পৰ্যবেক্ষণ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা


লোকসভাত ৰোহিত আৰু জেএনইউ বিতৰ্কঃ পোহৰ নপৰা কিছু প্ৰশ্ন
অজয় লাল দত্ত

                                                            (১)
সংসদ হ’ল যুক্তিপূৰ্ণ আলোচনাৰে দেশৰ সমস্যাৰ বিশ্লেষণ কৰি সমাধানৰ পথ নিৰ্ণয়ৰ থলী। বহুবাৰ কেৱল হৈ চৈৰ মাজতে বহুতো গুৰুত্বপৰ্ণ দিশ আলোচনা নোহোৱাকৈ হেৰায় যায়। তাৰ বিপৰীতে ৰোহিত ভেমুলা নামৰ স্কলাৰ গৰাকীৰ আত্মহত্যা আৰু জৱাহৰ লাল নেহৰু বিশ্ববিদ্যালয়ত দেশবিৰোধী শ্লোগানৰ ঘটনাৰ সন্দৰ্ভত লোকসভাত সাৰ্থক আলোচনাৰ উত্তৰ দি স্মৃতি ইৰাণীয়ে প্ৰদৰ্শন কৰা আক্ৰমণাত্মক ৰূপ তথা বিভাগীয় কাগজ পত্ৰৰ প্ৰদৰ্শনেৰে বিৰোধীক প্ৰায় পৃষ্ঠভংগ দিবলৈ বাধ্য কৰিলে। ছ'চিয়েল মেডিয়াত তেতিয়াৰ পৰাই তেখেতৰ এই ভাষণৰ বিষয়ে ট্ৰেণ্ডিং হবলৈ ধৰিছে আৰু খোদ প্ৰধানমন্ত্ৰীয়েও ভাষণৰ ভিডিঅ' টুইটাৰ যোগে শ্বেয়াৰ কৰি জনতাৰ দৃষ্টি আকৰ্ষণ কৰিছে। এই আলোচনাক সুস্থিৰভাৱে বিশ্লেষণ কৰি চোৱাৰ নিশ্চয়কৈ প্ৰয়োজন আছে। ৰাজনীতিৰ পথাৰত আবেগৰ পিঠিত উঠি, কাগজ জোকাৰি সাৱলীল অভিনয়েৰে প্ৰকৃত আহুকলীয়া প্ৰশ্নবোৰৰ পৰা নিৰাপদ স্থান গ্ৰহণ কৰাটো নতুন কথা নহয়। সদনতো তাৰ ব্যতিক্ৰম নহ'ল বুলি অনুভৱ কৰিলো।

প্ৰথমেই ৰোহিত ভেমুলা বিষয়ত, মন্ত্ৰীয়ে বিভিন্ন দলৰ সাংসদে দিয়া চিঠি তথা অনুৰোধৰ কথা ৰাজহুৱা কৰি, বিভিন্ন পক্ষই দিয়া চিঠিৰ বাবেও জবাবদিহি কৰাৰ উদাহৰণ দাঙি ধৰিলে। চিঠি পঠাই ইতিবাচক কাম সমাপন কৰাটো প্ৰশংসনীয় কথা, কৃৰ্তিত্বও মন্ত্ৰীৰে। একেদৰেই চিঠিৰে দিয়া অতিপাত চাপৰ ফলত নেতিবাচক ঘটনা সংঘটিত হলে, তাৰো নৈতিক দ্বায়িত্ব জানো তেখেতেৰ নহয়? এই প্ৰশ্নৰ উত্তৰ কিন্তু তেখেতে নিদিলে।

সহকৰ্মী সাংসদৰ অনুৰোধ ৰাখি কোটাৰ বাহিৰতো কেন্দ্ৰীয় বিদ্যালয় সমূহত চীট দিয়ায় বুলি কৰা ঘোষণাও, নিয়ম ভাঙিও খোলাকৈ ভ্ৰুকুতি দেখুওৱাৰ উদাহৰণেই নহয়নে? কংগ্ৰেছৰ সাংসদ হনুমন্ত ৰাওৱে হায়দৰাবাদ বিশ্ববিদ্যালয়ত পূৰ্বৰে পৰা চলিথকা জাতিভেদৰ বৈষম্যতাৰ ঘটনাৰাজিলৈ আঙুলিয়াই দি প্ৰতিব্যৱস্থা লবলৈ চিঠিৰে সঁকিয়াই দিছিল। মাত্ৰ চিঠি ফৰৱাৰ্ড কৰিয়েই অতি লাগতিয়াল কামটোৰ ক্ষেত্ৰত দায়িত্ব সামৰিছিল নেকি তেখেতে? তাৰ পাছতো এনে ঘটনা পুনৰ সংঘটিত হোৱাৰ নৈতিক দ্বায়িত্ব বিভাগীয় মুৰব্বী হিচাবে মন্ত্ৰীৰেই নহয় জানো? প্ৰতিব্যৱস্থা গ্ৰহণ কৰি সৱল ভাৱে প্ৰতিৰোধ গঢ়াৰ ক্ষেত্ৰত বিফলতাৰ! হয়তো তাৰ বাবে বিশ্ববিদ্যালয়ৰ স্বায়ত্ততাৰ কথা দোহাৰি বেলেগৰ কান্ধলৈ পেলাই, তাৰ পৰা হাত সাৰিব পৰা যাব!

হায়দৰাবাদ বিশ্ববিদ্যালয়ত দলিত আৰু পিছপৰা ছাত্ৰই বৈষম্য আৰু সামাজিক চাপৰ বলি হৈ আত্মহত্যাৰ ঘটনা নতুন নহয়। কংগ্ৰেছৰ দিনতো হৈছিল, সেই সূত্ৰেই এই দুবছৰতো ঘটিলে কংগ্ৰেছে মাত মতাটো অনুচিত! কংগ্ৰেছৰ কুশাসনৰ বাবেইতো ৰাইজে শাসক সলনি কৰিছিল। তেন্তে এই বিশ মাহতো সেই পৰিবেশৰ সলনি নহ'ল কিয়? কংগ্ৰেছৰ কুশাসনৰ আঁৰতে লুকাই নিজৰ বিফলতা জাষ্টিফাই কৰিব পাৰিনে? বা কৰাটো উচিতনে? বা কিমান দিনলৈ?

মন্ত্ৰীগৰাকীয়ে ৰোহিতৰ ঘটনাৰ সন্তাপৰ জুইত বিৰোধী দলে ৰাজনৈতিক ৰুটি সেকিবলৈ যোৱা বুলি অভিযোগ আনিছে, সেয়া সত্য! কিন্তু সেই সুবিধা দিছে কোনে? নিজা ৰাজনৈতিক দলৰ ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সৈতে হোৱা সংঘাতৰ ফলতেই জানো আম্বেদকাৰ ছাত্ৰ সংগঠনৰ সদস্য কেইজন নিলম্বিত হোৱা নাছিল? দেশৰ কলেজ বা বিশ্ববিদ্যালয়ত ছাত্ৰৰ মাজত মত বিৰোধ, সাংগঠনিক বিৰোধ আনকি মাৰপিটৰ ঘটনাও নতুন জানো? এনে ঘটনাক কিদৰে প্ৰশমন কৰা যায় তাক আনুষ্ঠানিকভাৱে উচ্চ শিক্ষিত সাধাৰণ মানুহ এজনেও জানে! প্ৰথম ঘটনাত দুনাই নকৰাৰ প্ৰতিশ্ৰুতি, দ্বিতীয় ঘটনাত পুনৰাবৃত্তিয়ে নিলম্বনৰ দৰে কেৰিয়াত আঘাত কৰাৰ ভয় দেখুওৱা জাননী আৰু তৃতীয় বাৰতহে এনে ভুল বাৰে বাৰে কৰিলে নিলম্বন বা কেৰিয়াত আঘাত হলেও কঠোৰ স্থিতি লোৱাটো অলিখিত নিয়ম!

বিশ্ববিদ্যালয়ে পোনতে তেনে পদক্ষেপেই লৈছিল। কিন্তু সেই বিচাৰত সন্তুষ্ট নোহোৱা এবিভিপিৰ ইগ সন্তুষ্ট কৰিবৰ বাবেহে স্থানীয় সাংসদ তথা মন্ত্ৰীয়ে ইৰাণী মহোদয়ালৈ চিঠি লিখিছিল। সঞ্চালকালয়ৰ পৰা পাঁচ বাৰকৈ চিঠি লিখি 'দলীয় ছাত্ৰসন্থাৰ ইগই সন্তোষ পোৱা' পৰ্যায়ৰ শাস্তি বিহাৰ বাবে হেঁচা প্ৰয়োগ কৰা হোৱা নাছিলনে? পূৰ্বতে বিশ্ববিদ্যালয়ে বিচাৰ-বিবেচনাৰ প্ৰক্ৰিয়া প্ৰায় শেষেই কৰিছিল, কিন্তু মন্ত্ৰীৰ চিঠিৰ হেঁচাত তাক খানি উলিয়াই টাৰ্গেট কৰাৰ দৰে ঘটনা ঘটে। ফলতহে ৰোহিত ভেমুলাক সংগীসহ দুভাৰ্গ্যজনক ভাৱে হোষ্টেলৰ পৰা নিলম্বন আৰু ফেলশ্বিপ বন্ধ কৰি দিয়া হয়। অৰ্থনৈতিক ভাৱে দুৰ্বল ছাত্ৰৰ ছমাহত লাখ টকাতকৈ অধিক ফেলশ্বিপ বন্ধ কৰি মানসিক হেঁচা দিয়াৰ বাবে বিশ্ববিদ্যালয় তথা বিভাগটোৱেই দায়ী নহয়নে। ঠিক আছে, এমাহ মানৰ বাবে নিলম্বন কৰিলেও মানুহে বন্ধুৰ আশ্ৰয়ত চম্ভালি লব পাৰে, দীৰ্ঘদিনৰ ন্যায়হীনতাই মানুহক বিতুষ্ট আৰু প্ৰৰোচিতই নকৰেনে? এই পুনৰ বিচাৰ আৰু একে দোষতে বৰ্হিঃ হেঁচাত গুৰু শাস্তিৰে এজন সম্ভাৱনাপূৰ্ণ গৱেষকক মৃত্যুৰ ফালে ঠেলি দিয়াত কাৰ অৰিহণা আছে, সেই কথা কেৱল কাগজ জোকাৰি, বহুত চিঠি লিখাৰ কৃৰ্তিত্ব লোৱাজনে যে এই এই নেতিবাচক ঘটনাৰ বাবেও নৈতিক ভাৱে দায়ী, সেয়া কোনোবাই অস্বীকাৰ কৰিব পাৰিবনে? ৰাজনীতিত নৈতিকতাৰ স্থান নাই, সেই প্ৰত্যক্ষ কোনো প্ৰমাণ নাই বুলি দায় সাৰিব পাৰি, আৰু সেই কামেই আবেগিক ভাৱে কাগজ জোকাৰি মন্ত্ৰীগৰাকীয়ে সাৱলীল ভাৱে সংসদত কৰি দেখুৱালে। কিন্তু ৰোহিত ঘটনাত পিছদিনা পুৱালৈকে কোনো ডাক্তৰক আহিবলৈ নিদিয়া বুলি মন্ত্ৰীয়ে কৰা অভিযোগৰো প্ৰত্যুত্তৰ আহিছে। সন্ধিয়াই ঘটনা পোহৰলৈ অহাৰ লগে লগেই তেলেংগনা পুলিচৰ উপস্থিতিত বিশ্ববিদ্যালয়ৰ স্বাস্থ্য কেন্দ্ৰৰ ডাক্তৰ উপস্থিত হৈ পালচ চাই ৰোহিতক মৃত ঘোষণা কৰিছিল বুলিও চ'চিয়েল মেডিয়া যোগে ভিডিঅ'ও আপলোড কৰি প্ৰকাশ কৰিছে। এই বিষয়ত মিথ্যাচাৰৰ অভিযোগৰো এতিয়া উত্তৰৰ আৱশ্যক নিশ্চয়কৈ হব।
(২)
নিযুক্তি কোন দলৰ চৰকাৰৰ দিনত পাইছিল, সেই কথাই চৰকাৰী চাকৰিয়াল এজনৰ কামত বেছি প্ৰভাৱ পেলায়নে? ঘৰ-পৰিয়াল থকা একোজন চাকৰিয়ালে, বৰ্তমানৰ ওপৰৱালাই কি বিচাৰে সেই মতেহে কাম কৰিবলৈ বাধ্য হয়, নহ'লে যে চাকৰি বাচি থকাৰ সম্ভাৱনা নাথাকে। সেই সূত্ৰে অমুক অমুক ৰিপৰ্ট দিয়া মানুহ দেখুন কংগ্ৰেছৰ দিনতে নিযুক্ত বুলি কলেই যে, বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰীয়ে বিচৰা অনুসৰি যে ৰিপৰ্ট দাখিল নকৰিব বুলি জানো কথা থাকিব পাৰে! শাসকৰ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত লক্ষ্য আগতীয়াকৈ প্ৰকাশ পালে, চৰকাৰী চাকৰিয়ালে ওপৰৱালা মন্ত্ৰীৰ সুবিধা হোৱাকৈ ৰিপৰ্ট নিদি নোৱাৰে বুলিয়েই দৃঢ় বিশ্বাস। একেদৰেই ঠিকাভিত্তিত নিযুক্ত জেএনইউৰ সুৰক্ষা কৰ্মীয়ে মন্ত্ৰীয়ে বিচাৰিছে বুলি ক'লে, যিয়েই যি ৰিপৰ্ট টাইপ কৰি নানক লাগে তাত চহী নকৰাৰ বিকল্প থাকিব পাৰেনে? এনেবোৰ সৰল প্ৰশ্নই আচলতে নিজৰ কৰ্মত হৈ যোৱা ভুল ঢাকি কাগজৰ আঁৰত মুখ লুকুবাবলৈ এক পৰিকল্পিত অভিনয়হে সদনত দেখা গ’ল, কাৰোবাৰ মনত ভাৱৰ উদ্ৰেক কৰিব পাৰে। ইণ্ডিয়া-টুডেৰ ষ্টিং অপাৰেচনত নিৰাপত্তাৰক্ষী সকলে মন্ত্ৰীয়ে দেখুওৱা কাগজৰ বিপৰীত ভাষ্যহে প্ৰদান কৰাটোও অতিশয় লক্ষণীয় কথাই নহয়নে?

কেইবাজনো বিৰোধী সাংসদে এইখন দেশত এইখন চৰকাৰৰ অধীনত ৰোহিত ভেমুলাই ন্যায় নাপায় বুলি মুক্তকণ্ঠে ঘোষণা কৰিলে। চৰকাৰখনৰ দলিত বিৰোধী নীতিলৈ তেখেতলোকে আঙুলিয়াই দিছে। ইফালে দিল্লীৰ পদপথত হোৱা ৰোহিতৰ স্মৃতিত প্ৰতিবাদী সমদলত মাতৃ গৰাকীৰ দুচকুৰে নিগৰা চকুলোৰ ফটো ইণ্ডিয়ান এক্সপ্ৰেছে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এগৰাকী মাতৃ হোৱাৰ সমবেদনাও সদনত দাবী কৰা ইৰাণী মহোদয়াক আমিও প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী সহিত সদনৰ সদস্য সকলৰ এদিনৰ দৰমহা সন্তানহাৰা ক্ষতিপূৰণ ৰূপে ৰোহিতৰ মাতৃক প্ৰদান কৰাৰ দিহা কৰিবলৈকো টুইটাৰ যোগে আহ্বান জনাইছো।
(৩)
সংসদ আক্ৰমণৰ ঘটনাৰ বাবে উচ্চতম ন্যায়ালয়ে দোষী সাব্যস্ত কৰা আফজল গুৰুৰ ফাঁচিৰ বৰ্ষপুতিত জেএনইউত কেইজনমান ছাত্ৰই আয়োজন কৰা 'ডাকঘৰ নথকা এখন দেশ' শীৰ্ষক অনুষ্ঠানত দেশ বিৰোধী শ্লোগানৰ ধ্বনি গুঞ্জৰিত হ'ল। দেশক টুকুৰা টুকুৰ কৰা, আফজলৰ আধৰুৱা কাম শেষ কৰা, কাশ্মীৰৰ আজাদী বিচৰাকে ধৰি প্ৰায় ৩০টা দেশ বিৰোধী শ্লোগানৰ কথা দিল্লী পুলিচৰ ৰিপৰ্টত প্ৰকাশ পাইছে। ঘটনাটোৰ পটভূমি বিচাৰ নকৰাকৈ, কেৱল আবেগ আৰু ৰাজনৈতিক লাভালাভৰ স্বাৰ্থত গোটেই দেশতে ৰাষ্ট্ৰপ্ৰেমী আৰু ৰাষ্ট্ৰদ্ৰোহী লেবেলেৰে সমাজখনক ভগাবলৈ চেষ্টা কৰা হ'ল। আৰু এই কামত অৰ্ধ-সত্য গুজৱৰ ভিত্তিত সাম্প্ৰদায়িক সংঘৰ্ষৰ প্ৰযোজনা কৰাৰ ইতিহাস থকা সংগঠন সমূহ সাংঘাতিক ভাৱে সফল হ'ল। সাধাৰণ মানুহৰ মনত আবেগিক ঘৃণাৰ ভাৱ জাগ্ৰত কৰাতো অভিজ্ঞ এই সংগঠন সমূহৰ মূল আহিলা চ'চিয়েল মেডিয়াৰ দৰে মুক্ত মাধ্যমৰ লগতে হোৱাটচ-এপৰ দৰে গোপনীয়তা থকা মাধ্যম সমূহো। তাত হাত উজান দিলে, অৰ্ধ-সত্য বিশ্লেষণৰ জৰিয়তে দেশৰ কেইবাটাও জনপ্ৰিয় টিভি চেনেলেও।

পিছে ফটোচপ কৰা ফটো, এডিট কৰা ভিডিঅ'ৰ কথা পোহৰলৈ অহাত, এই অৰ্ধ-সত্যৰে ধুমুহাত এসপ্তাহৰ ভিতৰতে অলপ লেকাম লাগিল। কিন্তু মানুহৰ মনত ভাল কথা বা ভালপোৱাৰ কথা ৰোপন কৰাটো অতি কঠিন কাম, কিন্তু ঘৃণাৰ ভাৱ ৰোপন কৰিবলৈ ক্ষণিকো নালাগে। সেই কামত কিন্তু সাংঘাতিক ভাৱে সফল হ'ল ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ ভগ্নী সংগঠন সমূহৰ সমৰ্থক সকল। এতিয়া দিল্লীৰ অটোচালক সকলৰ উদাহৰণ ললেও, মনত যেতিয়া জেএনইউৰ মানেই দেশদ্ৰোহীৰ দল, এনে ঘৃণাৰ ভাৱ এটা উদ্দেশ্যপ্ৰণোদিত ভাৱে ভৰাই দিয়া হ'ল, তাক এতিয়া সংসদৰ ভাষণত 'এমুঠিমান দুস্কৃতিকাৰীহে দেশদ্ৰোহী' আছিল বুলি কলেই ঘৃণা আঁতৰি সদভাৱ জাগ্ৰত হবনে? এনে প্ৰশ্নৰ উত্তৰ দিবলৈ কিন্তু ৰাজনৈতিক নেতা সকলে কেতিয়াও নিবিচাৰে, কাৰণ অৰ্ধসত্য আৰু ঘৃণাৰ ওপৰতে চলে তেওঁলোকৰ সান্দহ খোৱাৰ খেলখন!
(৪)
উচ্চতম ন্যায়ালয়ৰ ৰায়দানতো আফজল গুৰু ফাঁচি দেশৰ সামুহিক বিবেকক সন্তুষ্ট কৰিবৰ বাবেহে দিয়া হৈছিল বুলি উল্লেখ আছে। প্ৰথম দৃষ্টিত সংসদ আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত ব্যক্তিৰ ফাঁচিত সকলোৱেই সন্তোষিত হোৱাৰেই কথা। কিন্তু আফজল গুৰুক ফাঁচি দিয়াৰ সেই ৰায়ৰ সৈতে সহমত পোষণ নকৰা লোকো নিশ্চয়কৈ আছে। কোনোবাই কেৱল দেশত কেপিটেল পানিছমেণ্ট ব্যৱস্থাৰ বাতিল হব লাগে বুলি ভাৱে, সেই সূত্ৰে ফাঁচিৰ বিৰোধিতা কৰিছে (আফজল বা কেচটো নাচায়ো), কোনোবাই আকৌ ৰাতাৰাতি গোপনে কিয় ফাঁচি দিয়া হ'ল, ঘৰ পৰিয়ালৰ সৈতে শেষ সাক্ষাতৰ অধিকাৰকনো হনন কৰাৰহে বিৰোধিতা কৰিছে। কোনোবাই আকৌ স্বাধীন কাশ্মীৰৰ সপোনতে মগন, তেওঁলোকৰ মতে কাশ্মীৰৰ দীৰ্ঘদিনীয়া আত্ম-নিয়ন্ত্ৰণৰ দাবীটোৰ প্ৰতি ভাৰত ৰাষ্ট্ৰক সৈমান কৰিবলৈ এনে প্ৰচণ্ড আঘাতৰ প্ৰয়োজন আছিল, আৰু সেই সূত্ৰে তেওঁ কাশ্মীৰৰ স্বাধীনতা সংগ্ৰামৰ শ্বহীদ! সকলোৰে নিজা নিজা ভোকেন্দ্ৰ বৰুৱাৰ দৰে লজিক আৰু ফিলচ'ফি আছে, কাৰোবাৰ দৃষ্টিত সেয়া নিজৰ সৰ্বোচ্চ উজাৰি দিব পৰাকৈ যুক্তিযুক্ত, কাৰোবাৰ দৃষ্টিত হয়তো সেয়া হাস্যকৰ! কিন্তু জনপ্ৰিয় গণমাধ্যমৰ আলোচনাবোৰত আফজল গুৰুৰ 'ফাঁচি'ৰ পৰিঘটনাক সমালোচনা কৰা সকলৰ দৃষ্টিকোনৰ ভিন্নতাক স্থান দিবলৈ অস্বীকাৰ কৰা হ’ল। আফজল গুৰুৰ ফাঁচিৰ ‘প্ৰক্ৰিয়া’ৰ বিৰোধিতা মানেই, সংসদ ভৱনৰ আক্ৰমণৰ সমৰ্থন কৰাৰ দৰে সৰলীকৰণ কৰাটো অতি দৃষ্টিকটুভাৱে সদনৰ মজিয়াতো শাসকীয় সাংসদে কৰা দেখিবলৈ পোৱা গ'ল।

একেদৰেই দেশবিৰোধী শ্লোগান দিয়া ছাত্ৰ সকলৰ বিৰুদ্ধে গ্ৰহণ কৰা আইনী ব্যৱস্থাৰ ক্ষেত্ৰতো ভিন্ন জনে ভিন্ন দৃষ্টিভংগীৰে ভিন্ন মত পোষণ কৰিছে। কোনোবাই আকৌ শ্লোগান দি ৰাজপথত চিঞৰি কৈছে, এই সকল দেশবিৰোধী শ্লোগান দিয়া সকলক এতিয়াই গুলী মাৰি দিব লাগে ( এইটো শ্লোগানক কিন্তু মানুহক উত্তেজিত কৰি হিংসা হাতত লবলৈ উচতনি দিয়াৰ প্ৰয়াস বুলি গণ্য কৰা হোৱা নাই!), কোনোবাই কৰ্টৰ পৰিসৰত অধিবক্তাৰ সাজতে পুলিচৰ জিম্মাত থকা জনক আক্ৰমণ কৰি পেণ্ট তিয়াই দিয়া বুলি কেমেৰাত সমুখত গৌৰৱ কৰিবলৈ সাহসো কৰিছে, সাংবাদিক, শিক্ষকক কৰ্টৰ ভিতৰতে মৰিয়াইছে, কোনোবাই টিভিৰ ষ্টুডিঅতে আত্মপক্ষ সমৰ্থনৰ সুযোগ নিদিয়াকৈ মাইক বন্ধ কৰি দি সন্ত্ৰাসবাদী বুলি লেবেল মাৰি দিছে! এই সকলে দেশৰ ন্যায় ব্যৱস্থাই সত্যাসত্য বিচাৰ কৰালৈ বাট চাবলৈ মন কৰা নাই। অসমৰ বাতৰি কাকততো সংঘৰ এগৰাকী প্ৰচাৰকে ন্যায়লয়তকৈ জনসাধাৰণ উৰ্ধত আৰু আমি হনুমানৰ দৰেই জুই লগা নেজ নিজৰ মুখেৰেই নুমুৱাবলৈ মুকলিকৈ আহ্বান জনাইছে! আইন হাতত তুলি লোৱাৰ প্ৰৱণতাক উচতনি দিয়া এনে ব্যক্তব্যৰ বিৰুদ্ধে আইনী ব্যৱস্থা কোনোটোত লোৱাই নাই, কোনোটোত অতি সৰল-কোমলকৈ নামমাত্ৰ লৈ আধা ঘণ্টাতে জামিন পোৱাৰ ব্যৱস্থা কৰা হৈছে। দিল্লী পুলিচৰ ইউ-টাৰ্ণ আৰু পক্ষপাতিত্বই গণতন্ত্ৰ আৰু ন্যায় ব্যৱস্থাক লৈ নতুন প্ৰশ্নৰ অৱতাৰণা কৰিছে।

তাৰ বিপৰীতে দেশবিৰোধী শ্লোগান সমূহক অগ্ৰাহ্য কৰিও একাংশ নাগৰিকে বিষয়টোত উত্তেজক ৰাজনীতিৰ খেল খেলিবলৈ ধৰা বুলি শাসকক সমালোচনা কৰিছে। কিছুৱে প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰি দেশবিৰোধী শ্লোগান দিয়া সকলৰ বিৰুদ্ধে উচিত ব্যৱস্থা লবলৈ আহ্বান জনাইছে। কিছুৱে আকৌ এয়া বাক্ স্বাধীনতা বুলিও মত দিছে আৰু আন কিছুৱে দেশ বিৰোধী শ্লোগানৰ এনে উদাহৰণক বাক্ স্বাধীনতাৰ সীমা চেৰোৱা বুলিও অনুভৱ কৰিছে! এই সকল ছাত্ৰৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰা বহুতেই আকৌ বৃটিছৰ দিনৰ ক'লা আইন ছাত্ৰ সকলৰ ওপৰত জাপি দিয়াটোৰহে বিৰোধিতা কৰিছে। আইনী বিশেষজ্ঞ সকলৰ মতেও শ্লোগানৰ সৈতে যিহেতু হিংসাত্মক ঘটনা সংযুক্ত হৈ থকা নাই, গতিকে ৰাষ্ট্ৰদ্ৰোহৰ দৰে ধাৰা জাপি দিয়াটো উচিত হোৱা নাই। কিন্তু শাসকীয় চৰকাৰে এই ধাৰাও জাপি দিবলৈ পুলিচ ফৰ্চক সেউজ সংকেত প্ৰদান কৰাত সমালোচিত হৈছে।

এতিয়া কিন্তু ইয়াতো এই ছাত্ৰ সকলৰ ওপৰত গ্ৰহণ কৰা পুলিচৰ পদক্ষেপক সমালোচনা কৰাত থকা ভিন্নতাক অৰ্ধ-সত্যৰে উত্তেজনাৰ খেল কৰা সকলে বুজি চাবলৈ অস্বীকাৰ কৰিছে। ৰাষ্ট্ৰদ্ৰোহৰ দৰে ধাৰা জাপিব লাগেনে নালাগে সেয়া বিতৰ্কৰ বিষয় বুলি খোদ গৃহমন্ত্ৰী ৰাজনাথ সিঙে সদনত কোৱা স্বত্বেও, দলীয় তথা ভগ্নী সংগঠনৰ সমৰ্থক সকলে, ছাত্ৰ সকলৰ সৈতে সহানুভূতি প্ৰকাশ কৰা বা ধাৰাক লৈ কৰা আপত্তিক সৰলীকৃত কৰি, সকলোকে ৰাষ্ট্ৰবিৰোধী আৰু নিজকে ৰাষ্ট্ৰপ্ৰেমী বুলি জাহিৰ কৰিবলৈ আপ্ৰাণ চেষ্টা চলাইছে। যিটো কথা অতি দৃষ্টিকটু আৰু অশুদ্ধ, যাৰ ঠাণ্ডা মগজুৰে, ভিন্ন যুক্তিৰ ভিন্নতাক স্বীকাৰ কৰিবলৈ ৰাইজে বিশ্লেষণ কৰাৰ প্ৰয়োজনীয়তা আছে।

একেদৰেই মহিষাসুৰক পূজা কৰাৰ ইতিহাস আদিবাসী সমাজৰ মাজত বহুদিনৰ পৰা প্ৰচলিত। বেছি সংখ্যকে দেৱী দূৰ্গাক পূজা কৰিলে বুলিয়েই যে মহিষাসুৰক পূজ্য বুলি ভবা সকলক তুচ্ছ প্ৰতিপন্ন কৰাটো জানো উচিত। কিন্তু তেনে এক প্ৰচেষ্টাই ইৰাণী মহোদয়াই সংসদত কৰিলে আৰু সেয়া আছিল, দূৰ্গাৰ বিৰুদ্ধে মহিষাসুৰৰ বিষয় উত্থাপন কৰি পশ্চিমবংগত বাক্-স্বাধীনতাক লৈ ৰাজনৈতিক প্ৰশ্ন তোলাটোহে! জেএনইউৰ কেম্পাচত নিজা জনগোষ্ঠীয় পৰম্পৰাক অনুসৰণ কৰিলে বুলিয়েই তাক সংখ্যাধিকৰ বিশ্বাসক থাপি দিয়াৰ প্ৰচেষ্টাৰে প্ৰশ্ন কৰা কিমান উচিত আৰু দেশদ্ৰোহৰ গোচৰৰ সৈতে সাঙুৰি দিয়াটো কিমান যু্ক্তিযুক্ত ৰাইজেই বিচাৰ কৰক!বিজেপিৰ দলিত সাংসদ এগৰাকীয়েও জেএনইউত মহিষাসুৰ বলিদান দিৱসৰ কাৰ্যসূচীত অংশলোৱাৰ ফটো এতিয়া পোহৰলৈ অহাত তাতো শাসকীয় দলটোৰ সুবিধাবাদী স্থিতিক লৈ প্ৰশ্ন উঠিছে।

(৫)
জেএনইউৰ ঘটনাৰ পাছত কানহাইয়া কুমাৰৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদত যাদৱপুৰ বিশ্ববিদ্যালয়তো হোৱা সমদলত ৰাষ্ট্ৰবিৰোধী আৰু স্বাধীন কাশ্মীৰৰ সমৰ্থনত শ্লোগানৰ কথা প্ৰকাশ পায়। কিন্তু তাত সেই বিষয়টো শান্তিপূৰ্ণ ভাৱে স্থানীয় চৰকাৰ, প্ৰশাসন আৰু বিশ্ববিদ্যালয় প্ৰশাসনে নিষ্পত্তি কৰে। এই উদাহৰণৰ পৰা মোদী চৰকাৰে কিয় শিকিব নোৱাৰে বুলিও সাংসদ সৌগত বোসে প্ৰশ্ন তুলিলে। একেদৰেই কাশ্মীৰ বিশ্ববিদ্যালয় আৰু কাশ্মীৰৰ বিভিন্ন স্থানত হোৱা প্ৰতিবাদী স্থলত ভাৰতবিৰোধী আৰু স্বাধীন কাশ্মীৰৰ পোষকতা কৰি শ্লোগান মুকলিকৈ টিভিৰ পৰ্দাত দিয়া প্ৰত্যক্ষ কৰিলো। কিন্তু তাত পুলিচ প্ৰশাসনে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত কাকো গ্ৰেপ্তাৰ কৰা নাই। যদিও আইন শৃংখলা ৰাজ্যৰ বিষয়, তথাপি বৰ্তমান চৰকাৰৰ অবৰ্তমানত তাতো কেন্দ্ৰীয় চৰকাৰৰ অধীনতে ৰাষ্ট্ৰপতি শাসন চলি থকা নাইনে? তেন্তে কাশ্মীৰত শ্লোগান দিয়া সকলক গ্ৰেপ্তাৰ নকৰি, কেৱ্ল জেএনইউৰ ছাত্ৰক টাৰ্গেট কৰি লোৱা হৈছে কিয়, এই কথাও চিন্তনীয়। দোষ কিন্তু একেটাই, অথচ!

কাশ্মীৰৰ স্বাধীনতা এতিয়াও সম্ভৱ বুলি ভবা আৰু মনে প্ৰাণে সমৰ্থন কৰা মানুহ কাশ্মীৰ উপত্যাকাত এতিয়াও লাখৰ সংখ্যাত আছে। কোনোবাই দীৰ্ঘদিনৰ সামৰিক বাহিনী বিশেষাধিকাৰ আইনৰ ফলত হোৱা নিৰ্যাতনত ক্ষুদ্ধ, কিছুৱে আকৌ পাকিস্তানৰ সহযোগত স্বাধীনতা সম্ভৱ বুলি ভাৱে, কোনোবাই আকৌ পাকিস্তান অধীকৃত কাশ্মীৰকো মুক্ত কৰি সংযুক্ত কাশ্মীৰক স্বাধীন ৰাষ্ট্ৰ কৰাৰেই অলীক সপোন দেখে! আনকি এই বিচ্ছিন্নতাবাদী সকলৰ সৈতে এনে সহমত পোষণ কৰা পিডিপি দলে ভাৰতীয় সংসদ আক্ৰমণকাৰী আফজলক শ্বহীদ বুলিও ঘোষণা কৰি থৈছে। তাৰ পাছতো ৰাজনৈতিক সুবিধাবাদৰ পৰিচয় দি আফজলক শ্বহীদ আখ্যা দিয়া সকলৰ সৈতে মিত্ৰ চৰকাৰ চলোৱাত বিজেপি দলৰ কোনো আপত্তি নাই। একেজন সন্ত্ৰাসবাদীকে দিয়া ফাঁচিৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰা ছাত্ৰ সকলহে কেৱল দেশদ্ৰোহী নে? দুডাল বেলেগ বেলেগ স্কেলেৰে একেটা কথাক জুখিব খোজাৰ এই ৰাজনীতিক লৈ উঠা প্ৰশ্নৰ উত্তৰো শাসকীয় দলে দিব বিচৰা নাই।

ৰাজহুৱা মাধ্যমত প্ৰকাশিত বহুকেইটা আচল, নকল, এডিটেট ভিডিঅ'ৰ লগতে বেৱচাইট, পেপাৰকে ধৰি বিভিন্ন সূত্ৰত প্ৰকাশিত প্ৰৱন্ধত, টিভিৰ পৰ্দাত প্ৰত্যক্ষদৰ্শীৰ ভাষ্যও প্ৰকাশ পাইছে। তাত অনুষ্ঠানটোত জেএনইউৰ বাহিৰৰ শিক্ষানুষ্ঠানত পঢ়া কাশ্মীৰী শিক্ষাৰ্থী সকলেহে কান্ধে-কান্ধ মিলাই, ৰুমালেৰে মুখ ঢাকি দেশবিৰোধী শ্লোগান দিছিল। যি সকলৰ বাবে নিজা ঠাই কাশ্মীৰত সেই শ্লোগান দিয়াতো সুলভ আৰু প্ৰতিদিনৰ পৰিঘটনা স্বৰূপেই! কিন্তু এই কথা প্ৰকাশ পোৱাৰ পাছতো কাশ্মীৰত পিডিপিৰ মেহবুবা মুফটিৰ সৈতে চলি থকা চৰকাৰ গঠনৰ প্ৰক্ৰিয়াত কোনো ৰাজনৈতিক ক্ষতি হব বুলিয়েই কোনো কাশ্মীৰী শিক্ষাৰ্থীক গ্ৰেপ্তাৰ কৰা হোৱা নাই আৰু ইয়াৰ বাবে দিল্লী পুলিচক মৌখিক নিৰ্দেশনা থকা বুলি হাফিংটনপোষ্টৰ দৰে আন্তৰ্জাতিক সংবাদ মাধ্যমে সদৰী কৰিছে। এই বিৰ্তকত কাশ্মীৰৰ দুই দল নেচনেল কনফাৰেন্স আৰু পিডিপিয়ে সংসদত মৌনতা অৱলম্বন কৰাটোও ৰহস্যজনকেই নহয়নে?
(৬)
এই ঘটনৰাজিৰ পৰা এই কথাই প্ৰতিফলিত হৈছে যে জেএনইউত ঘটা দেশবিৰোধী শ্লোগান এতিয়া মাত্ৰ মানুহক আবেগিক কৰিবলৈ আৰু সমালোচকক মুখ-বন্ধ কৰিবলৈ কেৱল ৰাজনৈতিক আহিলাহে! এই সুযোগতে প্ৰগতিশীল চিন্তা চৰ্চাৰ প্ৰসাৰ কৰা বিশ্ববিদ্যালয়খনক জনমানসত হেয় প্ৰতিপন্ন কৰাৰ প্ৰচেষ্টাহে চলিল। কিন্তু এই প্ৰপাগাণ্ডাত বিফল হৈ এতিয়া শাসকীয় দলৰ সমৰ্থকে পূৰ্বৰ দেশদ্ৰোহী জেএনএইউ ট্ৰেণ্ডিংৰ পৰা ফালৰি কাটি 'কেইজনমান দেশদোহী'লৈ পৰিসীমা সলনি কৰিছে। বিশ্ববিদ্যালয়খনত বাওঁপন্থী শিক্ষাৰ্থীৰ উপৰিও অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰো সমৰ্থকো বুজন পৰিমানৰ আছে, বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ এটি পদো এইবাৰ তেওঁলোকে জিকিবলৈ সক্ষম হৈছে। কিন্তু ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সাংস্কৃতিক ৰাষ্ট্ৰীয়তাবাদৰ সংজ্ঞাৰ সৈতে বিশ্ববিদ্যালয়খনৰ বৌদ্ধিক নেতৃত্বৰ এক ভাৱধাৰাগত সংঘাত অতি পুৰণি! এই সুযোগতে সেই পুৰণি হিচাব লবলৈ সংঘৰ সংকেততে বিদ্যাৰ্থী পৰিষদ আগ্ৰাসী হৈ উঠিছে।

ৰাজনৈতিক লাভালাভৰ হিচাবত সমুখত থকা কেৰেলা, অসম আৰু পশ্চিম বংগৰ নিৰ্বাচনৰ কথাহে জিলিকি উঠাত, শ্লোগানৰ আবেগত বাওঁপন্থী ভাৱধাৰা পোষণ কৰা সকলকে ৰাষ্ট্ৰদ্ৰোহী ঘোষণা কৰিবলৈ শাসকে ৰাষ্ট্ৰযন্ত্ৰক প্ৰয়োগ কৰিছে। সেই ফৰ্মূলাৰেই সম্পূৰ্ণ গণতান্ত্ৰিক পথত থকা ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ ছাত্ৰ সংগঠনৰ সদস্য কানহাইয়া কুমাৰক গ্ৰেপ্তাৰ কৰি, কমিউনিষ্টবিৰোধী প্ৰচাৰ প্ৰপাগাণ্ডা অব্যাহত ৰাখিছে। পুঁজিৰ মালিক সকলৰ একান্ত বন্ধু শাসক বৰ্গই এই সুযোগতে তেওঁলোকৰ অৰ্থনৈতিক নীতিক ক্ষুৰধাৰ সমালোচক, শ্ৰমিকৰ অধিকাৰৰ কথাকোৱা ভাৱধাৰাক জনমানসত মূল্যহীন কৰি তুলিবলৈ ষড়যন্ত্ৰত লিপ্ত হৈছে। এই ক্ষেত্ৰতো চিপিআই, চিপিএমকে ধৰি গণতান্ত্ৰিক বাওঁ সংগঠনৰ সৈতে প্ৰায় বৰ্তমান ২০টাৰো অধিক ভাগত আদৰ্শগত ভিন্নতাৰে বিভক্ত কমিউনিষ্ট দল সংগঠনক একেটা ৰঙতে মিলাই দেশবিৰোধী বুলি ঘোষণা কৰিবলৈ উদ্যত হৈছে। মাওবাদকে ধৰি উগ্ৰ ধাৰাৰ সৈতে সংসদীয় ৰাজনীতিত বিশ্বাসী কমিউনিষ্ট সকল যে একে নহয়, সেই কথাও অশ্বত্থামা হতৰ দৰে অৰ্ধ-সত্যৰ প্ৰচাৰ কৰা হৈছে। বেগত ৰঙা পতাকা থকাৰ বাবেই দিল্লীত চাৰি ঘণ্টাকৈ থানাত কোনো কৰ্মীক আবদ্ধ কৰি ৰখাৰ দৰে ঘটনাও ঘটিছে।

কমিউনিজম শব্দৰ সৈতে চীনা, ৰাচিয়া, নৰ্থ-কোৰিয়াক সাঙুৰি ভাৰতীয় কমিউনিষ্ট সকলৰ যে প্ৰকৃততে দেশীয় সংবিধান প্ৰদত্ত সংজ্ঞাৰ সমাজবাদী, কল্যাণকাৰী ৰূপৰ ভাৰতীয় ৰাষ্ট্ৰৰ প্ৰতিহে আনুগত্য আৰু মিশ্ৰিত অৰ্থনীতিৰ প্ৰতিহে সমৰ্থন তাক প্ৰপাগাণ্ডাৰে ঢাকি ৰাখিবলৈ চেষ্টা কৰা হৈছে। কোনো ভাৱধাৰা বা চিন্তাধাৰাই চূড়ান্ত শুদ্ধ বা প্ৰায়োগিক, আৰু কোনো এটা ভাৱধাৰা বিশ্ব মানৱৰ ইতিহাসত চূড়ান্ত বিফল বুলি কোনে ঘোষণা কৰিব পাৰে? সমাজ বিজ্ঞানত মাৰ্ক্সৰ চিন্তাৰ প্ৰয়োজনীতা আৰু প্ৰায়োগিক দিশত সফলতা বিফলতাক পৰীক্ষা-নিৰীক্ষা বিশ্বৰ ভিন্ন প্ৰান্তত চলিয়েই আছে আৰু ই এক অবিৰত প্ৰক্ৰিয়াহে। কিন্তু জেএনইউৰ ঘটনাৰ আলমতে বাওঁপন্থী চিন্তাধাৰাকে দেশবিৰোধী, মৃত আদি বিভূষণ পিন্ধোৱা হৈছে। যুক্তিনিষ্ঠতাৰে এই ৰাষ্ট্ৰশক্তিৰে বলীয়ান সকলৰ সমুখত অতি সম্প্ৰতি শক্তিত দুৰ্বল ভাৰতৰ বাওঁপন্থী সকলে কিদৰে মুখামুখি হয়, সেই কথাও আজিৰ তাৰিখৰ অন্যতম লক্ষণীয় কথা হৈ পৰিছে।

এই আলোচনাৰ যোগেদি চিন্তাৰ ভিন্নতা, মতৰ ভিন্নতাক বুজিবলৈ চেষ্টা কৰা হৈছে। কিন্তু ৰোহিত আৰু জেএনইউৰ ঘটনাৰ যোগসূত্ৰ যে এবিভিপি সেই কথাও প্ৰতিফলিত হৈছে। দুয়োক্ষেত্ৰতে এই ছাত্ৰ সংগঠনৰ সৈতে মত বিৰোধ আৰু কেন্দ্ৰীয় চৰকাৰ হিচাবে শাসনত তেওঁলোকৰে জ্যেষ্ঠজনৰ শাসন থকাত ক্ষমতাত অহংকাৰহে মূল কথা হৈ জিলিকি উঠিছে। বিদ্যাৰ্থী পৰিষদৰ ইগ' চেটিচফাই কৰিবলৈহে যেন মোদী চৰকাৰখন নামি পৰিছে। পুলিচৰ জৰিয়তেও নিৰ্বাচিত ক্ষেত্ৰত আইনৰ বল প্ৰয়োগ আৰু কিছু ক্ষেত্ৰত শিথিলতাৰ প্ৰদৰ্শনো দৃষ্টিকটু হৈছে। ফলত উদ্ভৱ হোৱা দুভাৰ্গ্যজনক পৰিস্থিতিৰ বাবেই, মাত্ৰ এটা দলৰ নহয়, পূৰা দেশৰে যে মোদী চাহেব প্ৰধানমন্ত্ৰী সেই কথা মুখেৰে আওৰাই দিব লগা অৱস্থা হৈছে। বিকাশমুখী যাত্ৰাৰ মেক-ইন-ইণ্ডিয়াৰ দৰে কাৰ্যসূচী এনে অনাহূত বিতৰ্কৰ ফলত সংবাদ শিৰোনামৰ পৰা হেৰাই যাব লগা হৈছে। দেশৰ টকাৰ মূল্যৰ অৱনমনৰ নিম্ন স্তৰ অভিলেখৰ দৰে চিন্তনীয় কথাও জনমানসৰ আঁৰতে ৰৈ গৈছে বুলিও সাংসদ তথাগত সতপথীয়ে আঙুলিয়াই দিছে।

ৰাজনীতি কৰা সকলে ৰাজনীতি কৰিবই, সেয়া তেওঁলোকৰ পেশা। অৰ্ধ সত্যৰ প্ৰচাৰেৰে ৰাইজক বিভ্ৰান্ত কৰাটো এই খেলৰ এৰাব নোৱাৰা নিয়মেই। সেয়ে ৰাইজে, তিৰংগা হাতত লৈ মুখত ভাৰত মাতা কি জয় বুলি কৈ নিজে দেশপ্ৰেমিক দেখুৱাই, আনৰ সংবিধান প্ৰদত্ত অধিকাৰ হননত নামিবলৈ ধৰা সকলৰ ওপৰতো বিশ্লেষণাত্মক নজৰ ৰাখিব লাগিব। ন্যায় লাভৰ বাবে যোৱাৰ পথো বন্ধ কৰি, ৰাজপথতে উত্তেজিত গোটৰ সিদ্ধান্তই সৰ্বোচ্চ হব বুলি কৰা প্ৰপাগাণ্ডাই দেশৰ কি কল্যাণ সাধিব সেই কথাও আমি চিন্তা কৰিব লাগিব। আবেগ সৰ্বস্ব ভাষণ, অৰ্ধ-সত্যৰ প্ৰচাৰ, ৰাষ্ট্ৰযন্ত্ৰৰ স্ব-নিৰ্বাচিত উদ্দেশ্যপ্ৰণোদিত ব্যৱহাৰ আদি কথাবোৰ বিশ্লেষণ কৰি অনুধাৱন কৰিব লাগিব। শীতল মগজুৰে দশোদিশ চাই বিবেচনাৰে সিদ্ধান্ত লব পাৰিলেহে ৰাইজে দেশৰ ভৱিষ্যত সুৰক্ষিত কৰিব পাৰিব, আবেগত উটি গৈ নিশ্চয় নহয়, সেই কথাহে নিশ্চিত।

No comments:

Post a Comment