সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰা

সুখ-দুখৰ বতৰা

Share This

আজিৰ ভাল খবৰবোৰ
১. অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া মডেলিটি কমিটিৰ বৈঠক অহা ২৩ ছেপ্তেম্বৰত দিল্লীত পুনৰ অনুষ্ঠিত হব। এই বৈঠকত ছয় জনগোষ্ঠীৰ প্ৰতিনিধি সকলেও ভাগ লব আৰু বিষয়টোক লৈ অহা ২৬ ছেপ্তেম্বৰৰ প্ৰস্তাৱিত অসম বন্ধৰ আহ্বান স্থগিত ৰখাৰ সিদ্ধান্তও প্ৰকাশ পাইছে।

২. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটি বেদখল মুক্ত কৰাৰ লক্ষ্যৰে পাৰ্শ্বৱৰ্তী বান্দৰডুবি, দেওচুৰ আৰু পালখোৱা গাঁৱত উচ্চ ন্যায়ালৰ এবছৰ পুৰণি এটি নিৰ্দেশক লৈ উচ্ছেদ অভিযান চলায় জিলা প্ৰশাসনে। গঞা ৰাইজৰ প্ৰতিৰোধৰ ফলত আৰক্ষীৰ গুলীত দুগৰাকী লোক নিহত হয়। ৰাজ্য চৰকাৰে নিহতৰ পৰিয়াললৈ আৰ্থিক ক্ষতিপূৰণৰ ঘোষণা কৰা বুলিও বাতৰিত প্ৰকাশ পাইছে।

৩. ৰাজ্যৰ প্ৰবীণ সাংবাদিক ৰাজেন্দ্ৰ নাথ তালুকদাৰৰ অভিনন্দন গ্ৰন্থ ‘লোকবন্ধু’ উন্মোচন কৰিলে অৱসৰপ্ৰাপ্ত শীৰ্ষ আৰক্ষী বিষয়া হিৰণ্য কুমাৰ ভট্টাচাৰ্যই। অসমীয়া জাতিয়ে জীৱন্ত অৱস্থাত আনকি শ্ৰীমম্ত শংকৰদেৱ আৰু মাধৱদেৱকো স্বীকৃতি দিয়া নাছিল বুলিও তেখেতে মন্তব্য কৰে।

৪. মাৰ্ঘেৰিটা কলেজত কালিৰে পৰা আৰম্ভ হৈছে ‘স্বাৱলম্বনৰ উদ্যমতা আৰু কৌশল্য বিকাশ’ বিষয়ক এখনি সাতদিনীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা। এই কৰ্মশালা ১৫টা কাৰিকৰী পৰ্যায়ত অনুষ্ঠিত হৈছে।

৫. বিহু বিষয়ত লেখা মেলা কৰা লেখক সকলক লৈ ‘বিহু লেখকৰ সমাৰোহ’ৰ আয়োজন কৰিছে বিহু সুৰক্ষা সমিতিয়ে। অহা ২৫ ছেপ্তেম্বৰত মৰিগাঁও জিলাৰ ধৰমতুলৰ শংকৰদেৱ বিদ্যা নিকেতনতে এই সমাৰোহ অনুষ্ঠিত হব বুলিও জানিব পৰা গৈছে।

৬. গুৱাহাটীৰ খানাপৰাৰ অসম পশু চিকিতসা বিজ্ঞান মহাবিদ্যালয়ত অহা ২৫ ছেপ্তেম্বৰত অনুষ্ঠিত হব সদৌ অসম আন্তঃ মহাবিদ্যালয় প্ৰাইজমানি তৰ্ক প্ৰতিযোগিতা। সুদক্ষ তাৰ্কিক তথা প্ৰাক্তন ছাত্ৰ প্ৰয়াত লেঃ কৰ্নেল দীপজ্যোতি গগৈৰ সোঁৱৰণত এই প্ৰতিযোগিতা আয়োজিত হৈছে। বিষয় সদনৰ মতে-‘উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনৈতিক উন্নয়নৰ কাৰণে উদ্যোগীকৰণতকৈ কৃষি ক্ষেত্ৰতহে অধিক গুৰুত্ব দিয়া উচিত’।

৭. গুৱাহাটী আই আই টিত উন্মোচিত হ’ল ‘পৰম-ঈশান’ নামৰ ছুপাৰ কম্পিউটাৰৰ সেৱা। উন্মোচনী অনুষ্ঠানত অংশ ললে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভৰেকাৰে।

৮. গুৱাহাটীত আলাই আথানি হৈ পৰি থকা বিশ্বকৰ্মাৰ মূৰ্তি সমূহ সংগ্ৰহ কৰি সঠিক স্থানত বিসৰ্জন দিয়াৰ বাবে গুৱাহাটী স্কুটাৰ মটৰচাইকেল গেৰেজ মালিক সন্থা আৰু টপচেম চিমেণ্টে এটি ‘পুৰণি বিশ্বকৰ্মা মূৰ্তি বিসৰ্জন অভিযান’ আৰম্ভ কৰা বুলিও জানিব পৰা গৈছে।

৯. গুৱাহাটীত অসম এনিমেল হাজবেণ্ড্ৰী আৰু ভেটেনেৰী চাইঞ্চ চাৰ্ভিচ এচোচিয়েছনে ৰাজ্যখনত কণীৰ উতপাদন বৃদ্ধিৰ বাবে বিভিন্ন পদ্ধতি অৱলম্বনৰ দিশ সমূহক লৈ এখন দিনজোৰা কৰ্মশালাৰ আয়োজন কৰে।

১০. অ.এন.জি.চি ত্ৰিপুৰা পাৱাৰ প্ৰজেক্টে অহা মাৰ্চ মাহৰ ভিতৰত উত্তৰ-পূৱ গ্ৰীডলৈ ১৭৬মেগাৱাট অধিক বিজুলী শক্তি যোগান ধৰিবলৈ সক্ষম হব বুলি জানিব পৰা গৈছে। উত্তৰ-পূৱৰ বিজুলীৰ চাহিদা পূৰণত ই বিশেষ অৰিহণা যোগাব বুলিও বাতৰি প্ৰকাশ পাইছে।

No comments:

Post a Comment