চিন্তন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হিন্দু বাংলাদেশীও অবৈধ অনুপ্ৰৱেশকাৰী
 প্ৰতিম প্ৰতাপ বৰুৱা
ভাৰতীয় নাগৰিকত্ব আইন ১৯৫৫ খন সংশোধন কৰিব খোজা হৈছে। অন্য কিছুমান কথাৰ লগতে এই সংশোধনৰ জৰিয়তে প্ৰস্তাৱ কৰা হৈছে যে ভাৰতৰ চুবুৰীয়া দেশ বাংলাদেশ, পাকিস্থান আৰু আফগানিস্থানৰ পৰা অবৈধভাৱে ভাৰতলৈ অনুপ্ৰৱেশ কৰা হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলক ভাৰতত অবৈধ অনুপ্ৰৱেশকাৰী হিচাপে গণ্য কৰা নহ’ব। লগতে প্ৰস্তাৱ কৰা হৈছে যে এই সমূহ ধৰ্মাৱলম্বী বাংলাদেশী, পাকিস্থানী আৰু আফগানিস্থানী বিদেশী অনুপ্ৰৱেশকাৰীসকলে ভাৰতত থকাৰ মুঠ সময় (aggregate period of residence) যদি ছয়বছৰতকৈ বেছি দিন পাৰ হৈছে তেনে অৱস্থাত, অথবা ভাৰতত শৰণাৰ্থী হিচাপে মুঠতে ছয়বছৰতকৈ বেছি দিন থকাৰ পিছত তেওঁলোকে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন জনাব পাৰিব। এই প্ৰস্তাবিত সংশোধনীৰ বাবে কেন্দ্ৰীয় চৰকাৰে সংশ্লিষ্ট ৰাজ্যসমূহৰ চৰকাৰকেইখনৰ পৰা, বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ ক্ষেত্ৰত অসম, পশ্চিমবংগ আৰু ত্ৰিপুৰাৰ পৰা, মতামত লব। (ৰাজ্যচৰকাৰসমূহৰ পৰা এইদৰে মতামত বিচৰাৰ অন্তৰালত কেন্দ্ৰীয় চৰকাৰৰ কি উদ্দেশ্য আছে বাৰু? একেদৰে আন বিষয়সমূহৰ ক্ষেত্ৰটো ৰাজ্যচৰকাৰবিলাকৰ মতামত কিয় বিচৰা নহয়?) বাংলাদেশৰ পৰা অবৈধভাৱে অনুপ্ৰৱেশ কৰি অসমত বসৱাস কৰি থকা অবৈধ নাগৰিকসকলৰ মাজৰে হিন্দু, বৌদ্ধ, জৈন আদি ধৰ্মাৱলম্বী অনুপ্ৰৱেশকাৰীসকলৰ ক্ষেত্ৰত অসম চৰকাৰৰ মতামত এতিয়া কি হ’ব? এই ক্ষেত্ৰত অসমৰ ৰাইজৰ মতামত কি হ’ব? মতামতৰ বাবে খুব কম সময় বাকী থকা অৱস্থাত অসমৰ ৰাইজৰ সেই মতামত গঠন কেনেকৈ, কি পদ্ধতিৰে কৰা হ’ব? ৰাইজৰ সেই মতামত অসম চৰকাৰক কেনেকৈ জনোৱা যাব? সেই মতামত অসম চৰকাৰে গ্ৰহণ কৰিবনে নকৰে? কথাবোৰ মুকলিকৈ আলোচনা হোৱাৰ প্ৰয়োজন।

আচৰিত কথা, অসম চুক্তিখনৰ সকলো দফা এতিয়াও বৈধ হৈ থকা অৱস্থাত, সেই চুক্তিখনে নিৰ্ধাৰণ কৰি দিয়া বছৰটোক ভিত্তিবৰ্ষ হিচাপে মানি লৈ অসমত এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটো চলি থকা অৱস্থাত ভাৰতীয় নাগৰিকত্ব আইনখন সংশোধনৰ জৰিয়তে বাংলাদেশৰ পৰা অবৈধভাৱে অসমলৈ (ভাৰতলৈ) অনুপ্ৰৱেশ কৰা মানুহখিনিৰ মাজৰে হিন্দু, বৌদ্ধ আদি ধৰ্মৰ মানুহখিনিক ভাৰতীয় নাগৰিকত্ব দি চিৰদিনলৈ অসমত স্থায়ীকৈ বসৱাস কৰিবলৈ অধিকাৰ দিয়াৰ যো-জা চলি আছে, অথচ অসমৰ জাতীয় সংগঠনসমূহে এই ক্ষেত্ৰত পোনপটীয়াকৈ নিজৰ স্থিতি স্পষ্ট কৰা নাই। তেওঁলোকে নিজৰ কৰণীয়খিনি কৰা নাই। আনকি কিছুসংখ্যক সংগঠনে বিষয়টোত নীৰৱতা অৱলম্বন কৰি আছে। হাতত অতি কম সময় থকা অৱস্থাত এই নীৰৱতা আৰু স্থিতিহীনতা অসমৰ কাৰণে কিমান ক্ষতিকৰ হ’বগৈ পাৰে সেইটো সেইসকলে অনুধাৱন কৰিব নাই বুলি আমাৰ বিশ্বাস নহয়। তেন্তে এই নীৰৱতাৰ উদ্দেশ্য কি? আনকি আন প্ৰায় সকলো বিষয় আলোচনা হোৱা ছছিয়েল মেডিয়াতো (ফেচবুকতো) এই বিষয়টো লৈ তথ্যপূৰ্ণ আৰু উপযুক্ত আলোচনা হোৱা নাই। যি কোনো এটা বিষয় আলোচনা কৰাৰ সময়ত মূল বিষয়টোৰ পৰা ফালৰি কাটি অন্য বিষয় টানি আনি আনক লঘূ-লাঞ্চনা কৰি, গালি পাৰি কৌশলেৰে মানুহৰ মন অন্যফাললৈ ঢাল খুওৱাটোক আলোচনা বুলি মানি লবলৈ আমি টান পাওঁ। দুজন মানুহে নিজৰ ব্যক্তিগত জীৱনত পালন কৰা ধৰ্মদুটা বেলেগ বেলেগ হোৱাৰ বাবেই সেই মানুহদুজনৰ প্ৰতি এখন দেশৰ আইন-কানুন ব্যৱস্থা বেলেগ বেলেগ হ’ব, মানুহক ধৰ্মৰ নামত ভাগ-ভাগ কৰি চোৱা হ’ব – এইধৰণৰ সিদ্ধান্তবোৰ মানি লবলৈও আমি প্ৰস্তুত নহয়।

বাংলাদেশৰ পৰা অবৈধভাৱে অসমলৈ অনুপ্ৰৱেশ কৰি অসমত নিগাজীকৈ থিতাপি লোৱা বাংলাদেশী মানুহৰ সংখ্যাটো বৃহৎ আৰু প্ৰতি বছৰে বাঢ়ি অহা সেই সংখ্যাটোৱে অসমৰ মূল জনগোষ্ঠীয় গাঁথনিটোকে সলাই দিছে/দিব খুজিছে, অসমীয়া ভাষা-সংষ্কৃতিৰ ভবিষ্যতলৈ এই সংখ্যাটোৱে এক অভাৱনীয় ভাবুকি আনিছে, অসমৰ সাম্প্ৰতিক সামাজিক-ভাষিক পৰিৱেশটোত এজন বাংলাদেশী অবৈধ অনুপ্ৰৱেশকাৰীক সতকাই চিনি উলিয়াবলৈ অসুবিধা, সেই অনুপ্ৰৱেশকাৰীজনে অতি সহজে অসমৰ সাধাৰণ মানুহৰ মাজত মিলি যাব পাৰে, অসম চুক্তিখনৰ প্ৰতিটো দফা এতিয়াও বৈধ হৈয়েই আছে, সেই চুক্তি মতে ১৯৭১ চনৰ ২৪ মাৰ্চৰ আগলৈকে অসমলৈ অহা বাংলাদেশীসকলক জাতি-ধৰ্ম নিৰ্বিশেষে ভাৰতীয় নাগৰিক হিচাপে গ্রহণ কৰা হৈছে আৰু ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অহা সকলো অবৈধ অনুপ্ৰৱেশকাৰীকে চিনাক্ত কৰি অসমৰ (ভাৰতৰ) পৰা বহিষ্কাৰ কৰা হ’ব বুলি অসম চুক্তিত স্বাক্ষৰ কৰা ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু আন্দোলনকাৰী সকলো পক্ষই মান্তি হৈছিল, অসম চৰকাৰত “অসম চুক্তি ৰূপায়ন বিভাগ” নামেৰে এটা বিভাগো আছিল – এই কথাবোৰ অস্বীকাৰ কৰি লাভ নাই আৰু এই কথাবোৰ অস্বীকাৰ (dilute) কৰাৰ উদ্দেশ্য লৈ কিছুমান চালে-বেৰে কোবোৱা অপযুক্তি প্ৰদৰ্শন কৰিও লাভ নাই। অসমীয়া জাতিৰ এই বিশেষ সন্ধিক্ষণত সত্যৰ সন্মুখীন হ’বলৈ ভয় কৰিলে অথবা কিছুমান বিভ্ৰান্তিকৰ কথাৰে মানুহৰ চকুৰ পৰা সত্যক লুকুৱাবলৈ চেষ্টা কৰিলে নচলিব। বাংলাদেশৰ পৰা অসমলৈ অবৈধভাৱে অহা হিন্দু অনুপ্ৰৱেশকাৰীসকলক প্ৰথমতে অনুপ্ৰৱেশকাৰীৰ সলনি শৰণাৰ্থীৰ মৰ্য্যদা দি পৰ্য্যায়ক্ৰমে অৱশেষত তেওঁলোকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰি চিৰদিনলৈ অসমতে নিগাজীকৈ বসৱাস কৰিবলৈ দিলে তাৰ ফলত অসমৰ কি কি লাভ বা লোকচান হ’ব, ভবিষ্যতে অসমৰ জনগোষ্ঠীয় গাঁথনিটোৱে কি ৰূপ ল’বগৈ, অসমীয়া ভাষা-সংষ্কৃতিয়ে এসময়ত নিজৰ স্থানতে মৰ্য্যদা হেৰুৱাৰ সম্ভাৱনা এতিয়াতকৈ আৰু বেছি বাঢ়ি যাব নেকি, অসমৰ খিলঞ্জীয়া লোকসকলৰ অৱস্থা এদিন গৈ ত্ৰিপুৰাৰ খিলঞ্জীয়া লোকসকলৰ দৰে হবগৈ নেকি, সেই অনুপ্ৰৱেশকাৰীসকলক প্ৰথমে শৰণাৰ্থীৰ মৰ্য্যদা আৰু তাৰ পিছত ভাৰতীয় নাগৰিকত্ব দিয়াৰ পিছত সেইসকলৰ বোজাটো ভাৰতৰ সকলো প্ৰদেশে সমানে ভগাই লবনে নলয়, যদি নলয় কিয় নলয়, এই শৰণাৰ্থীসকলক সকলো প্ৰদেশে ভগাই লোৱা বিষয়টোত কিবা আইন প্ৰণয়ন/সংশোধন কৰিবলৈ প্ৰস্তাৱ লোৱা হৈছেনেকি, বৰ্তমানৰ এই ভাৰতীয় নাগৰিকত্ব আইনখন সংশোধন কৰিবলৈ হলে অসম চুক্তিখনৰ কেইটামান দফা বাতিল কৰাৰ প্ৰয়োজন আছেনে নাই, যদি নাই কিয় নাই, যদি আছে তেন্তে অসম চুক্তিখনৰ কেইটামান দফা বাতিল কৰাৰ অধিকাৰ চৰকাৰৰ আছেনে নাই, বাতিল কৰাৰ আগতে চুক্তিখনত স্বাক্ষৰকাৰী গোটেইকেইটা পক্ষৰ সন্মতিৰ প্ৰয়োজন আছেনে নাই, যদি নাই কিয় নাই, আদি কথাবোৰ তাৎক্ষণিকভাৱে, ব্যাপকভাৱে, সহজ-সৰলকৈ, পোনপটীয়াকৈ, অৰাজনৈতিকভাৱে, তথ্য আৰু যুক্তিপূৰ্ণভাৱে, সকলোৱে বুজি পোৱাকৈ আৰু অংশগ্ৰহণ কৰিব পৰাকৈ আলোচনা হোৱাৰ প্ৰয়োজন আছে। এনেকৈ আলোচনা হলেহে কথাবোৰ সকলোৱে ঢুকি পাব পাৰিব, চিন্তা কৰিব পাৰিব, আৰু এটা জনমত গঢ়ি উঠিব পাৰিব।

হাতত সময় অতি কম। কিন্তু বাংলাদেশী অবৈধ অনুপ্ৰৱেশকাৰীক ভাৰতীয় নাগৰিকত্ব দি অসমতে সংস্থাপিত কৰিব খোজা বিষয়টো অতি স্পৰ্শকাতৰ আৰু অসমৰ ভবিষ্যতৰ লগত সম্বন্ধ থকা। সেয়ে এইখিনি সময়ত এই বিষয়টোৰ ওপৰত খুব ভালকৈ, খুব গভীৰকৈ আলোচনা হওক। এটা জনমত গঢ়ি উঠক। আৰু অন্তত: এইকেইদিন, অহা ৩০ ছেপ্টেম্বৰলৈকে অসমত আন কোনো বিষয় লৈ এনে কোনো পৰিৱেশৰ সৃষ্টি কৰা নহওক য’ত অসম, অসমীয়া আৰু অসমীয়া ভাষা-সংষ্কৃতিৰ ভবিষ্যতৰ সুৰক্ষাৰ লগত সম্পৰ্ক থকা অবৈধ হিন্দু অনুপ্ৰৱেশকাৰীক নাগৰিকত্ব দিব খোজাৰ এই কথাবোৰৰ সলনি আন কিছুমান কথালৈহে মানুহৰ মন ঢাল খায়।

মানুহৰ মাজত আদৰ্শগত বিৰোধিতা থাকিব পাৰে, থাকিবই, থকা উচিতো। কিন্তু অসম, অসমীয়া আৰু অসমীয়া ভাষা-সংষ্কৃতিৰ ভবিষ্যত সুৰক্ষাৰ স্বাৰ্থত এই আদৰ্শগত বিৰোধিতা অব্যাহত ৰাখিও সঁচা কথাবোৰ সকলোৱে বুজি পোৱাকৈ আলোচনা কৰি এটা জনমত গঢ়ি তুলিব পাৰি – এই সঁচা কথাটো এইখিনি সময়ত সকলোৱে মানি লোৱা ভাল।

(লেখাটোত প্ৰকাশিত চিন্তা আৰু মতামত লেখকৰ একান্ত ব্যক্তিগত আৰু পদৱী/কাৰ্য্যালয় 
আদিৰ সৈতে কোনো সম্পৰ্ক নাই।)

No comments:

Post a Comment