সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰা

সুখ-দুখৰ বতৰা

Share This

আজিৰ ভাল খবৰবোৰ
১. দেশৰ প্ৰখ্যাত বিজ্ঞানী তথা অধ্যাপক ধীৰাজ বৰা, নৃত্য পটিয়সী প্ৰয়াত পুষ্পা ভূঞা, শিল্পী ঐশ্বৰ্য পি কোঁৱৰ আৰু প্ৰান্তিক বাৰ্তালোচনীলৈ কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱা হৈছে। কমল কুমাৰী ন্যাসে গুৱাহাটীত ২০১২ বৰ্ষৰ বঁটা সমূহ ঘোষণা কৰা বুলিও জানিব পৰা গৈছে।

২. মাজুলী মহাবিদ্যালয় প্ৰাংগণত স্থাপন কৰা হৈছে মাজুলীক গঢ় দিয়া পঞ্চৰত্নৰ আবক্ষ মূৰ্তি। আউনীআটীয় সত্ৰাধিকাৰ দত্তদেৱ গোস্বামী, সংগীত নাটক অকাডেমী বঁটা বিজয়ী বৈষ্ণৱ মণিৰাম দত্ত মুক্তিয়াৰ বায়ন, স্বাধীনতা সেনানী পিতাম্বৰ দেৱগোস্বামী, শিক্ষাৰ পোহৰ বিলোৱা কেশৱৰাম বৰা আৰু শিক্ষাবিদ তৰুণ চন্দ্ৰ পামেগামৰ মূৰ্তি স্থাপিত হৈছে। মাজুলীৰ সু-সন্তান তথা প্ৰতিষ্ঠিত ব্যৱসায়ী খগেন দোলাকাষৰীয়াৰ অভিযন্তা পুত্ৰ জিতেন দোলাকাষৰীয়াই এই মূৰ্তি স্থাপনৰ সম্পূৰ্ণ ব্যয় বহন কৰা বুলিও জানিব পৰা গৈছে।

৩. নিউজ লাইভ টিভি চেনেলে অষ্টম বৰ্ষপূতি অনুষ্ঠান উদযাপন কৰে। ওস্তাদ আমজাদ আলী খানেও অংশ লোৱা অনুষ্ঠানতে পাপনক ‘বৰ্ষশ্ৰেষ্ঠ অসমীয়া’ৰ সন্মান প্ৰদান কৰা হয়। মণিদ্বীপ বড়ো সোঁৱৰণী শ্ৰেষ্ঠ অনুসন্ধানমূলক সাংবাদিকতা বঁটা দৈনিক জনমভূমিৰ উতপল কুমাৰ ভাগৱতীক প্ৰদান কৰা হয়। অনুষ্ঠানটোতে ‘নিয়মীয়া বাৰ্তা’ৰ সৈতে বিশেষ পৰিপূৰিকা ‘নিয়োগ বাৰ্তা’ও উন্মোচিত হোৱাৰ সুখবৰ।

৪. আজি আহোম সম্প্ৰদায়ৰ পূৰ্ব পুৰুষ সকলক স্মৰণ কৰি পালিত হৈছে মে-ডাম-মে-ফী। ৰাজ্যৰ ভিন্ন প্ৰান্তত উদযাপিত হোৱা মে-ডাম-মে-ফীৰ দিনা মুখ্যমন্ত্ৰীয়েও ৰাইজলৈ শুভেচ্ছা জনাইছে।

৫. দেশত সম্প্ৰতি গা কৰি উঠা অসুস্থ বাতাবৰণ আঁতৰাই যুক্তিনিৰ্ভৰ বিতৰ্কৰ সপক্ষে গুজৰাটৰ দাণ্ডিত কালি সমবেত হৈ পাঁচ শতাধিক সাহিত্যিক-লেখক-বুদ্ধিজীৱি শিল্পীয়ে দক্ষিণায়ন শীৰ্ষক যাত্ৰাত অংশগ্ৰহণ কৰে। জনলোকপাল আইনেৰে দেশক দুৰ্নীতিমুক্ত কৰাৰ বাবে পুনৰ আন্না হাজাৰেৰে নেতৃত্বত দিল্লীত পুনৰ আন্দোলন হব বুলিও বাতৰি প্ৰকাশ পাইছে।

৬. কেন্দ্ৰীয় সংখ্যালঘু উন্নয়ন মন্ত্ৰী ডঃ নাজমা হেপতুল্লাই কালি নগাঁৱত ‘নয়ী ৰৌশনী’ আঁচনিৰ শুভাৰম্ভ কৰে। ১৮-৬৫ বছৰীয়া আৰু বছৰি আঢ়ৈ লাখতকৈ কম আয়ৰ সংখ্যালঘু মহিলাক প্ৰশিক্ষণেৰে সৱলীকৰণৰ আঁচনি গ্ৰহণ কৰা হৈছে। এইবৰ্ষত অসমৰ ৪৬০০ গৰাকী নাৰীয়ে এই সুবিধা লাভ কৰিব। নগাঁও আৰু মৰিগাঁৱৰ চাৰিখন মাদ্ৰাছাত ‘নয়ী মঞ্জিল’ নামৰ কৌশল উন্নীতকৰণ আঁচনিও শুভাৰম্ভ কৰে। উত্তৰ পূৱত সংখ্যালঘু উন্নয়নৰ কাম-কাজ বিষয়ক খতিয়ান লবলৈ তেখেতে গুৱাহাটীত পৰ্যালোচনা সভাৰো আয়োজন কৰে।

৭. গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কালিৰে পৰা আৰম্ভ সৈছে সৰস মেলা। মুখ্যমন্ত্ৰীয়ে উদ্বোধন ককা মেলাখন গ্ৰামোন্নয়ন বিভাগৰ অধীনস্থ অসম ৰাজ্যিক গ্ৰামীণ জীৱন-জীৱিকা অভিযান চ’ছাইটিয়ে আয়োজন কৰিছে। ৰাজ্যৰ শিপিনী সকলৰ বাবে ‘তেজস্বিনী’ নামৰ এটি ব্ৰেণ্ডো মুকলি কৰা হৈছে।

৮. অহা ৫ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হব লগা ছাফ গেমছৰ টিকট কৰমুক্ত কৰাৰ সিদ্ধান্ত ল’লে অসম চৰকাৰৰ কেবিনেট বৈঠকে। লগতে কামাখ্যা দেৱালয় এটি ন্যাসৰ জৰিয়তে পৰিচালনা কৰাৰ বিষয়েও সিদ্ধান্ত লোৱাৰ কথাও প্ৰকাশ পাইছে। এই ট্ৰাষ্টৰ মুখ্য-কাৰ্যবাহী এজন আই.এ.এছ বিষয়া হব বুলিও প্ৰকাশ পাইছে। ৰাজ্যত মুগা পালকলৈ ৰাজ্য চৰকাৰে আগবঢ়োৱা সাহাৰ্য বৃদ্ধি কৰাৰ বাবেও চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে।

৯. ছিপাঝাৰ গ্ৰন্থ উতসৱত ব্যতিক্ৰমী কাৰ্যসূচীত ঠেলাৱালা, ৰিক্সাৱালা, মুচী আদিৰ ৰূপত সমাজলৈ সেৱা কৰা পঞ্চাশ গৰাকী লোকক গামোচা পিন্ধাই ৰাজহুৱা সম্বৰ্ধনা প্ৰদানৰ সুখবৰ। দেওমৰনৈ মহাবিদ্যালৰ প্ৰৱক্তা ফজলুল কৰিমক পৰশু ওজা সোঁৱৰণী সম্প্ৰীতি বঁটা, মীন পালনেৰে আদৰ্শ দেখুওৱা লখিমপুৰ মীন মহলৰ সম্পাদক ব্ৰজেন শৰ্মাক যুৱ উদ্যোগী বঁটা, অৱসৰৰ পাছত বিনা মাচুলেৰে ৰোগীক সেৱা আগবঢ়াই অগা ডাক্তৰ নৰেশ্বৰ শৰ্মাক বিশেষ সম্বৰ্ধনা জনোৱা হয়। জয়ন্ত ভূঞালৈ ক্ৰীড়া সংগঠকৰ বঁটা, দুৰ্নীতিমুক্ত চৰকাৰী কৰ্মচাৰী হিচাবে মঙলদৈ কোষাগাৰৰ যতীন নাথ, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যামিনী চহৰীয়াকো সম্বৰ্ধনী জনোৱা হয়। আজি সমন্বয় যাত্ৰাৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ এই আয়োজনৰ সামৰণি পৰিব।

১০. দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীৰ বাবে গুৱাহাটী (দক্ষিণ) ৰটাৰী ক্লাৱৰ উদ্যোগত প্ৰয়াত অতুল চন্দ্ৰ গোস্বামী আৰু অৰ্চনা গোস্বামী ন্যাসৰ সৌজন্যত বাৰ্ষিক জলপানি প্ৰৱৰ্তন কৰাৰ সুখবৰ। ১৪-১৮ বছৰ এনে শিক্ষাৰ্থীয়ে ১০হাজাৰ টকাৰ এই জলপানিৰ বাবে ৯৪৩৫০-৪৮০৯০ নম্বৰত যোগাযোগ কৰিব পাৰিব।

No comments:

Post a Comment