ ব্যৱহাৰিক প্ৰমাণ পত্ৰ লাভ স্বয়ংক্ৰিয়ভাৱে উপলদ্ধ কৰিবলৈকো বিচৰা হৈছে। www.pfms.nic.in ত লগ অন কৰি আৰু সবিশেষ তথ্যৰ বাবে ৯৪৩৫০-৫৪১৭১ নম্বৰত যোগাযোগ কৰিবলৈকো আহ্বান জনাইছে।


৪. গুৱাহাটীৰ শিশু সাহিত্যৰ অনুষ্ঠান ‘উত্তৰণ’য়ে অসম ভিত্তিত এখনি সাধু লিখা প্ৰতিযোগিতাৰ আয়োজন কৰে। এই প্ৰতিযোগিতাত ডিগবৈৰ টিংৰাই জাতীয় বিদ্যালয়ৰ ছাত্ৰী বৰষা বৰগোহাঁইয়ে শ্ৰেষ্ঠ সন্মান লাভ কৰিছে।


৫. শিৱসাগৰ বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ত প্ৰয়াত লোকনাথ বৰদলৈ স্মাৰক বক্তৃতা অনুষ্ঠিত হৈ যায়। লোকসংস্কৃতিৰ সাধক ডঃ অনিল শইকীয়াই এই বক্তৃতা প্ৰদান কৰি লোকগীতে সাহিত্যক চহকী কৰি তুলিছে বুলিও মত প্ৰকাশ কৰে।

৬. বেচৰকাৰী সংগঠন ভক্স পপুলীৰ উদ্যোগত অহা ২৭নৱেম্বৰৰ পৰা গোলাঘাটত আয়োজিত হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ গোলাঘাট সাহিত্য উতসৱ আৰু গ্ৰন্থমেলা। এই উপলক্ষত আয়োজক সমিতিয়ে সদৌ অসম ভিত্তিত প্ৰৱন্ধ, গল্প, কুইজকে ধৰি বিভিন্ন প্ৰতিযোগিতাৰো আয়োজন কৰিছে। সবিশেষ জানিবৰ বাবে ৯৬১৩৭৫৮১৬২ আৰু ৯৬১৩৫৪৮৫৯৯ নম্বৰত যোগাযোগ কৰিবলৈকো আহ্বান জনোৱা হৈছে।


৭. অসমত চলি আছে ফুটবল জ্বৰ! গুৱাহাটীত বৰদলৈ ট্ৰফী, চেপনত মহেন্দ্ৰ নাথ শৰ্মা আন্তঃ মহাবিদ্যালয় ফুটবল, বিহপুৰীত যোগেশ্বৰ বৰুৱা চলন্ত ট্ৰফী, ছয়গাঁৱত তুলসীৰাম বৰুৱা সোঁৱৰণী ফুটল, দুধনৈত আন্তঃ সমষ্টি ফুটবল প্ৰতিযোগিতা চলি থকাৰ বাতৰি। ইয়াৰ মাজতে অসমত ফুটবলৰ জনপ্ৰিয়তাক লৈ অসমীয়া চিনেমা নিৰ্মাণৰ বাবেও আগবাঢ়ি আহিছে পৰিচালক চন্দ্ৰ মুদৈ।

৮. দেশৰ স্বাস্থ্য সমীক্ষা অনুসৰি পাঁচ বছৰৰ তলৰ শিশুৰ মৃত্যুৰ ক্ৰমান্বয়ে হ্ৰাস হবলৈ ধৰাৰ সুখবৰো প্ৰকাশ পাইছে। গড় হিচাপত চাৰি পইণ্টকৈ হ্ৰাস পোৱাৰ সফলতাৰে দেশৰ শীৰ্ষ স্থান যুটীয়াকৈ লাভ কৰিছে উত্তৰ প্ৰদেশ আৰু অসমে।

৯. এক্ট ইষ্ট পলিচিৰ জৰিয়তে অসম আৰু উত্তৰ-পূৱৰ আন্তঃগাঁথনিমূলক উন্নয়নক প্ৰাধান্য দিছে মোদী চৰকাৰে। এইকথা দিল্লীত প্ৰকাশ কৰে ডনাৰ মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিঙে।

১০. কটন কলেজ ৰাজ্যিক বিশ্ববিদ্যালয়ে তিনিটাকৈ নতুন স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰিছে। প্ৰাচীন ভাৰতীয় বুৰঞ্জী, সংস্কৃতি আৰু প্ৰত্নতত্ব, পৰিবেশ আৰু বন্যপ্ৰাণী বিজ্ঞান আৰু মলিকুলাৰ বাইলজী আৰু বায়টেকনলজি বিষয়ত এই তিনিটা কৰ্চৰ বাবে উন্নত গৱেষণাগাৰো গঢ়ি তোলা হব বুলিও উপাচাৰ্যই প্ৰকাশ কৰিছে।

No comments:

Post a Comment