সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰা

সুখ-দুখৰ বতৰা

Share This

আজিৰ ভাল খবৰবোৰ
১. অইল ইণ্ডিয়া লিমিটেডৰ বাৰ্ষিক সাধাৰণ সভাত চিএমডিয়ে উজনি অসমৰ অৱবাহিকাত ৬টাকৈ খাৰুৱা তেলৰ ভাণ্ডাৰ অইলে আৱিস্কাৰ কৰাৰ সুখবৰ ৰাজহুৱা কৰে। খাৰুৱা তেলৰ উতপাদন বিগত বৰ্ষত ৩.২৪৭ নিযুত মেট্ৰিকটন আৰু ২৮২৮নিযুত মেট্ৰিক ঘন মিটাৰলৈ গেছৰ উতপাদন বৃদ্ধি কৰিবলৈকো কোম্পানীটো সফল হোৱাৰ সুখবৰো প্ৰকাশ পাইছে।

২. অহা ৩০ছেপ্তেম্বৰত অসমৰ ছবিঘৰত মুক্তি লাভ কৰিব সঞ্জীৱ সভাপণ্ডিতৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনাৰে এখনি ব্যতিক্ৰমী চিনেমা ‘দিকচৌ বনত পলাশ’। এই উদ্দেশ্য এক প্ৰচাৰ অভিযান চলাইছে চিনেমাখনৰ কলা-কুশলী সকলে। কালি নগাঁৱত এই প্ৰচাৰ অভিযানত ৰাইজক এটা বাৰ্তা দিব খোজা চিনেমাখন আদৰি লবলৈকো পৰিচালক-কলাকুশলী সকলে আহ্বান জনায়।

৩. কালিৰে পৰা নগাঁৱত অনুষ্ঠিত হৈছে ভাৰতীয় গণনাট্য সংঘৰ একাদশ ৰাজ্যিক সন্মিলন। কলাগুৰুৰ পুত্ৰ পৃথ্বীৰাজ ৰাভাই এই সন্মিলন মুকলি কৰি ‘মাতৃভাষা বিকাশৰ জৰিয়তেহে অসমৰ সমাজ জীৱনক উজ্জীৱিত কৰিব পৰা যাব’ বুলিও মন্তব্য কৰিছে।

৪. গুৱাহাটীৰ ইষ্টাৰ্ণ ইণ্ডিয়া চাটাৰ্ড একাউটেন্স ষ্টেডেণ্টছ এছ’চিয়েশ্যনৰ সহযোগিতাত ৰয়েল স্কুল অৱ কমাৰ্চে কালি আয়োজন কৰে সামগ্ৰী আৰু সেৱা কৰ-সম্ভাৱনা আৰু প্ৰত্যাহ্বান শীৰ্ষক এদিনীয়া এখন কৰ্মশালাৰ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয় সমূহৰ শিক্ষাৰ্থী সকলেও ইয়াত অংশগ্ৰহণ কৰে।

৫. ছিপাঝাৰ ব্লকৰ গ্ৰামোন্নয়নত আঁচনি ৰূপায়ণত দুৰ্নীতি আৰু অনিয়ম হোৱাৰ অভিযোগ তুলি বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ দৰং জিলা সমিতিয়ে জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত গোচৰ ৰুজু কৰিছে। এইদৰে সচেতন সংগঠন সমূহে ন্যায়িক প্ৰক্ৰিয়াৰ মাজলৈ দুৰ্নীতিৰ অভিযোগ সমূহক লৈ অহাৰ প্ৰচেষ্টা প্ৰশংসনীয় বুলিও সচেতন ৰাইজে মত প্ৰকাশ কৰিছে।

৬. কালি গুৱাহাটীত অনুষ্ঠিত এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ‘দৈনিক অসম সাহিত্য বঁটা-২০১৫’ বঁটা প্ৰথমবাৰৰ বাবে প্ৰদান কৰা হয়। এই বঁটা লাভ কৰে বিশিষ্ট গল্পকাৰ প্ৰশান্ত কুমাৰ দাসে। বঁটা প্ৰদান কৰে লোক-সংস্কৃতিৰ সাধক ডঃ বীৰেন্দ্ৰ নাথ দত্তই।

৭. গুৱাহাটীৰ ষ্ট্ৰীট লাইটত এতিয়াৰ পৰা লাগিব এলইডি বাল্ব। গুৱাহাটী পৌৰ নিগমে প্ৰজেক্ট জ্যোতিৰ অধীনত গোটেই মহানগৰতে এলইডি ষ্ট্ৰীট লাইট লগোৱাৰ কাম পৰ্যায়ক্ৰমে আৰম্ভ কৰিছে আৰু বৰ্তমানলৈকে প্ৰায় ৯৫০০টাতকৈ অধিক লাইট লগোৱাৰ কাম সম্পন্ন হৈছে।

৮. মহানগৰ আৰক্ষী আয়ুক্ত হীৰেন নাথে কালি শৰাইঘাট দলঙ পৰিদৰ্শন কৰে। নিৰ্মীয়মান দলঙৰ কামকাজৰ বুজ লোৱাৰ লগতে যানজঁটলৈ লক্ষ্য ৰাখি কাম দ্ৰুত কৰা আৰু দলঙৰ ৰেলিঙত ফেঞ্চিং আৰু চিচি টিভি কেমেৰাৰ ব্যৱস্থা কৰিবলৈকো তেখেতে ৰেলৱে বিভাগক আহ্বান জনায়।

৯. গুৱাহাটীত সুৰাপান কৰি বাহন চলোৱা সকলৰ বিৰুদ্ধে কালি ৰাতি দুই বজালৈকে অভিযান চলায় মহানগৰ আৰক্ষীয়ে। জিএছ ৰোডত অভিযান চলায় একেদিনাই ২৮হাজাৰ টকাৰ জৰিমনা আদায় কৰাৰো সুখবৰ।

১০. স্বচ্ছ ভাৰত অভিযানৰ অংশ ৰূপে কালি গুৱাহাটীৰ ডাউন টাউন বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী, কৰ্মচাৰী আদিয়ে নাৰেংগীৰ পৰা পানীখাইটি পৰ্যন্ত চাফাই অভিযান তথা সজাগতামূলক শোভাযাত্ৰাৰ আয়োজন কৰে।

No comments:

Post a Comment