Monday, February 8, 2016

চিন্তন


নাৰী উৎপীড়নকাৰীৰ বাবে মৃত্যুদণ্ড নে মুক্ত বেশ্যালয়
প্ৰতিম প্ৰতাপ বৰুৱা
২০১২ চনৰ ১৬ ডিচেম্বৰ তাৰিখে দিল্লীত ঘটি যোৱা আৰু সমগ্ৰ ভাৰতৰ প্ৰায় প্ৰতিজন মানুহৰে (অমানুহ সকলক বাদ দি) বুকু কঁপাই তোলা নিৰ্ভয়াৰ দলবদ্ধ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনাটোৰ এয়া তিনি বছৰ পাৰ হ’ল। এই তিনিবছৰত ঠিক নিৰ্ভয়াৰ ঘটনাটোৰ দৰে একে ঘটনা আমাৰ অসমতো ঘটিল। কিন্তু সেই ঘটনাটোৱে বা তেনে ধৰণৰ ঘটনাবিলাকে পাবলগীয়া গুৰুত্ব নাপালে। দূৰ্ভাগ্যজনকভাৱে আমাৰ সমাজত, আনকি অসমতো নাৰীধৰ্ষণৰ আৰু নাৰী উৎপীড়নৰ ঘটনাৰ সংখ্যা কমি যোৱা নাই, বৰং বাঢ়িহে গৈছে। এইধৰণৰ অপৰাধীৰ সংখ্যাও বা এনে অপৰাধী মানসিকতাৰ মানুহৰ সংখ্যাও কমি যোৱা নাই, বাঢ়িহে গৈছে। নিৰ্ভয়াৰ সেই নৃশংস ঘটনাটোৰ পিছত আমি সকলোৱে বিভিন্ন সময়ত দুটা প্ৰশ্নৰ বিষয়ে নিশ্চয় চিন্তা কৰিছো – প্ৰথম - নাৰীধৰ্ষণ কৰা অপৰাধীবোৰৰ শাস্তি কেনে হোৱা উচিত? আৰু দ্বিতীয় – নাৰীধৰ্ষণ আৰু নাৰী উৎপীড়নৰ দৰে ঘটনাবোৰ কেনেদৰে প্ৰতিহত কৰিব পাৰি? এই প্ৰশ্নদুটাৰ বিষয়ে চিন্তা কৰি বিভিন্ন ঠাইত বহুসংখ্যক লোকে বহু আলোচনা কৰিছে, বহুজনে বহু মতামত দিছে। সেই মতামতবিলাকৰ পৰা অলপ আঁতৰি আমি ধৰ্ষণকাৰীৰ শাস্তি আৰু ধৰ্ষণ, নাৰী অপহৰণ আদিৰ দৰে অপৰাধবোৰ সংঘটিত নহ’বলৈ বা কম কৰিবলৈ কিছুসংখ্যক লোকে আগবঢ়োৱা মুক্ত বেশ্যালয়ৰ বিষয়টো অলপ চিন্তা কৰি চাব খুজিছো।

নিৰ্ভয়াৰ সেই ঘটনাটোৱে যেনেকৈ সকলোকে জোকাৰি দিছিল আৰু তাৰ পিছত সাধাৰণ মানুহে স্বত:স্ফূৰ্তভাৱে যেনেধৰণৰ প্ৰতিবাদ কৰিছিল তাৰ ফলস্বৰূপে ভাৰতীয় আইনী ব্যৱস্থাটোৰ কিছু সংশোধন ঘটোৱা হৈছিল। (দিল্লীত হোৱা সেই প্ৰতিবাদ মই নিজে ওচৰৰ পৰা দেখিছিলো। আদালতত সেই অপৰাধীকেইটাৰ বিচাৰ চলি থাকোতে উচ্চস্তৰৰ প্ৰযুক্তিৰ ব্যৱহাৰ হৈছিল আৰু প্ৰযুক্তিৰ ব্যৱহাৰৰ এক বিশেষ সময়ত মই এটা বিশেষ দায়িত্ব পালন কৰিবলগীয়া হৈছিল। সেই অপৰাধীকেইটাকো মই ওচৰৰ পৰা দেখিছিলো, সিহঁতৰ লগত কথা পাতিব লগাত পৰিছিলো।) সেই সংশোধনক্ৰমে নাৰীধৰ্ষণ আৰু নাৰী-উৎপীড়ণ তথা নাৰীজনিত অপৰাধৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰা হ’ল, এই অপৰাধবোৰৰ খৰতকীয়া বিচাৰৰ বাবে ফাষ্ট ট্ৰেক কৰ্ট গঠন কৰা হ’ল, আৰু তাৰ ফল হিচাপে নিৰ্ভয়াৰ ধৰ্ষণকাৰী কেইটাক কম সময়ৰ ভিতৰতে (ন মাহ) বিচাৰ কৰি মৃত্যুদণ্ডৰ ৰায়দান দিয়া হ’ল। অৱশ্যে আদালতৰ এই ৰায় কাৰ্য্যকৰী কৰিবলৈ এতিয়াও বহুত বাকী। আজি মাত্ৰ কিছুদিন আগতে জুভেনাইল জাষ্টিচ এক্টখনৰো কিছু সালসলনি কৰা হ’ল। এতিয়া আমাৰ প্ৰশ্নটো হ’ল - নাৰীধৰ্ষণৰ শাস্তি কেনে হোৱা উচিত? নিৰ্ভয়াক পুনৰ এবাৰ সুঁৱৰি আমি এই প্ৰশ্নটোৰ আকৌ এবাৰ সন্মুখীন হ’ব খুজিছো।

ব্যক্তিগতভাৱে আমি এই প্ৰশ্নটোৰ সন্মুখীন হ’লেই ইয়াৰ উত্তৰটো স্বত:স্ফূৰ্তভাৱে আমাৰ মনলৈ আহে – মৃত্যুদণ্ড। একমাত্ৰ মৃত্যুদণ্ড আৰু সেই মৃত্যুদণ্ডৰ তাৎক্ষণিক কাৰ্য্যকৰীকৰণ। তাৰ বাদে ধৰ্ষণকাৰী অপৰাধীৰ বাবে আন কোনো শাস্তি গ্ৰহণযোগ্য নহয়। আমি বিশ্বাস কৰো অপৰাধ প্ৰমাণিত হোৱাৰ পিছত ধৰ্ষণকাৰী অপৰাধীক একমাত্ৰ শাস্তি হিচাপে মৃত্যুদণ্ডৰ আদেশ দিব পৰাকৈ আৰু সেই মৃত্যুদণ্ড তাৎক্ষণিকভাৱে কাৰ্য্যকৰী কৰিব পৰাকৈ ভাৰতীয় আইনী ব্যৱস্থাটো সংশোধন কৰিব পৰা যাব নিশ্চয়।

এইখিনিতে এটা প্ৰশ্ন আহে – মৃত্যুদণ্ডই ধৰ্ষণ, হত্যা আদিৰ দৰে নৃশংস অপৰাধবোৰ ৰোধ কৰাত বা সেই অপৰাধৰ সংখ্যা কম হোৱাত সহায় কৰেনে? বহুতৰ বাবে এইটো এটা কঠিন প্ৰশ্ন যাৰ উত্তৰত সপক্ষে বা বিপক্ষে বহুখিনি যুক্তি প্ৰদৰ্শন কৰিব পাৰি। আনকি বহুতে কেইখনমান দেশৰ উদাহৰণসহ মানৱীয়তাৰ খাতিৰত ভাৰতীয় আইনী ব্যৱস্থাটোৰ পৰা মৃত্যুদণ্ডক একেবাৰে উঠাই দিয়াৰ কথাও কয়। কিন্তু ব্যক্তিগতভাৱে আমি বিনাদ্বিধাই বিশ্বাস কৰো যে মৃত্যুদণ্ডই অপৰাধ ৰোধ কৰাত সহায় কৰে, আৰু ভবিষ্যতৰ সম্ভাৱ্য অপৰাধীসকলৰ মনত ভয়ৰ লগতে নিৰুৎসাহ জন্মায়। আচলতে আন আইনী শাস্তিবিলাকৰ দৰেই মৃত্যুদণ্ডও এটা আইনগত শাস্তি আৰু সমাজত অপৰাধ নিয়ন্ত্ৰণৰ বাবেই আইনত শাস্তিৰ ব্যৱস্থা আছে। আইনী দৃষ্টিৰে আৰু সাধাৰণ নিয়ম অনুসৰিও অপৰাধৰ নৃশংসতা যিমান বেছি অপৰাধীৰ শাস্তিৰ পৰিমানো সিমান বেছি। যিহেতু আমাৰ উদ্দেশ্য হ’ল নাৰীধৰ্ষণ আৰু নাৰীৰ বিৰুদ্ধে সংঘটিত হোৱা বিভিন্ন অপৰাধবোৰৰ প্ৰতিৰোধ কৰি সমাজখন নাৰীৰ বাবে সুৰক্ষিত আৰু ভয়হীন কৰি তোলা, সেয়ে প্ৰথম আৰু প্ৰধান পদক্ষেপ হিচাপে ধৰ্ষণকাৰী আৰু নাৰীৰ বিৰুদ্ধে আন যিকোনো অপৰাধকাৰীৰ বিৰুদ্ধে তাৎক্ষণিক কঠোৰ শাস্তিৰ প্ৰয়োগ কৰিব লাগিব। ধৰ্ষণেই হ’ল নাৰীৰ বিৰুদ্ধে সংঘটিত হোৱা সবাতোকৈ নৃশংস অপৰাধ আৰু সকলো শাস্তিৰ ভিতৰত মৃত্যুদণ্ডই হ’ল সবাতোকৈ কঠোৰ শাস্তি। সেয়ে নাৰীধৰ্ষণৰ একমাত্ৰ শাস্তি হ’ব লাগিব মৃত্যুদণ্ড। যদিহে অপৰাধ প্ৰমাণিত হোৱাৰ পিছত ধৰ্ষণকাৰীক মৃত্যুদণ্ডৰে দণ্ডিত কৰা হয় আৰু তাৎক্ষণিকভাৱে সেই মৃত্যুদণ্ড কাৰ্য্যকৰী কৰা হয় তেন্তে ভবিষ্যতৰ সম্ভাব্য ধৰ্ষণকাৰীয়ে ফাঁচীকাঠত তাৎক্ষণিকভাৱে নিজৰ প্ৰাণ হেৰুওৱাৰ ভয়ত নাৰীধৰ্ষণ কৰিবলৈ আগবঢ়াৰ আগতে এশবাৰ চিন্তা কৰিবলৈ বাধ্য হ’ব। বাকী থাকিল মানৱীয়তাৰ বা মানৱ অধিকাৰৰ কথাটো। আমি স্পষ্টভাৱে বিশ্বাস কৰো এগৰাকী নাৰীক ধৰ্ষণ কৰা বা ধৰ্ষণ কৰি হত্যা কৰি পেলোৱাটো মানৱ অধিকাৰৰ ভিতৰত নপৰে। যিহেতু এই ধৰ্ষণকাৰী আৰু হত্যাকাৰী অপৰাধীবোৰে আনৰ মানৱ অধিকাৰ খৰ্ব কৰিছে গতিকে এই অপৰাধীবোৰে নিজৰ বাবে মানৱীয়তা বা মানৱ অধিকাৰ দাৱী কৰিব নোৱাৰে।

এইখিনিতে আৰু এটা প্ৰশ্ন - ধৰ্ষণকাৰীবোৰৰ অনুশোচনা হয়নে? প্ৰশ্নটো তাৎপৰ্য্যপূৰ্ণ। আমাৰ মতে ভাৰতীয় পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাটোৱে জন্ম দিয়া এই ধৰ্ষণকাৰীবোৰৰ বেছিভাগৰে মনলৈ অনুশোচনা আহে বুলি মানি ল’ব নোৱাৰি। আচলতে অনুশোচনাতো দূৰৰে কথা, এই ধৰণৰ অপৰাধীবোৰৰ বেছিভাগে অনবৰতে নিজৰ বাবে যিকোনো সুযোগৰ সন্ধানতহে থাকে আৰু প্ৰতিটো তেনে সুযোগৰ, লাগিলে সেই সুযোগ যিমানেই ক্ষুদ্ৰ নহওক কিয়, সদ্‌ব্যৱহাৰ কৰিব জানে। উদাহৰণ হিচাপে বৰ্তমান ভাৰতত নিষিদ্ধ হৈ থকা India’s Daughter নামৰ ডকুমেন্টৰীখনলৈ আঙুলিয়াব পাৰি। সেই ডকুমেন্টৰীখনত সেই ধৰ্ষণকাৰী অপৰাধীটোৱে কৈছিল যে তাক বা তাৰ দৰে ধৰ্ষণকাৰীক মৃত্যুদণ্ড দিলে হেনো ইয়াৰ পিছত ভবিষ্যতৰ ধৰ্ষিতাসকলৰ বাবে পৰিস্থিতি বেয়াহে হ’ব। কাৰণ ইয়াৰ পিছত প্ৰতিটো ধৰ্ষণকাৰীয়ে ধৰা পৰাৰ ভয়ত ধৰ্ষিতা নাৰীগৰাকীক হত্যা কৰিবই। ধৰ্ষণকাৰী অপৰাধীটোৰ এই কথাষাৰতেই ওলাই পৰিল এই ধৰণৰ অপৰাধীবোৰ প্ৰকৃততে কিমান সাংঘাটিকভাৱে টেঙৰ, নিজক বচাবলৈ কিমান বদ্ধপৰিকৰ আৰু লগতে শাস্তিৰ সন্মুখীন হ’বলৈ সিহঁতে কিমান ভয় কৰে। এই অপৰাধীটোৱে নিজে মুকলিকৈ (মানে কেমেৰাৰ সন্মুখত) কথা ক’বলৈ পোৱা প্ৰথমটো সুবিধাতেই অতিশয় বুদ্ধিমত্তাৰে এনে এটা কথাৰ অৱতাৰণা কৰি দিলে যিটো কথাত অপৰাধ জগতখনৰ লগতে এনে ধৰণৰ নৃশংস অপৰাধীবোৰক ওচৰৰ পৰা দেখি নোপোৱা, এই অপৰাধীবোৰৰ মানসিকতা আৰু মনস্তত্ব বুজি নোপোৱা, নিজে আদৰ্শ ব্যৱস্থাৰ (ideal situation) মাজত আৰামেৰে থাকি আঁতৰৰ পৰা মানৱীয়তা আৰু দয়া-ক্ষমাৰ কথা কোৱা, এনে অপৰাধবিলাকৰ ভুক্তভোগীসকলক (victim) বা পীড়িতাসকলক লগ নোপোৱা বহুসংখ্যক মানুহে যুক্তি বিচাৰি পাব (এনে লোকৰ সংখ্যা বহুত বেছি) আৰু এই সাধাৰণ কথাটোৰ পৰাই ওলাই পৰিল এনে ধৰণৰ অপৰাধীবোৰে কেনেকৈ সকলো সময়তে নিজৰ বাবে সুযোগৰ সন্ধানত থাকে। এনে এটা নৃশংস অপৰাধ কৰিও, ইমান দিন জেলত থাকিও, মৃত্যুদণ্ডৰে দণ্ডিত হৈয়ো, নিজৰ সেই জঘণ্য অপৰাধৰ সপক্ষে যুক্তি দি ওলোটাই সেই ধৰ্ষিতা নাৰীগৰাকীৰ গাতহে দোষ জাপি দিব খোজা আৰু লগতে এনেধৰণৰ কথাৰে ভাৰতৰ প্ৰচলিত আইনী ব্যৱস্থাটোৱে প্ৰদান কৰা মৃত্যুদণ্ডৰ শাস্তিৰ পৰা নিজকে বচাবলৈ অতি কৌশলেৰে আওপাকেদি চেষ্টা কৰা এইবোৰ অপৰাধীৰ মনলৈ কেতিয়াবা অনুশোচনাৰ ভাৱ আহিব পাৰে বুলি আমাৰ বিশ্বাস নহয়। নাৰীধৰ্ষণকাৰী অপৰাধীবোৰ মানুহ নহয়, সিহঁত অমানুহ আৰু এই অমানুহবোৰৰ জীয়াই থকাৰ অধিকাৰ নাই – এই কথাটো আমি দৃঢ়তাৰে বিশ্বাস কৰো। আৰু সেয়ে আমি বিশ্বাস কৰো যে নাৰীধৰ্ষণৰ একমাত্ৰ শাস্তি হোৱাৰ উচিত মৃত্যুদণ্ড।

নাৰীধৰ্ষণ আৰু নাৰীৰ বিৰুদ্ধে সংঘটিত হোৱা উৎপীড়ন বা আন যৌন-অপৰাধবোৰ ৰোধ কৰাৰ উপায় কি? – এইটো আন এটা কঠিন প্ৰশ্ন। আমি ভাবো এই অপৰাধবোৰৰ মূল কাৰণবোৰ সোমাই আছে আমাৰ পুৰুষতান্ত্ৰিক সমাজব্যৱস্থাটোত, যিটো সমাজব্যৱস্থাত এতিয়াও লিঙ্গ-ভিত্তিক বৈষম্য (gender-based discrimination) আছে আৰু লগতে এনে কিছুমান পুৰনিকলীয়া, অমানুষিক নিয়ম-কানুন, চিন্তাধাৰা আৰু কুসংস্কাৰ আছে যিবিলাকে নাৰীৰ সুৰক্ষা, সন্মান আৰু ব্যক্তিগত স্বাধীনতাৰ পথত হেঙাৰ হৈ থিয় দিয়ে। আমি বিশ্বাস কৰো নাৰীৰ বিৰুদ্ধে যিকোনো অপৰাধ ৰোধ কৰিবলৈ এই মূল কাৰণবোৰৰ মোকাবিলা কৰি এই হেঙাৰবোৰ আঁতৰাব লাগিব।

এতিয়া লেখাটোৰ আৰম্ভনিতে কোৱা মুক্ত বেশ্যালয় স্থাপনৰ বিষয়টো সম্পৰ্কত আমাৰ চিন্তাখিনি প্ৰকাশ কৰিব খুজিছো। আমাৰ মনত আছে যোৱাবছৰৰ কোনোবা এটা সন্ধিয়াত, টেলিভিচনৰ এটা অসমীয়া চেনেলৰ এটা অনুষ্ঠানত এক বিতৰ্ক/আলোচনা হৈছিল য’ত মূল বিষয়টো আছিল নাৰীধৰ্ষণ আৰু নাৰীৰ বিৰুদ্ধে আন যিকোনো অপৰাধ-উৎপীড়ন আদি ৰোধৰ বাবে ঠায়ে ঠায়ে মুকলিকৈ (লিগেলাইজ্‌দ ধৰণেৰে) বেশ্যালয় স্থাপন কৰাটো এটা সমাধান হ’ব পাৰে নেকি। এই সমাধানটোৰ বিষয়ে চিন্তা কৰিবলৈ গৈ আমি তাৰ গ্ৰহণযোগ্যতাৰ প্ৰতি দ্বিধাগ্ৰস্ত আৰু সন্দিহানহে হৈ পৰিলো। আমাৰ এই দ্বিধাগ্ৰস্ততাৰ কাৰণ হ’ল আমি নিজে নিজকে সোধা কেইটামান কঠোৰ প্ৰশ্ন – সেই বেশ্যালয়বোৰত যিসকল নাৰীয়ে নিজৰ দেহ বেচিবলৈ আহিব তেওঁলোক কোন হ’ব? তেওঁলোক সেই বেশ্যালয়বোৰলৈ কিয় আহিব? (প্ৰতিদিনে/ প্ৰতিনিশাই টকাৰ বিনিময়ত কোনোবা অচিনাকী পুৰুষক নিজৰ শৰীৰটো যৌন উপভোগৰ বাবে এৰি দিয়টো নিশ্চয় কোনো নাৰীৰ বাবেই সুখকৰ নহয়। এনে এটা কঠিন আৰু যন্ত্ৰণাদায়ক জীৱিকা কোনো নাৰীয়ে কিয় উপযাচি বাচি ল’ব?) নিজকে শাৰিৰীক-মানসিকভাৱে বিধ্বস্ত কৰি এচাম বিকৃত মানসিকতাৰ পুৰুষক টকাৰ বিনিময়ত দৈহিক সুখ দি সমাজখন নাৰীৰ বাবে সুৰক্ষিত কৰাৰ দায়িত্ব তেওঁলোকে (সেই নাৰীসকলে) কিয় ল’ব? সেই দায়িত্ব তেওঁলোকৰ হয় জানো? তেওঁলোকক তেওঁলোকৰ অভিভাৱক বা আন সম্বন্ধীয় লোকসকলে সেই বেশ্যালয়বোৰত দেহ বেচিবলৈ যাবলৈ অনুমতি দিবনে? তেওঁলোকক সেই বেশ্যালয়বোৰলৈ আহি টকাৰ বিনিময়ত দেহ ব্যৱসায় কৰিবলৈ বাধ্য কৰোৱা হ’ব নেকি? বেশ্যালয়বোৰত কাম কৰা সেই নাৰীসকলক সমাজে কেনে দৃষ্টিৰে চাব? তেওঁলোকক সমাজৰ সকলোৱে সন্মান কৰিবনে? বেশ্যালয়ৰ বাহিৰত তেওঁলোকৰ সামাজিক অৱস্থিতি কেনে হ’ব? তেওঁলোকক কোনোবাই বিয়া কৰাবনে? বয়স হৈ অহাৰ পিছত যেতিয়া তেওঁলোকে দেহ বেচিব নোৱাৰা হ’ব তেতিয়া তেওঁলোকৰ দায়িত্ব কোনে ল’ব? এই বেশ্যালয়বোৰে সমাজত নাৰী অপহৰণৰ দৰে অপৰাধ এতিয়াতকৈ কেইবাগুণে বঢ়াব নেকি? যদি বঢ়াব, তেন্তে সেই অপৰাধবোৰৰ ভুক্তভূগীসকলৰ (victims) দায়িত্ব কোনে ল’ব? বেশ্যালয়লৈ গ্ৰাহক হিচাপে কোন যাব বা বেশ্যালয়লৈ গ্ৰাহক হিচাপে যাবলৈ কোনে কাক কেনেকৈ বাধা দিব? টকাৰ বিনিময়ত সহজলভ্য যৌনতা এটা সামাজিক সমস্যা হৈ উঠিবনেকি? সেই টকাৰ বাবে কোনোবা যুৱকে ঘৰত কাজিয়া কৰিবনেকি আৰু তাৰ ফলাফল কেনে হ’ব? (যেনেদৰে কোনোবা দুখীয়া কৃষক পিতৃয়ে সন্তানৰ বাইকৰ দাৱী পুৰন কৰিবলৈ অৱশেষত নিজৰ মাটিখিনিকে বন্ধকত দি ধাৰ কৰিবলগীয়া হয়।) STD (Sexually Transmitted Diseases) দ্ৰুতগতিত বাঢ়ি যাব নেকি? সকলোতকৈ ডাঙৰ প্ৰশ্ন – বেশ্যাবৃত্তিটোক সন্মানৰ চকুৰে চোৱা হ’বনে? এনেধৰণৰ বেশ্যালয়বোৰক আৰু সেই বেশ্যালয়বোৰৰ বেশ্যাসকলক অসমীয়া/ভাৰতীয় সমাজে কেনেদৰে গ্ৰহণ কৰিব? এই প্ৰশ্নবোৰৰ নিজেই নিজকে দিয়া উত্তৰবোৰত আমি অকনো সন্তুষ্ট হ’ব পৰা নাই বাবেই আমি এইধৰণৰ বেশ্যালয় স্থাপনৰ কথাটো সমৰ্থন কৰিবলৈ আমি দ্বিধাগ্ৰস্ত। কিন্তু ধৰ্ষণকাৰীৰ শাস্তি সন্দৰ্ভত আমি মুঠেই দ্বিধাগ্ৰস্ত নহয়, আৰু আমাৰ মতে ধৰ্ষণকাৰীৰ একমাত্ৰ শাস্তি হোৱা উচিত তাৎক্ষণিক মৃত্যুদণ্ড। এটা সক্ষম পুলিচ ব্যৱস্থা (যি ব্যৱস্থাই নাৰীৰ বিৰুদ্ধে সংঘটিত প্ৰতিটো ঘটনাৰে অপৰাধীক অতি শীঘ্ৰে কাৰায়ত্ব কৰি আইনৰ হাতত তুলি দিব) আৰু কঠোৰ, নিশ্চিত আৰু তাৎক্ষণিক আইনী শাস্তিৰ অবিহনে নাৰীৰ বিৰুদ্ধে অপৰাধ ৰোধ কৰিব নোৱাৰি – এই কথাটো আমি দৃঢ়তাৰে বিশ্বাস কৰো।

শেষত আৰু এটা কথা – নাৰীৰ বিৰুদ্ধে সংঘটিত হোৱা অপৰাধৰ বিভিন্নতা যেনেকৈ আছে সংখ্যাও তেনেদৰে অগনিত আৰু এই ক্ষেত্ৰত ধৰ্ষণেই একমাত্ৰ অপৰাধ নহয়। আমাৰ ভাৰতীয় পুৰুষতান্ত্ৰিক সমাজখনত নাৰীৰ বিৰুদ্ধে প্ৰতিদিনে যিবোৰ অপৰাধ সংঘটিত হয় সেইবোৰে সকলো প্ৰকৃত পুৰুষকে লজ্জানত হবলৈ বাধ্য কৰিব। ডমেষ্টিক ভায়োলেন্স, অনাৰ কিলিং, ডাইনীৰ নামত হত্যা, যৌতুকৰ বাবে অত্যাচাৰ, প্ৰেমত বিফল হৈ নাৰীগৰাকীক এচিদেৰে আক্ৰমণ, ধৰ্মৰ নামত অথবা কোনোবা ধৰ্মশাস্ত্ৰৰ দোহাই দি অথবা কিছুমান যুক্তিহীন অন্ধবিশ্বাস-কুসংস্কাৰৰ ফলস্বৰূপে নাৰীৰ প্ৰতি অশালীন মন্তব্য কৰাৰ লগতে নানা বান্ধোন আৰোপ কৰিব খুজি নাৰী-স্বাধীনতাক খৰ্ব কৰা আৰু লগতে একেসময়তে পুৰুষৰ মনত নাৰীক দমন কৰি ৰাখিবলৈ একধৰনৰ বিভৎস মানসিকতা গঢ়ি তোলা, প্ৰেমৰ বিৰুদ্ধে আৰু নাৰীৰ বিৰুদ্ধে খাপ পঞ্চায়তৰ বিভৎস ৰায়দান, প্ৰেমৰ নামত প্ৰথমতে প্ৰলোভন আৰু কূটকৌশল, তাৰ পিছত যৌনতা আৰু তাৰ পিছত প্ৰৱঞ্চনা, ধৰ্ষণ, ব্লেকমেইল, হত্যা, আত্মহত্যাৰ বাবে প্ৰৰোচনা/বাধ্য কৰোৱা আদিৰ দৰে অসংখ্য অপৰাধ নিতৌ সংঘটিত হৈ আছে নাৰীৰ বিৰুদ্ধে। এইবোৰ অপৰাধৰ বাবেও দোষীক উপযুক্ত আৰু নিৰ্দিষ্ট শাস্তিৰ ব্যৱস্থা কৰি সেই শাস্তিকো তাৎক্ষণিকভাৱে কাৰ্য্যকৰী কৰা উচিত। আৰু এটা আচৰিত কথা অস্বীকাৰ কৰা বৃথা যে বহুসময়ত এগৰাকী নাৰীয়েই আন এগৰাকী নাৰীৰ প্ৰধান উৎপীড়ক হৈ উঠে। বিশেষকৈ ডমেষ্টিক ভায়োলেন্সৰ ক্ষেত্ৰত বহুসময়ত এগৰাকী বা কেইগৰাকীমান নাৰীয়েই আন এগৰাকী নাৰীৰ বিৰুদ্ধে থিয় দিয়ে। আনকি ধৰ্ষণৰ দৰে জঘণ্য অপৰাধতো নাৰীয়ে পুৰুষক সহযোগ কৰাৰ অসংখ্য উদাহৰণ আছে। বহুতে বিশ্বাস নকৰিব - ভাৰতৰ জেইলসমূহত বন্দী হৈ থকা এনে ধৰণৰ নাৰী কয়েদীৰ সংখ্যা কম নহয় যিসকলে এজন/কেইজনমান পুৰুষক আন কোনোবা এগৰাকী অসহায় নাৰীক ধৰ্ষণ কৰিবলৈ সহায় কৰিছিল, সেই ধৰ্ষণকাৰ্য্যত সেই পুৰুষসকলক সহযোগ কৰিছিল। এইবোৰ অপৰাধীৰ বাবেও একেই কঠোৰ, নিশ্চিত আৰু তাৎক্ষণিক শাস্তিৰ ব্যৱস্থা থাকিব লাগে।

(লেখাটোত প্ৰকাশিত চিন্তা আৰু মতামতখিনি লেখকৰ একান্ত ব্যক্তিগত আৰু পদৱী/কাৰ্য্যালয় আদিৰ সৈতে কোনো সম্পৰ্ক নাই।)

2 comments:

  1. শক্তিশালী লেখা। কিন্তু, মৃত্যুদণ্ডৰ সমৰ্থনত দিয়া যুক্তিকেইটাত মই সন্তুষ্ট নহয়। কাৰণ, যুক্তিখিনি লেখকৰ ব্যক্তিগত অনুভৱৰপৰা উদ্বৃতহে। লেখকে অপৰাধীকেইজনক ব্যক্তিগতভাৱে লগ পোৱাৰ বাবে তেখেতৰ যি খং উঠিছে, সেয়া স্বাভাৱিক, আৰু তাৰ প্ৰতিক্ৰিয়া স্বৰূপে তেখেতৰ মনলৈ যি ভাৱ আহিছে, সেয়াও স্বাভাৱিক। কিন্তু, তেনেকুৱা এটা-দুটা ঘটনাৰ অভিজ্ঞতাৰে সামগ্ৰিক বিশ্লেষণ কৰাটো এটা যৌক্তিক ভুল। ধৰ্ষণ যিহেতু এটা সংজ্ঞাবদ্ধ অপৰাধ, মানে অনুমতি অবিহনে জননেন্দ্ৰিয়ৰ প্ৰৱেশ মানেই আচলতে ধৰ্ষণ, এই কথাটো পাহৰিলে নচলিব। সকলো ধৰ্ষণৰ 'কেছ'-য়েই নিৰ্ভয়া কাণ্ডৰদৰে ভয়ংকৰ নহবও পাৰে। মই এটা সম্পূৰ্ণ সম্ভাৱনীয় উদাহৰণ দিব বিচাৰিছোঁ। ধৰি ল'লো, এজন ল'ৰা আৰু ছোৱালীৰ মাজত যৌন সম্বন্ধ সংঘটিত হ'ল (সম্পূৰ্ণ বুজাবুজিত) এমাহ পাছত গম পোৱা গ'ল ছোৱালীজনী সন্তান-সম্ভৱা, ছোৱালীৰ পৰিয়ালে কথাটো গম পালে, আৰু ছোৱালীজনীক ধমক দি সোধাত কৈ দিলে, 'ল'ৰাজনে তাইৰ লগত জোৰকৈ যৌন সম্বন্ধ স্থাপন কৰিছিল।' (এইটো আচৰিত বুলি মুঠেই নাভাবিব, কাৰণ প্ৰায়ে ল'ৰা-ছোৱালী পলাই যোৱাৰ পাছত ঘৰৰপৰা অপহৰণ আৰু ধৰ্ষণৰ গোচৰেই দিয়া হয়।) যদি ধৰ্ষণত মৃত্যুদণ্ডই আইনসংগত শাস্তি হয়, তেন্তে এইটো ঘটনাটো ল'ৰাজনৰ মৃত্যুদণ্ড হ'ব, যিটো সমীচিন হ'বনে? ল'ৰা-ছোৱালীজনীয়ে মিলি কৰা ভুলটোৰ মৃত্যুদণ্ডৰ দৰে শাস্তি হোৱাটো উচিতনে? যিকেইজন অপৰাধীক লেখকে লগ পাইছে, তেওঁলোকৰ মনোবৃত্তিয়েই সকলো ধৰ্ষণকাৰীৰে মনোবৃত্তি বুলি ধৰি লোৱাটো সেয়ে মোৰ বোধেৰে সমীচিন নহয়। অৱশ্যে 'মৃত্যুদণ্ড শাস্তি বুলি জনাহেঁতেন ল'ৰাজনে যৌন সম্বন্ধ নাপাতিলে্ই হেঁতেন' বুলি এটা মত ৰাখিব পাৰি, কিন্তু, তাতো এষাৰ কথা ৰৈ যায়, সেইটোৰ বাবে সাত বছৰৰ শাস্তি আছেই। সাত বছৰৰ শাস্তিটো মনত ৰাখিও ল'ৰাজনে যৌন সম্বন্ধৰপৰা দূৰত থাকিলেহেঁতেন। কিন্তু, বাস্তৱ ক্ষেত্ৰত তেনে নহয় বুলি আমি জানোৱেই।

    আকৌ আন এটা দিশ: বহু সময়ত বহু অপৰাধ আবেগৰ বশৱৰ্তী হৈ কৰা হয়, সেই সময়ত ৰাগীয়াল দ্ৰৱ্যৰ সেৱন আদিয়ে মানুহজনৰ হিতাহিত জ্ঞান আৰু দুৰ্বল কৰি পেলায়। ধৰ্ষণ আদি বহু সময়তে এনে আবেগিক দুৰ্বলতাৰ অপৰাধহে। আবেগৰ এই মুহূৰ্তত মানুহ এজনৰ মনলৈ শাস্তিৰ কথাটো আহেনে সেইটো নিৰ্ণয় কৰাটো অসম্ভৱ। যদি ধৰিও লওঁ যে আহে, তেতিয়া নিশ্চয় অপৰাধটো সংঘটিত কৰাৰ পাছত যেতিয়া হিতাহিত জ্ঞান ঘূৰি আহিব তেতিয়াহে মানুহজনে নিজৰ ভুল বুজিব পাৰিব, আৰু এইবাৰ সাক্ষ্য নষ্ট কৰি পুলিচৰ হাতৰপৰা সাৰি অহাৰহে চেষ্টা চলাব। গতিকেই প্ৰথম লক্ষ্য হ'ব অপৰাধৰ লক্ষ্যটোক আঁতৰ কৰা। অৰ্থাৎ যিটো আছিল আবেগৰ বশৱৰ্তী হৈ কৰা অপৰাধ, সেইটো এইবাৰ শীতল মস্তিষ্কৰ অপৰাধলৈ পৰিৱৰ্তন হ'ব, আৰু শীতল মস্তিষ্কৰ অপৰাধ ধৰা পেলোৱাটো আবেগসৰ্বস্ব অপৰাধতকৈ বেছি জটিল।

    কিন্তু, এইখিনি অকল আমাৰ নিজৰ মস্তিষ্কপ্ৰসূত বুলি ধৰি নল'ব। শাস্তিৰ ভয়াবহতা আৰু অপৰাধ নিয়ন্ত্ৰণৰ বাবে ১৯৯৯ চনত ব্ৰিটিছ চৰকাৰে কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ অপৰাধতত্ব বিভাগৰ দ্বাৰা চলোৱা এক সমীক্ষাৰ ৰিপোৰ্টত দিয়া মতামত এনেকুৱা বিধৰ: "“…the studies reviewed do not provide a basis for inferring that increasing the severity of sentences generally is capable of enhancing deterrent effects" , কিন্তু আন এটা দিশ আন দুজন অপৰাধতাত্বিকে উল্লেখ কৰিছে, "punishment certainty is far more consistently found to deter crime than punishment severity, and the extra-legal consequences of crime seem at least as great a deterrent as the legal consequences." (মূল গৱেষণাপত্ৰখনৰ লিংক তলত গাঁঠি দিছোঁ।)

    সেয়ে সকলো দিশ চালি-জাৰি চাই মোৰ এতিয়াও স্পষ্ট অভিমত যে অকল মৃত্যুদণ্ড দি কোনোদিনেই কোনো অপৰাধ কমাব পৰা নাযাব। কাৰণ, অপৰাধ কৰোঁতাজনে সদায়ে তেওঁ বাচি যাব বুলিয়েই অপৰাধ কৰে। লেখকে উল্লেখ কৰাৰ দৰে আচলতে অপৰাধ এটা কৰিলে্ই 'ধৰা পৰিমেই' আৰু 'পৰিলেই শাস্তি হ'বই' এই দুটা বস্তুৰ নিশ্চয়তা্ই হে অপৰাধ কমোৱাত সহায় কৰিব পাৰে। এই দুটা বস্তুত গুৰুত্ব নিদি অকল শাস্তি কি হ'ব লাগে, সেইটোতহে গুৰুত্ব দি থাকিলে কোনো অপৰাধেই কমিব বুলি মনে নধৰে।

    আচলতে ভাৰতীয় দণ্ডবিধিৰ কিছুমান কথা মই মুঠেই নুবুজোঁ, যেনে, ধৰ্ষণ যি ধৰণৰে নহওঁক, তাত সাত বছৰতকৈ অধিক কাৰাদণ্ড হ'ব নোৱাৰিব। বা এশ টকা ঘোচ লোৱা, আৰু এহেজাৰ কোটি ঘোচ লোৱাৰ ক্ষেত্ৰতো সৰ্বাধিক শাস্তি একেই হ'ব এইটো কেনেকুৱা কথা? তেনেদৰে ঘোচ লোৱা আৰু দিয়াজনৰ অপৰাধ সমান কিয়? যথাবিহিত হ'ব লগীয়া কাম এটাত অযথা বিলম্ব ঘটাই শেষত পইচা আদায় দিবলৈ বাধ্য হোৱা মানুহজনৰ অপৰাধ লোৱাজনৰ সমান কেনেকৈ হয়, (ইয়াত এটা আমোদজনক কথা এইটো যে যেতিয়ালৈ আপুনি পইচা দিয়া নাই, তেতিয়ালৈ আচলতে অপৰাধেই সংঘটিত হোৱা নাই, গতিকে আপুনি পুলিচত গোচৰ তৰিবই নোৱাৰে! অৱশ্যে বেলেগ উপায় আছে।)


    ReplyDelete
  2. মোৰ দৃষ্টিত প্ৰতিটো অপৰাধতে অপৰাধৰ গুৰুত্ব, স্থান-কাল-পাত্ৰ, অপৰাধীৰ মানসিকতা আদিৰ ওপৰত নিৰ্ভৰ কৰি বেলেগ বেলেগ শাস্তি হ'ব লাগে। যেনে, নিৰ্ভয়াৰ ঘটনাটোত অপৰাধীৰ মৃত্যুদণ্ড হ'লেও মোৰ ক'বলগীয়া নাই। (যদি মই সামগ্ৰিকভৱে মৃত্যুদণ্ডৰ বিৰোধী, কিন্তু ভাৰতীয় আইনত বিধান আছে যেতিয়া মই মানি লৈছোঁ) কিন্তু, ম্ই উদাহৰণ দিয়াৰ দৰে ঘটনাতো যদি মৃত্যুদণ্ড দিয়া হয়, তেন্তে আপত্তি আছে।

    মুক্ত বেশ্যালয় পাতি ধৰ্ষণ ৰখাব পৰা যাব বুলি কোনোবাই কিয় ভাবিলে সেইটো মই বুজিয়েই নাপালো। যদি যৌন সম্বন্ধ কৰিব নোৱাৰিহে মানুহে ধৰ্ষণ কৰে বুলি কোনোবাই ভাবিছে, তেন্তে বিবাহিত পুৰুষে কিয় ধৰ্ষণ কৰে সেইটো প্ৰশ্ন ৰৈয়েই যায়। গতিকে, আলোচনাৰ সেই দিশটো মই একেবাৰেই বাদ দিছোঁ।
    __________________
    ওপৰত দিয়া তথ্যৰ লিংক:
    http://www.sentencingproject.org/doc/Deterrence%20Briefing%20.pdf

    ReplyDelete