সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰা

সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. অসম সাহিত্য সভাৰ নৱম বিশেষ বাৰ্ষিক হাফলং অধিবেশন আজিৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হব।

২. অৰ্চনা ৰামাসুন্দৰম দেশৰ অৰ্ধ-সামৰিক বাহিনীৰ মুৰব্বীৰ দায়িত্ব লাভ কৰা প্ৰথম গৰাকী মহিলা ৰূপে পৰিগণিত হৈছে। ৫৮বৰ্ষীয়া জ্যেষ্ঠ আই.পি.এছ বিষয়া গৰাকীক কালি সশস্ত্ৰ সীমা বলৰ ডাইৰেক্টৰ জেনেৰেল ৰূপে নিযুক্তি দিয়া হৈছে।

৩. বিশ্ববিদ্যালয় অনুদান আয়োগে স্বচ্ছ ভাৰত অভিযানৰ সৈতে শিক্ষাৰ্থী সকলক সংযোজিত কৰিবলৈ প্ৰকল্প গ্ৰহণ কৰিব। বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় সমূহত স্বচ্ছতা পেনেল গঠন কৰিবলৈ নিৰ্দেশ দি শিক্ষাৰ্থী সকলক স্বচ্ছ ভাৰত অভিযানৰ সৈতে জড়িত কৰিবলৈ পদক্ষেপ লোৱা বুলিও জানিব পৰা গৈছে।

৪. উৰিষ্যাই ইজৰাইলৰ কোম্পানী সমূহক ৰাজ্যখনৰ ঔদ্যোগিক খণ্ডত বিনিয়োগৰ বাবে আমন্ত্ৰণ জনাইছে। ৰাজ্যখনৰ উদ্যোগ মন্ত্ৰী দেৱী প্ৰসাদ মিশ্ৰই দেশখনলৈ ভ্ৰমণসূচী লৈ এই সন্দৰ্ভত বিনিয়োগকাৰীৰ সৈতে বৈঠকত মিলিত হোৱা বুলিও জানিব পৰা গৈছে। অনগ্ৰসৰ ৰাজ্যখনলৈ এনে বৈদেশিক সহযোগিতাই বিকাশৰ ক্ষেত্ৰত বিশেষ মাত্ৰা প্ৰদান কৰিব বুলিও আশা প্ৰকাশ কৰা হৈছে।

৫. ভাৰতৰ নিৰ্মাণ খণ্ড পুনৰোজ্জিৱিত হৈ উঠাৰ সুখবৰো প্ৰকাশ পাইছে। ভাৰতীয় সংস্থা সমূহে কৰা উতপাদন বৃদ্ধি পোৱাৰ লগতে সমীক্ষক সংস্থা নিক্কি মেনুফেকচাৰিং পাৰচেজিং মেনেজাৰজ ইনডেক্সো বিগত চাৰিমাহৰ ভিতৰত জানুৱাৰীত সৰ্বোচ্চ ৫১.১ হোৱা বুলিও জানিব পৰা গৈছে।

৬. এইচ.এচ.বি.চিৰ সমীক্ষাত প্ৰকাশ পোৱা তথ্য মতে দেশৰ কৰ্মৰত জনসংখ্যাৰ ৬১ শতাংশ লোকেই অহা পাঁচ বছৰৰ ভিতৰত অৱসৰ গ্ৰহণ কৰিব। ৪৫বছৰৰ উৰ্ধৰ বহুতেই পৰিয়ালৰ সৈতে সময় দিয়াৰ বাবেই স্ব-নিৰ্বাচিত অৱসৰ গ্ৰহণৰ সম্ভাৱনা থকা তথা ভ্ৰমণ-অৱসৰ বিনোদনৰ লগতে বিকল্প কাম কৰাৰ কথা চিন্তা কৰাৰ কথাও প্ৰকাশ পাইছে। এনে অৱসৰে নৱ-প্ৰজন্মলৈ প্ৰভূত নিয়োগৰ সম্ভাৱনাও কঢ়িয়াই আনিব।

৭. অসম চৰকাৰে কালি বিধান সভাত দাখিল কৰা লেখানুদানত চৰকাৰী চাকৰিত মহিলাৰ বাবে ৫০শতাংশ সংৰক্ষণ ৰখাৰ বাবে প্ৰস্তাৱ দিছে। লগতে বয়সৰ উৰ্ধসীমা পাৰ হৈ যোৱা লোকসকলৰ বাবেও ১০শতাংশ চাকৰি সংৰক্ষণ কৰিব বুলিও সুখবৰ প্ৰকাশ পাইছে।

৮. বড়ো আৰু জনজাতীয় ভাষা সমূহৰ বাবে পৃথক শিক্ষা সঞ্চালকালয় গঠনৰ বাবেও লেখানুদানত প্ৰস্তাৱ ৰখা হৈছে। দীৰ্ঘদিনৰ এই দাবী পূৰণ হ’লে নৃ-গোষ্ঠীয় সংগঠন সমূহৰ ক্ষোভ প্ৰশমিত হব বুলিও আশা প্ৰকাশ কৰা হৈছে।

৯. ইবলাৰ দৰেই ভয়ংকৰ ‘জিকা’ ভাইৰাচৰ প্ৰাদুৰ্ভাৱৰ সন্দৰ্ভত বিশ্বত জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাৰ বাৰজনীয়া কমিটিয়ে বিচাৰ বিবেচনা কৰিছে। মহামাৰীৰ ৰূপ লোৱাৰ পৰা বাৰণ কৰিবলৈকে আমেৰিকা, ইউৰোপ, এছিয়া আৰু আফ্ৰিকাত সজাগতামূলক প্ৰতিৰোধ গঢ়িবৰ বাবেই এই পদক্ষেপ লোৱাৰ বাবে বিবেচনা কৰা বুলিও বাতৰি প্ৰকাশ পাইছে।

১০. উচ্চতম ন্যায়ালয়ে দেশৰ সংসদে আইনত পৰিণত কৰা খাদ্য সুৰক্ষা আইন, মনৰেগা আদিক ৰূপায়িত নকৰাৰ বাবে ৰাজ্য কিছুমানক সমালোচনা কৰিছে। গুজৰাটৰ দৰে ৰাজ্যই দেশৰ এনে আইন বলবত নকৰাৰ বিষয়টোত প্ৰৱল সমালোচনা কৰি, গুজৰাট ভাৰতৰ অংগৰাজ্য নহয় নেকি বুলিও প্ৰশ্ন তোলাৰ খবৰ প্ৰকাশ পাইছে।

No comments:

Post a Comment