সাম্প্ৰতিক প্ৰসংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিলাৰায় দিৱসৰ তাৎপৰ্য্য আৰু ইতিহাসৰ শিক্ষা 
ডাঃ অজিত কুমাৰ পটঙ্গীয়া
সমগ্ৰ অসমজুৰি ফ্ৰেব্ৰুৱাৰী মাহৰ মাঘী পূৰ্ণিমাৰ দিনা আজি চিলাৰায় দিৱস উদযাপিত হ'ব। যি সময়ত অসমত বসবাস কৰি অসমক আন্তৰিকতাৰে ভালপোৱা সকলো শুভবুদ্ধিসম্পন্ন মানুহেই ৰাজ্যখনৰ ভৌগলিক অখণ্ডতাক বিপদাপন্ন কৰি এই ভূখণ্ডত ইমূৰৰ পৰা সিমূৰলৈকে গঢ়ি উঠা পৃথকতাবাদী আন্দোলনৰ সৰ্ব্বনাশীয় ঢৌৱে জনগণৰ ঐক্যকক মষিমূৰ কৰি পেলোৱাৰ সময়ত খুবেই উদ্বিগ্ন, বিচলিত আৰু বেদনাহৰ্ত, সেই সময়ত অসমৰ সমন্বয়ৰ ইতিহাসৰ অন্যতম পথিকৃৎ মহাবীৰ চিলাৰায়ৰ পৰা আমি কি শিক্ষা ল'ম, সেই কথাও বিচাৰ্য হৈ উঠিছে!

পৃথিবীৰ এজন নমস্য চিন্তাবিদ তথা সমাজ বিপ্লৱৰ ৰূপকাৰ, নতুন চীন গঢ়োতা মাওঁ জে দঙে কৈছিল -"তুমি যদি নতুন চীন গঢ়িব খোজা তেনেহ'লে চীনৰ ইতিহাস অধ্যয়ন কৰা, কাৰণ যোৱা কালিৰ পুৰণি চীনৰ পৰাইতো আজিৰ নতুন চীন গঢ়ি উঠিছে৷" সেয়েহে আজি যিসকলে সততাৰে আৰু আন্তৰিকতাৰে অসমৰ সকলো ধৰ্ম্ম-জনগোষ্ঠীৰ মানুহৰে এখন শোষণহীন সমৃদ্ধিশালী সুন্দৰ ঐক্যবদ্ধ নতুন অসম গঢ়িব খোজে, তেওঁলোকে অসমৰ পুৰণি ইতিহাস অধ্যয়ণ কৰাতো একান্তই আৱশ্যক; বিশেষকৈ যি সময়ত অসমৰ বিভিন্ন জনগোষ্ঠী সমূহৰ এচাম ক্ষমতা আৰু ধনলোভী ৰাজনৈতিক নেতাৰ ৰাজনৈতিক আকাঙ্খা চৰিতাৰ্থ কৰিবলৈ সিহঁতৰ কূটিল প্ৰৰোচনাত অসমৰ সাধাৰণ জনগণ বলিৰ পঠা হৈ জাত-পাত, ধৰ্ম্ম-ভাষাৰ ভিত্তিত ভাগ ভাগ হৈ পৰিছে। যিবোৰ অসমৰ আদিম জনগোষ্ঠী-সম্প্ৰদায় বড়ো-কঁচাৰী, কাৰ্বি, মিচিং, ডিমাছা, আহোম, চুতিয়া, কোঁচ, ৰাভাৰ লগতে কলিতা, ব্ৰাহ্মণ, মুছলমান ইত্যাদিক প্ৰায় পঞ্চাছটা সৰু ডাঙৰ জনগোষ্ঠীক সামৰিলৈ বৃহত্তৰ অসমীয়া জাতিসত্বা গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল, বৰ্ত্তমান সময়ত তাৰ উভটনী সোঁতত অসমীয়া জাতিসত্বাৰ সেই উপাদান সমূহ ভাঙি ভাঙি একোটা একোটা জাতিসত্বাৰ নাম ল'লেচোন অসমীয়া জাতিসত্বা নামৰ কোনো জাতিসত্বা ভৱিষ্যতে এই পৃথিবীত নাথাকিব৷

আজিৰ এই কঠিন সময়ত অসমত চুকাফা, শ্ৰীমন্ত শঙ্কৰদেৱ, চিলাৰায় আৰু লাচিত বৰফুকনৰ দৰে মহৎলোক সকলৰ জীৱন পৰিক্ৰমা আৰু অতীতৰ প্ৰগতিশীল কাৰ্য্যাৱলী চৰ্চ্চাৰ পৰা পোৱা শিক্ষাইহে অসম তথা পূব ভাৰতক পুনৰ একতাৰ ডোলৰে বান্ধিবলৈ সঠিক পথ নিৰ্দ্দেশনা দিব পাৰিব৷ উদাৰ দৃষ্টিভঙ্গীৰে এই অঞ্চলৰ বিভিন্ন জনগোষ্ঠীৰ সকলোকে সামৰি ৰাজ্য গঠনৰ পাতনি মেলা চুকাফাক আজি অসমীয়াই পাহৰিলে ভৱিষ্যতলৈ একতাৰে আগবাঢ়িবলৈ প্ৰেৰণা পাব কেনেকৈ? কল্পনা কৰক আজিৰ পৰা ৬০০ বছৰ আগতে কুসংস্কাৰ-অনাচাৰেৰে পৰিপূৰ্ণ ভাৰতৰ পূব দিশৰ বাৰেমিহলি জনজাতি আৰু বিভিন্ন সম্প্ৰদায়ৰ মানুহৰ মাজত চলি থকা বিভিন্ন অন্ধবিশ্বাস দূৰ কৰি ঠেক জাত-পাত-বৰ্ণৰ ব্যৱধানৰ উৰ্দ্ধত একতাৰ ডোলেৰে বান্ধিবলৈ মহাপুৰূষ শ্ৰীমন্ত শংকৰদেৱে আৰম্ভ কৰা মানৱতাৰ বহল প্ৰমূল্যসমূহ নিহিত ভক্তি আন্দোলন একশৰণীয়া নাম ধৰ্ম্মই অকল অসম ভূখণ্ডতে নহয়, সমগ্ৰ পূব ভাৰততেই হেজাৰ হেজাৰ ভক্তৰ সৃষ্টি কৰি প্ৰগতিৰ বাট দেখুৱাইছিল৷ সেই একে সময়তে শ্ৰীমন্ত শংকৰদেৱৰ ভতিজা জীক বিয়া কৰাই মহাপুৰূষজনাৰ আদৰ্শৰে প্ৰভাৱিত হৈ প্ৰেম, দয়া, ধৰ্ম্মনিৰপেক্ষতা, সহনশীলতা ইত্যাদি মানবীয় গুণৰে সংপৃক্ত চিলাৰায়ৰ দৰে এজন গুণী, জ্ঞানী, আৰু দুদ্ধৰ্ষ কৌশলী সেনাপতি-যোদ্ধাই অতীৱ দূৰদৃষ্টিসম্পন্ন ব্যক্তি হিচাবে যোগা-যোগৰ কোনো ব্যৱস্থা নথকা পশ্চাদপদ অনুন্নত পূবভাৰতৰ বিভিন্ন ধৰ্ম্ম-জনগোষ্ঠী-সম্প্ৰদায়ক একতাৰ ডোলৰে বান্ধি এখন সমৃদ্ধিশালী, ঐক্যবদ্ধ আৰু সংস্কৃতিসম্পন্ন পূৰ্বভাৰতৰ সপোন দেখিছিল৷

পৃথিবীৰ খ্যাতিসম্পন্ন সামৰিক বুৰঞ্জীৰ কৰ্তৃত্বশীল বৃটিছ গৱেষক তথা ইতিহাসবিদ ছাৰ আৰ্নল্ড টয়নবীৰ মতে মহান লক্ষ্য, সাংগঠনিক ক্ষমতা, নেতৃত্ব দিব পৰা গুণ, যুদ্ধক্ষেত্ৰত বিৰল পাৰদৰ্শিতা, সামৰিক নীতি আৰু কৌশলৰ ফালৰ পৰা বিচাৰ কৰিলে পৃথিবীৰ ভিতৰতেই ভাৰতবৰ্ষৰ চিলাৰায় (১৫১০-১৫৭১)আৰু ছত্ৰপতি শিৱাজী (১৬৩৯-১৬৮০)আৰু ফ্ৰান্সৰ সেনাপতি নেপোলিয়ন বোনাপাৰ্ট (১৭৬৯-১৮২১) অসামান্য সমৰবিদ৷ চিলাৰায়ৰ পূবভাৰত সামৰিক অভিযান সমূহৰ প্ৰতি সেই সময়ত জয় কৰা অঞ্চলসমূহৰ জনসাধাৰণৰ স্বত:স্ফূৰ্ত সমৰ্থনে প্ৰমাণ কৰে এই অভিযান সমূহ যেন সম্প্ৰীতিৰ বতৰা কঢ়িওৱা এক উন্নত সংস্কৃতিক আন্দোলনহে আছিল৷ কাৰণ চিলাৰায়ে জয় কৰা অঞ্চলসমূহ কোচ ৰাজ্যৰ লগত সংযুক্ত কৰি এখন বিশাল কোচ সাম্ৰাজ্য গঢ়াৰ সপোন দেখা নাছিল, তাৰ পৰিবৰ্ত্তে সেই অঞ্চলসমূহৰ নৃপতি সকলৰ লগত সন্ধি কৰি অন্য বিজেতাৰ দৰে পৰাজিত কৰা অঞ্চলসমূহৰ জনসাধাৰণৰ ওপৰত লুটপাত, অত্যাচাৰ কৰাৰ পৰিবৰ্ত্তে আলি-পদূলি আৰু উপাসনাস্থল নিমাৰ্ণ, বৃক্ষৰোপন, খোৱাপানীৰ বাবে পুখুৰী খন্দা, কৃষিক্ষেত্ৰৰ উন্নয়ণৰ বাবে আঁচনি, কুটীৰ উদ্যোগক উদগনি দিয়া আদি কৰি নানা উন্নয়ণমূলক কামৰ জৰিয়তে সুন্দৰ শাসন ব্যৱস্থা স্থাপন কৰি পুনৰ কোঁচবিহাৰলৈ উভতি গৈছিল৷

তেওঁ নিজে সমৰ্থন নকৰা বেলেগ ধৰ্ম্ম, বিশ্বাস আদিকো সন্মান প্ৰদৰ্শন কৰি প্ৰকৃত ধৰ্ম্মনিৰপেক্ষতাৰ পৰিচয় দিছিল৷ তেওঁৰ অসাধাৰণ নেতৃত্বকাৰী গুণাৱলী, কূটনৈতিক কৌশল, জ্ঞানপিপাষু মন, অগাধ পাণ্ডিত্য, সাহিত্য-সংস্কৃতিৰ পৃষ্ঠপোষকতা, ধৰ্ম্মপৰায়ণ মনোভাৱ, সদাচাৰ, চিকিৎসা শাস্ত্ৰজ্ঞান ইত্যাদিৰ বাবে সমসাময়িক বহু পণ্ডিত আৰু সাহিত্যিকে ভূয়সী প্ৰশংসা কৰি গৈছে যদিও বেছিভাগ সাধাৰণ অসমীয়াই তেওঁৰ বিষয়ে আজি পৰ্য্যন্ত ভালদৰে নাজানে৷ বহুতেই নাজানে শক্তিপূজাৰ বিশ্ববিখ্যাত কামাখ্যাধাম গৌড় দেশৰ অত্যাচাৰী সেনাপতি কালাপাহাৰে ধ্বংস কৰাৰ পাচত চিলাৰায়ে ভাতৃ মহাৰাজ নাৰায়ণৰ লগত আলোচনা কৰি পূব ভাৰতৰ সমূহ ৰাজ্য জয় কৰি উপহাৰ হিচাবে পোৱা অজস্ৰ সোণ, ৰূপ আৰু মণি-মুকুতাৰ পৰা আহৰণ কৰা ধনৰে আজিৰ ৰূপত পুনৰ নিৰ্ম্মাণ কৰিছিল৷ সৰ্ব্বকালৰ শ্ৰেষ্ঠজন অসমীয়া আৰু কালজয়ী যুগনায়ক শ্ৰীমন্ত শঙ্কৰদেৱে কিছুমান দুষ্টলোকৰ চক্ৰান্তত আহোম ৰজ্য এৰি বিছ বছৰৰো অধিক কাল কোঁচৰাজ্যত কটোৱা সময়ছোৱা হৈছে অসমীয়া ভাষা-সাহিত্য-সংস্কৃতি-সভ্যতালৈ নতুন প্ৰগতিশীল চিন্তা-চেতনা কঢ়িয়াই অনা গৌৰৱাজ্জল সোণালী অধ্যায়৷ সেইয়া সম্ভৱ হৈছিল নৰনাৰায়ণ আৰু চিলাৰায়ৰ দৰে মহানুভৱ বিশাল হৃদয়ৰ সাহিত্য-সংস্কৃতিৰ প্ৰতি প্ৰৱল ভাবে অনুৰক্তলোকৰ ৰাজকীয় পৃষ্ঠপোষকতাৰ বাবেহে৷ সেইয়া নহ'লে অসমীয়াই হয়তো সেই যুগত সৃষ্টি হোৱা বহুমূলীয়া সাহিত্য-সংস্কৃতিৰ সম্ভাৰৰ পৰা বঞ্চিত হ'লহেতেন৷

চিলাৰায় আৰু নৰনাৰায়নে বহু পণ্ডিত নিয়োগ কৰি পুৰাণ আৰু মহাকাব্যসমূহ সাধাৰণ মানুহে পঢ়িব পৰাকৈ সংস্কৃতৰ পৰা অসমীয়া ভাষালৈ অনুবাদ কৰাইছিল৷ গুণীয়েহে গুণীৰ মোল বুজে৷ চিলাৰায় নিজেও তেখেতৰ গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ দৰেই আছিল এক সৰ্ব্বগুণী মহান বিচক্ষণ পুৰুষ৷ সংস্কৃত ভাষাত বিৰাট দখল থকা চিলাৰায়ৰ সকলোতকৈ উল্লেখযোগ্য সাহিত্যকৰ্ম্ম বাৰ শতিকাত জয়দেৱে ৰছনা কৰা বিশ্ববিশ্ৰুত "গীতাগোবিন্দ"ৰ ওপৰত সুগভীৰ নান্দনিক দৃষ্টিভংগীৰে লিখা "সাৰৱতী টীকা" যাৰ সমন্ধে ডঃ সত্যেন্দ্ৰনাথ শৰ্মাই দেবে লিখিছিল -"শুক্লধ্বজ (চিলাৰায়) যে এগৰাকী বিৰাট পণ্ডিত, ৰসজ্ঞ, শিল্পী তথা জ্ঞানী উৎসাহী ৰাজকীয় ব্যক্তি আছিল সাৰৱতী টীকাই সুন্দৰকৈ প্ৰমাণ কৰিছে৷" পূব ভাৰতৰ অতীতৰ গুণী-জ্ঞানী অসাধাৰণ লোকসকলৰ কৃত্বিত্বৰ প্ৰতি সততে এই অঞ্চলৰ বাহিৰৰ সৰ্ব্বভাৰতীয় ইতিহাসবিদ আৰু বুদ্ধিজীৱি সকলে সদায়েই অৱজ্ঞা বা অনীহাৰ মনোভাৱ লৈ আহিছে৷ সেয়েহে আমিয়েই এই অঞ্চলৰ জনগণৰ ওচৰত উন্মোচিত কৰিব লাগিব আমাৰ সেই মহান লোক সকলে গঢ়ি থৈ যোৱা সমন্ময়ৰ ইতিহাস যাৰ প্ৰেৰণাৰে আমি আকৌ গঢ়িব পাৰিম অতীতৰ বৰ অসম হিচাবে নহ'লেও সকলোৰে ভাতৃত্ববোধ আৰু সমানাধিকাৰৰ ভিত্তিত ঐক্যবদ্ধ পূব ভাৰত৷ আমি মনত ৰখা উচিত অসম সহ পূব ভাৰত ভাগ ভাগ হৈ এশখন ৰাজ্যত পৰিণত হ'লেওঁ দিল্লীৰ শাসক গোষ্ঠীৰ কোনো অসুবিধা নহয়, বৰং আমাক হেলাৰঙে শাসন আৰু শোষণ কৰিবলৈ তেওঁলোকৰ সুবিধাহে হ'ব৷

অসমীয়া মূলসুঁতিৰ বিজ্ঞ সকলে চিলাৰায়ৰ জীৱন-গাঁথাক সঠিক গুৰুত্ব নিদিয়াটোৱে বিশাল কোঁচ-ৰাজংবশী সম্প্ৰদায়কো অভিমানী কৰি তোলাৰ কথা বিশিষ্ট বুদ্ধিজীৱি হোমেন বৰগোহাঞিয়ে আঙুলিয়াই দিছিল। সেয়ে অসমৰে এজন সুশাসক, শাসনৰ সু-আৰ্হি বিকাশ কৰোতা তথা জ্ঞান চৰ্চাৰ পৃষ্ঠপোষকজনৰ জীৱন-কৰ্মৰ ওপৰত আলোকপাত নিশ্চয়কৈ জৰুৰী। চৰকাৰী বন্ধৰূপে ঘোষিত হোৱা চিলাৰায় দিৱসত প্ৰকৃততে এই কৰ্মময় জীৱনৰ ওপৰত সজাগতাৰ বাবে পদক্ষেপ ললেহে প্ৰকৃতাৰ্থত এই দিৱস পালন কৰাৰ অৰ্থ থাকিব আৰু সমাজৰ উত্তৰ-পুৰুষেই অতীতৰ ভেটিত সোনোৱালী ভৱিষ্যতৰ সপোন দেখিবলৈ উদ্বুদ্ধ হব।

লেখক সমাজ-ৰাজনৈতিক বিশ্লেষক আৰু আমেৰিকান ডেন্টেল ক্লিনিকৰ সঞ্চালক। ফোন: ৯৪৩৫৭০৪০৯০

1 comment: