সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰা

সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. অসমৰ যুৱক-যুৱতী সকলৰ দক্ষতা বিকাশৰ বাবে প্ৰতিটো উন্নয়ন খণ্ডতে একোটাকৈ দক্ষতা বিকাশ কেন্দ্ৰ স্থাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। এই কথা গুৱাহাটী ভ্ৰমণৰত অৱস্থাত প্ৰকাশ কৰি বিভাগটোৰ মন্ত্ৰী ৰাজীৱ প্ৰতাপ ৰুডীয়ে সৰ্বানন্দ সোনোৱালক স্বৰাজোত্তৰ কালৰ দেশৰ সৰ্বশ্ৰেষ্ঠ ক্ৰীড়ামন্ত্ৰী ৰূপেও অভিহিত কৰে।

২. আজিৰে পৰা শিৱসাগৰৰ ৰূপহী পথাৰৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰত শংকৰদেৱ সংঘৰ অধিবেশন আৰম্ভ হৈছে। এই অধিবেশনৰ মুকলি সভাত প্ৰধানমন্ত্ৰীয়েও অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ বাবে প্ৰায় ১৫০কোটি টকাৰ আন্তঃগাঁঠনিমূলক উন্নয়নৰ পুঁজিৰ বাবে এই সুযোগতে প্ৰধানমন্ত্ৰীৰ ওচৰত আবেদন জনোৱা হব বুলিও সুখবৰ প্ৰকাশ পাইছে।

৩. হাফলঙত ৮টা ভাষাত জাতীয় সংগীত পৰিৱেশেনেৰে সোণাৰাম থাওচেন সমন্বয় ক্ষেত্ৰত অসম সাহিত্য সভাৰ বিশেষ অধিবেশন অনুষ্ঠিত হৈছে। ৯৯খন পতাকা উত্তোলনৰ লগতে মূল পতাকা উত্তোলন কৰে সভাপতি ডাঃ ধ্ৰুৱজ্যোতি বৰাই। সংবিধান সংশোধন কৰি সাহিত্য সভাৰ বিষয়ববীয়া সকলৰ কাৰ্যকাল দুবছৰৰ পৰা তিনিবছৰলৈ বৃদ্ধি কৰিবলৈ অসফল প্ৰচেষ্টা কৰাৰ খবৰো প্ৰকাশ পাইছে।

৪. দেশৰ বিভিন্ন প্ৰান্তত থকা অসম ভৱন সমূহৰ নাম শ্ৰীমন্ত শংকৰদেৱ ভৱন কৰা হব বুলি ঘোষণা কৰিলে অসমৰ মুখ্যমন্ত্ৰীয়ে। ৰাজ্য চৰকাৰৰ দ্বাৰা প্ৰৱৰ্তিত শংকৰদেৱ বঁটা ২০১১চনৰ বাবে বিশিষ্ট শিক্ষাবিদ মনোহৰ লক্ষ্মণ বৰাডপাণ্ডেক প্ৰদান কৰা হয়। ২০১৪চনৰ শংকৰদেৱ বঁটা বিশিষ্ট সাংবাদিক কনকসেন ডেকাক প্ৰদান কৰা হয়। এই বঁটাৰ লগতে প্ৰাপ্ত তিনিলাখ টকাৰ দুই লাখ টকা ডেকাদেৱে পাটবাউসী সত্ৰৰ উন্নয়নৰ বাবে দান কৰা বুলিও সুখবৰ প্ৰকাশ পাইছে।

৫. দক্ষিণ এছীয় ক্ৰীড়া সমাৰোহৰ কাইলৈৰ পৰা গুৱাহাটী আৰু শ্বিলঙত অনুষ্ঠিত হব। সৰুসজাই ষ্টেডিয়ামত বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচীৰ মাজেৰে ইয়াৰ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ডিব্ৰুগড়ৰ লেপেটকটাস্থিত ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডৰ পেট্ৰ’কেমিকেল কমপ্লেক্সো প্ৰধানমন্ত্ৰীৰ দ্বাৰা ৰাষ্ট্ৰৰ নামত সমৰ্পিত হব।

৬. আজিৰে পৰা ৭ ফেব্ৰুৱাৰীলৈ যোৰহাট ৰেচেছ ২০১৬ আয়োজিত হৈছে। যোৰহাটৰ জিমখানাত আজি কাৰ ৰেলী আৰু কাইলৈৰ পৰা ঘোঁৰা দৌৰকে ধৰি বিভিন্ন আকৰ্ষণীয় খেলৰ আয়োজন কৰা হৈছে।

৭. দেশৰ অনুন্নত আৰু পিছপৰা জাতি সমূহৰ বাবে সংৰক্ষণৰ সুবিধা প্ৰত্যাহাৰ কৰা নহব বুলি স্পষ্ট কৰি দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এচাম লোকে এই বিষয়টোত ভ্ৰম প্ৰচাৰ কৰিবলৈ চেষ্টা কৰা বুলি অভিযোগ তুলি তেখেতে এই দেশত আম্বেদকাৰৰ নাম থকালৈকে সংৰক্ষণ ব্যৱস্থাৰ অৱসান অসম্ভৱ বুলিও মন্তব্য কৰা বুলি বাতৰি প্ৰকাশ পাইছে।

৮. ভাৰতীয় কোম্পানী টাটা কনচালটেন্সি চাৰ্ভিচেজে বিশ্বৰ সৰ্বাধিক শক্তিশালী তথ্য-প্ৰযু্ক্তি বেণ্ড হোৱাৰ গৌৰৱ অৰ্জন কৰিছে। সেৱা, কৰ্মচাৰীৰ সন্তুষ্টিকে ধৰি বিভিন্ন শাখাৰ পৰিমাপৰ বিশ্লেষণ কৰি AA++ ৰেটিং লাভ কৰি সংস্থাটোৱে এই সন্মান অৰ্জন কৰাৰ সুখবৰ।

৯. হায়দৰাবাদৰ এটি জৈৱ-প্ৰযুক্তি কোম্পানীয়ে সৰ্বত্ৰ চৰ্চালৈ অহা জিকা ভাইৰাচৰ প্ৰতিৰোধক আৱিস্কাৰ কৰা বুলি দাবী কৰিছে। বিষয়টোত পেটেণ্টৰ বাবে আবেদন কৰা সংস্থাটোৱে এতিয়া বিশ্বৰ মানৱকূলে সন্মুখীন হোৱা নতুন প্ৰত্যাহ্বানটো গ্ৰহণ কৰিবলৈ সক্ষম বুলিও দাবী কৰিছে। ক্লিনিকেল ট্ৰায়েলৰ জৰিয়তে ইয়াক বাস্তৱত বজাৰত উপলদ্ধ কৰাৰ প্ৰক্ৰিয়াটো দ্ৰুত কৰাৰ বাবে কোম্পানীটোৱে প্ৰধানমন্ত্ৰীৰ পৰাও সহযোগিতা বিচাৰিছে বুলি জানিব পৰা গৈছে।

১০. বৰাক ওবামাই আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈ থকা কালত প্ৰথম বাৰৰ বাবে এটি মছজিদত উপস্থিত হব। একে প্ৰাংগণত থকা এখন বিদ্যালয় আৰু মছজিদ উপস্থিত হৈ ইছলাম ধৰ্মালম্বী লোকসকলৰ প্ৰতি যে আমেৰিকাৰ বৈষম্যমূলক স্থিতি গ্ৰহণ নকৰে তাকেই প্ৰতীয়মান কৰিব বুলিও জানিব পৰা গৈছে।

No comments:

Post a Comment