পৰ্যবেক্ষণ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পৰ্যবেক্ষণ

পৰ্যবেক্ষণ

Share This
যুক্তিৰ বিৰুদ্ধে ব্যক্তিগত আক্ৰমণ কিয়?
অজয় লাল দত্ত
(১)
গণতান্ত্ৰিক দেশ হিচাবে দেশত যি কোনো বিষয়তে আলোচনা কৰাৰ বা নিজৰ মত প্ৰকাশ কৰাৰ অধিকাৰ নাগৰিকৰ আছেই। এই মত প্ৰকাশ তথা বাক স্বাধীনতাৰ অধিকাৰৰ সাৱলীল প্ৰয়োগৰ ক্ষেত্ৰত আমাৰ দেশৰ নাগৰিক সকলে তুলনামূলক ভাৱে বহু স্বেচ্ছাচাৰী শাসক থকা দেশতকৈ অধিক স্বাধীনতা লাভ কৰিছে। এই স্বাধীনতাৰ অধিকাৰ উপভোগে বহু ক্ষেত্ৰতে সীমা চেৰাই যোৱা বুলিও অনুভৱ কৰা যায়। শেহতীয়াকৈ চ'চিয়েল মেডিয়া যোগে পোনপটীয়াকৈ সম্পাদনা কক্ষ বিহীন মত প্ৰৱাহৰ ধাৰাটোৱে এই ৰাইজৰ মুক্ত কণ্ঠৰ প্ৰকাশক অধিক সহজ কৰিছে। ই মানুহক ক্ষণিকৰ ভিতৰতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ ক্ষেত্ৰত যেনেকৈ শক্তিশালী আহিলা প্ৰদান কৰিছে, তাৰ বিপৰীতে কৰিছে অতি সহজে শাণিত শব্দৰ ধাৰেৰে আক্ৰমণ কৰাৰ অসুবিধাজনক সুবিধাও।

(২)
দেশত শেহতীয়াকৈ আৰম্ভ হোৱা অসহিষ্ণুতাৰ বিষয়টোত হোৱা আলোচনাৰ জোৱাৰৰ মাজতে যুক্তিৰ বিৰুদ্ধে উক্তিৰ এই যুঁজবোৰ আকৰ্ষণীয় হৈ উঠিছিল। দেশৰ গণতন্ত্ৰৰ পঞ্চম স্তম্ভৰ নাম পোৱা চ'চিয়েল মেডিয়াই এই বিতৰ্কৰ ৰণথলী হৈ পৰিছিল। টুইটাৰৰ পৰা ফেচবুক তথা ব্লগলৈ বিভিন্ন ক্ষেত্ৰত নিজৰ মত প্ৰকাশ কৰি ৰাইজে দেশত সহিষ্ণুতা আছেনে নে ধৰ্মীয় অসহনশীলতা বৃদ্ধি পাইছে তাকে লৈ বিশাল যুক্তি যুদ্ধত লিপ্ত হৈছিল। তাৰ মাজতে আছিল, এই বিষয়টোত সপক্ষে বা বিপক্ষে মত প্ৰকাশ  সকলক মতৰ ভিত্তিত কোন শিবিৰৰ মানুহ সেই হিচাবে  ষ্টাম্প মৰাৰ বৌদ্ধিক ৰাজনীতিও। এই আলোচনাক ৰাজনৈতিক দল সমূহেও নিজা নিজা স্বাৰ্থত ব্যৱহাৰ কৰাৰ কৌশল তথা ষড়যন্ত্ৰৰ কথাও পোহৰলৈ আহিছিল। কংগ্ৰেছৰ দীৰ্ঘদিনীয়া শাসনৰ সময়ত বৌদ্ধিক আনুগত্যৰ বাবে ৰাজকীয় বঁটা-বাহন, বৰ্ড, নিকায়, ট্ৰাষ্ট আদিৰ পদবী বা লাভালাভ পাই থকা সকলেহে জোৱাৰ তুলিবলৈ সাহিত্য অকাডেমীকে ধৰি বিভিন্ন বঁটা বাহন উভোতাই দিয়াৰ কথাও প্ৰকাশ পাইছিল। একেদৰে ন-শাসকৰ কৃপাদৃষ্টি লাভ কৰি, পদ্মকে ধৰি চৰকাৰী সন্মান, বৰ্ড নিকায়, শিক্ষা প্ৰতিষ্ঠান আদিৰ পৰিচালনা সমিতিৰ সদস্য আদি লাভৰ পোনপটীয়া অংকৰে নতুন এচাম বুদ্ধিজীৱি, শিল্পীয়ে অনুপম খেৰৰ নেতৃত্বত শাসকীয় দলৰ ভগ্নী সংগঠনৰ প্ৰযোজিত সহনশীলতাৰ সমদলত অংশগ্ৰহণ কৰিছিল। অসমৰো এগৰাকী প্ৰবীণ অভিনেতাই তাত অংশগ্ৰহণ কৰি হাতে হাতে এতিয়া দেশৰ বিখ্যাত চিনেমা শিক্ষা দিয়া প্ৰতিষ্ঠানৰ পৰিচালনা সমিতিৰ সদস্য ৰূপেও মনোনীত হোৱাৰ পুৰস্কাৰ লাভ কৰাৰ দৃষ্টিকটু পৰ্যবেক্ষণ ৰাইজে কৰিব লগা হৈছে। আৰু গণতান্ত্ৰিক বাক স্বাধীনতা থকাৰ বাবেহে এই দুয়োধৰণৰ সুবিধাবাদী বুদ্ধিজীৱি বা শিল্পী, অভিনেতাৰ চাৰিত্ৰিক বৈশিষ্ট্য ৰাজহুৱা মাধ্যমত আলোচনা কৰাটোও সম্ভৱপৰ হৈ উঠিছে।

(৩)
এই সহনশীলতা অথবা অসহিষ্ণুতা বিতৰ্কৰ মাজেৰে দেশত আৰম্ভ হোৱা নতুন যুক্তি তৰ্কৰ ধাৰাটোৰ এটা নিকৃষ্ট দিশো উজলি উঠাটো এটা চিন্তনীয় কথা বুলি অনুভৱ কৰিছো। সেয়া হৈছে যুক্তিক যুক্তিৰে, তথ্যক তথ্যৰে প্ৰমাণ দি সঠিক তৰ্কৰ আয়োজন কৰাতকৈ মতৰ অমিল হোৱা মাত্ৰেই লেখক বা নাগৰিক গৰাকীৰ ব্যক্তিগত চৰিত্ৰ হননত নামি পৰা দেখিবলৈ পোৱা গৈছে। যেতিয়া তছলিমা নাছৰিনেই হওক বা শোভা দেই হওক, আপোনাৰ পচন্দৰ উক্তি প্ৰদান কৰিছে, তেওঁলোকক বাংলাদেশ বা ভাৰতৰ প্ৰখ্যাত লেখিকা বুলি উল্লেখ কৰি উক্তিৰ উদ্ধৃতি দিছে। তাৰ বিপৰীতে মত পচন্দ নকৰা সকলে একে চ'চিয়েল মেডিয়াতে তেওঁলোকৰ ব্যক্তিগত চৰিত্ৰ, কেইজন পুৰুষৰ সৈতে সম্পৰ্ক, তাৰ মুখৰোচক বুৰঞ্জীৰ বিষয়েহে প্ৰচাৰ কৰি, সেই উক্তিৰ যুক্তিক নস্যাত কৰাৰ অপচেষ্টা চলাইছে। একেদৰেই শাহৰুখ খান, আমিৰ খান, নাৰায়ণমুৰ্তি আদিকে ধৰি বিভিন্ন জনক তেওঁলোকৰ উক্তিক যুক্তিৰে নাকাটি ব্যক্তিগত চৰিত্ৰহননৰ পৰ্যায়লৈ নমাটোৱে ৰাজহুৱা মাধ্যমত তৰ্কৰ পৰিবেশক লৈয়ো প্ৰশ্নচিহ্নৰ উদ্ৰেক ঘটাইছে। একেদৰেই অখিল গগৈৰ দৰে নেতাই সমালোচনা কৰিলে বুলিয়েই দেৱেন দত্তৰ দৰে ব্যক্তিক ফেচিষ্ট, কলেজত তেওঁৰ ভয়ত কাপোৰে কানিয়ে প্ৰস্ৰাৱ যাবলৈহে বাকী আছিল ধৰণৰ তীৰ্যক কথাৰে কি প্ৰতীয়মান কৰিব খুজিছে। সংবাদমেলত তেখেতৰ বিৰুদ্ধে উঠা অভিযোগক এটা এটাকৈ খণ্ডন কৰাৰ বিপৰীতে দেৱেন দত্ত এনেকুৱা মানুহহে, তেওঁৰ কথাৰ কি মূল্য আছে ধৰণৰ মাৰ্কা মৰাৰ প্ৰচেষ্টাও অতি হাস্যকৰেই নহয়নে?

(৪)
এনেকুৱা ৰাজহুৱা যুক্তি তৰ্কত আপোনাৰ মতৰ সৈতে সহমত দিয়া যেন দেখিলেই সেই ব্যক্তিক প্ৰশংসাৰে উপচাই পেলোৱাৰ বিপৰীতে, তাৰ বিৰুদ্ধে যুক্তি দিলেই সাত-পুৰুষ উজাৰি দিয়াৰ এই ধাৰাটোক কিন্তু বাধা দিয়াৰ প্ৰয়োজন আছে। এই প্ৰসংগত 'জনসাধাৰণ' কাকতৰ সম্পাদকীয় পৃষ্ঠাত প্ৰকাশ পোৱা এটা প্ৰৱন্ধত অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বাৰ্থ বিঘ্নিত কৰিছে অসমলৈ নতুনকৈ প্ৰৱজনকাৰী মুছলমানে বুলি নিজৰ অনুভৱ ব্যক্ত কৰাৰ বাবেই এগৰাকী প্ৰৱন্ধকাৰ কথাষাৰে আঘাত কৰা সকলৰ আক্ৰমণৰ বলি হব লগাটো প্ৰত্যক্ষ কৰিলো। প্ৰৱন্ধকাৰ গৰাকীৰ ধৰ্মীয় বিশ্বাস, তেওঁৰ ব্যক্তিগত জীৱনক সাঙুৰি দিয়া বিভিন্ন মন্তব্যক সহমত প্ৰকাশ কৰি বহু কেইজন নেতৃস্থানীয় ব্যক্তিয়ে দিয়া মতামতেও আমাক ব্যথিত কৰিলে। একেদৰেই 'আমাৰ অসম' কাকততো এটা প্ৰৱন্ধত পঢ়িবলৈ পাইছিলো যে খিলঞ্জীয়া অসমীয়া মুছলমান সকলৰ অস্তিত্বৰ প্ৰতি প্ৰৱজনকাৰী মুছলমানসকলে শংকাৰ সৃষ্টি কৰিছে আৰু ৰাজনৈতিক স্বাৰ্থত সংখ্যাগত ভাৱে প্ৰৱজনকাৰী মুছলমানৰ সংখ্যাধিক হোৱাৰ বাবেই ৰাজনৈতিক ভাৱে নিৰ্ণায়ক ভূমিকা লবলৈ এই সকল প্ৰৱজনৰ ইতিহাস থকা লোক আগ্ৰাসী হৈ উঠিছে। এই আগ্ৰাসী ভূমিকাক পৃষ্ঠপোষকতা কৰি, বিভিন্ন সংগঠন গঢ়িবলৈ ধনিক, বনিক মুছলমান নেতাই পৰিপুষ্টি যোগাইছে আৰু তাৰ ফলতে এই সকললৈ আঙুলিয়াই দিয়া যিকোনো লোককে যুক্তিৰ সলনি নিকৃষ্ট ব্যক্তিগত আক্ৰমণৰ পৰ্যায়লৈ নামি যাবলৈ এচাম লোক সংঘবদ্ধ হৈছে। শেহতীয়াকৈ যুক্তিৰ পথাৰত আৰু কেইবাজনকো সংঘবদ্ধ ৰূপত যুক্তিৰ সলনি ব্যক্তিক ভণ্ড, বিদেশৰ মাটিৰ পৰা যুক্তি দেখুওৱা, দুখনমান পেপাৰত লিখিয়েই নিজকে বিদগ্ধ পণ্ডিত সাজিছে ধৰণৰ কটাক্ষৰে আক্ৰমণ কৰা দেখিবলৈ পাইছো। যিটো অতি গৰিহণাযোগ্য বুলি বিবেচনা কৰিছো। মতান্তৰ হলেও যুক্তিক যুক্তিৰে তথ্যক তথ্যৰে প্ৰতীয়মান কৰি তৰ্কৰ সুপৰিবেশ অক্ষুন্ন ৰখাৰ বাবে সকলো পক্ষকে আহ্বান জনাইছো।  বিষয় যিয়েই নহওক, দুয়ো পক্ষ বা কেইটাও দৃষ্টিকোণৰ পৰা কথাবোৰ জানিবলৈ বুজিবলৈ চেষ্টা কৰাটো সমাজৰ বাবেই মংগলজনক, সেয়ে সপক্ষে বা বিপক্ষে সকলো ধৰণৰ যুক্তিৰ প্ৰৱাহ হবলৈ আমি দিবই লাগিব। কিন্তু তাৰ বিপৰীতে যুক্তিৰ বিপৰীতে ব্যক্তিগত পৰ্যায়ৰ নিকৃষ্ট আক্ৰমণক প্ৰতিহত কৰিবলৈ সকলোৱেই হাত উজান দিব লাগিব। কাৰণ এই কলুষতাৰ ধাৰাৰ পৰবৰ্তী আক্ৰমণৰ লক্ষ্য হয়তো আপুনিও হব পাৰে, আৰু এয়া দেশৰ গণতান্ত্ৰিক অধিকাৰ বাক-স্বাধীনতাৰ পৰিপন্থীও। প্ৰয়োজন বোধে কোনো ৰাজনৈতিক বা সংগঠিত ৰূপৰ এনে আক্ৰমণৰ বিৰুদ্ধে আইনী সাহাৰ্যও মানুহে গ্ৰহণ কৰিব লাগিব। আলোচনা আৰু তৰ্কৰ পৰিবেশ সুস্থিৰ ৰখাৰ বাবে যে সকলোৱেই সজাগ হোৱাৰ সময় আহিল, সেই কথাও কিন্তু নিশ্চিত।

No comments:

Post a Comment