সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰা

সুখ-দুখৰ বতৰা

Share This

আজিৰ ভাল খবৰবোৰ
 ১. দক্ষিণ এছীয় ক্ৰীড়া সমাৰোহত প্ৰথম দিনাই ভাৰতীয় দলে লাভ কৰিলে ১৪ টা স্বৰ্ণৰে মুঠ ১৯টাকৈ পদক। চাইক্নীঙত প্ৰথমটো সোণৰ পদক জয় কৰি পদক তালিকা উজলালে উত্তৰ-পূৱৰ জীয়াৰী বিদ্যালক্ষ্মী তৌৰাংবামে। শ্বিলঙতো শুভাৰম্ভ অনুষ্ঠানৰ বৰ্ণিল ৰূপ, আঠ দেশৰ খেলুৱৈৰ অভিবান গ্ৰহণ কৰিলে খেলমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। বিজয়ী খেলুৱৈ সকলক গামোচাৰে সম্বৰ্ধনা জনোৱা বুলিও সুখবৰ প্ৰকাশ পাইছে। মল্লযুদ্ধতে পাঁচটাকৈ আৰু সাঁতোৰত চাৰিটা সোণৰ পদক ভাৰতে অৰ্জন কৰে।

২. শ্ৰীমন্ত শংকৰদেৱ সংঘৰ চলিত অধিবেশনত শ্ৰীমন্ত শংকৰদৱ বিশ্ববিদ্যালয়ত গৱেষণাৰ বাবে পাঁচ কোটি টকাৰ অনুদান ঘোষণা কৰিলে মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। লগতে সংঘই ইতিমধ্যে আধাৰশিলা স্থাপন কৰা শংকৰী সংস্কৃতি প্ৰকল্পৰ বাবেও এক কোটি টকা আগবঢ়োৱাৰ সুখবৰো প্ৰকাশ পাইছে। লগতে বিভিন্ন ৰাজ্যত থকা অসম ভৱন সমূহো শ্ৰীমন্ত শংকৰদেৱ ভৱন নামাকৰণ কৰাৰ বাবে ৰাজ্য চৰকাৰে লোৱা প্ৰশংসনীয় সিদ্ধান্তৰ কথা ভকত-বৈষ্ণৱ সকলক মুখ্যমন্ত্ৰীয়ে অৱগত কৰে।

৩. অসমীয়া প্ৰতিদিন কাকতৰ কৃষ্ণাইস্থিত সাংবাদিক চৈয়দ ৰবিউল হকক ‘মেন এণ্ড ৱাইল্ড’ নামৰ বেচৰকাৰী সংস্থাটোৱে ২০১৬চনৰ মৰিয়ম বেগম সোঁৱৰণী বঁটাৰ বাবে নিৰ্বাচিত কৰিছে। উত্তৰ-পূৱৰ সামাজিক আৰু পৰিবেশ সেৱাৰ বাবে কাম কৰা সংস্থাটোৱে বনাঞ্চল আৰু বন্যপ্ৰাণীৰ সংৰক্ষণৰ হকে কাম কৰা লোকক এই বঁটা প্ৰদান কৰি আহিছে।

৪. দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত মিচ ৱৰ্ল্ডত ভাগ লৈ সাফল্য লাভ কৰি উভতি আহিছে অসম আৰক্ষীৰ বিশেষ শাখাৰ গৌৰৱ নিৰঞ্জন কুমাৰ। তেখেতেক কালি জালুকবাৰী থানাত বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয়।

৫. কালিৰে পৰা তিনিদিনীয়াকৈ আৰম্ভ হৈছে কাজিৰঙা উতসৱ। বিলিং আছ নামৰ বেচৰকাৰী সংস্থাৰ উদ্যোগত কাজিৰঙাৰ পৰ্যটনৰ প্ৰমোচনৰ বাবে এই আয়োজন কৰা হৈছে। ৰং-সন্ধ্যা নামৰ সাংস্কৃতিক অনুষ্ঠানৰ লগতে জ্যেষ্ঠ সাংবাদিক স্বপন নাথ, কাজিৰঙাৰ পৰ্যটনৰ অন্যতম ব্যক্তি পুলেন গগৈকো সম্বৰ্ধনা জনোৱা হ’ল।

৬. দক্ষিণ এছিয়াত শান্তি প্ৰতিষ্ঠাৰ বাবে এখোজ প্ৰেৰণাময় বাৰ্তা দিয়াৰ লক্ষ্যৰে প্ৰতিবেশী যুদ্ধবিধ্বস্ত আফগানিস্তানৰ ১৮৪গৰাকী খেলুৱৈক ছাফ গেমচত ভাগ লোৱাৰ উদ্দেশ্যে অহা-যোৱাৰ সকলো খৰছ ভাৰত চৰকাৰে বহন কৰিছে বুলিও বাতৰি প্ৰকাশ পাইছে।

৭. অসমীয়া চিনেমাৰ চলাবৰ বাবে অসমত এতিয়াও চলি থকা প্ৰায় চল্লিশটা চিনেমাহলৰ মালিক সকলৰ সংস্থাই পৃষ্ঠপোষকতা কৰিবলৈ আগবাঢ়ি অহাৰ সুখবৰ। ভাল অসমীয়া চিনেমাৰ বাবে প্ৰাইম টাইম শ্বৰ সুবিধা দিয়াৰ লগতে আমোদ কৰো চিনেমা গৃহক দিব নালাগে বুলিও তেওঁলোকে ঘোষণা কৰিছে। মালিকপক্ষক কেৱল ছবিগৃহৰ ভাৰাটো দিলেই হব বুলিও অসমৰ চিনেমা হলৰ মালিক সন্থাই ঘোষণা কৰিছে।

৮. অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয় সমূহক পুণৰোজ্জিৱীত কৰিবৰ বাবে গুৱাহাটী আই.আই.টিৰ সৈতে অসম চৰকাৰে এখন চুক্তিত স্বাক্ষৰ কৰিছে। সৰ্বোচ্চ মানৰ শিক্ষাদান কৰিব পৰাকৈ এই উদ্দেশ্য ৫০০০ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক আই.আই.টিত বিশেষ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। এই উদ্দেশ্যে পদাৰ্থ বিজ্ঞান, গণিত আৰু ৰসায়ন বিজ্ঞান বিষয়ত এলানি প্ৰশিক্ষণ জানুৱাৰী মাহতে প্ৰতিখন জিলাৰ শিক্ষকৰ অংশগ্ৰহণেৰে সম্পন্ন কৰা হৈছে বুলিও সুখবৰ প্ৰকাশ পাইছে।

৯. অহা ৮-৯ ফেব্ৰুৱীত জামুগুৰিহাটৰ বাপুজী ভৱনত নদুৱাৰ সুৰক্ষা ঐক্যমঞ্চ আৰু প্ৰাক্তন সৈনিক সন্থাৰ উদ্যোগত দুদিনীয়াকৈ অসমীয়া চলচ্চিত্ৰ প্ৰদৰ্শনৰ আয়োজন কৰা হৈছে। স্থানীয় শিল্পী সকলৰ সোঁৱৰণত এই আয়োজনত ‘অজলা ককাই’, ‘যাযাবৰ’, ‘কৃষ্ণচূড়া’ আৰু ‘চুমা পৰশতে’ প্ৰদৰ্শিত হব বুলিও জানিব পৰা গৈছে।

১০. ধেমাজিৰ ৰংছটিওৱা পথাৰত তিনিদিনীয়াকৈ বুঢ়াগোহাঁই বংশাৱলী অনুষ্ঠান অনুষ্ঠিত হৈছে।আতন বুঢ়াগোহাঁই ক্ষেত্ৰত ভীমকান্ত বৰগোহাঞি(মামা)ৰ সোঁৱৰণত নিৰ্মিত মূল মঞ্চ উন্মোচন কৰে চুকাফা বঁটাৰে সন্মানিত শিল্পী-সাহিত্যিক ডঃ পুষ্প গগৈয়ে। উন্মোচিত হয় নবীন বুঢ়াগোহাঁঞিয়ে সম্পাদনা কৰা স্মতিগ্ৰন্থ ‘ছাও-ফ্ৰুং-ম্যুঙ’।

1 comment: