Sunday, September 25, 2016

মনৰ কথা


পেজ-টুঃ বাতৰি আৰু চাকৰি 
দেৱীকা ফুকন
শিৰোনাম দেখি বিভিন্নজনৰ মনলৈ বিভিন্ন ভাৱ আহিব। কোনোৱে হয়তো ভাবিব পাৰে বাতৰিকাকতৰ প্ৰতিষ্ঠানত চাকৰি কৰাৰ কথা আৰু কোনোৱে হয়তো ভাবিব চাকৰিৰ বাতৰি পোৱাৰ কথা৷ পিছে আমাৰদৰে নিবনুৱাসকলৰ বাবে পুৱাৰ বাতৰি (কাকত) আৰু চাকৰিৰ মাজৰ সম্পৰ্ক যিমান গভীৰ, হয়তো সেই গভীৰতা আন কোনোৱেই উপলব্ধি কৰিব নোৱাৰিব৷ আৰু এইখিনিতে উল্লেখযোগ্য যে, আজিৰ চাকৰিয়ালজনেও হয়তো কিছুদিনৰ আগলৈকে আমাৰদৰেই পুৱাৰ কাকতখনলৈ বাট চাই ৰৈছিল৷

"সময়”ৰ পেইন্ট্ ব্ৰাছৰ এটা স্ট্ৰ’কত সেইসকল আজি নিবনুৱা স্টাম্পৰপৰা মুক্ত! চাকৰি বিচাৰিবলৈ আৰম্ভ কৰাৰ সময়ৰপৰাই বাতৰিকাকতখনৰ লগত আমাৰ উতঃপ্ৰোত সম্বন্ধ স্থাপন হ’ল৷ সমগ্ৰ অসমত প্ৰচলিত এখন ইংৰাজী কাকতে এইক্ষেত্ৰত যথেষ্ঠ লগ দি আহিছে৷ আন অসমীয়া কাকতসমূহো এইক্ষেত্রত পিছ পৰি থকা নাই৷ “অঞ্চলবিশেষ নিয়োগ” বাতৰিসমূহৰ বাবে এই অসমীয়া কাকতসমূহেই আশা ভৰসাৰ থল৷ কাকতখন হাতত পৰাৰ লগেলগেই মূল বাতৰি সমূহ চাই দ্বিতীয় পৃষ্ঠাটো মেলি লওঁ৷ এইখিনি সময়ত কোনোধৰণৰ আমনি নোপোৱাকৈ মনোযোগ দি এটি এটিকৈ ”চিটুৱেশ্যন ভেকেন্ট” বোৰ চাই যাওঁ৷ যিদিনা অত্যন্ত আগ্ৰহেৰে চাওঁ, সেইদিনা দিয়ে পৰিধিৰ বাহিৰৰ চাকৰিৰ বাৰ্তা৷ কেতিয়াবা বিচৰামতে চাকৰিৰ বাতৰি পাওঁ৷ কিন্তু যেতিয়া ঠাইৰ নাম চাওঁ তেতিয়া দেখোঁ যে মই যদি অসমৰ এমূৰে আছো, তেনেহ’লে চাকৰি ওলাইছে অসমৰ সিমূৰে৷ কেতিয়াবা তাতোকৈও বিষম অৱস্থা হয়৷ বেংগেলুৰু, চেন্নাই আদিত চিকিউৰিটি গাৰ্ড হ’বৰ বাবে আবেদন জনাবলৈ আহ্বান জনায়। বহু সময়ত নিজৰ থকা ডিগ্ৰীতকৈ অধিক ডিগ্ৰী বিচাৰে৷ তেতিয়া আৰু কাকতৰ পৃষ্ঠা লুটিয়াই চাউল-দাইলৰ দাম কমিছে নে বাঢ়িছে, সেইয়া পঢ়াৰ বাহিৰে গত্যন্তৰ নাথাকে।

কিছুমান কথা আনলোকৰ লগত হয়নে নহয় নাজানো, মোৰ লগত কিন্তু প্ৰায়েই হয়৷ কেতিয়াবা আপুনি পুৱা আনন্দ মনেৰে আশাৰে কাকতখনৰ দ্বিতীয় পৃষ্ঠাত প্ৰৱেশ কৰিব যেন আজি এটা বিচৰাধৰণৰ চাকৰিৰ বিজ্ঞাপন ওলাব। তাৰ বিপৰীতে আপুনি দেখিব যে আপোনাক নিৰাশ কৰি; আপোনাৰ পঢ়াশুনাৰ লগত দূৰ-দিগন্তলৈকে কোনো মিল নথকা চাকৰিৰ বাতৰি কিছুমানে আপোনাক ভেঙুচালি কৰি দেখুৱাব! কেতিয়াবা ইয়াতকৈও মাৰাত্মক্ পৰিস্থিতি হয়৷ দেখিব কোনো নামী-দামী প্ৰতিষ্ঠানৰ চাকৰিৰ বিজ্ঞাপন। মনলৈ আশাৰ সঞ্চাৰ হওঁযেন হয়। কিন্তু যেতিয়া পদৰ নাম চোৱা যায়, তেতিয়া দেখিব মালী, ড্ৰাইভাৰৰ চাকৰি৷ বিৰাট খং উঠে সেইসময়ত৷ কিন্তু পিছমূহুৰ্ততে ভাবো, কিমানজনৰ বাবে চাগে সেইয়া আশাৰ চাকৰি! চৰকাৰী চাকৰিৰ বিজ্ঞাপনসমূহলৈ আশাৰে ৰওঁ৷

অসমীয়া ; থিক অসমীয়া নহয়, এইয়া আমাৰ ভাৰতীয় মানসিকতা ৷ চৰকাৰী চাকৰি এটালৈ যে কিমান হেপাহ৷ পিছে এই হেপাহ নহ’বই বা কিয় ! পেঞ্চনৰপৰা আদি কৰি কত সা-সুবিধা৷ তাতে কিছুমানে টকা মাৰিবলৈকে যেন চৰকাৰী চাকৰি এটালৈ খাপ্ পিটি থাকে৷ এই চৰকাৰী চাকৰিৰ বিজ্ঞাপনবোৰো সাংঘাটিক থাকে৷ পদৰ সংখ্যা যদি ১২ টা , আবেদন কৰে পাঁচহাজাৰৰ ওপৰৰ লোকে৷ লগতে বিচাৰে পাঁচৰপৰা দহবছৰ পৰ্যন্ত্য অভিজ্ঞতা। আমাৰদৰে নিবনুৱাক এই কথা বুজিবলৈ সময় কিছু লাগে। কাৰণ, যদি পাঁচ-দহবছৰ ক’ৰবাত চাকৰি কৰিবলৈ পাওঁৱেই তেনেহ’লে পুনৰ চাকৰিৰ আবেদন কৰাৰ প্রয়োজনেই বা কি!!

কিজানি, সময় অতিবাহিত হোৱাৰ লগেলগে আমি নিজ আশা-আকাংক্ষাত শিকলি লগাবলৈ শিকোঁ। আৰু, সেয়ে হয়তো যিকোনো এটা চাকৰিত মূৰ গুজিবলৈ পালেই সুখ বুলি ভাবিবলৈ লওঁ। মুঠৰ ওপৰত বাতৰি কাকতৰ দ্বিতীয় পৃষ্ঠাৰ চাকৰিৰ বিজ্ঞাপনবোৰৰ বাবে মোৰদৰে কত নিবনুৱাই পুৱা বাট চাই ৰয়, সেইয়া অভিজ্ঞ বা ভুক্তভোগীসকলেহে বুজিব ৷ কম্পিউটাৰ অপাৰেটৰ, দিনে কিমান পৃষ্ঠাকৈ টাইপ্ কৰিলে কিমান টকাকৈ দিব আদি চাকৰিৰপৰা মালী, পিয়ন, চকিদাৰ আদি সকলো প্ৰকাৰৰ চাকৰিৰ প্ৰতি আগ্ৰহী প্ৰত্যেক ব্যক্তিৰ বাবে পুৱাৰ কাকতৰ দ্বিতীয় পৃষ্ঠাৰ বাতৰি অতি আপোন৷

যোৱাবছৰৰ শেষৰফালে কলেজ শিক্ষকৰ ভালেমান পদৰ বিজ্ঞাপন ওলাল৷ কলেজৰ ঠিকনা, ড্ৰাফ্টৰ পৰিমান আদিকে ধৰি সকলো তথ্য সন্নিবিষ্ট হৈ থকাকৈ কাকতৰ একোটা কোণ কাটি কাটি পাৰ্চত ভৰাওঁতে ভৰাওঁতে পাৰ্চ্ ভীমাকায় হৈ পৰিল৷ তাৰোপৰি বেংকলৈ গৈ প্ৰত্যেক বিজ্ঞাপন দিয়া কলেজৰ নামত হাজাৰ বা তাতোকৈ অধিক মূল্যৰ ড্ৰাফ্ট কাটোতে কাটোতে বেংকৰ মানুহেও গম পালেগৈ যে এইৰ এতিয়াও চাকৰি হোৱা নাই৷ ডাকঘৰত ৰেজিষ্টাৰ প’ষ্ট কৰিবলৈ যাওঁতে যাওঁতে তাত থকা মানুহজনে মুখখনলৈ চাই মিঠাকৈ হাঁহি দিলে ভাৱ হয়, যেন তেৱোঁ বুজিছে আমাৰ দুখ৷ আবেদন কৰোঁতেই দহহাজাৰৰ ওচৰা-ওচৰিমান টকা যোৱাটো আমাৰদৰে নিবনুৱাৰ বাবে দুখ নহৈ কি হ’ব বাৰু। এইসকলোবোৰ আওকান কৰি নিজৰ কাম কৰি গৈছো৷ লগতে নিতৌ লুটিয়াইছো বাতৰিকাকতৰ দ্বিতীয় পৃষ্ঠা ৷ আজিকালি কিমান মানুহে যে কিমান আস্থা হেৰুওৱাৰ কথা কয়৷ কাৰোবাৰ চৰকাৰৰ ওপৰত আস্থা হেৰাই, কাৰোবাৰ ভগৱানৰ ওপৰত৷ আমাৰ দৰে নিবনুৱাই এতিয়াও আস্থা ৰাখে বাতৰিকাকতখনৰ ওপৰত, কিজানি আকাংক্ষিত চাকৰিটোৰ বিজ্ঞাপন এদিন এই বাতৰিকাকতেই কঢ়িয়াই আনে !

No comments:

Post a Comment