Tuesday, March 29, 2016

পৰ্যবেক্ষণ

প্ৰাক্-নিৰ্বাচনী চিন্তাঃ ভোট দিব কাক?  
(প্ৰথম অধ্যায়)
 অজয় লাল দত্ত
(১)
সক্ৰিয় সাংবাদিকতা জীৱনৰ শেষ ৰাজ্যিক পৰ্যায়ৰ নিৰ্বাচনৰ উপলক্ষত অৱশেষত হোমেন বৰগোহাঞি দেৱে এইবাৰ কংগ্ৰেছক অনাগত পাঁচ বছৰৰ বাবে বিৰোধীৰ আসনত বহি কছৰত কৰিবৰ বাবে আহ্বান জনোৱা লেখাটি পঢ়িবলৈ পালো। এয়া ১৫বছৰীয়া একাকী শাসনৰ ওৰ পেলাই আৱশ্যসম্ভী পৰিবৰ্তনৰ বাবেই প্ৰয়োজন বুলিও উল্লেখ কৰা হৈছে। এতিয়া পূৰ্বৰ বিতৰ্কিত সাহিত্য অকাডেমী বঁটা ওভোটাই দিয়াৰ সময়ত তেখেতেক নিকৃষ্ট পৰ্যায়ৰ ব্যক্তিগত সমালোচনা আক্ৰমণ কৰা 'পৰিবৰ্তনকামী দলৰ' অনুগত সকলে, তেখেতৰ এই 'পৰিবৰ্তন' বিচৰা এই আহ্বানৰ পাছত সেই 'আঘাত'ৰ কিদৰে পৰিচৰ্যা কৰে সেয়াও লক্ষ্যনীয় হব।

একেদৰেই কংগ্ৰেছৰ শাসনৰ বিভিন্ন কু-কৰ্মৰ বিৰোধিতা কৰি জনপ্ৰিয়তাৰ শিখৰ চুমিবলৈ সক্ষম হোৱা অখিল গগৈৰ সন্দৰ্ভতো কিছু কথা বিশ্লেষণ কৰাৰ প্ৰয়োজন আছে। এটা কথা মন কৰিব, এটা সময় আছিল, যেতিয়া তৰুণ গগৈ চৰকাৰৰ এজন হোতা হিমন্ত বিশ্ব শৰ্মাক দুৰ্নীতিৰ মহানায়ক আখ্যা দি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰেছ মেলত 'ফাইল' দেখুৱাই খলকনি তোলা আৰম্ভ কৰিছিল, লাইভ টেলিভিচন সম্প্ৰচাৰে দিছিল, অন্য জোৱাৰ। কিন্তু কোনো এটা অভিযোগকেই শেষ পৰ্যন্ত আদালত অথবা ন্যায়িক পৰ্যায়ত প্ৰমাণ কৰি জেললৈ প্ৰেৰণ কৰা শেষ সফলতা লাভ কৰি প্ৰকৃত বিজয় লাভ কৰিবলৈ সংগঠনটো সক্ষম নহ'ল। যিটো সংগ্ৰামী ক্ষেত্ৰৰ বাবেই এক দুৰ্ভাগ্যজনক কথা বুলি গণ্য কৰো। একেদৰেই প্ৰতিবাদত অতি উত্তেজনাক সাৰথি কৰি লোৱা আৰু গগৈ চৰকাৰৰো কৃষক মুক্তি বুলিলেই অতি-দমনকাৰী স্থিতিৰ ফলতে ৰুবুল আলিৰ শিশু পুত্ৰৰ পুলিচৰ গুলীত মৃত্যু, প্ৰণৱ বড়োৰ আত্মহত্যা, হাজাৰ হাজাৰ সাধাৰণ প্ৰতিবাদী নাগৰিকক শাৰিৰীক ভাৱে ঘূণীয়া কৰাৰ ঘটনাবোৰ আমি দেখিবলৈ পালো। যিবোৰৰ 'অতি' কাৰক সমূহক আমি পূৰ্বৰ পৰাই সমালোচনা কৰি আহিছো। চৰকাৰৰ অতি দমনমূলক স্থিতিয়েই হওক বা প্ৰতিবাদীৰ অতি-উত্তেজনা।

সংবাদ মেল অথবা ৰাজপথত অভিযোগৰ বিচাৰ নহয়, যুক্তিক যুক্তিৰে তথ্যক তথ্যক তথ্যৰে প্ৰমাণ কৰাৰ বাবে উপযুক্ত মঞ্চ যেনে আদালত আদিৰ যোগেদিহে ন্যায়সংগত ভাৱে 'অপৰাধীক শাস্তি দিয়ালে' ৰাইজৰো চিষ্টেমটোৰ ওপৰত আস্থা বাঢ়ে। চৰকাৰেও নাগৰিকৰ নাৰ্য দাবী পূৰণ নকৰি কলৈ যাব পাৰিব, আকৌ ৰাইজৰ ওচৰত আঠু নিৰ্বাচনত লবই লাগিব, সেয়ে সহানুভূতিশীল দৃষ্টিৰে মৌলিক সমস্যাবোৰৰ সমাধান কৰাই ভাল! অথচ ভূমি পট্টন, ভূমি নীতিৰ আধুনিকীকৰণ, ভূমিহীনলৈ চৰকাৰী ভূমি প্ৰদান আদিৰ ক্ষেত্ৰত কোনো কথা নুশুনো ধৰণৰ স্থিতিয়েই তৰুণ গগৈ চৰকাৰে গ্ৰহণ কৰি আহিছিল। এই সংঘৰ্ষই বৃদ্ধি কৰি আছিল অখিল গগৈৰ জনপ্ৰিয়তাও। কিন্তু এটা কথা মন কৰিব, কৃষক মুক্তিৰ শেহতীয়াকৈ হোৱা বিশাল পদযাত্ৰাৰ পাছত যিখন গগৈ চৰকাৰে পূৰ্বতে সেই সংগঠনৰ স্মাৰক পত্ৰ গ্ৰহণ কৰিবলৈ অতিৰিক্ত উপায়ুক্ত সকলকো ওলাই আহিবলৈ নিদিছিল, মানুহে থু-পেলাই ৰাস্তাত ঘৃণা প্ৰকাশ কৰিবলগীয়া হৈছিল, ভুৰি ভুৰি অভিশাপ দিছিল, সেই সংগঠনকে কিন্তু পোনে পোনে দিছপুৰলৈ আদৰি অনাদি আনিলে, নতুন ভূমি নীতিৰ খচৰা বনাবলৈকো দিলে, খচৰা ললেও! কিন্তু শেষ বিধানসভাত বা শেহতীয়া কেবিনেটতো ইয়াক কাৰ্যকৰী নকৰিলে! এই হৃদয় পৰিবৰ্তনৰ আঁৰত কি হিচাব নিকাচ হব পাৰে, মানুহেই বিচাৰ কৰিব। কিন্তু এই কাৰ্যকৰীকৰণ কৰি থৈ নোযোৱাৰ বাবে কোনো প্ৰতিবাদ সংগঠনটোৰ পৰা এই প্ৰাক্ নিৰ্বাচনী সময়ত দেখিবলৈ পোৱা নগ'ল। তাতপৰ্যপূৰ্ণ ভাৱে, এতিয়া সংবাদমেল যোগে অখিল গগৈ ডাঙৰীয়াই দাঙি ধৰা বিশ্লেষণ তথা মতামত সেই একেখন কংগ্ৰেছ চৰকাৰকে বাহাল ৰখাৰ পক্ষেই বুলিও ৰাইজে সমালোচনা কৰিছে! যি সমূহ সাধাৰণ মানুহৰ মৌলিক সমস্যা পোন্ধৰে বছৰে সমাধান নকৰিলে, উদাসীনতা, দম্ভালি আৰু শেষত ৰাজনৈতিক শ্ব'বাজিৰ বাবেহে খচৰা লোৱাতেই সীমাবদ্ধ ৰাখিলে, সেই সকলৰ কল্যাণকামী মনোভাৱক নতুনকৈ বুজিবলৈ ৰাইজৰ সঁচাকৈ বাকী আছেইনে?

ভূমিনীতিৰ খচৰা দিয়াৰ প্ৰায় আগে-পাছৰে পৰাই কৃষক মুক্তি কাজিৰঙাৰ অৰ্কিড গাৰ্ডেনতে সীমাবদ্ধ হৈ থকাৰ দৰে ছবি, ৰাজনৈতিক দল গঠন কৰিও ৰাজনৈতিক কৰ্মসূচীৰ লেহেমীয়া কাম-কাজ, অলপ দিনৰ পৰা দুৰ্নীতি আদিৰো প্ৰতিবাদৰ চোক কমা কথাই কিন্তু সামগ্ৰিক ভাৱে কৃষক মুক্তিৰ সংগ্ৰামখনেক দুৰ্বল কৰা নাই, সেমেকা কৰিছে অনীতি, অনিয়ম, মৌলিক সমস্যাৰ সমাধান বিচৰা জনকণ্ঠৰ এটা উত্থানৰ ধাৰাকো! এতিয়া নিৰ্বাচনৰ পাছতে অখিল গগৈদেৱ ব্ৰাজিললৈ যাব আন্তৰ্জাতিক কৃষক সন্মিলনত ভাষণ দিবলৈ, ভাল খবৰ! কিন্তু অসমৰ বাবে বেয়া খবৰ এয়েই যে ইমান দিনে চিঞৰি অহা কৃষকৰ সমস্যাবোৰ এতিয়ালৈ সমাধান নহ'ল, কিন্তু প্ৰতিবাদহে যেন নিৰ্বাচনী বতৰ দেখি বুলি কিবাচোন থমকি ৰ'ল!!!!!


একেদৰেই যেন অসমত শাসন কৰা দলটো সলনি হ'লে যেন অসণ্টুষ্টহে হব অসমৰ স্বাধীনতাৰ সপোন দেখি এতিয়াও অৰণ্যত সংগ্ৰামৰত সংগঠনো। প্ৰশ্ন হৈছে কিয়? এতিয়া সংগ্ৰামো যেতিয়া ৰমৰমীয়া বেপাৰেই, কংগ্ৰেছৰ শাসকৰ সৈতে কিবা শান্তিপূৰ্ণ সহৱস্থান চলিছে নেকি এই সংগঠনৰো। আলোচনা পন্থী সকলৰো ৰাজনৈতিক সিদ্ধান্তৰ কথা ৰাজহুৱা হোৱা নাই! নে সকলো শান্তিপূৰ্ণ সহৱস্থান বাহাল ৰখাৰ পক্ষে! বাকী জাতীয়তাবাদী গণ সংগঠন সমূহো, আচৰিত ভাৱে এই সন্ধিক্ষণত নিমাত! অসমৰ সৰ্ববৃহত ছাত্ৰ সংগঠনো কোন দিনা সৰ্বভাৰতীয় ছাত্ৰ সংগঠনৰ সৈতে অফিচেল ভাৱে মাৰ্জাৰ এণ্ড একুইজিচন হৈ যায় তাৰো পাত্তা নোহাৱা হৈছে বুলিও বিশ্লেষকে মত প্ৰকাশ কৰিছে। অসমৰ ৰাজনীতি এতিয়া অসমৰ সন্তান সকলৰ ৰাজনৈতিক তালিবাজিৰ মাজতে বিভ্ৰান্ত হবলৈ বাধ্য হৈছে! এই বতৰটো ইচ্যু ভিত্তিত স্থিতি জানি, কোন কেইটা কাম ৰাইজৰ স্বাৰ্থত দীৰ্ঘদিনৰ সমস্যাক অগ্ৰাধিকাৰ দি সোনকালে সমাধান কৰাব লাগিব, তাৰ বাবে ভোটদান কৰিব লাগিব ধৰণৰ চিন্তা চৰ্চাৰ প্ৰবাহো যেন ৰূদ্ধ হৈ পৰিছে। কেৱল যুক্তিতৰ্কৰ পথাৰখনো, হয়-নহয়, সমৰ্থক-বিৰোধী, সহমত অথবা দালাল আদিত সীমাবদ্ধ হৈ পৰিছে। নিৰ্বাচনী সভাত দিয়া ভাষণ, প্ৰতিশ্ৰুতি আদিক জানিবলৈ বুজিবলৈ নাগৰিক হিচাবে প্ৰশ্ন তুলিলেও প্ৰকৃত কথাৰ পৰা ফালৰি কাটি 'অমুকৰ ফলীয়াহে এও' বুলি ব্ৰেণ্ডিং কৰি নস্যাত কৰাৰ অপচেষ্টা চলিছে। কিন্তু প্ৰশ্ন তুলিবই লাগিব, এতিয়া ৰাইজৰ চৰণত শৰণ লোৱাৰ ক্ষণতে ৰাইজে প্ৰশ্ন নকৰি কেতিয়া কৰিব? প্ৰশ্নবোৰ হব লাগিব, ৰাইজৰ সৰ্বাঙ্গীণ স্বাৰ্থৰ পক্ষে, অৰ্ধসত্যক জনাৰ বাবে, আঁৰৰ কথা মুকলি কৰাৰ বাবে, প্ৰশ্ন হব লাগিব সকলো পক্ষলৈ, ৰাইজৰ কাম কৰিবলৈ অহা সংগঠনবোৰ স্থিতিৰো ইচ্যু ভিত্তিক আলোচনা হব লাগিব, সমৰ্থন ব্যক্ত কৰাৰ আগেয়ে ৰাইজৰ সমুখত এতিয়া সকলো পক্ষইতো প্ৰতিপক্ষ?

আপোনালোকে বা কি কয়?

1 comment: