হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This

লোকেল গুজৱ.কম
১. অসমৰ সাহিত্য চফা অভিযানত পৰমানন্দ লাভ কৰা দখলকাৰী বাহিনীয়ে সংবিধান সংশোধন কৰিবলৈ চেষ্টা চলোৱাৰ বাতৰি প্ৰকাশ পাইছে। কেৱল তিনি বছৰ কিয়, চকীত ফেভিকল আঠা লগোৱাৰ অধিকাৰ দিয়াকৈ সাংবিধানিক দিহা কৰাহে উচিত বুলিও সচেতন মহলে মত প্ৰকাশ কৰিছে। এই সকল পদাধিকাৰীক সাহিত্যৰ ক্ষেত্ৰত লবীবাজিৰ বিকাশৰ বাবে কৰা গৱেষণাৰ বাবে সন্মানীয় ডক্টৰেটো দিব লাগে বুলিও দাবী উঠিছে।

২. অসমত আহিব লগা চৰকাৰখন টেটুলৈকে ধাৰত পোত যাব বুলি আজি তথ্য সহ বাতৰি কাকতত প্ৰকাশ পাইছে। এনেকৈ টেটুলৈকে ধাৰে পোতযোৱা চৰকাৰত বহিবলৈ বা বহাবলৈনো দিল্লীৰ পৰা বৰমূৰীয়া সকলে কিয় তাঁত-বাতি কৰি আছে, তাকেহে সদৌ অসম খাৰখোৱা নাগৰিক সংঘই বুজিব পৰা নাই বুলিও মত প্ৰকাশ কৰিছে।

৩. সদৌ অসম ভিত্তি সূতা-কম্বল বিতৰণ আঁচনি চলিয়েই থাকিব বুলি ৰাতিফুল চাহাবে স্পষ্ট কৰি দিছে। ৰাতা-ৰাতি কম্বল-সূতা বিলোৱাত সিদ্ধহস্ত চাহাবজনে এইবাৰ আগতীয়াকৈ দিনতে বিলোৱাৰ অফিচিয়েল দিহা কৰাটোও চৰকাৰ মহাশয়ৰ কৃৰ্তিত্ব বুলিও দাবী কৰিছে।

৪. যোৰহাটত ঘোঁৰা দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ পৰা প্ৰেৰণা লাভ কৰি অকমন্য নেতাক গাধৰ পিঠিত তুলি দৌৰোৱা প্ৰতিযোগিতাও অনুষ্ঠিত কৰিব লাগে বুলি খাৰখোৱা সচেতন নাগৰিক সংঘই দাবী তুলিছে। ইয়াৰ লগতে দুৰ্নীতিত লোদোৰ পোদোৰ হোৱা পেটুৱা-ঘোঁচখোৰ সকলকো চূণ তেল সানি দৌৰোৱাৰ ব্যৱস্থা কৰিলেহে সমাজলৈ সুদিন আহিব বুলিও সংঘই ভৱিষ্যতবাণী কৰা বুলিও জানিব পৰা গৈছে।

৫. অসম বগাহাতী পাৰ্টিয়ে আজি নীতি নিৰ্ধাৰণ সভা অনুষ্ঠিত কৰিছে। পদুম পাত বাহিনীৰ কোটি টকীয়া প্ৰলোভনৰ বিপৰীতে হাতোৰা পাৰ্টিৰ মহাবুজাবুজিৰ টোপৰ পৰিপ্ৰেক্ষিততে এই সভা পতা বুলি জানিব পৰা গৈছে। বগাহাতীৰ পোহাৰ খৰছ ইমান বেছি হৈ গৈছে যে যিকোনো এটা টোপ নিগিলিলে নহব বুলিয়েই মালিক সকলে অনুভৱ কৰিছে। এতিয়া টোপ ডিঙিত লাগি ধৰি হাতী সিফলীয়া হয় বুলিহে ভয় হোৱা বুলি নীতি নিৰ্ধাৰণ কমিটিৰ এগৰাকী সদস্যই শংকা প্ৰকাশ কৰিছে।

৬. অসমত সম্প্ৰতি খেৰৰ জুমুঠি আৰু কাপোৰৰ প্ৰতিমূৰ্তিৰ চাহিদা বৃদ্ধি পাইছে। জানিব পৰা মতে হাঁহিৰাম গগৈৰ জুমুঠিতকৈ সৰ্বেসৰ্বাৰহে জুমুঠিৰ চাহিদা বৃদ্ধি পোৱাৰ গোপন খবৰ। শাসনত থকাজনতকৈ ভাবী প্ৰাৰ্থীৰ এনে চাহিদা কোনোপক্ষেই শুভলক্ষণ নহয় বুলিও ৰাজনৈতিক জ্যোতিষী হিৰো ইয়ঙে প্ৰকাশ কৰিছে। তেওঁ ইতিমধ্যেই সেইবিষয়ত গোপন তাবিজ সৰ্বেসৰ্বাৰ বাবে তৈয়াৰ কৰাৰো প্ৰস্তুতি চলোৱা বুলিও গোপন খবৰ প্ৰকাশ পাইছে।

৭. অসমত পাতিব লগা চাফ গেমছৰ বাবে অহা খেলুৱৈৰ আলাই-আথানি হোৱাৰ খবৰে সংবাদ শিৰোনামা দখল কৰিছে। এই বিষয়ত স্মাৰ্ট দিল্লীৱালাই কিয়নো স্মাৰ্ট এপৰ ব্যৱস্থা নকৰিলে বুলিও এতিয়া প্ৰশ্ন উঠিছে। উপায়বিহীন হৈ বিষয়টোত সহায়ক হোৱাকৈ এগৰাকী খাৰখোৱা তথ্য-প্ৰযুক্তি বিশেষজ্ঞই আলৈ-আথানি.কম নামৰ এটা ৱেবচাইট খোলা বুলিও জানিব পৰা গৈছে। ইয়াতে খেলুৱৈ সকলে ওজৰ-আপত্তি তুলিবলৈকো সুবিধা দিয়া বুলিও জানিব পৰা গৈছে।

৮. পানী যোগান আঁচনিৰ সামগ্ৰী চুৰি কৰি ধৰা পৰা চোৰৰ ভাষ্যক লৈ এতিয়া লালটুপি বাহিনী বিপাঙত পৰাৰ খবৰ! এই নিমাখিত চোৰ কেইজনে চোৰ কৰাৰ পৰিমাণ হেনো ঠিকাদাৰ-বিষয়াই প্ৰকল্পটোৰ পৰা চুৰি কৰা ধনতকৈ লাখগুণ কম বুলি দাবী কৰি এতিয়া বিয়োগম চোৰক নধৰালৈকে শাস্তি মূৰ পাতি নলয় বুলি নিমাখিত চোৰে ওফোন্দ পতাৰ বাতৰিও প্ৰকাশ পাইছে। আনকি আমৰণ অন্নশণত বহি লালটুপি বিপাঙত পেলাবৰ পাঙ পতাৰ কথাও গোপন সূত্ৰত প্ৰকাশ পাইছে।

৯. বাংলাদেশৰ খেলুৱৈ সকলে অসমত থকা আত্মীয় সকলৰ খবৰ লবলৈ চেষ্টা কৰাত ন-নাগৰিক সংঘই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। যেনেতেনে ইয়াৰ ৰেচন কাৰ্ড, ভোটাৰ কাৰ্ড আদি গোটাই নিগাজি হোৱা সাধাৰণ লোকসকলক এতিয়া লেনচেলাই মৰম দেখুৱাই বিপদত পেলোৱাৰ কোনো প্ৰয়োজন নাই বুলিও খেলুৱৈ সকলক সংঘই সাৱধান কৰি দিয়াৰ গোপন খবৰ!

১০. দিল গাৰ্ডেন গাৰ্ডেনৰ বেপাৰত নমা খেতিবাতি সংগ্ৰামী সংঘই এতিয়া পুনৰ সাৰ পাই উঠিছে বুলি জানিব পৰা গৈছে। নিজৰ সাৰপোৱাৰ খবৰ জাহিৰ কৰিবলৈ পূৰ্বৰ দৰেই হুংকাৰ দিয়াৰ বাতৰিও বন্ধু সাংবাদিক সকলৰ যোগে প্ৰচাৰ মাধ্যমত প্ৰকাশ পাইছে। লগে লগেই প্ৰতিবাদী কাৰ্যসূচীৰ বাবে মানি-অন-কল ব্যৱস্থাৰ প্ৰতিফলন অতি সোনকালেই বেপাৰী সংঘই দেখিবলৈ পাব বুলিও জ্যোতিষী হিৰো ইয়ঙে ভৱিষ্যতবাণী কৰিছে!

No comments:

Post a Comment