Thursday, September 22, 2016

বিশ্লেষণ

কাশ্মীৰৰ বিচ্ছিন্নতাবাদৰ সমাধান কোন পথে?
ডাঃ অজিত কুমাৰ পটঙ্গীয়া

"মাছুদে কৈছিল কাশ্মীৰৰ কথা। আমি নজনা বহু কথা। গাওঁ আছে। গাঁৱলৈ যাবলৈ পথ নাই। পানী আছে। খোৱাপানী নাই। মোবাইল আছে। নেটৱৰ্ক নাই। আন্ধাৰ আছে। বিজুলীৰ পোহৰ নাই। চাকি আছে। কেৰাচিন নাই। মানুহবোৰ শান্তিপ্ৰিয়। শান্তি হ'লে নাই। সকলো ফালে কেৱল নাই আৰু নাই। ঘৰটোৰ ডাঙৰটো ল'ৰাই ভেৰাকেইটা চৰাবলৈ বহুদূৰলৈ যায়। লগতে টোপোলা এটাত সামান্য খাদ্য। ৰ'দে-বৰষুণে দিনৰ দিনটো সি ভেৰাকেইটাৰ লগত থাকে। সন্ধিয়া ল'ৰাটোৰ বাবে মাকজনীয়ে উৎকন্ঠাৰে বাটলৈ চাই ৰৈ থাকে। ভেৰাকেইটা নিজে নিজে আহি ঘৰ পায়হি। ল'ৰাটো নাহে। সি আৰু কোনোদিনেই ঘৰলৈ নাহে। আহিব নোৱাৰে। টিভিত বাতৰি ওলায় - সেনাৰে হোৱা সংৰ্ঘষত এটা দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নিহত। জানাজাত বহু মানুহ গোট খায়। কিছুমানৰ হাতৰ মুঠি টান হয়। দুই-এজনে খঙত ভাৰতবিৰোধী শ্লোগান দিয়ে। দুদিনমান পিছত গাঁৱৰ দুটামান ল'ৰা অদৃশ্য হয়। এনেকৈয়ে নতুন সন্ত্ৰাসবাদীৰ জন্ম হয়। ভাৰতীয় হ'ব খোজা মানুহবোৰ হতাশ হয়। চৰকাৰে ধন খৰছ কৰিছে। কাম হ'লে একো হোৱা নাই। সকলো ফালে দুৰ্নীতি। আমি মুক্তি বিছাৰিছো - ভোকৰ পৰা। অনগ্ৰসৰতাৰ পৰা, দুৰ্নীতিৰ পৰা, নিৰ্যাতনৰ পৰা....."(কাশ্মীৰৰ আজাদী আৰু মাছুদৰ বেদনা', শৰৎ নেওগ, ৫ আগষ্ট, ২০১৬, আমাৰ অসম।)

এইয়া কোনো গল্প-উপন্যাসৰ অংশ নহয়। এইয়া কাশ্মীৰৰ ৰুঢ় বাস্তৱ। বৰ্তমান কাশ্মীৰ বিচ্ছিন্নতাবাদী আন্দোলনত ভীষণ ভাবে অশান্ত। যোৱা দুমাহৰো বেছি সময় ধৰি কাশ্মীৰত সান্ধ্য আইন চলি আছে। ই অসমৰ বিদেশী বহিস্কৰণ আন্দোলনৰ দুৰ্যোগপূৰ্ণ দিনবোৰলৈ মনত পেলাই দিয়ে। স্বাধীনতাৰ পিছৰে পৰা কাশ্মীৰ সম্পৰ্কে ভাৰত চৰকাৰৰ ভুল নীতিৰ সুবিধা লৈ আহিছে পাকিস্থান ৰাষ্ট্ৰযন্ত্ৰৰ পৃষ্ঠপোষকতাত ঠন ধৰি উঠা মৌলবাদী সন্ত্ৰাসবাদী সংগঠনবোৰে। কংগ্ৰেছৰ পাছত ক্ষমতাত বহা বিজেপি পৰিচালিত কেন্দ্ৰীয় চৰকাৰৰ হিন্দুত্ববাদী কাৰ্য্যকলাপে 'স্বাধীন কাশ্মীৰ'ৰ আন্দোলন তৰিতাম্বিত কৰাত অৰিহণা যোগোৱাৰ কথাটো নুই কৰিব নোৱাৰি। কাশ্মীৰত যোৱা ৮ জুলাই তাৰিখে ভাৰতীয় সেনাৰ হাতত বুৰহান ৱানী নামৰ চচিয়েল মেডিয়াৰ সহায়ত কাশ্মীৰত অতি জনপ্ৰিয় হোৱা এজন বিচ্ছিনতাবাদী নেতা নিহত হোৱাৰ পিছৰে পৰা আজিলৈকে বহু প্ৰতিবাদকাৰীয়ে পুলিছৰ গুলিত প্ৰাণ হেৰুৱাইছে আৰু হাজাৰ হাজাৰ লোক জখম হৈছে। মৃতসকলক কাশ্মীৰীলোকে তেওঁলোকৰ স্বাধীনতা আন্দোলনৰ শ্বহীদ আখ্যা দিছে। তেওঁলোক হৈছে কাশ্মীৰত পুলিছ-সেনাৰ আতিশাৰ্য্যৰ বিৰুদ্ধে প্ৰতিবাদকাৰী। বুৰহান ৱানী বিপ্লৱী নে সন্ত্ৰাসবাদী আছিল সেইয়া আমাৰ ওচৰত বিতৰ্কিত বিষয় হ'লেও ২১-২২ বছৰীয়া বুৰহান এতিয়া কাশ্মীৰৰ জাতীয় নায়ক, হিৰ', যুৱচামৰ 'আইকন'। জীৱিত বুৰহানতকৈ মৃত বুৰহান আজি ভাৰত চৰকাৰৰ ওচৰত বেছি ভয়ংকৰহৈ দেখা দিছে। মোৰ কেইবাজনো বন্ধু-বান্ধবীয়ে কাশ্মীৰত থকা তেওঁলোকৰ বন্ধু-বান্ধবীৰ পৰা হোৱাতছএপৰ জৰিয়তে লাভ কৰা কেইটামান ভিডিঅ'ত দেখা পোৱা গৈছে বুৰহানৰ হত্যাত আজি কাশ্মীৰিলোক কিমান ক্ষুদ্ধ আৰু আবেগিক হৈ পৰিছে! লগতে ভিডিঅ'বোৰত দেখা গৈছে পুলিছ-সেনাৰ অত্যাচাৰত ক্ষুদ্ধ কিছুমান মানুহে পুলিছলৈ শিল গুটি নিক্ষেপ কৰাৰ প্ৰতিশোধ ৰূপে পুলিছ-সেনাইও শিলগুটি, লাঠি আদিৰে সাধাৰণ মানুহৰ ঘৰ-দুৱাৰ ভাঙি কৰা সন্ত্ৰাস।

কিছুদিনৰ আগতে দেশ বিৰোধী শ্লোগান দিয়া সভাত বক্তা হিচাবে উপস্থিত থকাৰ অভিযোগত দিল্লীৰ জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ সংসদৰ নেতা কানাইহা কুমাৰসহ কেইবাজনো ছাত্ৰনেতাক গ্ৰেপ্তাৰ কৰা হৈছিল। প্ৰত্যক্ষদৰ্শীয়ে সংবাদ মাধ্যমত প্ৰকাশ কৰিছে যে সেইদিনা জেএনইউত 'পাকিস্থান জিন্দাবাদ', 'আফজল গুৰু, মকবুল ভট্ট জিন্দাবাদ', 'কাশ্মীৰৰ স্বাধীনতালৈকে যুদ্ধ চলিব', 'আমি বিচৰা স্বাধীনতা বন্দুকৰে ল'ম', 'ইণ্ডিয়ান আৰ্মি মুৰ্দাবাদ' আদি শ্লোগান দিছিল কেইজনমান কাশ্মীৰী যুবকে‌। অলপতে বাংগালুৰুত কাশ্মীৰত মানৱাধিকাৰ লংঘন সম্পৰ্কে এক তথ্যচিত্ৰ, সন্ত্ৰাসবাদৰ দ্বাৰা নিৰ্যাতিত হোৱা কেইটামান মুছলমান আৰু হিন্দু(পণ্ডিত)পৰিয়ালৰ সদস্যৰ লগত সমাজকৰ্মীৰ আলাপৰ এক কাৰ্য্যসূচীৰ আয়োজনত বাধা দি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ স্থানীয় শাখা এটাই উদ্যোক্তা 'এম্নেষ্টি ইন্টাৰনেশ্যনেল'ৰ ভাৰতীয় শাখাৰ বিৰুদ্ধে থানাত ৰাষ্ট্ৰদোহৰ গোচৰ দিয়ে। প্ৰত্যক্ষদৰ্শীৰ মতে সভাৰ কাৰ্য্যসূচী আৰম্ভ হোৱাৰ পাছৰে পৰা দৰ্শকৰ হিচাবে থকা কিছুলোকে সভাৰ কামত ব্যাঘাত জন্মাবলৈ চেষ্টা কৰে আৰু সভাৰ শেষৰ পিনে কিছুমান মানুহে 'ভাৰত মাতা কী জয়', 'বন্দে মাতৰম', 'কাশ্মীৰ ভাৰতৰ আৰু ভাৰতত থাকিব' আদি ধ্বনি দি বিশৃংখলা সৃষ্টি কৰে। তেতিয়া দৰ্শকৰ মাজত থকা কিছুমান কাশ্মীৰি যুৱকে ক্ষুদ্ধ হৈ 'কাশ্মীৰৰ আজাদী'ৰ ধ্বনি দিবলৈ ধৰে।

দেশক ভালপোৱা এজন ভাৰতীয় হিচাবে আপোনাৰ বা মোৰ এইবোৰ শুনি বেয়া লাগিব পাৰে, খং উঠিব পাৰে, কিন্তু কাশ্মীৰিসকলে শ্লোগানবোৰ দিছিল কিয়, কি প্ৰেক্ষাপটত - তাক আমি বিচাৰি চোৱাতো উচিত। দেশপ্ৰেমৰ নামত এই মানুহবোৰক কঠোৰ হাতেৰে দমন কৰিবলৈ চৰকাৰক আহ্বান জনোৱাৰ আগতে নিজৰ দেশৰ মাটিত এই দেশবিৰোধী প্ৰৱণতাবোৰ কিয় হৈছে তাক আলোচনা কৰাটো আজি সময়ৰ প্ৰয়োজন। আজি ভাৰতবৰ্ষত কোনোবাই পুলিছ-সেনা-শাসকীয়দলৰ অত্যাচাৰৰ বিৰুদ্ধে কিবা ক'বলৈ গ'লেই কিছুমান সংবাদমাধ্যমে আৰু শাসকীয়দলৰ এজেন্টসকলে প্ৰতিবাদীসকলক দেশদ্ৰোহী হিচাবে চিহ্নিত কৰাৰ প্ৰৱণতা আৰম্ভ হৈছে।

নিজৰ জন্মভূমিক সকলোৱেই ভাল পায়‌। সেই জন্মভূমিত মুকলি মনৰে উশাহ ল’বলৈ সকলোৱে ইচ্ছা কৰে‌। দেশ মানে কেবল হিন্দী চিনেমাত 'মেৰে দেশ কি ধৰতি' বুলি খামোচ মাৰি তুলি ধৰা মাটিখিনি নহয়‌। দেশ মানে সেই মাটিক সুজলা সুফলা কৰা মানুহখিনি‌। ভাৰতীয় হিচাপে আমি ভাবি থাকোঁ, কাশ্মীৰত ভাৰতৰ এটা অংশ অবৈধভাবে পাকিস্তানে দখল কৰি আছে, পাকিস্তানীসকলে ভাবে ভাৰতে অবৈধভাবে সেই দেশৰ এটা অংশ দখল কৰি আছে‌। পিছে সেই ভুমিপুত্ৰ কাশ্মীৰীসকলেনো কি ভাবে? তেওঁলোকে কিয় এচামক ইণ্ডিয়ান, এচামক পাকিস্তানী বুলি কৈ, নিজকে কাশ্মীৰী বুলি কয়? কাশ্মীৰৰ বিষয়ে আমি কিমান জানো? চানি দেউল অভিনীত হিন্দী চিনেমা চাই দেশপ্ৰেমৰ পাঠ শিকা আৰু কিছুমান নিউজ চেনেলৰ সাংবাদিকে সৃষ্টি কৰা আবেগৰ জোৱাৰত উটি ভাঁহি যোৱা মানুহক এইবোৰ কোৱা বৃথা - এইয়া মোৰ এগৰাকী ফেচবুকৰ বন্ধুৰ কথা। তথাপিও এইয়া মোৰ এক চেষ্টা।

কাশ্মীৰৰ বিষয়ে জানিবলৈ হ'লে আমি কাশ্মীৰৰ ইতিহাস জানিব লাগিব। ১৯শতিকাৰ আগভাগত চাৰি শতিকা ধৰি মোগল আৰু আফগান মুছলমান শাসকৰ অধীনত থকা কাশ্মীৰ উপত্যকা বিজেতা শিখ সকলৰ অধীনলৈ যায়। ১৮৪৬ চনত ৰজা গোলাব সিংহই ৭৫ লাখ টকাত জন্মু আৰু কাশ্মীৰ বৃট্ৰিছৰ পৰা কিনি লয়। যি সময়ত সমগ্ৰ ভাৰতৰ লোকে বৃট্ৰিছৰ বিৰুদ্ধে স্বাধীনতা সংগ্ৰাম চলাইছিল, সেই একে সময়ত ৰজাৰ অধীনত থকা কাশ্মীৰিলোকসকলে ১৯৩২চনত গঠিত মুছলিম কনফাৰেণ্স(১৯৩৯ চনত সকলো ধৰ্ম্মীয় বিশ্বাসীলোকক সামৰি ইয়াৰ নাম নেছনেল কনফাৰেন্স হিচাবে পুন:নামাকৰণ কৰা হয়)ৰ নেতৃত্বত সামন্তীয় শোষণৰ বিৰুদ্ধে সংগ্ৰাম কৰিছিল। সেয়েহে জন্মু আৰু কাশ্মীৰত ভাৰতীয় জাতীয়তাবাদৰ পৃথক এক সুকীয়া জাতীয় পৰিচয় আৰু আকাঙ্খাৰে কাশ্মীৰি জাতীয়তাবাদ গঢ়ি উঠিছিল। ১৯৪৭ চনত ভাৰত স্বাধীন হৈ ভাৰত আৰু পাকিস্থান নামৰ দুখন ৰাষ্ট্ৰ সৃষ্টি হোৱাৰ আগলৈকে কাশ্মীৰ বৃটিছৰ ছত্ৰচায়াত এখন স্বাধীন দেশ আছিল। ১৯৪৭ৰ পাছত জন্মু আৰু কাশ্মীৰৰ শাসকসকলে স্বাধীন হৈ থকাৰ মনোভাৱৰে পাকিস্থান আৰু ভাৰতৰ লগত সহায়ৰ বাবে বুজাবুজিৰ চুক্তি কৰিবলৈ আগবাঢ়ে। কিন্তু পাকিস্থানৰ শাসকসকলে জন্মু আৰু কাশ্মীৰৰ লগত বুজাবুজিৰ চুক্তি কৰাৰ পাছতো তেওঁলোকলৈ অত্যাৱ্শ্যকীয় সামগ্ৰীৰ যোগান বন্ধ কৰি সামৰিকবাহিনীৰ সহায়ত পাকিস্থানৰ বহুসংখ্যক জনজাতিলোকৰ প্ৰবেশ ঘটোৱাই কাশ্মীৰ তেওঁলোকৰ ভিতৰুৱা কৰি লোৱাৰ উদ্দেশ্যে কিছু অঞ্চল অধিকাৰ কৰে। পাকিস্থানৰ আগ্ৰাসন প্ৰতিহত কৰিবলৈ আৱশ্যকীয় সামৰিক শক্তি নথকাত কাশ্মীৰৰ মহাৰাজে ভাৰতৰ পৰা সামৰিক সহায় বিছাৰিবলৈ বাধ্য হয়। কাশ্মীৰৰ জনপ্ৰিয় ৰাজনৈতিক দল নেছনেল কনফাৰেন্স আৰু ইয়াৰ অবিসম্বাদী নেতা চেইখ মহম্মদ আব্দুল্লাৰ সমৰ্থনলৈ কাশ্মীৰৰ মহাৰাজে ভাৰতৰ লগত এক 'পূৰ্ণস্বায়ত্বশাসিত অঞ্চল' হিচাবে সংযুক্তকৰণৰ অৰ্থে ১৯৪৭ চনৰ ২৬ অক্টোবৰত এক চুক্তি স্বাক্ষৰ কৰে। ১৯৪৭ চনৰ ২৭ অক্টোবৰত ভাৰতীয় সেনাই কাশ্মীৰত পদাপৰ্ণ কৰি পাকিস্থানী অনুপ্ৰবেশকাৰীক খেদি পঠিয়াই আৰু ৰাষ্ট্ৰসংঘৰ হস্তক্ষেপত যুদ্ধ বিৰতি ঘোষণা কৰে আৰু কৌশলগত ভাবে আৱশ্যকীয় গিলগিটসহ কাশ্মীৰৰ এটা বৃহৎ অংশ পাকিস্থানৰ অধিকাৰত থাকি যায়, যাক আজিকালি পাক অধিকৃত কাশ্মীৰ (পাকিস্থানী নাম আজাদ কাশ্মীৰ) হিচাবে জনা যায়।

ভাৰতৰ লগত জন্মু আৰু কাশ্মীৰ চামিলকৰণ নি:চৰ্ত্ত নাছিল। তেওঁলোকক এক পৃথক জাতি হিচাবে গঢ়ি উঠা ইতিহাসক নাৰ্য্যতা প্ৰদান কৰি ভাৰতীয় সংবিধানত ৩৭০ ধাৰা সংযুক্তকৰণৰ জৰিয়তে প্ৰতিৰক্ষা, বৈদেশিক পৰিক্ৰমা, যোগাযোগ আৰু মুদ্ৰা কেন্দ্ৰীয় চৰকাৰে নিজৰ হাতত ৰাখি নিজস্ব সংবিধান, পতাকা, পদবী আদিৰে পূৰ্ণ স্বায়ত্ব শাসিত অঞ্চল হিচাবে ভাৰতবৰ্ষৰ লগত চামিল কৰা হৈছিল, যাতে কাশ্মীৰিসকলে নিজৰ জীৱন তেওঁলোকৰ নিজৰ ইচ্ছা আৰু প্ৰয়োজনীয়তাক লৈ গঢ় দিব পাৰে। পিচে ভাৰত চৰকাৰে পৰবৰ্তি সময়ত ভাৰতীয় সংবিধানৰ ৩৭০ ধাৰা মানি চলি তাক কাৰ্য্যকৰী কৰাৰ পৰিবৰ্তে বিলোপ সাধন কৰিবলৈহে উদ্যোগী হয়। ফলত কাশ্মীৰৰ নেছনেল কনফাৰেন্সে তাৰ বিৰোধীতা কৰে। ভাৰত চৰকাৰে নিজৰ ভাগ কৰা আৰু শাসন কৰা (Divide and Rule)নীতি প্ৰয়োগ কৰি নেছনেল কনফাৰেণ্সৰ মাজত বিভাজন আনে আৰু ইয়াৰ ফলত বাকচি গোলাম মহম্মদ জন্মু আৰু কাশ্মীৰৰ প্ৰধান মন্ত্ৰী হয়। ইয়াৰ পাছতে একে যড়যন্ত্ৰৰ অংশ হিচাবে সেই সময়ৰ কাশ্মীৰৰ জনপ্ৰিয় আৰু অবিসম্বাদী নেতা চেইখ মহম্মদ আব্দুল্লাক মিছা অভিযোগ কিছুমানত কাৰাৰুদ্ধ কৰা হয় (তথ্য সূত্ৰ: The Flames of Chinar, Seikh Mohd. Abdullah)। তেওঁলোকৰ সেই সময়ৰ প্ৰিয় নেতাই বিনা দোষত বিভিন্ন সময়ত প্ৰায় ২০ বছৰ কাল কাৰাবাস খাতিব লগা হোৱা কথাটোৱে কাশ্মীৰবাসীৰ অনুভূতিত তীব্ৰ আঘাট দিয়ে। ইতিমধ্যে জম্মু আৰু কাশ্মীৰক জোৰ-জবৰদস্তি ভাৰতৰ এখন সাধাৰণ অংগ ৰাজ্য কৰাৰ লক্ষ্যৰে ভাৰত চৰকাৰে প্ৰধান মন্ত্ৰীৰ পদবিটো মুখ্যমন্ত্ৰী আৰু জনসাধাৰণে নিৰ্বাচিত কৰা সদৰ-ই-ৰিয়াচত পদবীটো ৰাজ্যপাললৈ অৱনমিত কৰে। দুৰ্ভাগ্যৰ কথা যে ১৯৭৪ চনৰ নবেম্বৰত হোৱা ইন্দিৰা-চেইখ চুক্তি সংবিধানৰ ৩৭০ ধাৰাৰ জৰিয়তে জম্মু আৰু কাশ্মীৰক দিয়া স্বায়ত্বশাসিত অধিকাৰৰ ওপৰত এটা মোক্ষম আঘাত। পুনৰ মুখ্যমন্ত্ৰীৰ গাদিত বহিবলৈ তেওঁলোক প্ৰিয় নেতাই যে এনেকুৱা এখন চুক্তি কৰিব সেইয়া কাশ্মীৰবাসীয়ে সপোনতো ভাবিব পৰা নাছিল। এনেবোৰ কাৰণত কাশ্মীৰত গঢ়ি উঠা গণতান্ত্ৰিক আন্দোলনবোৰত এটা সময়ত এচাম সাম্প্ৰদায়িক শক্তিৰ প্ৰৱেশে সাম্প্ৰদায়িক আন্দোলনৰ ৰূপ দিলে আৰু শেষত স্বাধীনতাৰ বাবে বা পাকিস্থানৰ লগত সংযুক্তিৰ উদ্দেশ্য লৈ বিভিন্ন ৰাজনৈতিক-সন্ত্ৰাসবাদী গোটৰ অংশগ্ৰহণৰে জংগী সশস্ত্ৰ সংগ্ৰামত পৰিণত হ'ল।

কাশ্মীৰৰ নব প্ৰজন্মই জন্ম হোৱাৰে পৰা কাশ্মীৰৰ উন্নয়ণৰ পৰিবৰ্ত্তে দেখিছে ভাৰতীয় পুলিছ-মিলটেৰিৰ নৃশংসতা। যোৱা ১৯৮৯ চনৰ পৰা দীৰ্ঘ দিন ধৰি তেওঁলোকে এনেকুৱা এক পৰিবেশত বাস কৰিব লগা হৈছে যে ৰাতি বিচনাত শুৱলৈ গ'লেও তেওঁলোকে এই আশংকাত ভোগে যে পিচদিনা কোনোবা ভাতৃৰ মৃত্যু বা কোনো ভগ্নীৰ বলাৎকাৰৰ বা তেনেধৰণৰ কোনো নভৱা-নিচিন্তা ঘটনাই তেওঁলোকৰ বাবে অপেক্ষা কৰি আছে নেকি! এই অসহনীয় পৰিস্থিতিয়ে কাশ্মীৰৰ এচাম লোক আৰু ৰাজনৈতিক শক্তিৰ মাজত ভাৰতৰ পৰা পৃথক হৈ যোৱাৰ মানসিকতা শক্তিশালী কৰি তুলিছে। বিশেষকৈ শিক্ষিত চামৰ মাজত। জন্মু আৰু কাশ্মীৰৰ জনগণে পৃথক ৰাষ্ট্ৰ বা মৌলবাদী দেশ পাকিস্থানৰ লগত চামিল হোৱাৰ পৰিবৰ্তে যেতিয়া আপোন বুলি ভাবি সাংবিধানিক ভাবে ধৰ্ম্ম নিৰপেক্ষ দেশ হিচাবে গঢ়ি উঠা ভাৰতবৰ্ষত যোগ দিছিল, তেতিয়া তেওঁলোকে আশা কৰিছিল যে ভাৰত চৰকাৰে মৰম, আপোনতা আৰু বিশ্বাসত তেওঁলোকক আকোৱালি ল'ব। কিন্তু তাৰ উলোটাটোহে ঘটিল। ৰাজ্যখনৰ যোগা-যোগ ব্যৱস্থাৰ উন্নয়ণ, উদ্যোগ, পৰ্য্যতন, অধিক বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়, চিকিৎসালয়, কৰ্ম্ম সংস্থানৰ সৃষ্টিৰে জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নয়ণ কৰাৰ ব্যৱস্থা লোৱাৰ পৰিবৰ্তে -কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনৰ উন্নয়ণৰ ক্ষেত্ৰত অতি সামান্যতম ব্যৱস্থাহে লোৱা দেখা গ'ল। কাশ্মীৰি যুৱকসকলক, বিশেষকৈ মুছলমান যুৱকসকলক সন্দেহৰ চকুৰে চোৱাৰ উপৰিও কেন্দ্ৰীয় চৰকাৰৰ কাৰ্য্যালয়, বেংক, ইঞ্চুৰেঞ্চ, ৰেল বিভাগ আদিত চাকৰি দিয়াৰ ক্ষেত্ৰত অৱজ্ঞা কৰা দেখা গ'ল। এনেবোৰ কথাই কাশ্মীৰৰ জনসাধাৰণ, বিশেষকৈ যুৱকসকলক ক্ষুদ্ধ কৰি তুলিলে।

জন্মু আৰু কাশ্মীৰ ভাৰতত অন্তৰ্ভূক্তি বিষয়ত আমি বুজিব লাগিব যে যিহেতু কাশ্মীৰি জাতীয়তাবাদ ভাৰতৰ জাতীয়তাবাদৰ পৰা পৃথক। গতিকে জন্মু আৰু কাশ্মীৰৰ জনগণক জোৰ-জবৰদস্তি বা কৃত্ৰিম ভাবে ভাৰতীয়কৰণ কৰোৱা নাযায়। ই হ'ব লাগিব জীৱনৰ এক প্ৰাকৃতিক প্ৰক্ৰিয়াত - ভাৰতৰ অন্য অংশৰ জনগণৰ লগত অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক, শৈক্ষিক আৰু সংস্কৃতিগত আদান-প্ৰদানৰ জৰিয়তে। আৰু সেইয়া হ'ব পাৰিব একমাত্ৰ ধৰ্ম্ম নিৰপেক্ষ আৰু গণতান্ত্ৰিক বাতাবৰণৰ মাজতহে। তাৰোপৰি ভাৰতৰ দৰে এখন বহু-জাতিসত্বা বসবাস কৰা দেশত ক্ষুদ্ৰ জাতিসত্বাৰ ওপৰত বৃহৎ জাতিসত্বাৰ শোষণৰ অমিমাংসিত প্ৰশ্ন আছেই। কিন্তু ভাৰত চৰকাৰে সংযুক্তকৰণ সম্পূৰ্ণ নোহোৱালৈকে ৩৭০ ধাৰা মানি চলি কাশ্মীৰবাসীৰ স্বনিয়ন্ত্ৰণৰ অনুভূতিক সন্মান জনোৱাৰ পৰিবৰ্তে আৰম্ভনীৰ পৰায়েই বিভিন্ন সময়ত কাশ্মীৰৰ প্ৰশাসনীক ব্যৱস্থাৰ সাল-সলনি ঘটাই, নিৰ্বাচনত ঠগ-বাজি কৰি, পুতলা চৰকাৰ বহুৱাই, স্বায়ত্বশাসিত ব্যৱস্থা আতৰাই, সংবিধানৰ ৩৭০ ধাৰা নোহোৱা কৰিব খুজি কাশ্মীৰবাসীৰ মনত সংশয়ৰ সৃষ্টি কৰাৰ উপৰিও ৰাজ্যখনৰ উন্নয়ণৰ বাবে কোনো ব্যৱস্থা নোলোৱা আৰু নিৱনুৱা সমস্যা বৃদ্ধিৰ ফলত এচাম যুবকৰ মাজত সন্ত্ৰাসবাদী সৃষ্টিতহে অৰিহণা যোগাইছে। কিন্তু ইয়াৰ ফলত পুলিছ-মিলটেৰিৰ ৰোষৰ বলি হৈছে কাশ্মীৰৰ নিৰপৰাধী পুৰুষ, মহিলা, কিশোৰ-কিশোৰী, যুৱক আৰু শিশু। এনে ৰাষ্ট্ৰ সন্ত্ৰাসৰ কিছু হৃদয়বিদাৰক ঘটনা উল্লেখ কৰিব খুজিছো।

যোৱা ১২ এপ্ৰিলৰ কথা। ভাৰতীয় সেনাৰ দ্বাৰা কাশ্মীৰৰ হেণ্ডওৱাৰৰ এগৰাকী কিশোৰীৰ শ্লীলতাহানি। নিৰ্বাচনৰ খবৰৰে গৰম হৈ আছিল ৰাজ্যৰ বাতৰিকাকতসমূহ। সেয়েহে কাকতৰ ভিতৰৰ এটা কোনত সাধাৰণভাবে এই খবৰে ঠাই পাইছিল। সৰ্ব্বভাৰতীয় বাতৰিকাকতৰ কথা নকলোয়েইবা! ভাৰতৰ এখন গুৰুত্বপূৰ্ণ অংগৰাজ্যৰ নাগৰিকৰ মৰ্য্যদাবোধক ৰাষ্ট্ৰৰ প্ৰধান বাতৰিকাকতবোৰৰনো গুৰুত্ব দিয়াৰ কি প্ৰয়োজন? হেণ্ডওৱাৰৰ কিশোৰীগৰাকীয়ে প্ৰায় এমাহৰ পাছত এটা সন্থাৰ উদ্যোগত আয়োজিত সাংবাদিকৰ সভাত সেই মৰ্মান্তিক ঘটনাৰ যি বিবৰণ দিলে সি গা শিঁয়ৰি উঠা। কিন্তু এই ঘটনাৰ যোগেদি বেপৰোৱা সেনা আৰু নিৰ্লজ্জ বিজেপি-পিডিপি জোটৰ মুখা খুলি গৈছে। শ্লীলতাহানিৰ অভিযোগ ঢাকিবলৈ সেনাবাহিনীয়ে প্ৰথমে এটা ভিডিঅ' প্ৰকাশ কৰিছিল, য'ত কিশোৰীগৰাকীয়ে কোৱা শুনা গৈছিল সেনাই নহয় স্থানীয় কেইটামান ল'ৰাই স্কুলৰ পৰা ওঁভটাৰ পথত এটি শৌচালয়ত তাইৰ শ্লীলতাহানি কৰিছে। কিন্তু কিশোৰীগৰাকীৰ মাকৰ অভিযোগ, এই ঘটনাৰ পিছত কিশোৰীক পুলিছ আৰু সেনাই লৈ যায় আৰু সেনা ছাউনি বা থানাত বহি জোৰ কৰি তাইৰ দ্বাৰা জবানবন্দি দিয়াইছে। ৫ দিন ধৰি কিশোৰীগৰাকীক কোনো মেজিছষ্ট্ৰেটৰ সন্মুখত হাজিৰ কৰাতো দূৰত থাওঁক পৰিয়ালৰ লগতো যোগাযোগ কৰিব দিয়া হোৱা নাছিল। তাইৰ দেউতাক আৰু পৰিয়ালৰ আন সদস্যক পুলিছে আটক কৰি ৰাখিছে। এগৰাকী নিৰ্য্যাতিতাক কিয় আটক কৰি ৰখা হৈছে আৰু তাইৰ বয়ান কোনো মেজিষ্ট্ৰেটৰ সন্মুখত কিয় ৰেকৰ্ড কৰা হোৱা নাই তাকে লৈ জন্মু-কাশ্মীৰ উচ্চ- ন্যায়ালয় পৰ্য্যন্ত অসন্তোষ প্ৰকাশ কৰিছে। এগৰাকী নিৰ্য্যাতিতাৰ সামাজিক সন্মানহানিৰ আশংকাত তাইৰ নাম কেতিয়াও চৰকাৰে প্ৰকাশ্য নজনায়। অথচ এই কিশোৰীগৰাকীৰ ভিডিঅ ফটো আৰু বয়ান সেনাই কেনেকৈ প্ৰচাৰ কৰিলে?

এই ঘটনাৰ স্বাভাৱিক প্ৰতিক্ৰিয়া হিচাবে সেই এলেকাৰ ক্ষুদ্ধলোকসকলে হেণ্ডওৱাৰৰ মেন স্কোৱাৰত জমা হোৱা মাত্ৰকে সেনাই নিৰ্বিচাৰে গুলি চলায়। ঘটনাস্থলিতে তিনিজন নিহত হয়। তাৰে এজন ১৯ অনুৰ্ধ্ব ক্ৰিকেটৰ ৰাজ্যিক দলৰ নইম কাদিৰ ভাটৰ দৰে উঠি অহা খেলুৱৈ, যাৰ সপোন আছিল ভাৰতৰ জাতীয় দলৰ খেলুৱৈ হোৱাৰ আৰু এগৰাকী শাক-পাছলিৰ বাগানত কৰ্ম্মৰত মহিলা, যাৰ লগত বিক্ষোভৰ কোনো সম্পৰ্ক নাছিল। পৰৱৰ্তী দুদিনত দ্ৰুগমুল্লা আৰু কুপওৱাৰাত এই গুলি ছালনাৰ প্ৰতিবাদী বিক্ষোভত একে ধৰণে অত্যাচাৰত এগৰাকী একাদশ শ্ৰেণীৰ ছাত্ৰসহ দুজনে প্ৰাণ হেৰুৱাইছে।

২০১৪ চনৰ ৮ নবেম্বৰৰ দিনা কাশ্মীৰৰ মহম্মদ উউচুফ ভাটে নিজৰ সন্তানক হেৰুৱাৰ মৰ্মান্তিক বেদনাৰে চিঞৰি উঠিছিল -'মোৰ ল'ৰাৰ তেজ ইমান সস্তীয়া নহয় যে টকা দি তাৰ মূল্য দিব মিলিটাৰীয়ে। ক্ষতিপূৰণৰ এই ১০ লাখ টকা আমি ঘৃণাৰে প্ৰত্যাখান কৰিছো।' মাথো পাঁচ দিন আগতে ৩ নৱেম্বৰত কাশ্মীৰৰ নওগামত তেওঁৰ ১৪ বছৰীয়া সন্তান সপ্তম শ্ৰেণীৰ ছাত্ৰ ফয়জলে ভাৰতীয় সৈন্যৰ গুলিচালনাত প্ৰাণ দিব লগা হৈছিল। সহযাত্ৰী হিচাবে মৃত্যু হৈছিল তেওঁৰেই প্ৰতিবেশী মেহৰাজ উদ্দিন ডাৰৰ। আহত হৈছিল আন এজনো খুউব গুৰুতৰ ভাবে। শ্ৰীনগৰৰ পৰা ২০ কিলোমিটাৰ দূৰত চত্তাৰগাম নামৰ এখন ঠাইত ক্ৰিকেট খেল এখন চাই বাছেৰে ঘৰলৈ উভতিছিল তেওঁলোক। ভাৰতীয় সৈন্যবাহিনীৰ হাতত হেনো গোপন খবৰ আছিল, সেই পথেৰে এদল সন্ত্ৰাসবাদী আহিব। গতিকে গাড়ী দেখিলেই গুলী চলোৱা আদেশ। গাড়ীৰ টায়াৰত গুলী নকৰি পোনে পোনে গাড়ীৰ আৰোহীক লক্ষ্য কৰিয়েই গুলী চলাইছিল মোতায়ন কৰা সৈন্যসকলে, এইয়া যে তেওঁলোকৰ অভ্যাস। অসংখ্য বুলেটে সিদিনা ফয়জলৰ দেহক ছেদেলী-ভেদেলী কৰি দিছিল। তেজৰ চেকুৰাৰে ৰঙা হৈ গৈছিল বগা ৰঙৰ গাড়ীখন।

ইয়াৰ পাছত এটা প্ৰায় বিৰল ঘটনা কাশ্মীৰৰ মানুহে প্ৰত্যক্ষ কৰিলে। সন্মুখত বিধানসভাৰ নিৰ্ব্বাচন। গতিকে সৈন্য বিষয়া ডি এছ হুদাই মৃত্যুৰ দায় স্বীকাৰ কৰি ৰাজহুৱা বাবে ক্ষমা বিছাৰিছে। উচিত তদন্ত কৰি দোষীক শাস্তি দিয়াৰ ঘোষণাও কৰিছে। কিন্তু এই ক্ষমা-প্ৰাৰ্থনা, আশ্বাসবোৰে কাশ্মীৰৰ মানুহৰ বুকুত বছৰ বছৰ ধৰি অহৰ্নিশে জ্বলি থকা ক্ষোভৰ জুইক নুমুৱাবলৈ এটোপাল পানীতকৈয়ো মূল্যহীন। ১৯৯০ চনত বিচ্ছিন্নতাবাদী সন্ত্ৰাসবাদীক দমন কৰাৰ অজুহাতত কাশ্মীৰত জাৰি কৰা হৈছিল 'আৰ্মড ফৰ্চ স্পেচিয়েল পাৱাৰ এক্ত' সংক্ষেপে 'আফস্পা'। এই 'আফস্পা' হ'ল এনে এক দানবীয় আইন যাৰ দ্বাৰা ভাৰতীয় সৈন্যবাহিনীৰ আনকি নন-কমিচনড্ বিষয়াসকলেও কেৱলমাত্ৰ সন্দেহবশত ওৱাৰেন্ট নোহোৱাকৈয়ো যিকোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰিব পাৰে, য'তে ইচ্ছা তালাচী চলাব পাৰে, যিকোনো ব্যক্তিক হত্যা কৰিব পাৰে। ইয়াৰ বাবে তেওঁলোকে ক'তো কোনো কৈফিয়ৎ দিব নালাগে, প্ৰচলিত আইনে তেওঁলোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা ল'ব নোৱাৰে। নিজ চকুৰে নেদেখিলে বিশ্বাস নহ'ব হয়তো। এই 'আফস্পা'ৰ সহায়ত কাশ্মীৰবাসীৰ জীৱনক মূল্যহীন কৰি তছনছ কৰি দিছে ভাৰতীয় সৈনিকে। প্ৰতিদিনেই ক'ৰবাত নহয় ক'ৰবাত ঘটি আছে ভূৱা সংঘৰ্ষ, হত্যা, অত্যাচাৰ, তালাচীৰ নামত কাশ্মীৰী যুৱক-যুৱতী, কিশোৰ-কিশোৰীক ঘৰৰ পৰা উঠাই নিয়া, লকাপত হত্যা, যুৱতী-কিশোৰী ধৰ্ষণ, হঠাৎ নিখোঁজ হৈ যোৱাৰ দৰে অসংখ্য ঘটনা। বোধহয় কাশ্মীৰত এনে কোনো পৰিয়াল বিচাৰি পোৱা নাযাব, যি পৰিয়ালৰ কোনোবা নহয় কোনোবা ভাৰতীয় সৈন্যৰ কোনো ধৰণৰ নৃশংসতাৰ বলি হোৱা নাই। আজি কাশ্মীৰত সাধাৰণতে এনেকুৱা বহু খবৰেই তল পৰি থাকে, ৰাষ্ট্ৰীয় বাতৰিত স্থান নাপায়। উদাহৰণ স্বৰূপে হেণ্ডওৱাৰৰ গণহত্যা। ১৯৯০ চনৰ অক্টোবৰ মাহত ভাৰতীয় সৈন্যবাহিনী আৰু সীমা সুৰক্ষ্যাদলৰ জোৱানে ২২জন নিৰীহলোকক হত্যা কৰি গোটেই চহৰখনত জুই লগাই দিছিল। ইয়াৰ আগতে সেই একে বছৰতেই হাওৱালৰ গণহত্যাত ৬৭ জনক হত্যা কৰা হৈছিল সেনাৰ দ্বাৰা। আক্ৰান্তসকল মৃত মিৰৱাইজ ফাৰুকৰ শেষকৃত্যত যোগ দিবলৈ আহিছিল। সিদিনা যিসকল জীৱিত অৱস্থাত উভতি যাবলৈ সক্ষম হৈছিল, প্ৰতি মুহূৰ্ত্তত মৃত্যুৰ আতংক যেন এতিয়াও তেওঁলোকৰ জীৱনৰ লগ এৰা নাই। ১৯৯৩ চনৰ জানুৱাৰী মাহত ছপোৰ গণহত্যাত সীমা সুৰক্ষাদলৰ জোৱানে ৫৫ জন কাশ্মীৰী নাগৰিকক হত্যা কৰে। তেওঁলোকৰ ওপৰত সন্ত্ৰাসবাদীয়ে কৰা আক্ৰমণৰ প্ৰতিশোধ ল'বলৈ জোৱানসকলে ছপোৰ সাধাৰণ মানুহৰ ওপৰত আক্ৰমণ চলায়। ইমানবোৰ মানুহ হত্যা কৰিও সীমা সুৰক্ষাদলৰ সিদিনা তৃষ্ণা পূৰণ হোৱা নাছিল! ছপো চহৰৰ বিভিন্ন ঠাইত থকা বজাৰবোৰত জুই লগাই চাৰখাৰ কৰি দিছিল জোৱানহ'তে। যিসকলৰ জীৱন শেষ হৈ গৈছিল তেওঁলোকতো নাথাকিলেই, লগে লগে সিদিনা পুৰি ছাৰখাৰ হৈ গৈছিল তেওঁলোকৰ পৰিয়ালবোৰৰ জীৱিকা নিৰ্বাহৰ পথ।

ভাৰতীয় সেনাৰ অমানুষিক বৰ্বৰতাৰ আৰু এটা উদাহৰণ কুনান পোশপৰাৰ ঘটনা। উত্তৰ কুপওৱাৰৰ এই গাওঁখনক তালাছী চলোৱাৰ নামত টাৰ্গেট কৰিছিল সেনাবাহিনীয়ে। ১৯৯১চনৰ ফ্ৰেব্ৰুৱাৰী মাহৰ এটা শীতাৰ্ত্ত ৰাতি। সশস্ত্ৰ সেনাৰ দলে ঘৰে ঘৰে সোমাই পুৰুষসকলক টানি উলিয়াই আনিছিল। সেইয়া কিহৰ বাবে কাৰো বুজিবলৈ বাকী থকা নাছিল! সকলো পুৰুষক এটা স্থানত আটক কৰি ৰাখি মহিলা-কিশোৰীসকলৰ ওপৰত চলোৱা হ'ল গণ ধৰ্ষণ। অকণমানি কিশোৰীৰ পৰা বৃদ্ধালৈকে কোনেও জোৱানহঁতৰ হিংস্ৰ নখ-দাঁতৰ আঘাতৰ পৰা সাৰি যাব পৰা নাছিল। চৰকাৰী হিচাব মতে সেই শীতৰ ভয়ংকৰ ৰাতিটোত ধৰ্ষিতা হৈছিল ৫৩ গৰাকী। কিন্তু বেচৰকাৰী হিচাব মতে কমপক্ষে ১০০ জনীতকৈয়ো অধিক কিশোৰী-মহিলা সেনা জোৱানৰ দ্বাৰা ধৰ্ষিতা হৈছিল।

ভাৰতীয় সেনা বাহিনীৰ দ্বায়িত্ব কি? দেশৰ মানুহক সুৰক্ষা দিয়া নিশ্চয়। অথচ জনসাধাৰণে দিয়া কৰৰ সিংহ ভাগ যাৰ পাচত ব্যায় হয়, সেই ভাৰতীয় সেনাৰ নৃশংস অত্যাচাৰে এনেদৰে থানবান কৰি দি আহিছে এই দেশৰেই এটা অংশৰ নাগৰিকৰ অমূল্য জীৱন, মহিলা-কিশোৰীৰ সতিত্ব। ৰাজ্যখনৰ যিকোনো পুৰুষক ভাৰতীয় সেনা বাহিনীৰ বন্দুকৰ গুলীৰ লক্ষ্য হোৱাৰ দু:স্বপ্নই সকলো সময়তে খেদি ফুৰে। সেইদৰে ৰাজ্য খনৰ যিকোনো নাৰী বা কিশোৰীক খেদি ফুৰে যিকোনো সময়ত ধৰ্ষিতা হোৱাৰ দু:স্বপ্নই। কেৱল হত্যা-ধৰ্ষণেই নহয় জন্মু-কাশ্মীৰ কোৱালিচন অৱ চিভিল ছ'চাইটিচ্' নামৰ মানৱ অধিকাৰ ৰক্ষা সংগঠনৰ তথ্য অনুসৰি যোৱা দুই দশকত ৮ হাজাৰৰো বেছি মানুহ জন্মু-কাশ্মীৰৰ পৰা নিখোজ হৈ আছে। লকাপত হত্যা, গুপ্ত হত্যা, ভুৱা সংঘৰ্ষত হত্যা আৰু ধৰ্ষণ, অত্যাচাৰৰ ঘটনা ঘটিছে হাজাৰে হাজাৰে - যাতে সেনাবাহিনী কাশ্মীৰত সন্ত্ৰাসবাদ দমনত কিমান সক্ৰিয় সেইয়া প্ৰমাণ কৰিব পাৰে।

কাশ্মীৰৰ মানুহে ইয়াৰ বিহিত ব্যৱস্থাৰ বাবে আৰ্জি জনাব ক'ত? ভাৰতীয় সেনা জোৱানৰ এনে নৃশংসতাৰ হাতিয়াৰ হিচাবে সহায় কৰি আহিছে কেন্দ্ৰীয় চৰকাৰে সন্ত্ৰাসবাদ নিয়ন্ত্ৰণৰ কাৰণে জাৰি কৰা 'আফস্পা' আইনখনে। তাৰোপৰি আছে কাশ্মীৰ পাবলিক চেফটি এক্ট, ১৯৭৮ আৰু জম্মু আৰু কাশ্মীৰ ডিচটাৰ্বদ্ এৰিয়া এক্ট। জনসাধাৰণৰ ক্ষোভ চম্ভালিবৰ বাবে চৰকাৰে মাজে মাজে তদন্ত কমিচন ঘোষণা কৰে। কিন্তু কাশ্মীৰত বাহাল থকা 'আফস্পা' আইনখনৰ কাৰণে সেই কমিচনবোৰে দোষীক কোনো শাস্তি দিব নোৱাৰে। সেই অধিকাৰ কমিচনবোৰৰ নাই। মাথো শাস্তিৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত চুপাৰিশহে কৰিব পাৰে। কিন্তু এই ক্ষেত্ৰত প্ৰায়েই দেখা যায় যে সেনাবাহিনীয়ে ওলোটা মামলা ৰজু কৰে। তাৰ পিচত বিচাৰৰ নামত পাৰ হৈ যায় দিনৰ পিছত দিন। সিপিনে প্ৰিয়জনক হেৰুৱা বা ধৰ্ষণৰ বলি হোৱা সকলৰ চেপা কান্দোনবোৰ ক্ৰোধৰ জুই হৈ ঢ়িমিক-ঢ়ামাককৈ জ্বলি থাকে কাশ্মীৰৰ মানুহৰ বুকুৰ গভীৰতালৈ। সেয়ে ২০১৪ চনৰ ৩ নৱেম্বৰৰ ঘটনাত মৃত ফয়জলৰ এজন আত্মীয়ই অত্যন্ত ক্ষোভৰে সৈতে সাংবাদিকক প্ৰশ্ন কৰিছে -'খুনী সেনা জোৱানৰ যি শাস্তিৰ কথা কৈছে, আজিলৈকে তেনে কোনো শাস্তিৰ উদাহৰণ আছেনে? নিৰীহ মানুহক হত্যা কৰাৰ পুৰস্কাৰ হিচাবে যি সেনাবাহিনীয়ে হত্যাকাৰীক সাহসিকতাৰ মেডেল দিয়ে, সেই সেনাবাহিনীয়ে নিজৰ জোৱানক যে শাস্তি দিব - এনে আশা আমি কিদৰে কৰিম?'

বিচ্ছিন্নতাবাদ মষিমূৰ কৰাৰ নামত অসমতো যোৱা ৩১ বছৰ ধৰি কি চলিছে? ১৫ হাজাৰৰো বেছি যুৱকে প্ৰাণ দিছে। কিমান মাতৃৰ বুকু শুদা হৈছে, কিমান স্বামীহাৰা নাৰীৰ ক্ৰন্দনে হাহাকাৰ সৃষ্টি কৰিছে, কিমান যুৱক চিৰদিনৰ বাবে ঘূণীয়া হৈছে তাৰ কোনো লেখজোখ নাই।

কাশ্মীৰৰ বিষয়টোকলৈ পাকিস্থানে অআইচি অৰ্থাৎ অৰগেনাইজেচন অব্ ইছলামিক কৰ্প'ৰেচন সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছে। ৫৬খন সদস্য দেশৰে গঠিত বিশ্বৰ সৰ্ববৃহৎ মুছলিম সন্থাটোৱে কাশ্মীৰ প্ৰসংগত স্পষ্টভাৱে পাকিস্থানক সমৰ্থন দি কৈছে কাশ্মীৰৰ সমস্যা কোনোপধ্যে ভাৰতৰ আভ্যন্তৰীণ বিষয় হ'ব নোৱাৰে, মানৱাধিকাৰৰ ঘোৰ উলংঘন হোৱা কাশ্মীৰৰ বিষয় এটি আন্তৰাষ্ট্ৰীয় সমস্যা। ইচলামাবাদত আয়োজিত এক সংবাদমেলত সন্থাটোৰ মহাসচিব আয়াদ আমীন মাদানীয়ে কয় যে 'কাশ্মীৰৰ সাধাৰণ জনতাই নিজৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে আৰু সংযুক্ত ৰাষ্ট্ৰ সংঘৰ প্ৰস্তাৱ অনুসৰি কাশ্মীৰ সমস্যাৰ সমাধান কৰা উচিত। লগতে তেওঁ কয় যে নতুন দিল্লী প্ৰশাসনে ভাৰত শাসিত কাশ্মীৰত মানৱাধিকাৰ উলংঘন কৰাৰ বিৰুদ্ধে আন্ত:ৰাষ্ট্ৰীয় সম্প্ৰদায়ে তীব্ৰ প্ৰতিবাদ কৰা উচিত। কিন্তু দুৰ্ভাগ্যজনক বিষয়টো হ'ল যে ভাৰতৰ নৃশংসতাৰ বিৰুদ্ধে আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত যথেষ্ট কমকৈ প্ৰতিবাদ হয়।'

বৰ্তমান ভাৰতত বিচ্ছিন্নতাবাদ আৰু স্বাধীন ৰাষ্ট্ৰৰ দাবীত সন্ত্ৰাসবাদী কাৰ্য্যকলাপ নি:সন্দেহে এটি গুৰুত্বপূৰ্ণ সমস্যা। এই ধৰণৰ অত্যাচাৰত সাধাৰণ মানুহৰ মৃত্যুৰ ঘটনাবিলাকো অত্যন্ত দুখজনক। কিন্তু 'আফস্পা', 'কাপচা' আদিৰ নিচিনা অগণতান্ত্ৰিক দানবীয় আইন জাৰি কৰি এই সমস্যাৰ সমাধান সম্ভৱ জানো? যদি সম্ভৱ হ'ল হয়, তেনেহ'লে 'আফস্পা', 'কাপচা' আদি জাৰি কৰাৰ ইমান বছৰ পিছতো কাশ্মীৰত সন্ত্ৰাসবাদীৰ কাৰ্য্যকলাপ অবাধে চলিছে কিয়? সমগ্ৰ ভাৰতবৰ্ষতেইতো আজি সন্ত্ৰাসবাদী আক্ৰমণৰ আতংক বিয়পি পৰিছে। কোন কেতিয়া ক'ত সন্ত্ৰাসবাদী আক্ৰমণৰ চিকাৰ হয় তাৰ কোনো ঠিক নাই। 'আফস্পা'সহ বহুতো নিপীড়নমূলক আইন জাৰি কৰিওতো ইয়াৰ পৰা ৰেহাই পোৱা নাই। অথচ চৰকাৰৰ নেতা-মন্ত্ৰী আৰু সৈন্যবাহিনীয়ে 'আফস্পা' প্ৰত্যাহাৰৰ কথা ক'লে উচপ খাই উঠে। বিচ্ছিন্নতাবাদী সন্ত্ৰাসবাদী সংগঠনবোৰক নিয়ন্ত্ৰণ কৰিবলৈ 'আফস্পা'ৰ দৰে আইনেই হেনো তেওঁলোকৰ একমাত্ৰ সম্বল। তেনেহ'লে দেখোন ভাৰতৰ 'প্ৰতিনিধিত্বমূলক গণতান্ত্ৰিক শাসন ব্যৱস্থা', নিৰ্ব্বাচন আদি সকলো কাম নাইকিয়া ফোঁপোলা! কাশ্মীৰত আজি যদি লাখ লাখ কাশ্মীৰিলোক পাকিস্থানী মৌলবাদী সন্ত্ৰাসবাদী সংগঠনৰ নেতৃত্বত ৰাষ্ট্ৰযন্ত্ৰৰ বিৰুদ্ধে যুঁজিবলৈ ওলাই আহিছে বুলি ধৰা হয়, তেন্তে ৰাজ্যখনত পিডিপি-বিজেপি চৰকাৰখনৰ অস্তিত্বইবা ক'ত? 'বিচ্ছিন্নতাবাদীসকল সশস্ত্ৰ' - এই যুক্তিত জানো এখন প্ৰবল শক্তিধৰ ৰাষ্ট্ৰই এনেদৰে নিৰ্বিচাৰে জনসাধাৰণৰ ওপৰত অত্যাচাৰ, নিপীড়ন চলাব পাৰে? নে আফস্পা আইনৰ সুযোগতে এই নৰসংহাৰ চলায়েই কাশ্মীৰিসকলক দেশপ্ৰেম শিকাব খোজে ভাৰতৰ ৰাষ্ট্ৰযন্ত্ৰই? নে ভাৰতৰ ৰাষ্ট্ৰযন্ত্ৰই কাশ্মীৰিসকলক এই দেশৰ নাগৰিক হিচাবে গণ্য কৰাতো দূৰৰ কথা, মানুহ বুলিয়েই গণ্য নকৰে?

ইয়াৰ পৰিণামত বিচ্ছিন্নতাবাদৰ বিপদ কমা নাই বৰং বাঢ়ি আছে। কাৰণ 'আফস্ফা'ৰ নিচিনা নগ্ন দমনমূলক আইনবোৰে সাধাৰণ মানুহৰ মাজত বিচ্ছিন্নতাবাদী শক্তিবোৰৰ প্ৰতি সমৰ্থন সৃষ্টি কৰাতহে সহায় কৰে। 'আফস্পা'ক হাতিয়াৰ কৰি ভাৰতীয় সেনা বাহিনীয়ে সকলো গণতান্ত্ৰিক অধিকাৰৰ পৰা বঞ্চিত কৰি নিজৰ দেশৰ নাগৰিকসকলৰ ওপৰতেই আক্ৰমণ চলাই আছে। ন্যুনতম মানবিক মৰ্যাদাখিনিকো কাঢ়ি লৈ গৈ আছে। ই যেন যুদ্ধৰ সময়ত শত্ৰু সেনাৰ আক্ৰমণ। এনেকুৱা পৰিস্থিতিত লাঞ্ছিত, অত্যাচাৰিত এইসকল মানুহৰ পৰা অখণ্ড ভাৰতৰ প্ৰতি অটুট দেশপ্ৰেম জানো আশা কৰিব পৰা যায়? বৰং ভাৰতৰ প্ৰতি তেওঁলোকৰ ভালপোৱাৰ যি আবেগ সেইয়া ৰাষ্ট্ৰযন্ত্ৰৰ নিপীড়নৰ নিৰ্মম আঘাতত শুকাই যাব ধৰিছে, তাৰ স্বাভাৱিক প্ৰক্ৰিয়াৰ ফলতেই তাৰ পৰা জন্ম হৈ আছে ঘৃণা, ভাৰতৰ পৰা বিচ্ছিন্ন হৈ আন এক শোষণ-নিস্পেষণহীন সুন্দৰ 'স্বদেশ'ৰ কল্পনা। সেনা জোৱানৰ ৰঙা চকু আৰু বন্দুকেৰে সেই কল্পনাক কেতিয়াও দমাই ৰখা নাযায়। বিচ্ছিন্নতাবাদক ৰোধ কৰিবলগীয়া হ'লে প্ৰথমতেই কাশ্মীৰৰ সাধাৰণ মানুহৰ জীৱনৰ দুখ দুৰ্দশাবোৰৰ সমাধান চৰকাৰে কৰিব লাগিব। সুস্থ জীৱন ধাৰণৰ বাবে সাধাৰণ মানুহৰ নুন্যতম যিবোৰ প্ৰয়োজন সেইবোৰ পূৰণ কৰাৰ চেষ্টা কৰিব লাগিব। কোনো সভ্য গণতান্ত্ৰিক দেশৰ চৰকাৰে যি সহানুভূতি আৰু ধৰ্য্যসহকাৰে পৰিস্থিতিৰ মোকাবিলা কৰে, কংগ্ৰেছৰ পাছত ক্ষমতাত বহা বিজেপি পৰিচালিত কেন্দ্ৰীয় চৰকাৰৰ পৰা সেই আশা কৰিব পৰা যায় নে? নে তেওঁলোকে হিন্দুত্ববাদী কাৰ্য্যকলাপৰে 'স্বাধীন কাশ্মীৰ'ৰ আন্দোলন তৰিতাম্বিত কৰাতহে সহায় কৰিব? কংগ্ৰেছৰ দৰে তেওঁলোকেও সংৰ্কীণ ভোটবেংক ৰাজনীতিৰ কৌশল লৈ কাশ্মীৰি মানেই সন্ত্ৰাসবাদী হিচাবে চিহ্নিত কৰিলে এসময়ত সেয়া বুমেৰাং হৈ তেওঁলোককে উভতি ধৰিব। সম্প্ৰটি জেএনইউ আৰু বাংগালুৰুৰ এম্নেষ্টি ইন্টাৰনেশ্যনেল'ৰ উদ্যোগত হোৱা সভাত হোৱা ঘটনাবোৰত সেইয়াই দেখা গৈছে। ভাৰত চৰকাৰে জম্মু আৰু কাশ্মীৰৰ প্ৰতি পূৰ্বৰ মনোভাৱ সলনিকৰি সম্পূৰ্ণ ধৰ্ম্ম নিৰপেক্ষ মনোভাৱৰে ভাৰতীয় সংবিধানৰ ৩৭০ ধাৰাৰ জৰিয়তে ৰাজ্যখনক প্ৰদান কৰা পূৰ্ণ স্বায়ত্বশাসনৰ মৰ্য্যদা বাহাল ৰখাৰ লগতে ৰাজ্যখনৰ অৰ্থনেতিক, যোগাযোগ, সামাজিক, শৈক্ষিক উন্নতিৰ বাবে শীঘ্ৰে ব্যৱস্থা ল'ব লাগিব। তেতিয়াহে ভাৰতবাসীৰ লগত কাশ্মীৰৰ জনগণৰ মিলনৰ প্ৰকৃত পথৰ সৃষ্টি হ'ব। যদিও ই বৰ কঠিন আৰু দীৰ্ঘ প্ৰক্ৰিয়া, ইয়াৰ দ্বাৰাহে ভাৰতীয় ৰাষ্ট্ৰযন্ত্ৰই জন্মু আৰু কাশ্মীৰৰ জনগণক ইমান দিনে দি অহা আঘাট আৰু ইয়াৰ ফলত সৃষ্টি হোৱা গভীৰ ঘাঁ ধীৰে ধীৰে শুকাই আহিব। ইয়াৰ প্ৰথম পদক্ষেপ হিচাবে ভাৰত চৰকাৰে ৰাজ্যখনৰ অসামৰিক অঞ্চলৰ পৰা তৎকালীন ভাবে সামৰিক আৰু অৰ্ধসামৰিক বাহিনী উঠাই লোৱাৰ লগতে কাশ্মীৰ পাবলিক চেফটি এক্ট, ১৯৭৮, জন্মু আৰু কাশ্মীৰ ডিষ্টাৰ্বদ এৰিয়া এক্ট আৰু আৰ্মদ ফৰ্ছ স্পেছিয়েল পাৱাৰ এক্ট, ১৯৯০ প্ৰত্যাহাৰ কৰা উচিত। জন্মু কাশ্মীৰ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বিচ্ছিন্নতাবাদী সংগঠনবোৰেও বুজিব লাগিব যে, তেওঁলোকে ভাৰতৰ অন্য এখন প্ৰদেশৰ নিৰীহলোকক হত্যা কৰি, অ'ত ত'ত সেনা-পুলিছৰ ওপৰত বিচ্ছিন্ন আক্ৰমণ চলাই ভাৰতৰ দৰে এখন শক্তিশালী আৰু সুসংহত ৰাষ্ট্ৰৰ গাত সামান্যতম আঁচোৰো মাৰিব নোৱাৰে। বৰং কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰবোৰক সন্ত্ৰাস দমনৰ অজুহাতত নিস্পেষিত জনসাধাৰণৰ ওপৰত দমনমূলক আইন জাপি দিয়াৰ সুযোগ কৰি দিয়া হব। চৰকাৰে সুস্থ জীৱন ধাৰণৰ বাবে জনসাধাৰণৰ নুন্যতম প্ৰয়োজনবোৰ যদি পূৰণ নকৰে তেন্তে নিস্পেষিত জনসাধাৰণে বিচ্ছিন্নতাবাদক সহায় কৰাৰ পৰিবৰ্ত্তে জনজীৱনৰ মৌলিক সমস্যাবোৰ সমাধানৰ দাবীত সকলো সকলো ধৰণৰ উগ্ৰতা, মিছা জাতীয় গৰিমাৰ মোহ, মৌলবাদ, সাম্প্ৰদায়িক চিন্তাৰ পৰিমণ্ডলৰ পৰা মুক্ত হৈ জাত-পাত-ধৰ্ম নিৰ্বিশেষে সকলো নিপীড়িত মানুহ ঐক্যবদ্ধ হৈ সঠিক নেতৃত্বত এটাৰ পিছত এটা গণআন্দোলন গঢ়ি তুলিব লাগিব। ভাৰতবৰ্ষৰ পৰা দমনমূলক সমস্ত ক'লা আইন প্ৰত্যাহাৰৰ বাবে চৰকাৰৰ ওপৰত দীৰ্ঘস্থায়ী আন্দোলনৰে প্ৰবল হেঁচা সৃষ্টি কৰিব লাগিব। এই পথৰেই কাশ্মীৰসহ ভাৰতৰ অন্যান্য অঞ্চলত গঢ়ি উঠা বিচ্ছিন্নতাবাদী শক্তিবোৰক জনগণৰ পৰা বিচ্ছিন্ন কৰা সম্ভৱ।

লেখক গুৱাহাটীৰ আমেৰিকান ডেন্টেল ক্লিনিকৰ সঞ্চালক। ফোন: ৯৪৩৫৭০৪০৯০

No comments:

Post a Comment