চিন্তন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

অসমৰ আন্দোলন-বিপ্লৱ আৰু ইয়াৰ মূল্যায়ন 
অনামিকা চলিহা
ইতিহাসৰ পৰা হেনো শিক্ষা লব লাগে। সেয়ে আমিও অসমৰ ইতিহাসলৈ উভতি চোৱাৰ প্ৰয়োজন অনুভৱ কৰিছো। কিদৰে অসমৰ জনজীৱন, কৰ্ম-সংস্কৃতি, বিকাশ আদিক ত্বৰান্বিত কৰা অথবা বাধাপ্ৰাপ্ত কৰিছে ৰাজ্যখনে সাক্ষী হোৱা বিভিন্ন ৰাজনৈতিক-অৰাজনৈতিক উত্থান পতনেই। সেই কথাবোৰো বিচাৰ কৰি চোৱাতো দৰকাৰী হৈ পৰা নাইনে? থোৰতে কথাখিনি জুকিয়াই চোৱাৰ বাবেই নৱ-প্ৰজন্মৰ জ্ঞাতাৰ্থে এই লিখনীটি প্ৰস্তুত কৰা হৈছে।

১) ভাষা আন্দোলন, অসম আন্দোলন আদিঃ
বেপাৰ বাণিজ্য কৰিবলৈ আহি ভাৰতবৰ্ষৰদৰে বিশাল দেশৰ শাসনৰ বাঘজৰী অধিকাৰ কৰি লোৱা ইংৰাজৰ কৱলৰপৰা নিজক স্বাধীন কৰিবলৈ ভাৰতবৰ্ষ তথা অসমৰ নাগৰিকে বিভিন্ন ধৰণৰ প্ৰতিবাদ, অনশন , ধৰ্ণা, বিদ্ৰোহ, বিপ্লৱ আদি কৰিবলগীয়া হৈছিল। শ শ, হাজাৰ হাজাৰ নিৰীহ লোকৰ জীৱন আহুতি দিয়াৰ উপৰিও হিন্দুস্থান আৰু পাকিস্থান দুখন দেশত খণ্ডিত হোৱাৰ পাছত ভাৰতবৰ্ষক ইংৰাজৰ কৱলৰপৰা স্বাধীন কৰা হ’ল। স্বাধীন হোৱাৰ পাছতো বিভিন্ন অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক আদি কাৰণত ভাৰতবৰ্ষ তথা অসমত বিভিন্ন ধৰণৰ আন্দোলন, প্ৰতিবাদ, বিক্ষোভ ,ধৰ্ণা, বিদ্ৰোহ, অনশণ, বন্ধ আদিবোৰ হৈছে। ভাৰত দেশৰ কথা বাদেই দিলো। আমাৰ অসম মূলুকত বাৰমাহত তেৰটা এনেধৰণৰ আন্দোলন, প্ৰতিবাদ, বিক্ষোভ, বিদ্ৰোহ, অনশণ, বন্ধ আদি হৈয়েই থাকে।

১৯৭২ চনত অসমীয়া ভাষাক চৰকাৰী ভাষাৰুপে স্বীকৃত দিবলৈ হোৱা ভাষা আন্দোলন, ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈকে বাংলাদেশৰ পৰা অসমলৈ হোৱা অনুপ্ৰৱেশকাৰী নাগৰিকৰ অসমৰ পৰা বহিষ্কাৰৰ দাবীত সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণ সংগ্ৰাম পৰিষদৰদ্বাৰা অসম আন্দোলন আদিৰদৰে যুগান্তকাৰী আন্দোলন হৈছে। অসমৰ জনসাধাৰণেও এইবোৰ আন্দোলন, বিক্ষোভৰ প্ৰতি অভূতপূৰ্ব সহাঁৰি আগবঢ়ায়।

ভাষা আন্দোলনৰ জৰিয়তে অসমত অসমীয়া ভাষা চৰকাৰী ভাষাৰুপে স্বীকৃতপ্ৰাপ্ত হ’লেও বৰ্তমানে ইংৰাজী ভাষাৰ আগ্ৰাসনৰ ফলত আৰু চৰকাৰে তথা অসমীয়া ভাষাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে নিজৰ ভাষা-সংস্কৃতিক আগুৱাই নিয়াৰ প্ৰতি বিশেষ ফলপ্ৰসু আচঁনি গ্ৰহণ নকৰাত আৰু অসমীয়া লোকসকলে ইংৰাজী শিক্ষাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰাত অসমীয়া ভাষাৰ অস্তিত্বৰ ওপৰত আজি সংকটে দেখা দিছে।

অহিংস হিছাপেই আৰম্ভ হোৱা অসম আন্দোলন পিছলৈ নেলীৰ হত্যাকাণ্ডকে ধৰি কিছু পৰিমাণে হিংসাত্মক হৈ পৰিছিল। ১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰীত নগাঁৱনেলীত হোৱা হত্যাকাণ্ডত এদিনতে প্ৰায় ১৮০০ লোকৰ (চৰকাৰী সূত্ৰৰ মতে) মৃত্যু হয়। পৃথিৱী কঁপোৱা অসমৰ ছবছৰীয়া ছাত্র আন্দোলনৰ সময়ত ৮৫৫ জন আন্দোলনকাৰী শ্বহীদ হয়। অৱশেষত ১৯৮৫ চনৰ ১৫ আগষ্টত ছাত্ৰসন্থাৰ নেতৃবৃন্দ আৰু ৰাজীৱ গান্ধী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ মাজত নতুন দিল্লীত "অসম চুক্তি" সাক্ষৰিত হয় আৰু ছবছৰীয়া অসম আন্দোলনৰ সামৰণি পৰে। অসম আন্দোলনৰ প্ৰধান কাৰণ অবৈধ বিদেশী সমস্যাৰ এতিয়াও সমাধান হোৱা নাই যদিও "অসম চুক্তি"ৰ কিছু চৰ্ত ৰূপায়ণ কৰা হৈছে।

২) আলফা, এন.ডি.এফ.বি, আদি বিভিন্ন উগ্ৰপন্থী সংগঠন আৰু তেওঁলোকৰ হিংসাত্মক কায্যৰ্কলাপঃ
অসমত চলি থকা বিদেশী খেদা আন্দোলনৰ সময়তে আলফাৰ জন্ম হৈছিল। এখন সামাজিক, ভৌগলিক আৰু অৰ্থনৈতিক ভাৱে স্বাধীন অসম ৰচাৰ সপোন লৈ জন্ম হৈছিল আলফাৰ। সেইসময়ত আলফাৰ প্ৰতি অসমৰ জনসাধাৰণৰ অভূতপূৰ্ব সহাঁৰি আছিল। যোৱা তিনিটা দশকত আলফা আৰু ভাৰতীয় সেনাৰ সংঘৰ্ষৰ ফলত আনুমানিক ১৮০০০ জনতকৈও অধিক সংখ্যক ব্যক্তিৰ মৃত্যু হৈছে। অসমৰ জনসাধাৰণক স্বাধীন দেশৰ সপোন দেখুৱাই এতিয়া আলফাই উগ্ৰপন্থী কাৰ্য্যকলাপৰ জৰিয়তে নিৰীহ নাগৰিকৰ জীৱনক লৈ হেতালি খেলা আৰম্ভ কৰিছে।অসম তথা অসমীয়া জনসাধাৰণৰ মংগলৰ বাবে সৃষ্ট আলফা সংগঠন এতিয়া অসমৰ নাগৰিকৰ বাবে এক সমস্যা ৰুপেহে থিয় দিছে।

আলফাৰ এনেবোৰ উগ্ৰপন্থী কায্যৰ্কলাপৰপৰা আনকি শিশুও বাচি যোৱা নাই। ২০০৪ চনৰ ১৫ আগষ্টৰ স্বাধীনতা দিৱসৰ দিনা ধেমাজী কলেজত আলফাৰ দ্বাৰা সংঘটিত বোমা বিস্ফোৰণত ১৮ জনৰ মৃত্যু হৈছিল, যাৰ সৰহ সংখ্যকেই ১২ ৰপৰা ১৪ বছৰীয়া স্কুলীয়া ছাত্ৰ-আৰু ছাত্ৰী আৰু তেওঁলোকৰ মাতৃ আছিল আৰু আহতো হৈছিল বহু। যিয়ে স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ আহিছিল। এয়া প্ৰত্যক্ষ জনতাৰ ওপৰত চলোৱা আলফাৰ প্ৰথম ও লজ্জ্বাজনক কূটাঘাট আছিল। তাৰপাছতো মাজে সময়ে অসম ৰাজ্যৰ বিভিন্ন ঠাইত এনেধৰনৰ বোমা বিস্ফোৰণৰদৰে ঘটনা আলফাৰদ্বাৰা সংঘটিত হৈয়েই আছে। এইবোৰ সংঘষত নিৰীহ জনসাধাৰনেই বেছিকৈ ক্ষতিগ্ৰস্ত হৈছে।


আলফাৰ উপৰিও এন.ডি.এফ.বি, কে.এল.এন.এল.এফ, ইউ.পি.ডি.এচ, ডি.এইচ.ডি, কে.এল.ও আদি বিভিন্ন সমস্যা সমাধানৰ বাবে সৃষ্ট এই উগ্ৰপন্থী দলবোৰেও হিংসাত্মক কাৰ্য্যকলাপৰ যোগেদি জনসাধাৰনৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে।

একেদৰে ২০০৮ চনৰ ৩০ অক্টোবৰৰ দুপৰীয়া ভাগত গুৱাহাটী, বৰপেটা ৰ’ড বঙাইগাওঁ, আৰ কোকোৰাঝাৰৰ বিভিন্ন অঞ্চল সমূহত বোমা বিস্ফোৰণ সংঘটিত হৈছিল। এই বোমাৰ বিস্ফোৰণত কমেও ৬১জন মানুহ নিহত হয় আৰু ৪৭০জনতকৈয়ো অধিক মানুহ আহত হয়। এন.ডি.এফ.বি. য়ে এই বোমা বিস্ফোৰণ সংঘটিত কৰা বুলি পিছত স্বীকাৰ কৰিছিল। ইয়াতো ক্ষতিগ্ৰষ্ঠ হৈছিল নিৰীহ জনসাধাৰনেই। এইয়া মাত্ৰ দুই এটা উগ্ৰপন্থী সংগঠনৰ দ্বাৰা সংঘটিত হিংসাত্মক কাৰ্য্যৰ উদাহৰণহে।

৩) সামৰিক অভিযান আৰু সাধাৰন নাগৰিকৰ ওপৰত অত্যাচাৰঃ

ইফালে ভাৰত চৰকাৰৰদ্বাৰাই হওঁক বা ৰাজ্য চৰকাৰৰদ্বাৰাই হওঁক এই উগ্ৰপন্থী সংগঠণসমূহৰ ওপৰত যিধৰণৰ সামৰিক অভিযান চলোৱা হয়, তাতো বেছিকৈ নিৰীহ সাধাৰণ জনসাধাৰণই ভুক্তভোগী হয়। ভাৰত চৰকাৰে আলফাক এটা উগ্ৰপন্থী সংগঠন বুলি শ্ৰেণীভুক্ত কৰি ১৯৯০ চনত বেআইনী কাৰ্য্যকলাপ (সাৱধানতা) আইনৰ অধীনত নিষিদ্ধ ঘোষণা কৰিছে। তাৰ সমসাময়িকভাৱে ভাৰত চৰকাৰে আলফাৰ বিৰুদ্ধে সামৰিক অভিযান আৰম্ভ কৰে। প্ৰথম ১৯৯০ চনত অপাৰেছন বজৰং, ১৯৯১ চনত অপাৰেছন ৰাইন'’ আৰু ২০০৩ চনত অপাৰেচন অলক্লিয়েৰ আৰু অপাৰেচন ৰাইন'’( দ্বিতীয় )। ইউনিফাইড কমাণ্ডৰ অধীনত এতিয়াও আলফাৰ ওপৰত দমনমূলক অভিযান চলি আছে। এইবোৰ বিভিন্ন ধৰণৰ সামৰিক অভিযানত আলফা সদস্যৰ উপৰিও বহু নিৰীহ যুৱকৰো মৃত্যু ঘটিছিল। বহু যুৱক চিৰদিনলৈ ঘূণীয়া হ’বলগীয়া হৈছিল। আলফা সদস্যৰ পৰিয়ালৰ আত্মীয়, সম্বন্ধীয়, বয়সস্থ লোকসকল শাৰিৰীক, মানসিক নিয্যাৰ্তনৰ সন্মুখীন হোৱাৰ লগতে বহু অসমীয়া বোৱাৰী, জীয়াৰী ধৰ্ষিতাও হ’বলগীয়া হৈছিল।

৫) ছালফা, গুপ্তহত্যা- মুক্তহত্যাৰ অধ্যায়ঃ

ইয়াৰ উপৰিও ১৯৯০ চনৰ আৰম্ভণিতে ভাৰত চৰকাৰে প্ৰদক্ষেপ লয় আলফাৰ পৰা সদস্যসকলক আত্ম-সমৰ্পণ কৰি সংগঠনৰ পৰা আঁতৰোৱাৰ। আত্মসৰ্মপণকাৰী আলফা সদস্যসকলকে পাছলৈ "ছালফা" বুলি কোৱা হয়। পিছে এই সকলৰো একাংশই ধন আৰু অস্ত্ৰ বলত বলীয়ান হৈ পৰবৰ্তী সময়তো বিভিন্নধৰণৰ হিংসাত্মক কাৰ্য্য সংঘটিত কৰা দেখা যায়।

বিশেষকৈ অসম গণ পৰিষদ চৰকাৰ কালত মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ দিনত, ইয়াৰ উপৰিও ১৯৯৮ ৰপৰা ২০০১ চনলৈকে অজ্ঞাত আততায়ীৰ হাতত আলফা সদস্যৰ সম্বন্ধীয় লোকসকলৰ গুপ্তভাৱে হত্যা কৰাৰ এক ধাৰাবাহিক প্ৰক্ৰিয়া সংঘটিত হৈছিল। আলফা সংগঠনৰ সভাপতি পৰেশ বৰুৱাৰ জেষ্ঠ ভ্ৰাতৃ দীনেশ বৰুৱাকো ২০০০ চনত অজ্ঞাত আততায়ীয়ে লৈ গৈ হত্যা কৰে। তাৰোপৰি আলফাৰ প্ৰচাৰ সচিব মিৰ্থিংগা দৈমাৰী(প্ৰচাৰ) ৰ পৰিয়ালৰ পাঁচজন সদস্যৰো গুপ্ত ঘাতকৰ হাতত মৃত্যু হয়।গুপ্তহত্যাক অসমৰ ৰাজনীতি বুৰঞ্জীৰ এক ক’লা অধ্যায় বোলা হয়।


ইয়াৰ উপৰিও পৰাগ কুমাৰ দাসৰ দৰে নিভীৰ্ক, সাহসী সাংবাদিককো ১৯৯৬ চনৰ ১৭ মেৰ দিনা অজ্ঞাত আততায়ীয়ে গুলিয়াই নিহত কৰে। চি.বি.আইৰ তদন্তত ৪ জন চালফা নেতাক অভিযুক্ত কৰিছিল, যদিও আজিও পৰাগ কুমাৰ দাসৰ হত্যাকাৰীৰ কোনো উপযুক্ত শাস্তি নহ’ল। আন্দোলন, বিপ্লৱ, আদিৰ ফলত আমাৰ অসমৰ মানৱ সম্পদৰ যে বহু অপূৰণীয় ক্ষতি হৈছে, সেইবোৰ আলফা সদস্যৰ হত্যাই হওঁক, বা নিৰীহ লোকৰ হত্যাই হওঁক, তাকে প্ৰমাণিত কৰে।

৬) আছু, অখিল গগৈ, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু বিভিন্ন দল-সংগঠণৰ প্ৰতিবাদ, আন্দোলন, অনশণ, বিক্ষোভ আদিঃ

১৯৬৭ চনৰ আগষ্ট মাহত সংবিধান গ্ৰহণৰ দ্বাৰা আনুষ্ঠানিক সংগঠন হিচাপে প্ৰতিষ্ঠা হোৱা সদৌ অসম যুৱ ছাত্ৰ সন্থা চমুকৈ আছুৰ নেতৃত্বতে বাংলাদেশৰ পৰা অসমলৈ হোৱা অনুপ্ৰবেশৰ বিৰুদ্ধে ছবছৰীয়া অসম আন্দোলন হৈছিল। তাৰোপৰি অসমৰ সাম্প্ৰতিক বিভিন্ন জলন্ত সমস্যা যেনে অনুপ্ৰৱেশকাৰীৰ সমস্যা, মূল্যবৃদ্ধিৰ সমস্যা, চুবুৰীয়াৰ ৰাজ্যৰ লগত সীমা সমস্যা, উগ্ৰপন্থীৰদ্বাৰা নিৰীহ লোকৰ জীৱন বিপদাপন্ন কৰা সমস্যা, নিবনুৱাৰ সমস্যা, পৃথিৱী বিখ্যাত এশিঙীয়া গড়ঁ চোৰাং চিকাৰীৰদ্বাৰা হত্যা, মুল্যবৃদ্ধিৰ সমস্যা, দূণীৰ্তিৰ সমস্যা, অসমীয়াৰ ভাষাৰ সংকটৰ সমস্যা, বৃহৎ জলবিদ্যুত প্ৰকল্প নিমাৰ্ণৰ ফলত হ’বলগীয়া সমস্যা আদিবোৰ ওপৰত আছুৱে চোকা দৃষ্টি ৰখাৰ লগতে এইবোৰ সমস্যা সমাধানৰ বাবে সময়ে সময়ে বিভিন্নধৰণৰ আন্দোলন, অনশণ, প্ৰতিবাদ, বন্ধ, ধৰ্ণা, বিক্ষোভ আদি প্ৰদৰ্শণ কৰি আহিছে।

একেদৰে কৃষক নেতা অখিল গগৈয়ে ৰাজ্যখনত দুৰ্নীতি বিৰোধী আন্দোলনৰ আৰু চৰকাৰৰ কাৰ্য্যপ্ৰণালীত স্বচ্ছতা অনাৰ বাবে কৰি অহা সংগ্ৰামৰ নেতৃত্ব বহণ কৰি আহিছে। । ২০০৯ চনৰ মাজভাগৰে পৰা অখিল গগৈয়ে অসম আৰু অৰুণাচল প্ৰদেশৰ পৰিস্থিতিতান্ত্ৰিক আৰু পাৰিপাৰ্শ্বিক ভাৱে সংবেদনশীল বিভিন্ন স্থানত নিৰ্মীয়মান আৰু প্ৰস্তাৱিত বৃহৎ নদীবান্ধসমুহৰ বিৰুদ্ধে ৰাজ্যজোৰা জনজাগৰণ আৰু আন্দোলনৰ নেতৃত্ব বহন কৰি আহিছে।

অখিল গগৈয়ে কৃষকসকলৰ বিভিন্ন দাবী পূৰণৰ বাবে বিভিন্ন প্ৰতিবাদ, আন্দোলন, ধৰ্ণা, অনশণ, আদি কৰি আহিছে। ২০০৫ চনত অসমৰ সক্ৰিয় ৰাজহুৱা কৰ্মী অখিল গগৈৰ নেতৃত্বত গঠিত কৃষক মুক্তি সংগ্ৰাম সংগঠনটোৱে অসমৰ ৰাজহুৱা বিভিন্ন বিষয়ৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে কাম কৰি আহিছে। চৰকাৰী ৰাজহুৱা বিতৰণ ব্যৱস্থাত(PDS)-ত সংঘটিত হৰলুকি উদ্ঘাটন, মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আচঁনিৰ ৰূপায়নত সংঘটিত অনিয়মৰ প্ৰতিবাদ, কৃষকৰ ভূমিৰ অধিকাৰ ৰক্ষা, চৰকাৰী আৰু ক'ৰ্পৰেট ক্ষেত্ৰত সংঘটিত দূৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ, তথ্য জনাৰ অধিকাৰ আইনৰ ৰূপায়ন আৰু অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভৌগোলিক ভাৱে সংবেদনশীল ভংগুৰ অঞ্চলত নিৰ্মীয়মান বৃহৎ নদীবান্ধৰ বিৰোধিতা আদি ৰাজহুৱা স্বাৰ্থজড়িত বিষয়সমূহত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সক্ৰিয় ভূমিকা গ্ৰহণ কৰি আহিছে। এনে আন্দোলন, প্ৰতিবাদ, অনশণ, বিক্ষোভ আদি কৰিবলৈ গৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰণৱ বড়ো নামৰ এজন সদস্যই ২০১৪ চনৰ ফেব্ৰুৱাৰীৰ ২৫ তাৰিখে নিজৰ দেহত অগ্নিসংযোগ কৰি মৃত্যুক আকোৱালি লোৱাৰদৰে দুৰ্ভাগ্যজনক ঘটনাও ঘটিছে।

ভাষা সমস্যা , বিদেশী সমস্যা , উগ্ৰপন্থী সমস্যা আদিৰ উপৰিও লাহে লাহে অসমত নিবনুৱা সমস্যা , বানপানী সমস্যা , চোৰাং-চিকাৰীদ্বাৰা এশিঙীয়া গঁড় হত্যা, দূৰ্ণীতিৰ সমস্যা, ভূমিহীন থলুৱা লোকৰ সমস্যা, মূল্যবৃদ্ধিৰ সমস্যা আদিবোৰ সমস্যাৰ সমাধান হোৱাৰ সলনি দিনে দিনে এইবোৰ সমস্যা বাঢ়িহে গৈছে। ইয়াৰ উপৰিও বিভিন্ন সামাজিক সমস্যা যেনে নাৰীৰ ওপৰত বিভিন্ন ধৰনৰ শাৰিৰীক, মানসিক নিয্যাৰ্তন, কন্যা শিশুসকলৰ অবৈধ সৰবৰাহ, আদিও কমক চাৰি বাঢ়িহে গৈছে।

৭) আমাৰ কৰণীয় কি?

অসম দেশৰ বিষম কথা নীতিকে পালি হকে বিহকে আমাৰ ৰাজ্যৰ মুষ্টিমেয় লোকে বিবেকতকৈ আবেগক অগ্ৰাধিকাৰ দি এনেবোৰ আন্দোলনত দেহ, মন সৰ্ম্পূণৰুপে সৰ্মপিত কৰি অংশগ্ৰহণ কৰে। আনকি নিজৰ বহুমূলীয়া জীৱনটোও উৎসৰ্গা কৰিবলৈও কুন্ঠাবোধ নকৰে নিজ ৰাজ্যৰ, দহৰ মংগল কামনা কৰি। নিজকে কিছু লোকে এনে আন্দোলন, বিদ্ৰোহ, বিপ্লৱ, অনশণ আদিত মন প্ৰাণ দি অংশগ্ৰহণ কৰে যে যাৰফলত নিজৰ জীৱন, পৰিয়াল, পৰিজন আদিৰ কথাও পাহৰি যায়। গৌণ হৈ পৰে নিজৰ বহুমূলীয়া জীৱনটোও। দেশ তথা দহৰ উন্নতিৰ বাবে নিজৰ অমূল্য জীৱনটোও হাঁহি হাঁহি উৎসগা কৰিবলৈও পিছ নুহুকে। ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পাছত অসম ৰাজ্যতেই হোৱা ভাষা আন্দোলন, অসম আন্দোলন, আলফা, ছালফা, মুক্তহত্যা, বিভিন্নধৰনৰ সমস্যা সমাধানৰ বাবে হোৱা আন্দোলন, অনশণ, বিপ্লৱ, ধৰ্ণা, বিক্ষোভৰ আদিৰ ফলত বহু হাজাৰ হাজাৰ নিৰীহ লোকৰ জীৱনে অকালতে প্ৰাণ আহুতি দিছে।

পিছে এই লোকসকলৰ ইমান মহান ত্যাগৰে আৰম্ভ হোৱা এই আন্দোলন,অনশণ, বিপ্লৱ, ধৰ্ণা, বিক্ষোভ আদিবোৰ আচলতে সঠিক ৰুপত হৈছেনে? বহু লোকৰ ত্যাগৰ ফল এই আন্দোলন,অনশণ, বিপ্লৱ, ধৰ্ণা, বিক্ষোভ আদিবোৰ সঠিক ৰুপত পৰিচালিত হৈছেনে? নে বহু লোকৰ এই মহান ত্যাগবোৰ অথলে গৈছে? এনেবোৰ আন্দোলন, অনশণ, বিপ্লৱ, ধৰ্ণা, বিক্ষোভৰ ফলত আমাৰ ৰাজ্যলৈ সামাজিক, অথনৈতিক আদিৰ ক্ষেত্ৰত স্হবিৰতা আহি পৰা নাইনে? অতিপাত বন্ধ সংস্কৃতিৰ ফলত উদ্যোগ প্ৰতিষ্ঠান, স্কুল কলেজ আদি বন্ধৰ ফলত ৰাজ্যৰ শৈক্ষিক, অথৰ্নৈতিক, কৰ্মসংস্কৃতি আদিৰ ওপৰতো প্ৰভাৱ পেলাইছে। যাৰফলত দিনে দিনে অসম ৰাজ্য দেশৰ আনবোৰ ৰাজ্যতকৈ সকলো ক্ষেত্ৰতে পিছ পৰি ৰৈছে। গতিকে সময় থাকোতেই এই আন্দোলন, অনশণ, বিপ্লৱ, ধৰ্ণা, বিক্ষোভ আদিবোৰ সঠিক আৰু শুদ্ধ ৰুপত পৰিচালিত হৈছেনে নাই অসমীয়া মাত্ৰেই লাগিলে তেওঁ বিপ্লৱী বা আন্দোলনকাৰী বা সাধাৰণ জনতাই নহওক কিয় প্ৰত্যেকেই ভাবি চাবৰ সময় আহি পৰিছে। আন্দোলনবোৰৰো ইতিহাস, কৰ্মপন্থা জানি সেইবোৰৰ সঠিক মূল্যায়ন কৰাৰ সময় সমাগত হৈ পৰিছে। এই ক্ষেত্ৰত সচেতন সমাজ গঢ়িবলৈ নৱ-প্ৰজন্মইহে আগভাগ লব লাগিব, সেই কথাও কিন্তু নিশ্চিত হৈ পৰিছে।

লেখিকা গুৱাহাটী নিবাসী, মোবাইল নং-(+৯১)৯৬১৩৭৭০২৭৫

No comments:

Post a Comment