Tuesday, January 19, 2016

চিন্তন


চেকুলাৰিজিম মানে সৰ্বধৰ্ম্ম সমভাৱ 
নে ধৰ্ম্মনিস্পৃহতা  
ডাঃ অজিত কুমাৰ পটঙ্গীয়া
অলপতে সংসদত ভাৰতৰ সংবিধানত লিপিবদ্ধ থকা ধৰ্ম্মনিৰপেক্ষতা (Secularism) বা ধৰ্ম্মনিস্পৃহতা শব্দটোৰ অন্তৰ্ভূক্তি আৰু ব্যৱহাৰ সম্পৰ্কে এক বিতৰ্কৰ সৃষ্টি হৈছিল। তাৰ কিছুদিনৰে আগতে শিল্পী, বুদ্ধিজীৱিকে ধৰি সমাজৰ একাংশ বিশিষ্টলোকৰ ফালৰ পৰা অভিযোগ উঠিছিল যে ভাৰতৰ কেন্দ্ৰত ক্ষমতাসীন দলৰ উদ্যোগত ধৰ্ম্মীয় অসহিষ্ণুতা বাঢ়িছে। অসহিষ্ণুতাৰ প্ৰতিবাদত চৰকাৰী বটা-বাহনো ওভোটাই দিয়া হৈছিল। আমিৰ খানৰ দৰে বিখ্যাত অভিনেতাই সেই অভিযোগৰে পত্নীৰ দেশ ত্যাগৰো ইচ্ছা ৰাজহুৱাকৈ বেকত কৰি সমগ্ৰ বিশ্বত ভাৰতৰ সন্মান লাঘৱ কৰা বুলিও কিছুলোকৰ দ্বাৰা সমালোচিত হৈছে। শেহতীয়া ভাবে তেওঁক ভাৰত চৰকাৰৰ পৰ্য্যটন মন্ত্ৰণালয়ে একে কাৰণতে ইনক্ৰিডিবল ইণ্ডিয়া বা বিস্ময়কৰ ভাৰতৰ প্ৰচাৰ চলোৱা ব্ৰেণ্ড এম্বেছাডৰৰ পৰা অব্যাহতি দিয়া বুলি সচেতন মহলে কব খোজে।

দিল্লীৰ ক্ষমতাৰ মচনদত বহা হিন্দুত্ববাদত বিশ্বাসীসকলৰ ফালৰ পৰা কোৱা হৈছে যে - "ভাৰতবৰ্ষ হিন্দু বহুল ৰাষ্ট্ৰ হোৱাৰ সুবাদতে ধৰ্ম্মনিৰপেক্ষ আৰু সহনশীল হোৱাতো সম্ভৱ হৈছে।" পিচে অকল হিন্দু ধৰ্ম্মই কিয়, সকলো ধৰ্ম্মই মানুহক অন্য ধৰ্ম্ম-মতৰ প্ৰতি সহিষ্ণু হ'বলৈ কয়। ভাৰতৰ প্ৰয়াত কংগ্ৰেছী প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে অষ্ট্ৰেলিয়া ভ্ৰমণ কালত এখন সাংবাদিক সন্মিলনত কৈছিল যে, ভাৰতৰ ধৰ্ম্মনিৰপেক্ষতা ইউৰোপৰ ধৰ্ম্মনিৰপেক্ষতাৰ দৰে একে নহয়, ভাৰতৰ ধৰ্ম্মনিৰপেক্ষতা, ধৰ্ম্মনিস্পৃহতা বা ধৰ্ম্মবিচ্ছিনতা নহয়, ভাৰতৰ ধৰ্ম্মনিৰপেক্ষতা হৈছে 'সৰ্বধৰ্ম্ম সমভাৱ'- অৰ্থ্যা সকলো ধৰ্ম্মৰ প্ৰতি সমভাৱ পোষণ কৰাটোয়েই হ'ল ভাৰতৰ ধৰ্ম্মনিৰপেক্ষতাৰ স্বৰূপ। অলপতে কংগ্ৰেছ এৰি বিজেপি হোৱা ডঃ হিমন্ত বিশ্ব শৰ্ম্মাৰ লিখনীত একে সুৰেই দেখা পোৱা গ'ল। তাৰ অৰ্থ, কংগ্ৰেছ আৰু বিজেপিৰ বাবে ভাৰতৰ ধৰ্ম্মনিৰপেক্ষতাৰ বাখ্যা একেই। সেয়েহে আমি আলোচনা কৰিব বিছাৰিছো ধৰ্ম্মনিৰপেক্ষতাৰ ইতিহাস আৰু আমাৰ দৰে বিভিন্ন ধৰ্ম্ম আৰু মতত বিশ্বাসীলোকে বসবাস কৰা বিশাল দেশ এখনত ইয়াৰ প্ৰয়োজনীয়তা কিমান।


এই চলমান বিশ্ব ব্ৰক্ষমাণ্ডত একোৱেই স্থিৰ থকা নাই। স্থিৰ হৈ থকা নাই সৌৰ জগত, আমাৰ পৃথিবী আৰু আমাৰ সমাজো। বোৱতী নদীৰ দৰে প্ৰবাহমান সমাজৰ গতিধাৰাত বিভিন্ন সময়ত সেই সমাজখনক প্ৰগতিৰ পথত আগুৱাই লৈ নিবলৈ সমাজৰ চাহিদা পূৰ্ণ কৰি বিভিন্ন মতবাদ বা আদৰ্শ বিশেষ নাম লৈ সমাজলৈ আহে। কোনোবা এটা সময়ৰ এটা বিশেষ পৰিস্থিতিত সমাজ প্ৰগতিৰ বাবে সমাজ অভ্যন্তৰত চলি থকা দ্বন্দ-সংগ্ৰামৰ ওপৰত ভিত্তি কৰিয়েই গঢ়ি উঠে সেই মতবাদ বা আদৰ্শ। পৃথিবীৰ ইতিহাসত ধৰ্ম্মনিৰপেক্ষতা বা ধৰ্ম্মনিস্পৃহতা কথাটোও আহিছে এটা বিশেষ যুগ-সন্ধিক্ষণত। জাতীয়তাবাদৰ উন্মেষৰ সময়ত, সামন্তবাদৰ বিৰুদ্ধে পুঁজিপতি শ্ৰেণীৰ উত্থানৰ সংগ্ৰামৰ মাজেদিয়েই জন্ম হৈছে ধৰ্ম্মনিৰপেক্ষতাৰ ধাৰণা। মানৱসভ্যতাৰ ইতিহাসত আধুনিক জাতি আৰু জাতীয়তাবাদৰ অভ্যুখান ঘটিছে অৰ্থনীতি-ৰাজনীতিৰ এটা বিশেষ প্ৰেক্ষাপটতত৷ পৃথিবীৰ বিভিন্ন দেশত যিসময়ত সামন্তবাদ সমাজ প্ৰগতিৰ আৰু সহায়ক হৈ থকা নাছিল, সেই সময়ত ৰাজতন্ত্ৰত চলি থকা অন্যায়, অত্যাচাৰ, ধৰ্ম্মীয় কুসংস্কাৰ, গোড়ামি, অন্ধবিশ্বাস, উচ্চ-নীচ, জাত-পাতৰ ভেদাভেদ ইত্যাদি সামন্তবাদী মূল্যবোধৰ বিৰুদ্ধে সংগ্ৰাম কৰি তাতোকৈ উন্নত উদাৰ মানৱতাবাদী দৃষ্টিভঙ্গী আৰু বিজ্ঞানসন্মত মূল্যবোধৰে নিউটনীয় বিজ্ঞানৰ আধাৰত গঢ়ি উঠা যান্ত্ৰিক বস্তুবাদ, যি আছিল শিল্প বিপ্লৱৰ দাৰ্শনিক ভিত্তি, তাৰ আধাৰত 'সাম্য, মৈত্ৰী আৰু স্বাধীনতা'ৰ বাণী কঢ়িয়াই পৃথিবীৰ বিভিন্ন ঠাইত এক নিৰ্দ্দিষ্ট ভৌগলিক সীমাৰ মাজত এক জাতীয় বজাৰৰ ওপৰত ভিত্তি কৰি পূঁজিবাদী গণতান্ত্ৰীক ৰাষ্ট্ৰসমুহৰ প্ৰতিষ্ঠা হৈছিল৷ গতিকে আধুনীক জাতি সমূহ গঢ়ি উঠিছে এই পূঁজিবাদী গণতন্ত্ৰৰ ধাৰণাৰে এক নিৰ্দ্দিষ্ট ভৌগলিক সীমাৰ মাজত বিভিন্ন জনগোষ্ঠীৰ মাজত মানসিক যোগাযোগ আৰু আবেগৰ ভিত্তিত ধৰ্ম্ম-ভাষা-জাত-বৰ্ণৰ ঊৰ্ধ্বত এক দেশ, এক মন, এক প্ৰাণ, এক সংস্কৃতিৰ প্ৰতিষ্ঠাৰ আকাঙ্খাৰ পৰা।

কুসংস্কাৰ, অন্ধবিশ্বাস, অন্যায়, অত্যাচাৰ, উচ্চ-নীচ জাত-পাতৰ ভেদাভেদ ইত্যাদিৰে আচ্ছন্ন সামন্তবাদী সমাজ টিকি আছিল ধৰ্ম্মীয় এবচলিউটিজিমৰ ওপৰত ভিত্তি কৰি। মানুহতকৈ শাস্ত্ৰ, শাস্ত্ৰত লিখা থকা কথাবোৰ ডাঙৰ, ৰাষ্ট্ৰ সম্পৰ্কে এনে ধৰণৰ ঐশ্বৰিক মতবাদ অৰ্থ্যা ৰজা হৈছে ঈশ্বৰৰ প্ৰতিনিধি, গতিকে ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰাতো পাপ - এনে ধৰণৰ মানসিকতাই সামন্তবাদ চলাই ৰাখিছিল। তাৰ বিৰুদ্ধে পুঁজিপতি শ্ৰেণীৰ সংগ্ৰামে ৰূপ ললে গণতান্ত্ৰিক বিপ্লৱত। তেওঁলোকে অনুভৱ কৰিলে যে ধৰ্ম্মীয় প্ৰভাৱৰ পৰা মানুহক মুক্ত কৰিব নোৱাৰিলে আৰু গণতান্ত্ৰিক মূল্যবোধ সমাজজীৱনত প্ৰতিষ্ঠিত কৰিব নোৱাৰিলে সামন্ততন্ত্ৰক পৰাস্ত কৰি সমাজৰ উন্নতিৰ স্বাৰ্থত পুঁজিবাদ প্ৰতিস্থা কৰা সম্ভৱপৰ নহ'ব। পৃথিবীৰ মহান চিন্তাবিদ এঙ্গেলচে এই সংগ্ৰাম সম্পৰ্কে কৈছিল -"মানৱ সভ্যতাৰ ইতিহাসত পূৰ্ব্বৰ সকলো বিপ্লৱতকৈ প্ৰগতিশীল বিপ্লৱ - যি মানসিকতা, আৱেগ, অনুভূতি আৰু চৰিত্ৰৰ ফালৰ পৰা বিশাল আৰু এই মানৱতাবাদী বিপ্লৱে সৃষ্টি কৰিছিল অলেখ মহৎ চৰিত্ৰৰ"(ভূমিকা, ডায়লেটিকছ অফ নেচাৰ)।

নৱজাগৰণৰ আন্দোলনৰ মাজেদি পুঁজিবাদৰ বিকাশৰ সেই যুগত যুক্তি আৰু বিচাৰক পাথেয় কৰি জন্ম হৈছিল ধৰ্ম্মনিৰপেক্ষ মানৱতাবাদৰ। মাত্ৰ ৰাজনীতিতেই নহয়, ন্যায়নীতি, মূল্যবোধৰ পৰা প্ৰেম, ভালপোৱালৈকে - জীৱনৰ সকলো ক্ষেত্ৰতেই ধৰ্ম্মীয় অনুশাসন দলিয়াই দি আৰম্ভ হৈছিল ধৰ্ম্মনিৰপেক্ষ মানৱতাবাদৰ জয়যাত্ৰা। ইয়াৰ দ্বাৰা নিজৰ সম্পৰ্কেও মানুহৰ চিন্তাধাৰাৰ আমূল পৰিবৰ্ত্তন সংঘটিত হৈছিল। মানুহে আৰু নিজকে কোনো অতি প্ৰাকৃতিক শক্তিৰ হাতত খেলাৰ সামগ্ৰী হিচাবে নিজকে চাবলৈ নিবিচাৰিলে - তাৰ পৰিবৰ্ত্তে মানুহে নিজকে নিজৰ ভাগ্য নিয়ন্তা হিচাবে ভাবিবলৈ আৰম্ভ কৰিলে। এই যুগচিন্তাৰ প্ৰতিফলন ঘটিল সেই সময়ৰ বহু শিল্পী-সাহিত্যৰ সৃষ্টিশীল কৰ্ম্মৰ মাজেদি। কবি-নাট্যকাৰ চেক্সপীয়েৰৰ কাপৰ মাজেদি ওলাই আহিল -'Our fate dear Brutus is not in our stars, but in ourselves, that we are underlings.' আমাৰ ভাৰতবৰ্ষতো বিদ্যাসাগৰ, শৰৎচন্দ্ৰ, নজৰুল ইছলাম, প্ৰেমচন্দ, ভগৎ সিং, জ্যোতি প্ৰসাদ আগৰৱালা আদিৰ দৰে মহান মানৱতাবাদী চিন্তাবিদসকলৰ লিখনিসমূহত যৌবনোদ্দীপ্ত আৰু বিপ্লৱাত্মক আপোচহীন ধৰ্ম্মনিৰপেক্ষ মানৱতাবাদৰ প্ৰতিধ্বনী শুনা যায়।

সেই সময়ত প্ৰগতিশীল বুৰ্জোৱা শ্ৰেনীয়ে বিচাৰিলে ৰাষ্ট্ৰ আৰু ৰাজনীতিক ধৰ্ম্মৰ প্ৰভাৱৰ পৰা মুক্ত কৰিবলৈ। তেওঁলোকে বিছাৰিলে ধৰ্ম্ম একান্ত ভাবেই থাকিব ব্যক্তিৰ নিজস্ব বিশ্বাস-অবিশ্বাসৰ বিষয় হিচাবে। ৰাষ্ট্ৰই তাৰ ওপৰত কোনো হস্তক্ষেপ নকৰিব। কাৰণ ইয়াৰ দ্বাৰা একমাত্ৰ ধৰ্ম্মবিশ্বাসী বা নিৰেশ্বৰবাদী মানুহ সকলোৱেই সমানাধিকাৰ ভোগ কৰিব পাৰিব। ধৰ্ম্মনিৰপেক্ষতাৰ সংজ্ঞা হিচাবে কোৱা হ'ল - "যি অতিপ্ৰাকৃতিক নহয়, যি আধ্যাত্মিক বা ধৰ্ম্মীয় বিষয়বস্তুৰ লগত যি সম্পৰ্কহীন, বৰং যি হৈছে এইবোৰৰ বিৰোধী আৰু ধৰ্ম্ম আৰু ধৰ্ম্মযাজকৰ আচাৰ আচৰণৰ লগত সম্পৰ্কযুক্ত নহয় (এনচাইক্লোপিডিয়া ব্ৰিটানিকা, খণ্ড ২০, ১৯৬১)।" আৰু ধৰ্ম্মনিৰপেক্ষ ৰাষ্ট্ৰ বুলি ক'লে কি বুজায় সেইয়া ভাৰতৰ সংবিধান প্ৰণেতাসকলৰ অন্যতম পণ্ডিত লক্ষ্মীকান্ত মৈত্ৰ ডাঙৰীয়াৰ ভাষাত -"ধৰ্ম্মনিৰপেক্ষ ৰাষ্ট্ৰ বুলি ক'লে আমি বুজি পাওঁ, যি ৰাষ্ট্ৰই কোনো ব্যক্তিৰ ধৰ্ম্ম বা জাতি লৈ কোনো পক্ষপাতিত্ব নকৰে।.......ৰাষ্ট্ৰই কোনো বিশেষ ধৰ্ম্মৰ প্ৰতি পক্ষপাতিত্ব বা আনুকূল্য প্ৰদৰ্শন নকৰে।" গতিকে ধৰ্ম্মনিৰপেক্ষ ৰাষ্ট্ৰৰ প্ৰকৃত তাপৰ্য্য হ'ল ৰাষ্ট্ৰই কোনো কাৰণতেই কোনো ধৰ্ম্ম বা ধম্মীয় অনুষ্ঠানৰ লগত নিজকে যুক্ত নকৰিব। লগতে চৰকাৰী অনুস্থানসমূহক সকলো ধৰণৰ ধৰ্ম্মীয় আৰু অতিপ্ৰাকৃতিক বিষয়ৰ চৰ্চ্চাৰ পৰা দূৰত ৰখা। তাৰ লগতে ৰাষ্ট্ৰই কাৰো ব্যক্তিগত ধৰ্ম্মীয় আচৰণত কোনো বাধা নিদিব। এইয়াই হৈছে ধৰ্ম্ম নিৰপেক্ষ ৰাষ্ট্ৰৰ চৰিত্ৰ। ধৰ্ম্মনিৰপেক্ষতাৰ এই সাৰ্ব্বজনীন অৰ্থ দেশ ভেদে বেলেগ হ'ব নোৱাৰে। যুক্তি আৰু বিজ্ঞান কেতিয়াও এখন দেশৰ পৰা অন্য এখন দেশত পৃথক নহয় - হ'ব নোৱাৰে। আমাৰ ভাৰতৰ প্ৰাচীন বেদ ঋকবেদতো কোৱা হৈছে -একম সত্য বিপ্ৰ বহুধা বেদান্তি। অৰ্থ্যা বহু পণ্ডিতে সত্যক বহু ধৰণে বাখ্যা দিলেও সত্য কিন্তু এটায়েই।

ইতিমধ্যে ভাৰতবৰ্ষত শিক্ষাৰ পাঠ্যক্ৰম 'ভাৰতীয়কৰণ', 'জাতীয়কৰণ' আৰু 'আধ্যাত্মীকৰণ'ৰে 'জাতীয় গৰ্ব' তৈয়াৰ কৰাৰ নামত শিশু অৱস্থাৰ পৰা বিদ্যালয়ৰ পাঠ্যক্ৰমত হিন্দু ধৰ্ম্মৰ বেদ উপনিষদৰ অন্তৰ্ভূক্তিৰ ব্যৱস্থা গ্ৰহণ কৰি সুকৌশলৰে যি হিন্দু ধৰ্ম্মীয় সংস্কাৰ জাপি দিব খোজা হৈছে, তাৰ দ্বাৰা ভাৰতবৰ্ষই পিচলৈ ইয়াৰ ধৰ্ম্মনিৰপেক্ষ চৰিত্ৰ কিমান বজায় ৰাখিব পাৰিব তাক লৈ সন্দেহৰ উদ্ৰেক হৈছে। তাৰোপৰি বিছৰা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে বাধ্যতামূলক ভাবে গায়ত্ৰী মন্ত্ৰ, লক্ষ্মী-সৰস্বতী-শিৱ পূজাৰ পদ্ধতি, আনকি গোমাতাৰ বন্দনা শিকে। ইয়াৰ লগতে বৈদক আৰু ৰামায়ণৰ যুগৰ সতীত্ব আৰু নাৰীত্বৰ ধাৰণাৰ শিক্ষা দিয়া, শিশুৰ পাঠ্য-পুথিত জীৱ-জন্তু আৰু ফল-ফুলৰ ফটোৰ পৰিবৰ্ত্তে হিন্দু দেব-দেবীৰ ফটো দিয়া আদিৰে প্ৰকৃততে শিশুৰ মনত শৈশৱতেই উগ্ৰ ধৰ্ম্মীয় গোৰামিৰ অঙ্কুৰণ ঘটাব খোজা হৈছে। তেওঁলোকৰ প্ৰস্তাৱিত শিক্ষানীতিত আছে প্ৰাথমিক শিক্ষাৰ পাচত ঘৰৰ কাম-কাজৰ বাবে ছোৱালীসকলক শিক্ষা দিয়া। বিদ্যাভাৰতীৰ প্ৰধানে কৈছে যে ছোৱালীসকলক জৈৱিক আৰু আত্মিক প্ৰয়োজনতেই ঘৰুৱা কাম-কাজৰ শিক্ষা দিয়া উচিত। আজি একবিংশ শতিকাতো তেওঁলোকে বিচাৰে ছোৱালীসকলে মনুসংহিতাৰ অনুশাসন মানি চলক, ইয়াতকৈ পচ্চাদমুখী কাৰ্য্য কি হ'ব পাৰে আৰু?

আজি ভাৰতবৰ্ষৰ শুভবুদ্ধিসম্পন্ন মানুহৰ মনত প্ৰশ্ন জাগিছে যে আমাৰ দেশখনক হিন্দুত্ববাদীসকলৰ দ্বাৰা ধৰ্ম্মীয় পুনৰোত্থানৰে ফেছিবাদৰ ফালে লৈ যোৱা হৈছে নেকি? আধুনীক ফেছিবাদ হৈছে কিছুমান পুৰণি এলান্ধুকলীয়া চিন্তা-ধাৰণা-সংস্কৃতিৰ লগত বিজ্ঞানৰ কাৰিকৰি দিশৰ এক অদ্ভূত সংমিশ্ৰণ, য'ত যুক্তি নিৰ্ভৰ বিজ্ঞানৰ কোনো স্থান নাই। কিছুমানে হয়তো ভাবিব ভালেই হৈছে বিশ্বায়নে আমাৰ ভাৰতীয় সমাজলৈ যি মানৱীয় প্ৰমূল্যবোধৰ অপমৃত্যু আৰু নৈতিকতাৰ সঙ্কট হিচাবে হিংসা আৰু যৌনতাৰ হলৌ হ'প আৰু নিষ্ঠুৰ আত্মকেন্দ্ৰীক ভোগবাদ 'eat, drink আৰু enjoy' অপসংস্কৃতিৰ ধুমুহা কঢ়িয়াই আনি সমাজখন ঠানবান কৰিছে তাৰ পৰা অন্তত্ব: ধৰ্ম্মীয় মূল্যবোধৰ পুনৰোত্থানৰে ৰক্ষা পোৱা যাব! তেনেহ'লে হিন্দুত্ববাদী বিজেপি চৰকাৰে বিশ্বায়নৰ জৰিয়তে আমাৰ সমাজলৈ অপসংস্কৃতিৰ ধুমুহা কঢ়িয়াই অনা বিশ্বৰ ক'ৰ্প'ৰেট জগতক ভাৰতৰ দুৱাৰ এনেদৰে মুকলি কৰি দিছে কিয়? কিয় তথাকথিত বিশ্বায়ন আৰু উদৰানীতিৰ নগ্ন জনস্বাৰ্থবিৰোধী কৰ্ম্মসৃচীবোৰ ৰূপায়ণত মোডী চৰকাৰ কংগ্ৰেছ (আই) চৰকাৰতকৈয়ো বেচি আগ্ৰাসী হৈ উঠিছে। বিশদ আলোচনাৰ পৰা দেখা যাব যে বিজেপিৰ ধৰ্ম্মীয় পুনৰোত্থানৰ লক্ষ্য হৈছে আমি ধৰ্ম্ম-কৰ্ম্মত মতি হৈ 'সকলো ঈশ্বৰৰ বিধান', 'আপোন ভালেই জগত ভাল' বুলি সকলো ধৰণৰ অন্যায়-অত্যাচাৰ স্বাভাৱিক বুলি মানি লৈ তাক মূৰ পাতি চলি যাম আৰু সমগ্ৰ বিশ্বৰ পুঁজিপতি-ক'ৰ্প'ৰেটবোৰে আমাক লুটিপুটি খাব। সকলোতকৈ বিপদৰ কথা হৈছে এই ভাৰতীয় 'হিন্দুত্ববাদ'ৰ ঐতিহ্যৰ নামত অন্ধ ধৰ্ম্মীয় গোঁৰামি, উগ্ৰ ভাৰতীয় সাংস্কৃতিক জাতীয়তাবাদ, হিন্দু ধৰ্ম্মভিত্তিক আবেগৰ উচতনিয়ে দেশত সাম্প্ৰদায়িকতাবাদ আৰু জাতিদাঙ্গাৰ ফালে বহু ধৰ্ম্ম-মতত বিশ্বাসী ভাৰতীয় সমাজক ঠেলি দিব। ৰঁমা ৰোঁলাই কৈছিল -'ফেচীবাদৰ মুখা এটি নহয় দুটি।...ইয়াৰ দেহত থাকে কেতিয়াবা সামৰিক বেশ.....আৰু কেতিয়াবা ধৰ্ম্মযাজকৰ পোচাক। আৰু সাহিত্যিক প্ৰেমচন্দৰ ভাষাত -'ফেচীবাদ সদায় আহে সংস্কৃতিৰ মুখা পিন্ধি।' আমি যেন তাক চিনি পোৱাত ভূল নকৰো। শেষ বিচাৰ ৰাইজৰ হাতত। 
লেখক সমাজ-ৰাজনৈতিক বিশ্লেষক আৰু আমেৰিকান ডেন্টেল ক্লিনিকৰ সঞ্চালক। ফোন: ৯৪৩৫৭০৪০৯০

No comments:

Post a Comment