সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰা

সুখ-দুখৰ বতৰা

Share This

আজিৰ ভাল খবৰবোৰ
১. ৰাজহুৱা খণ্ডৰ কোম্পানী ইণ্ডিয়ান অইল কৰ্পৰেচন পুনৰ দেশৰ সৰ্বোচ্চ খাৰুৱা তেল শোধন ক্ষমতাসম্পন্ন কোম্পানীত পৰিণত হৈছে। কালি প্ৰধানমন্ত্ৰীৰ কৰকমলেৰে উৰিষ্যাত ১৬০০০কোটি টকাৰে ১৬বছৰত নিৰ্মাণ হৈ উঠা পাৰাদীপ ৰিফাইনেৰী দেশৰ নামত উছৰ্গা কৰা হয়। ২০০০চনত প্ৰধানমন্ত্ৰী বাজপেয়ীয়ে আধাৰশিলা স্থাপন কৰা ৰিফানেৰীটোৰ শোধন ক্ষমতাৰেই ৰিলায়েঞ্চক এই ক্ষেত্ৰত আই.অ.চিয়ে পাছ পেলাবলৈ সক্ষম হৈছে।

২. ছাফ গেমচত শীৰ্ষস্থানত ত্ৰিশটা স্বৰ্ণ, বাৰটা ৰূপৰ আৰু তিনিটা ব্ৰঞ্জসহ মুঠ ৪৫টা পদকেৰে উজলিছে ভাৰতীয় ক্ৰীড়াবিদ। দুশ মিটাৰ বেকষ্ট্ৰোকত শ্ৰীলংকাত হোৱা ছাফ গেমচত অসমকন্যা ফাৰিহা জামানৰ অভিলেখ অসমৰ মাটিত শ্ৰীলংকাৰ কিহিম ৰহিমে ৯বছৰ ৬মাহৰ পাছত ভাঙিবলৈ সক্ষম হোৱাৰ সুখবৰ। মা কামাখ্যাৰ আৰ্শীবাদ বিচাৰি দেশ-বিদেশৰ খেলুৱৈ সকলে সদলবলে নীলাচল পাহাৰত উপস্থিত হোৱাৰো বাতৰি প্ৰকাশ পাইছে।

৩. ১৩৬সংখ্যক যোৰহাট ৰেছৰ আকৰ্ষণীয় গভৰ্নছ কাপত ঘোঁৰা দৌৰত কালি বিজয়ী হয় জকী হৰেন টায়েৰ ‘শিৱ-শংকৰ’। জকী লক্ষ্মীকান্ত কুটুমৰ ‘ৰামপ্ৰসাদ’ আৰু জকী শান্তিৰাম দলেৰ ‘মানস পোৱালি’য়ে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়।

৪. কংগ্ৰেছ নেত্ৰী আতিফা মাছুদৰ ‘দ্য ভিজনাৰীঃ লাইফ এণ্ড ৰাইজ অৱ তৰুণ গগৈ’ শীৰ্ষ ছবি সম্বলিত জীৱনীগ্ৰন্থখন কালি গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত উন্মোচন কৰিলে ৰাজ্য সভাৰ সাংসদ মনি শংকৰ আয়াৰে। পূৰ্বতেও আন এগৰাকী নেত্ৰী ববিতা শৰ্মাই তৰুণ গগৈদেৱৰ জীৱনীৰ ওপৰত এখন তথ্যচিত্ৰ নিৰ্মাণ কৰি ছাত্ৰ-ছাত্ৰীৰ সমুখত প্ৰদৰ্শন কৰিছিল বুলিও জানিব পৰা গৈছে।

৫. শিশু আলোচনী ‘সঁফুৰা’ৰ উদ্যোগত আৰু প্ৰতিদিন গ্ৰুপৰ সহযোগত ৰাজ্যৰ ৯০০গৰাকী ছাত্ৰ-ছাত্ৰীক ২০১৫বৰ্ষৰ সঁফুৰা বৃত্তি প্ৰদান কৰা হয়। অসম বিজ্ঞান-প্ৰযুক্তিবিদ্যা পৰিবেশ পৰিষদৰ সঞ্চালক ডঃ অৰূপ কুমাৰ মিশ্ৰই মুখ্য অতিথি ৰূপে অংশ লোৱা সভাখনত মুঠ ছয় লাখ টকাৰ বৃত্তি প্ৰদান কৰা হয়। শ্ৰেষ্ঠ বিদ্যালয়ৰ বঁটা বৰপথাৰৰ শংকৰদেৱ শিশু নিকেতন, তিতাবৰৰ জাতীয় বিদ্যাল আৰু উত্তৰ শালমৰাৰ চিলাৰায় জাতীয় বিদ্যালয়ক প্ৰদান কৰা হয়। সঁফুৰা বৰ্ষশ্ৰেষ্ঠ শিশু বঁটা ৰুবিক্স কিউবৰ সমাধানেৰে বিশ্বজিনা কাব্যনীল তালুকদাৰক প্ৰদান কৰা হয়।

৬. ধুবুৰীৰ নেতাইধুবুনী ক্ষেত্ৰত আৰম্ভ হোৱা সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ অধিবেশনত মুখ্য জিলা সমিতিৰ বঁটা কাৰ্বি-আংলং জিলাক প্ৰদান কৰা হয়। অসমীয়া লেখিকা সকলে বিভিন্ন ভাষালৈ অনুবাদেৰে বিশ্ব দৰবাৰলৈ অসমীয়া সাহিত্যক লৈ যোৱা আৰু বিভিন্ন ভাষাৰ পৰা অসমীয়ালৈ যুগজয়ী গ্ৰন্থ সমূহ অনুবাদ কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰাৰ বিষয়েও দিল্লী শাখাৰ সভানেত্ৰী ডঃ গীতা বৰুৱা নাথে বাখ্যা আগবঢ়ায়।

৭. গুৱাহাটীত প্ৰতিষ্ঠা হোৱা ইণ্ডিয়া ইনষ্টিটিউট অৱ জুৰিজপ্ৰুডেন্সৰ ৱেবছাইট মুকলি কৰে প্ৰাক্তন ন্যায়াধীশ বি পি কটকীয়ে। www.iij.org নামৰ ৱেবচাইটটোত অসম চুক্তিৰ সাংবিধানিক স্থিতি আৰু ৰাজ্যবাসীয়ে সাংবিধানিক ৰক্ষাকৱচ লাভৰ উপায়ৰ বিষয়েও বিশদ তথ্য তথা বিশ্লেষণ আগবঢ়োৱা হৈছে বুলিও জানিব পৰা গৈছে।

৮. নগাঁৱৰ নেহৰুবালিক ভক্তিস্থল ক্ষেত্ৰত কালিৰে পৰা বৰ্ণাঢ্য ৰূপত আৰম্ভ হৈছে নগাঁও ভাওনা সমাৰোহ। বিশিষ্ট গৱেষক-পণ্ডিত তিলক চন্দ্ৰ মজুমদাৰে ধৰ্মধ্বজা উত্তোলন কৰি ভাওনা সমাৰোহৰ শুভাৰম্ভ কৰে। প্ৰদৰ্শনী, সাংস্কৃতিক শোভাযাত্ৰা আদিৰেও সমাৰোহখনক অধিক জনমুখী কৰিবলৈ পদক্ষেপ লোৱা হৈছে বুলিও জানিব পৰা গৈছে।

৯. জ্যেষ্ঠ সাংবাদিক পৱিত্ৰ বৰাই সম্পাদনা কৰা ‘লংকাম টেৰণঃ জীৱ আৰু কৃতি’ সংকলনখনি কালি ডিফু ক্লাৱত উন্মোচন কৰে ৰংবং তেৰাঙৰ পৌৰাহিত্যত হোমেন বৰগোহাঞিয়ে। লংকাম টেৰণ কেৱল কাৰ্বি জনোগোষ্ঠীৰেই নহয়, বৃহত্তৰ অসমীয়া জাতিৰ এজন অবিস্মৰণীয় মহান ব্যক্তি বুলি মন্তব্য কৰে বৰগোহাঞিয়ে।

১০. বিশাখাপট্টনমত ভাৰতত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে আন্তৰ্জাতিক নৌবাহিনী সমূহৰ ফ্লীট ৰিভিউ। এই অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতি দুয়োজনেই উপস্থিত থাকি সৌষ্ঠৱ বৃদ্ধি কৰাৰো সুখবৰ।

১১. মেঘালয় প্ৰযুক্তিবিদ্যা আৰু ব্যৱস্থাপনা বিশ্ববিদ্যালয় আৰু ছিন’ড মহাবিদ্যালয়ৰ যুটীয়া উদ্যোগত শ্বিলঙত অহা জুন মাহৰ ২০-২১ তাৰিখে জলবায়ু পৰিবৰ্তন প্ৰশমন বিষয় সন্মিলনৰ আয়োজন কৰা হৈছে। আগ্ৰহী সকলে গৱেষণাপত্ৰৰ সাৰাংশ সন্মিলনৰ ৱেবপেজ http://ic3mta.com ৰ যোগেদি জমা দিব পাৰিব।

১২. ছাফ গেমচৰ নিৰাপত্তাৰ মূল দায়িত্ব লাভ কৰিলে মেঘালয় আৰক্ষীয়ে। কেন্দ্ৰই মোকোলাই দিয়া ৭.৮কোটি ধনেৰে নতুন ৰূপত মেঘালয় আৰক্ষীক গঢ়ি তোলা হৈছে বুলিও জানিব পৰা গৈছে।

2 comments: